< יְשַׁעְיָהוּ 28 >
הֹ֗וי עֲטֶ֤רֶת גֵּאוּת֙ שִׁכֹּרֵ֣י אֶפְרַ֔יִם וְצִ֥יץ נֹבֵ֖ל צְבִ֣י תִפְאַרְתֹּ֑ו אֲשֶׁ֛ר עַל־רֹ֥אשׁ גֵּֽיא־שְׁמָנִ֖ים הֲל֥וּמֵי יָֽיִן׃ | 1 |
১ইফ্ৰয়িমৰ মতলীয়াসকলৰ অহঙ্কাৰৰ ৰাজমুকুট, আৰু দ্ৰাক্ষাৰসেৰে পৰাজিত হোৱাসকলৰ উৰ্ব্বৰা উপত্যকাৰ মূৰত থকা জয় পৰা সুন্দৰ ভূষণস্বৰূপ ফুলৰ সন্তাপ হ’ব।
הִנֵּ֨ה חָזָ֤ק וְאַמִּץ֙ לַֽאדֹנָ֔י כְּזֶ֥רֶם בָּרָ֖ד שַׂ֣עַר קָ֑טֶב כְּ֠זֶרֶם מַ֣יִם כַּבִּירִ֥ים שֹׁטְפִ֛ים הִנִּ֥יחַ לָאָ֖רֶץ בְּיָֽד׃ | 2 |
২চোৱা, প্ৰভুৰ এজন পৰাক্ৰমী আৰু বলৱান লোক আছে; শিলৰ ধুমুহাৰ দৰে, ধ্বংসাত্মক প্ৰচণ্ড বতাহৰ দৰে, তললৈ নিয়া প্ৰবল ধল পানীৰ সোঁতৰ দৰে, তেওঁ নিজৰ হাতেৰে পৃথিৱীক প্রহাৰ কৰিব।
בְּרַגְלַ֖יִם תֵּֽרָמַ֑סְנָה עֲטֶ֥רֶת גֵּא֖וּת שִׁכֹּורֵ֥י אֶפְרָֽיִם׃ | 3 |
৩ইফ্ৰয়িমৰ মতলীয়াবোৰৰ অহঙ্কাৰৰ ৰাজমুকুট ভৰিৰে গচকা হ’ব।
וְֽהָ֨יְתָ֜ה צִיצַ֤ת נֹבֵל֙ צְבִ֣י תִפְאַרְתֹּ֔ו אֲשֶׁ֥ר עַל־רֹ֖אשׁ גֵּ֣יא שְׁמָנִ֑ים כְּבִכּוּרָהּ֙ בְּטֶ֣רֶם קַ֔יִץ אֲשֶׁ֨ר יִרְאֶ֤ה הָֽרֹאֶה֙ אֹותָ֔הּ בְּעֹודָ֥הּ בְּכַפֹּ֖ו יִבְלָעֶֽנָּה׃ ס | 4 |
৪ঘামকালৰ পূৰ্বতে হোৱা প্ৰথমে পকা যি ডিমৰু গুটিক লোকে দেখামাত্ৰে চকু দিয়ে, আৰু হাতত পৰিলে গিলি পেলায়, উৰ্ব্বৰা উপত্যকাত মুৰত থকা সুন্দৰ ভূষণস্বৰূপ তাৰ জয় পৰা ফুলটি, সেই গুটিৰ দৰে হ’ব।
