< מִשְׁלֵי 20 >

לֵ֣ץ הַ֭יַּין הֹמֶ֣ה שֵׁכָ֑ר וְכָל־שֹׁ֥גֶה בֹּ֝֗ו לֹ֣א יֶחְכָּֽם׃ 1
দ্ৰাক্ষাৰস নিন্দক, আৰু সুৰা দ্বন্দ্ব-কাজিয়া কৰা লোক; যি কোনোৱে সুৰা পান কৰি মতলীয়া হয়, তেওঁ জ্ঞানী নহয়।
נַ֣הַם כַּ֭כְּפִיר אֵ֣ימַת מֶ֑לֶךְ מִ֝תְעַבְּרֹ֗ו חֹוטֵ֥א נַפְשֹֽׁו׃ 2
ৰজাৰ ক্রোধ যুবা সিংহৰ গৰ্জ্জনৰ দৰে; যিজনে তেওঁৰ খং তোলে, তেওঁ নিজৰ জীৱন হেৰুৱাই।
כָּבֹ֣וד לָ֭אִישׁ שֶׁ֣בֶת מֵרִ֑יב וְכָל־אֱ֝וִ֗יל יִתְגַּלָּֽע׃ 3
বিবাদৰ পৰা দূৰত থকাই মানুহৰ সন্মান; কিন্তু প্ৰত্যেক অজ্ঞানী লোকে বিতৰ্কত সোমায়।
מֵ֭חֹרֶף עָצֵ֣ל לֹא־יַחֲרֹ֑שׁ יִשְׁאַל (וְשָׁאַ֖ל) בַּקָּצִ֣יר וָאָֽיִן׃ 4
এলেহুৱা লোকে শৰৎ কালত হাল নাবায়; আৰু তেওঁ শস্য দোৱাৰ সময়ত অলপ শস্য বিচাৰে, কিন্তু একোকে নাপায়।
מַ֣יִם עֲ֭מֻקִּים עֵצָ֣ה בְלֶב־אִ֑ישׁ וְאִ֖ישׁ תְּבוּנָ֣ה יִדְלֶֽנָּה׃ 5
মানুহৰ হৃদয়ৰ অভিপ্রায় গভীৰ জলৰ দৰে; কিন্তু সেই কল্পনা বিবেচক ব্যক্তিয়ে বাহিৰত প্রকাশ কৰে।
רָב־אָדָ֗ם יִ֭קְרָא אִ֣ישׁ חַסְדֹּ֑ו וְאִ֥ישׁ אֱ֝מוּנִ֗ים מִ֣י יִמְצָֽא׃ 6
বহুতো লোকে নিজৰ সাধুতা ঘোষণা কৰে; কিন্তু বিশ্বাসী লোক কোনে বিচাৰি পায়?
מִתְהַלֵּ֣ךְ בְּתֻמֹּ֣ו צַדִּ֑יק אַשְׁרֵ֖י בָנָ֣יו אַחֲרָֽיו׃ 7
ন্যায় কাৰ্য কৰা লোকে নিজৰ ন্যায়পৰায়ণতাত চলে, আৰু তেওঁক অনুসৰণ কৰা তেওঁৰ সন্তান সকল সুখী হয়।
מֶ֗לֶךְ יֹושֵׁ֥ב עַל־כִּסֵּא־דִ֑ין מְזָרֶ֖ה בְעֵינָ֣יו כָּל־רָֽע׃ 8
সিংহাসনত বহা ৰজাই বিচাৰকৰ দ্বায়ীত্ব পালন কৰে; তেওঁৰ আগত থকা সকলো দুষ্টতা তেওঁৰ দৃষ্টিৰে পৰীক্ষা কৰে।
מִֽי־יֹ֭אמַר זִכִּ֣יתִי לִבִּ֑י טָ֝הַ֗רְתִּי מֵחַטָּאתִֽי׃ 9
কোনে ক’ব পাৰে “মই মোৰ হৃদয় শুদ্ধ কৰি ৰাখিছোঁ, আৰু মোৰ পাপৰ পৰা মই মুক্ত হ’লো?
