< יְשַׁעְיָהוּ 43 >

וְעַתָּ֞ה כֹּֽה־אָמַ֤ר יְהוָה֙ בֹּרַאֲךָ֣ יַעֲקֹ֔ב וְיֹצֶרְךָ֖ יִשְׂרָאֵ֑ל אַל־תִּירָא֙ כִּ֣י גְאַלְתִּ֔יךָ קָרָ֥אתִי בְשִׁמְךָ֖ לִי־אָֽתָּה׃ 1
কিন্তু হে যাকোব মই সৃষ্টিকৰ্ত্তা যিহোৱাই, আৰু হে ইস্ৰায়েল, তোমাৰ নিৰ্ম্মাণকৰ্ত্তা যিহোৱা এইদৰে কৈছে, “ভয় নকৰিবা, কিয়নো মই তোমাক মুক্ত কৰিলোঁ; মই তোমাৰ নাম ধৰি তোমাক মাতিলোঁ, তুমি মোৰেই।”
כִּֽי־תַעֲבֹ֤ר בַּמַּ֙יִם֙ אִתְּךָ־אָ֔נִי וּבַנְּהָרֹ֖ות לֹ֣א יִשְׁטְפ֑וּךָ כִּֽי־תֵלֵ֤ךְ בְּמֹו־אֵשׁ֙ לֹ֣א תִכָּוֶ֔ה וְלֶהָבָ֖ה לֹ֥א תִבְעַר־בָּֽךְ׃ 2
তুমি যেতিয়া পানীৰ মাজেদি পাৰ হ’লে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ’লে সেইবোৰে তোমাক প্লাবিত নকৰিব; যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা তুমি দগ্ধ নহ’বা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব।
כִּ֗י אֲנִי֙ יְהוָ֣ה אֱלֹהֶ֔יךָ קְדֹ֥ושׁ יִשְׂרָאֵ֖ל מֹושִׁיעֶ֑ךָ נָתַ֤תִּי כָפְרְךָ֙ מִצְרַ֔יִם כּ֥וּשׁ וּסְבָ֖א תַּחְתֶּֽיךָ׃ 3
কিয়নো মই তোমাৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা, তোমাৰ ত্ৰাণকৰ্ত্তা; মই তোমাৰ মুক্তিস্বৰূপে মিচৰ, তোমাৰ সলনি কুচ আৰু চিবা দিলোঁ
מֵאֲשֶׁ֨ר יָקַ֧רְתָּ בְעֵינַ֛י נִכְבַּ֖דְתָּ וַאֲנִ֣י אֲהַבְתִּ֑יךָ וְאֶתֵּ֤ן אָדָם֙ תַּחְתֶּ֔יךָ וּלְאֻמִּ֖ים תַּ֥חַת נַפְשֶֽׁךָ׃ 4
এতিয়াও তুমি মোৰ দৃষ্টিত বহুমূল্য আৰু আদৰণীয়, মই তোমাক প্ৰেম কৰোঁ; সেই বাবে মই তোমাৰ সলনি মানুহবোৰক, তোমাৰ প্রাণৰ সলনি লোক সমূহক দিম।
אַל־תִּירָ֖א כִּ֣י אִתְּךָ־אָ֑נִי מִמִּזְרָח֙ אָבִ֣יא זַרְעֶ֔ךָ וּמִֽמַּעֲרָ֖ב אֲקַבְּצֶֽךָּ׃ 5
ভয় নকৰিবা, কিয়নো মই তোমাৰ লগত আছোঁ; মই পূৱ দিশৰ পৰা তোমাৰ বংশক আনিম, আৰু পশ্চিম দিশৰ পৰা তোমাক গোটাম।
אֹמַ֤ר לַצָּפֹון֙ תֵּ֔נִי וּלְתֵימָ֖ן אַל־תִּכְלָ֑אִי הָבִ֤יאִי בָנַי֙ מֵרָחֹ֔וק וּבְנֹותַ֖י מִקְצֵ֥ה הָאָֽרֶץ׃ 6
মই উত্তৰ দিশক ক’ম, ‘তেওঁলোকক এৰি দিয়া, আৰু দক্ষিণ দিশক ক’ম, ধৰি নাৰাখিবা, মোৰ পুত্রসকলক দূৰৰ পৰা, আৰু মোৰ জীয়েকসকলক পৃথিৱীৰ সীমাৰ পৰা আনি দিয়া।