בַּיֹּ֣ום הַה֗וּא יִֽהְיֶה֙ יְהוָ֣ה צְבָאֹ֔ות לַעֲטֶ֣רֶת צְבִ֔י וְלִצְפִירַ֖ת תִּפְאָרָ֑ה לִשְׁאָ֖ר עַמֹּֽו׃ | 5 |
৫সেই দিনা বাহিনীসকলৰ যিহোৱা নিজৰ প্ৰজাসকলৰ অৱশিষ্ট ভাগৰ বাবে সুন্দৰ ৰাজমুকুট আৰু শোভা কৰোঁতা মুকুটস্বৰূপ হ’ব;
וּלְר֖וּחַ מִשְׁפָּ֑ט לַיֹּושֵׁב֙ עַל־הַמִּשְׁפָּ֔ט וְלִ֨גְבוּרָ֔ה מְשִׁיבֵ֥י מִלְחָמָ֖ה שָֽׁעְרָה׃ ס | 6 |
৬বিচাৰ আসনত বহা জনৰ বাবে ন্যায় বিচাৰৰ আত্মা, আৰু তেওঁলোকৰ দুৱাৰত শত্রুবোৰক ঘূৰাই অনা লোকসকললৈ বল হ’ব।
וְגַם־אֵ֙לֶּה֙ בַּיַּ֣יִן שָׁג֔וּ וּבַשֵּׁכָ֖ר תָּע֑וּ כֹּהֵ֣ן וְנָבִיא֩ שָׁג֨וּ בַשֵּׁכָ֜ר נִבְלְע֣וּ מִן־הַיַּ֗יִן תָּעוּ֙ מִן־הַשֵּׁכָ֔ר שָׁגוּ֙ בָּֽרֹאֶ֔ה פָּק֖וּ פְּלִילִיָּֽה׃ | 7 |
৭কিন্তু দ্ৰাক্ষাৰসেৰে ভ্ৰান্ত, আৰু সুৰাপানেৰে বিপথগামী হৈছে; পুৰোহিত আৰু ভাববাদী সুৰাপানেৰে ভ্ৰান্ত হৈছে, আৰু তেওঁলোক দ্ৰাক্ষাৰসেৰে নষ্ট হৈছে, সুৰাপানেৰে বিপথগামী হৈছে, আৰু দৰ্শনত ভ্ৰান্ত হৈছে আৰু বিচাৰত বিচলিত হৈছে।
כִּ֚י כָּל־שֻׁלְחָנֹ֔ות מָלְא֖וּ קִ֣יא צֹאָ֑ה בְּלִ֖י מָקֹֽום׃ ס | 8 |
৮কিয়নো আটাই মেজ বঁমিৰে পূৰ হৈ আছে, কোনো পৰিষ্কাৰ স্থান নাই।
אֶת־מִי֙ יֹורֶ֣ה דֵעָ֔ה וְאֶת־מִ֖י יָבִ֣ין שְׁמוּעָ֑ה גְּמוּלֵי֙ מֵֽחָלָ֔ב עַתִּיקֵ֖י מִשָּׁדָֽיִם׃ | 9 |
৯তেওঁ কাক জ্ঞান শিকাব? আৰু কাক নো বাৰ্ত্তা বুজাব? গাখীৰ এৰুউৱা আৰু পিয়াহ খাব নিদিয়া কেঁচুৱাসকলক নে?