אֶ֣בֶן וָ֭אֶבֶן אֵיפָ֣ה וְאֵיפָ֑ה תֹּועֲבַ֥ת יְ֝הוָ֗ה גַּם־שְׁנֵיהֶֽם׃ 10
১০পাৰ্থক্য থকা ওজন, আৰু অসমান জোখ, এই দুয়োটাকে যিহোৱাই ঘিণ কৰে।
גַּ֣ם בְּ֭מַעֲלָלָיו יִתְנַכֶּר־נָ֑עַר אִם־זַ֖ךְ וְאִם־יָשָׁ֣ר פָּעֳלֹֽו׃ 11
১১এনেকি যুৱক এজনে তেওঁৰ কাৰ্যৰ দ্বাৰাই পৰিচিত হয়, শুদ্ধ আৰু ন্যায়পৰায়ণ আচৰণৰ দ্বাৰাই তেওঁক বুজিব পৰা যায়।
אֹ֣זֶן שֹׁ֭מַעַת וְעַ֣יִן רֹאָ֑ה יְ֝הוָ֗ה עָשָׂ֥ה גַם־שְׁנֵיהֶֽם׃ 12
১২শ্ৰৱনকাৰী কাণ আৰু দৰ্শনকাৰী চকু, এই দুয়োকো যিহোৱাই সৃষ্টি কৰিলে।
אַל־תֶּֽאֱהַ֣ב שֵׁ֭נָה פֶּן־תִּוָּרֵ֑שׁ פְּקַ֖ח עֵינֶ֣יךָ שְֽׂבַֽע־לָֽחֶם׃ 13
১৩নিদ্ৰাক ভাল নাপাবা অথবা, তুমি দৰিদ্ৰ হবা; তোমাৰ চকু মেলা, আৰু তোমাৰ প্রচুৰ পৰিমাণে খোৱা বস্তু থাকিব।
רַ֣ע רַ֭ע יֹאמַ֣ר הַקֹּונֶ֑ה וְאֹזֵ֥ל לֹ֝֗ו אָ֣ז יִתְהַלָּֽל׃ 14
১৪কিনা জনে কয়, “বেয়া! বেয়া! কিন্তু যেতিয়া তেওঁ আঁতৰি যায়, তেতিয়া তেওঁ অহংকাৰ কৰে।
יֵ֣שׁ זָ֭הָב וְרָב־פְּנִינִ֑ים וּכְלִ֥י יְ֝קָ֗ר שִׂפְתֵי־דָֽעַת׃ 15
১৫সোণ আৰু অজস্র মূল্যবান পাথৰ আছে; কিন্তু জ্ঞানযুক্ত ওঁঠ অমূল্য ৰত্ন।
לְֽקַח־בִּ֭גְדֹו כִּי־עָ֣רַב זָ֑ר וּבְעַ֖ד נָכְרִים (נָכְרִיָּ֣ה) חַבְלֵֽהוּ׃ 16
১৬যি জনে অচিনাকীৰ জামিন হয়, তেওঁৰ বস্ত্ৰ লোৱা; যেতিয়া তেওঁ কোনো ব্যভিচাৰিণীৰ বাবে জামিন হয়, তেতিয়া তেওঁৰ পৰা বন্ধক লোৱা।
עָרֵ֣ב לָ֭אִישׁ לֶ֣חֶם שָׁ֑קֶר וְ֝אַחַ֗ר יִמָּֽלֵא־פִ֥יהוּ חָצָֽץ׃ 17
১৭প্ৰবঞ্চনাৰে পোৱা পিঠাৰ সোৱাদ মিঠা লাগে; কিন্তু পাছত তেওঁৰ মুখ শিলেৰে পূৰ্ণ হয়।
מַ֭חֲשָׁבֹות בְּעֵצָ֣ה תִכֹּ֑ון וּ֝בְתַחְבֻּלֹ֗ות עֲשֵׂ֣ה מִלְחָמָֽה׃ 18
১৮পৰামৰ্শৰ দ্বাৰাই আঁচনিবোৰ সিদ্ধ হয়; আৰু কেৱল জ্ঞানী লোকৰ নেতৃত্বত যুদ্ধ আৰম্ভ কৰা হয়।
גֹּֽולֶה־סֹּ֭וד הֹולֵ֣ךְ רָכִ֑יל וּלְפֹתֶ֥ה שְׂ֝פָתָ֗יו לֹ֣א תִתְעָרָֽב׃ 19
১৯পৰচৰ্চ্চাকাৰীয়ে গুপুত কথা প্ৰকাশ কৰে; সেয়ে যি জনে বহু কথা কয়, তেওঁৰ সৈতে সহযোগ নকৰিবা।
מְ֭קַלֵּל אָבִ֣יו וְאִמֹּ֑ו יִֽדְעַ֥ךְ נֵ֝רֹ֗ו בְּאִישֹׁון (בֶּאֱשׁ֥וּן) חֹֽשֶׁךְ׃ 20