כֹּ֚ל הַנִּקְרָ֣א בִשְׁמִ֔י וְלִכְבֹודִ֖י בְּרָאתִ֑יו יְצַרְתִּ֖יו אַף־עֲשִׂיתִֽיו׃ 7
মোৰ নামেৰে প্ৰখ্যাত হোৱা, আৰু মোৰ গৌৰৱৰ অৰ্থে মই সৃষ্টি কৰা প্ৰতিজনক আনি দিয়া; তেওঁলোকক মই গঠন কৰিলোঁ, মই নিৰ্ম্মাণ কৰিলোঁ।
הֹוצִ֥יא עַם־עִוֵּ֖ר וְעֵינַ֣יִם יֵ֑שׁ וְחֵרְשִׁ֖ים וְאָזְנַ֥יִם לָֽמֹו׃ 8
তোমালোকে চকু থকা অন্ধ লোকক, আৰু কাণ থকা কলা লোকক উলিয়াই আনা।
כָּֽל־הַגֹּויִ֞ם נִקְבְּצ֣וּ יַחְדָּ֗ו וְיֵאָֽסְפוּ֙ לְאֻמִּ֔ים מִ֤י בָהֶם֙ יַגִּ֣יד זֹ֔את וְרִֽאשֹׁנֹ֖ות יַשְׁמִיעֻ֑נוּ יִתְּנ֤וּ עֵֽדֵיהֶם֙ וְיִצְדָּ֔קוּ וְיִשְׁמְע֖וּ וְיֹאמְר֥וּ אֱמֶֽת׃ 9
সকলো দেশবাসী গোট খাওক, আৰু লোক সমূহ সমবেত হওক; তেওঁলোকৰ মাজৰ কোনে ইয়াক প্ৰকাশ কৰিব পাৰে? আৰু আগৰ কালৰ কথা কোনে আমাক শুনাব পাৰে? তেওঁলোকৰ নিজৰ কথা প্ৰমাণ কৰিবলৈ নিজৰ সাক্ষী আনক; তেওঁলোকক শুনা হওক আৰু “সেয়ে সঁচা” বুলি নিশ্চিত কৰা হওক।
אַתֶּ֤ם עֵדַי֙ נְאֻם־יְהוָ֔ה וְעַבְדִּ֖י אֲשֶׁ֣ר בָּחָ֑רְתִּי לְמַ֣עַן תֵּ֠דְעוּ וְתַאֲמִ֨ינוּ לִ֤י וְתָבִ֙ינוּ֙ כִּֽי־אֲנִ֣י ה֔וּא לְפָנַי֙ לֹא־נֹ֣וצַר אֵ֔ל וְאַחֲרַ֖י לֹ֥א יִהְיֶֽה׃ ס 10
১০যিহোৱাই কৈছে, “তোমালোকে যাতে জানিব পাৰা আৰু মোক বিশ্বাস কৰা, আৰু মইয়ে যে তেওঁ, ইয়াক বুজিব পাৰা, সেয়ে তোমালোকেই মোৰ সাক্ষী আৰু মোৰ মনোনীত দাস। মোৰ পূৰ্বতে কোনো ঈশ্বৰ নিৰ্ম্মিত হোৱা নাই, আৰু মোৰ পাছতো কোনো নহ’ব।
אָנֹכִ֥י אָנֹכִ֖י יְהוָ֑ה וְאֵ֥ין מִבַּלְעָדַ֖י מֹושִֽׁיעַ׃ 11
১১মই, ময়েই যিহোৱা, মোৰ বাহিৰে আন কোনো ত্ৰাণকৰ্ত্তা নাই।
אָנֹכִ֞י הִגַּ֤דְתִּי וְהֹושַׁ֙עְתִּי֙ וְהִשְׁמַ֔עְתִּי וְאֵ֥ין בָּכֶ֖ם זָ֑ר וְאַתֶּ֥ם עֵדַ֛י נְאֻם־יְהוָ֖ה וַֽאֲנִי־אֵֽל׃ 12
১২ময়েই প্ৰচাৰ কৰিলোঁ, ময়েই পৰিত্ৰাণ কৰিলোঁ, আৰু ময়েই ঘোষণা কৰিলোঁ; আৰু আন কোনো দেৱতা তোমালোকৰ মাজত নাই; যিহোৱাই কৈছে, “তোমালোকে মোৰ সাক্ষী, আৰু মইয়েই ঈশ্বৰ;
גַּם־מִיֹּום֙ אֲנִ֣י ה֔וּא וְאֵ֥ין מִיָּדִ֖י מַצִּ֑יל אֶפְעַ֖ל וּמִ֥י יְשִׁיבֶֽנָּה׃ ס 13
১৩আদিৰে পৰা মইয়েই তেওঁ, মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই; মই কাৰ্য কৰিম, আৰু কোনে তাক ঘুৰাব পাৰে?”