כִּ֣י צַ֤ו לָצָו֙ צַ֣ו לָצָ֔ו קַ֥ו לָקָ֖ו קַ֣ו לָקָ֑ו זְעֵ֥יר שָׁ֖ם זְעֵ֥יר שָֽׁם׃ | 10 |
১০কিয়নো আজ্ঞাৰ উপৰি আজ্ঞা, আজ্ঞাৰ উপৰি আজ্ঞা, নিয়মৰ উপৰি নিয়ম, নিয়মৰ উপৰি নিয়ম, ইয়াত অলপ তাত অলপ।”
כִּ֚י בְּלַעֲגֵ֣י שָׂפָ֔ה וּבְלָשֹׁ֖ון אַחֶ֑רֶת יְדַבֵּ֖ר אֶל־הָעָ֥ם הַזֶּֽה׃ | 11 |
১১বাস্তৱিকতে, তেওঁ নিন্দক ওঁঠেৰে, আৰু বিদেশী জিবাৰে তেওঁ এই লোকসকলক কথা ক’ব।
אֲשֶׁ֣ר ׀ אָמַ֣ר אֲלֵיהֶ֗ם זֹ֤את הַמְּנוּחָה֙ הָנִ֣יחוּ לֶֽעָיֵ֔ף וְזֹ֖את הַמַּרְגֵּעָ֑ה וְלֹ֥א אָב֖וּא שְׁמֹֽועַ׃ | 12 |
১২তেওঁ অতীতত তেওঁলোকক কৈছিল, “এয়ে জিৰণি, তোমালোকে ভাগৰোৱা জনক জিৰণি দিয়া, আৰু এয়ে বিশ্ৰাম;” কিন্তু তেওঁলোকে শুনা নাছিল।
וְהָיָ֨ה לָהֶ֜ם דְּבַר־יְהוָ֗ה צַ֣ו לָצָ֞ו צַ֤ו לָצָו֙ קַ֤ו לָקָו֙ קַ֣ו לָקָ֔ו זְעֵ֥יר שָׁ֖ם זְעֵ֣יר שָׁ֑ם לְמַ֨עַן יֵלְכ֜וּ וְכָשְׁל֤וּ אָחֹור֙ וְנִשְׁבָּ֔רוּ וְנֹוקְשׁ֖וּ וְנִלְכָּֽדוּ׃ פ | 13 |
১৩সেয়ে তেওঁলোকে গৈ যেন উজুটি খাই চিত হৈ পৰি ভগ্ন হ’ব, আৰু ফান্দত ধৰা পৰিব, সেই বাবে তেওঁলোকলৈ যিহোৱাৰ বাক্য “আজ্ঞাৰ উপৰিও আজ্ঞা, “আজ্ঞাৰ উপৰিও আজ্ঞা, নিয়মৰ উপৰি নিয়ম, নিয়মৰ উপৰি নিয়ম, ইয়াত অলপ তাত অলপ হ’ব।”
לָכֵ֛ן שִׁמְע֥וּ דְבַר־יְהוָ֖ה אַנְשֵׁ֣י לָצֹ֑ון מֹֽשְׁלֵי֙ הָעָ֣ם הַזֶּ֔ה אֲשֶׁ֖ר בִּירוּשָׁלָֽ͏ִם׃ | 14 |
১৪যিৰূচালেমৰ লোকসকলক শাসন কৰা জন হে নিন্দক লোকসকল, যিহোৱাৰ বাক্য শুনা।
כִּ֣י אֲמַרְתֶּ֗ם כָּרַ֤תְנֽוּ בְרִית֙ אֶת־מָ֔וֶת וְעִם־שְׁאֹ֖ול עָשִׂ֣ינוּ חֹזֶ֑ה שִׁיט (שֹׁ֣וט) שֹׁוטֵ֤ף כִּֽי־עָבַר (יֽ͏ַעֲבֹר֙) לֹ֣א יְבֹואֵ֔נוּ כִּ֣י שַׂ֧מְנוּ כָזָ֛ב מַחְסֵ֖נוּ וּבַשֶּׁ֥קֶר נִסְתָּֽרְנוּ׃ ס (Sheol ) | 15 |