২০যি জনে নিজৰ পিতৃক নাইবা মাতৃক শাও দিয়ে, ঘোৰ অন্ধকাৰত তাৰ চাকি নুমাই যায়।
נַ֭חֲלָה מְבֻחֶלֶת (מְבֹהֶ֣לֶת) בָּרִאשֹׁנָ֑ה וְ֝אַחֲרִיתָ֗הּ לֹ֣א תְבֹרָֽךְ׃ 21
২১উত্তৰাধিকাৰ আৰম্ভণীতে শীঘ্ৰে পোৱা যায়; কিন্তু শেষত সেয়ে ভাল নহব।
אַל־תֹּאמַ֥ר אֲשַׁלְּמָה־רָ֑ע קַוֵּ֥ה לַֽ֝יהוָ֗ה וְיֹ֣שַֽׁע לָֽךְ׃ 22
২২এইদৰে নকবা, “মই তোমাৰ ভুলৰ বাবে প্ৰতিকাৰ সাধিম!” যিহোৱালৈ অপেক্ষা কৰা, তেওঁ তোমাক উদ্ধাৰ কৰিব।
תֹּועֲבַ֣ת יְ֭הוָה אֶ֣בֶן וָאָ֑בֶן וּמֹאזְנֵ֖י מִרְמָ֣ה לֹא־טֹֽוב׃ 23
২৩যিহোৱাই অসমান ওজন ঘিণ কৰে, ফাঁকি তুলাচনী ভাল নহয়।
מֵיְהוָ֥ה מִצְעֲדֵי־גָ֑בֶר וְ֝אָדָ֗ם מַה־יָּבִ֥ין דַּרְכֹּֽו׃ 24
২৪মানুহৰ ভৰিৰ খোজ যিহোৱাৰ পৰিচালিত; তেনেহলে মানুহে কেনেকৈ নিজৰ পথ বুজিব?
מֹוקֵ֣שׁ אָ֭דָם יָ֣לַע קֹ֑דֶשׁ וְאַחַ֖ר נְדָרִ֣ים לְבַקֵּֽר׃ 25
২৫কোনো লোকে হঠাতে “এই বস্তু পবিত্ৰ” বুলি কোৱা, মানুহ; আৰু সঙ্কল্প কৰাৰ পাছত তাৰ অৰ্থ কি সেই বিষয়ে চিন্তা কৰা মানুহৰ বাবে ফান্দৰ দৰে।
מְזָרֶ֣ה רְ֭שָׁעִים מֶ֣לֶךְ חָכָ֑ם וַיָּ֖שֶׁב עֲלֵיהֶ֣ם אֹופָֽן׃ 26
২৬জ্ঞানী ৰজাই দুষ্টসকলক পৃথক কৰে, আৰু তাৰ পাছত তেওঁ শষ্য মৰা গাড়ী তেওঁলোকৰ ওপৰেদি চলায়।
נֵ֣ר יְ֭הוָה נִשְׁמַ֣ת אָדָ֑ם חֹ֝פֵ֗שׂ כָּל־חַדְרֵי־בָֽטֶן׃ 27
২৭মানুহৰ আত্মা যিহোৱাৰ প্ৰদীপস্বৰূপ; সেয়ে তেওঁ সকলোৰে অন্তৰৰ ভিতৰ অংশ বিচাৰে।
חֶ֣סֶד וֶ֭אֱמֶת יִצְּרוּ־מֶ֑לֶךְ וְסָעַ֖ד בַּחֶ֣סֶד כִּסְאֹֽו׃ 28
২৮বিশ্বাসযোগ্য আৰু বিশ্বস্বতাৰ নিয়মে ৰজাক সংৰক্ষিত কৰে, আৰু তেওঁৰ সিংহাসন প্রেমৰ দ্বাৰাই নিৰাপদে থাকে।
תִּפְאֶ֣רֶת בַּחוּרִ֣ים כֹּחָ֑ם וַהֲדַ֖ר זְקֵנִ֣ים שֵׂיבָֽה׃ 29
২৯যুৱকৰ বলেই তেওঁৰ গৌৰৱ, আৰু পকা চুলিয়ে বৃদ্ধ লোকৰ অভিজ্ঞতা দৰ্শাই।
חַבֻּרֹ֣ות פֶּ֭צַע תַּמְרִיק (תַּמְר֣וּק) בְּרָ֑ע וּ֝מַכֹּ֗ות חַדְרֵי־בָֽטֶן׃ 30
৩০ঘা লগোৱা প্ৰহাৰে দুষ্টতা পৰিষ্কাৰ কৰে, আৰু প্রহাৰে অন্তৰৰ গভীৰতম অংশ পৰিষ্কাৰ কৰে।

< מִשְׁלֵי 20 >