כֹּֽה־אָמַ֧ר יְהוָ֛ה גֹּאַלְכֶ֖ם קְדֹ֣ושׁ יִשְׂרָאֵ֑ל לְמַעַנְכֶ֞ם שִׁלַּ֣חְתִּי בָבֶ֗לָה וְהֹורַדְתִּ֤י בָֽרִיחִים֙ כֻּלָּ֔ם וְכַשְׂדִּ֖ים בָּאֳנִיֹּ֥ות רִנָּתָֽם׃ 14
১৪তোমালোকৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, “মই তোমালোকৰ বাবে বাবিললৈ লোক পঠালোঁ, আৰু মই তেওঁলোকৰ সকলোকে পলাতক অৱস্থাত লৈ যাম, মই কলদীয়াসকলক তেওঁলোকৰ আনন্দ কৰাৰ পৰা বিলাপলৈ পৰিনত কৰিম।
אֲנִ֥י יְהוָ֖ה קְדֹֽושְׁכֶ֑ם בֹּורֵ֥א יִשְׂרָאֵ֖ל מַלְכְּכֶֽם׃ ס 15
১৫ময়েই যিহোৱা, তোমালোকৰ পবিত্ৰ জনা, ইস্ৰায়েলৰ সৃষ্টিকৰ্ত্তা, তোমালোকৰ ৰজা।”
כֹּ֚ה אָמַ֣ר יְהוָ֔ה הַנֹּותֵ֥ן בַּיָּ֖ם דָּ֑רֶךְ וּבְמַ֥יִם עַזִּ֖ים נְתִיבָֽה׃ 16
১৬সমুদ্ৰৰ মাজেদি বাট, (মহাজলৰাশিৰ মাজেদি পথ যুগুত কৰা যিহোৱাই এই কথা কৈছে,
הַמֹּוצִ֥יא רֶֽכֶב־וָס֖וּס חַ֣יִל וְעִזּ֑וּז יַחְדָּ֤ו יִשְׁכְּבוּ֙ בַּל־יָק֔וּמוּ דָּעֲכ֖וּ כַּפִּשְׁתָּ֥ה כָבֽוּ׃ 17
১৭ৰথ আৰু ঘোঁৰা, সৈন্য-সামন্ত আৰু বীৰসকলক বাহিৰ কৰি অনা জন, তেওঁলোকে একেলগে শুলে, তেওঁলোক আৰু নুঠে; আৰু তেওঁলোক লুপ্ত হ’ব, জ্বলি থকা শলিতাৰ দৰে নুমাই যায়)
אַֽל־תִּזְכְּר֖וּ רִֽאשֹׁנֹ֑ות וְקַדְמֹנִיֹּ֖ות אַל־תִּתְבֹּנָֽנוּ׃ 18
১৮তোমালোকে পূৰ্বকালৰ কথা সোঁৱৰণ নকৰিবা, আৰু পুৰণি কথাবোৰলৈ বিবেচনা নকৰিবা।
הִנְנִ֨י עֹשֶׂ֤ה חֲדָשָׁה֙ עַתָּ֣ה תִצְמָ֔ח הֲלֹ֖וא תֵֽדָע֑וּהָ אַ֣ף אָשִׂ֤ים בַּמִּדְבָּר֙ דֶּ֔רֶךְ בִּֽישִׁמֹ֖ון נְהָרֹֽות׃ 19
১৯চোৱা, মই এক নতুন কাৰ্য কৰিবলৈ উদ্যত; সেয়ে এতিয়া ঘটিব; তোমালোকে জানো তাক নাজানিবা? মই অৰণ্যৰ মাজত পথ, আৰু মৰুভূমিৰ মাজত নদীবোৰ উৎপন্ন কৰিম।
תְּכַבְּדֵ֙נִי֙ חַיַּ֣ת הַשָּׂדֶ֔ה תַּנִּ֖ים וּבְנֹ֣ות יַֽעֲנָ֑ה כִּֽי־נָתַ֨תִּי בַמִּדְבָּ֜ר מַ֗יִם נְהָרֹות֙ בִּֽישִׁימֹ֔ן לְהַשְׁקֹ֖ות עַמִּ֥י בְחִירִֽי׃ 20
২০বনৰীয়া জন্তুবোৰে, শিয়াল আৰু উট পক্ষীবোৰে মোক সন্মান কৰিব; কাৰণ মই আৰণ্যত পানী দিলোঁ, মৰুভূমিত নদী,
עַם־זוּ֙ יָצַ֣רְתִּי לִ֔י תְּהִלָּתִ֖י יְסַפֵּֽרוּ׃ ס 21