১৫তোমালোকে কৈছিলা, “আমি মৃত্যুৰ সৈতে এটি নিয়ম স্থাপন কৰিলোঁ, আৰু চিয়োলৰ সৈতে আমাৰ চুক্তি আছে। সেয়ে যেতিয়া প্ৰলয় কৰা বিচাৰ মাজেৰে যাব তেতিয়া আমাৰ ওচৰ নাচাপিব; কিয়নো আমি মিছাক আমাৰ আশ্ৰয়, আৰু ছলক আমাৰ লুকুৱাৰ ঠাই কৰিলোঁ।” (Sheol )
לָכֵ֗ן כֹּ֤ה אָמַר֙ אֲדֹנָ֣י יְהוִ֔ה הִנְנִ֛י יִסַּ֥ד בְּצִיֹּ֖ון אָ֑בֶן אֶ֣בֶן בֹּ֜חַן פִּנַּ֤ת יִקְרַת֙ מוּסָ֣ד מוּסָּ֔ד הַֽמַּאֲמִ֖ין לֹ֥א יָחִֽישׁ׃ | 16 |
১৬এই কাৰণে প্ৰভু যিহোৱাই কৈছে, “চোৱা, মই চিয়োনত ভিত্তিমূলৰ এটা শিল, এটা পৰীক্ষিত শিল, আৰু দৃঢ়কৈ বহুউৱা চুকৰ এটা বহুমূল্য শিল স্থাপন কৰিলোঁ। যি জনে বিশ্বাস কৰিব, তেওঁ অধৈৰ্য নহ’ব।
וְשַׂמְתִּ֤י מִשְׁפָּט֙ לְקָ֔ו וּצְדָקָ֖ה לְמִשְׁקָ֑לֶת וְיָעָ֤ה בָרָד֙ מַחְסֵ֣ה כָזָ֔ב וְסֵ֥תֶר מַ֖יִם יִשְׁטֹֽפוּ׃ | 17 |
১৭মই ন্যায় বিচাৰক পৰিমান-জৰী আৰু ধাৰ্মিকক ওলোম-জৰী কৰিম; তাতে শিলাবৃষ্টিয়ে সেই মিছা আশ্ৰয় ভাঙি পেলাব, সেই লুকুউৱা স্থানক বানপানীয়ে তললৈ লৈ যাব।
וְכֻפַּ֤ר בְּרִֽיתְכֶם֙ אֶת־מָ֔וֶת וְחָזוּתְכֶ֥ם אֶת־שְׁאֹ֖ול לֹ֣א תָק֑וּם שֹׁ֤וט שֹׁוטֵף֙ כִּ֣י יַֽעֲבֹ֔ר וִהְיִ֥יתֶם לֹ֖ו לְמִרְמָֽס׃ (Sheol ) | 18 |
১৮মৃত্যুৰ সৈতে কৰা তোমালোকৰ নিয়মটি মচি পেলুৱা হ’ব, আৰু চিয়োলৰ সৈতে কৰা চুক্তি স্থিৰ নাথাকিব; প্লাৱন কৰা ধল পানী দেশৰ মাজেদি গ’লে, তোমালোকক তাৰ দ্বাৰাই গচকি পেলোৱা হ’ব। (Sheol )
מִדֵּ֤י עָבְרֹו֙ יִקַּ֣ח אֶתְכֶ֔ם כִּֽי־בַבֹּ֧קֶר בַּבֹּ֛קֶר יַעֲבֹ֖ר בַּיֹּ֣ום וּבַלָּ֑יְלָה וְהָיָ֥ה רַק־זְוָעָ֖ה הָבִ֥ין שְׁמוּעָֽה׃ | 19 |
১৯সি যিমান বাৰ দেশৰ মাজেদি যাব, সিমানবাৰ তোমালোকক প্লাবিত কৰিব; কিয়নো সি প্ৰতি ৰাতিপুৱা, আৰু দিনত ও ৰাতিও দেশৰ মাজেদি যাব, যেতিয়া বাৰ্ত্তাটি বুজিব তেতিয়া কেৱল আতঙ্ক হ’ব।
כִּֽי־קָצַ֥ר הַמַּצָּ֖ע מֵֽהִשְׂתָּרֵ֑עַ וְהַמַּסֵּכָ֥ה צָ֖רָה כְּהִתְכַּנֵּֽס׃ | 20 |
২০কিয়নো মানুহে ভৰি মেলিবলৈ খাট অতি চুটি আৰু গাত লবলৈ কাপোৰ অতি ঠেক হৈছে।”