২১এই লোকসকলক মোৰ নিজৰ বাবে নিৰ্মাণ কৰিলোঁ, যাতে তেওঁলোকে মোৰ প্রশংসা গুণ কীৰ্ত্তন কৰিব পাৰে।
וְלֹא־אֹתִ֥י קָרָ֖אתָ יַֽעֲקֹ֑ב כִּֽי־יָגַ֥עְתָּ בִּ֖י יִשְׂרָאֵֽל׃ 22
২২কিন্তু হে যাকোব, তুমি মোক হ’লে, আহ্বান কৰা নাই; আৰু হে ইস্ৰায়েল, তুমি মোৰ পৰা আমনি পাইছা।
לֹֽא־הֵבֵ֤יאתָ לִּי֙ שֵׂ֣ה עֹלֹתֶ֔יךָ וּזְבָחֶ֖יךָ לֹ֣א כִבַּדְתָּ֑נִי לֹ֤א הֶעֱבַדְתִּ֙יךָ֙ בְּמִנְחָ֔ה וְלֹ֥א הֹוגַעְתִּ֖יךָ בִּלְבֹונָֽה׃ 23
২৩তুমি মোৰ ওচৰলৈ তোমাৰ মেৰ-ছাগ জাকৰ পৰা এটাও মেৰ-ছাগ হোম বলিৰ বাবে নানিলা; নাইবা তুমি বলিদানৰ দ্বাৰাই মোক সমাদৰ কৰা নাই। নৈবেদ্যেৰে কৰা সেৱাকৰ্ম মই তোমাক কৰোঁৱা নাই, নাইবা ধূপ লগোৱাই তোমাক ক্লান্ত কৰা নাই।
לֹא־קָנִ֨יתָ לִּ֤י בַכֶּ֙סֶף֙ קָנֶ֔ה וְחֵ֥לֶב זְבָחֶ֖יךָ לֹ֣א הִרְוִיתָ֑נִי אַ֗ךְ הֶעֱבַדְתַּ֙נִי֙ בְּחַטֹּאותֶ֔יךָ הֹוגַעְתַּ֖נִי בַּעֲוֹנֹתֶֽיךָ׃ ס 24
২৪তুমি ধন দি মোৰ বাবে উত্তম সুগন্ধি কিনা নাই, নাইবা তুমি তোমাৰ বলিৰ তেলেৰে মোক তৃপ্ত কৰা নাই; কিন্তু তোমাৰ পাপ বোৰৰ দ্বাৰাই মোক ভাৰগ্ৰস্ত কৰিলা, আৰু তোমাৰ অপৰাধবোৰেৰে মোক চিন্তিত কৰিলা।
אָנֹכִ֨י אָנֹכִ֥י ה֛וּא מֹחֶ֥ה פְשָׁעֶ֖יךָ לְמַעֲנִ֑י וְחַטֹּאתֶ֖יךָ לֹ֥א אֶזְכֹּֽר׃ 25
২৫মই, মইয়েই মোৰ নিজৰ বাবে তোমাৰ অধৰ্মবোৰ মোচন কৰোঁ; আৰু তোমাৰ পাপবোৰ মই আৰু মনত নাৰাখিম;
הַזְכִּירֵ֕נִי נִשָּׁפְטָ֖ה יָ֑חַד סַפֵּ֥ר אַתָּ֖ה לְמַ֥עַן תִּצְדָּֽק׃ 26
২৬কি হৈছিল তাৰ বাবে মোক সোঁৱৰণ কৰা; আহাঁ, আমি একেলগে বাদানুবাদ কৰোঁহক; তুমি যাতে নিৰ্দ্দোষী প্ৰমাণিত হোৱা তাৰ বাবে কাৰণ দৰ্শোৱা।
אָבִ֥יךָ הָרִאשֹׁ֖ון חָטָ֑א וּמְלִיצֶ֖יךָ פָּ֥שְׁעוּ בִֽי׃ 27
২৭তোমাৰ আদিপিতৃয়ে পাপ কৰিলে, আৰু তোমাৰ মূখ্যসকলে মোৰ বিৰুদ্ধে অধৰ্ম আচৰণ কৰিলে।
וַאֲחַלֵּ֖ל שָׂ֣רֵי קֹ֑דֶשׁ וְאֶתְּנָ֤ה לַחֵ֙רֶם֙ יַעֲקֹ֔ב וְיִשְׂרָאֵ֖ל לְגִדּוּפִֽים׃ ס 28
২৮এই হেতুকে মই পবিত্ৰীকৃত অধ্যক্ষসকলক অপবিত্ৰ কৰিম, মই যাকোবক সৰ্বনাশ আৰু ইস্ৰায়েলক নিন্দাৰ বিষয় কৰিম।

< יְשַׁעְיָהוּ 43 >