כִּ֤י כְהַר־פְּרָצִים֙ יָק֣וּם יְהוָ֔ה כְּעֵ֖מֶק בְּגִבְעֹ֣ון יִרְגָּ֑ז לַעֲשֹׂ֤ות מַעֲשֵׂ֙הוּ֙ זָ֣ר מַעֲשֵׂ֔הוּ וְלַֽעֲבֹד֙ עֲבֹ֣דָתֹ֔ו נָכְרִיָּ֖ה עֲבֹדָתֹֽו׃ | 21 |
২১যিহোৱাই নিজৰ কাৰ্য নিজৰ নজনা নুশুনা ব্যাপাৰ, নিজৰ নজনা নুশুনা ব্যপাৰ সাম্ফল কৰিবলৈ, পৰাচীন পৰ্ব্বতত যেনেকৈ উঠিছিল, তেনেকৈ উঠিব, আৰু গিবিয়োন উপত্যকাত যেনেকৈ ক্ৰোধ কৰিছিল, তেনেকৈ ক্ৰোধ কৰিব।
וְעַתָּה֙ אַל־תִּתְלֹוצָ֔צוּ פֶּֽן־יֶחְזְק֖וּ מֹֽוסְרֵיכֶ֑ם כִּֽי־כָלָ֨ה וְנֶחֱרָצָ֜ה שָׁמַ֗עְתִּי מֵאֵ֨ת אֲדֹנָ֧י יְהוִ֛ה צְבָאֹ֖ות עַל־כָּל־הָאָֽרֶץ׃ | 22 |
২২এতিয়া সেই কাৰণে নিন্দা নকৰিবা, বা তোমালোকৰ বান্ধ শকত হ’ব; কিয়নো মই বাহিনীসকলৰ যিহোৱা প্ৰভুৰ পৰা গোটেই পৃথিৱীত উচ্ছন্নতাৰ আজ্ঞা শুনিলোঁ।
הַאֲזִ֥ינוּ וְשִׁמְע֖וּ קֹולִ֑י הַקְשִׁ֥יבוּ וְשִׁמְע֖וּ אִמְרָתִֽי׃ | 23 |
২৩তোমালোকে মনোযোগ দি মোৰ কথা শুনা, মনোযোগী হৈ মোৰ বাক্য শুনা।
הֲכֹ֣ל הַיֹּ֔ום יַחֲרֹ֥שׁ הַחֹרֵ֖שׁ לִזְרֹ֑עַ יְפַתַּ֥ח וִֽישַׂדֵּ֖ד אַדְמָתֹֽו׃ | 24 |
২৪গুটি সিঁচিবলৈ জানো খেতিয়কে দিনটো হাল বায়? তেওঁ জানো সদায় খলি কাটে আৰু নিজৰ মাটিৰ চপৰা জানো সদায় ভাঙে?
הֲלֹוא֙ אִם־שִׁוָּ֣ה פָנֶ֔יהָ וְהֵפִ֥יץ קֶ֖צַח וְכַמֹּ֣ן יִזְרֹ֑ק וְשָׂ֨ם חִטָּ֤ה שֹׂורָה֙ וּשְׂעֹרָ֣ה נִסְמָ֔ן וְכֻסֶּ֖מֶת גְּבֻלָתֹֽו׃ | 25 |
২৫মাটি সমান কৰা পাছত তেওঁ জানো কালজীৰা নবয়, আৰু ভূগ জীৰা নিসিঁচে? শাৰী শাৰী কৰি ঘেঁহু আৰু নিৰূপিত ঠাইত যৱ, আৰু তাৰ কিনাৰে কিনাৰে জনাৰ ধান জানো নবয়?
וְיִסְּרֹ֥ו לַמִּשְׁפָּ֖ט אֱלֹהָ֥יו יֹורֶֽנּוּ׃ | 26 |
২৬তেওঁৰ ঈশ্বৰে তেওঁক শিক্ষা দিয়ে, আৰু তেওঁ তেওঁক জ্ঞানেৰে শিক্ষা দিয়ে।
כִּ֣י לֹ֤א בֶֽחָרוּץ֙ י֣וּדַשׁ קֶ֔צַח וְאֹופַ֣ן עֲגָלָ֔ה עַל־כַּמֹּ֖ן יוּסָּ֑ב כִּ֧י בַמַּטֶּ֛ה יֵחָ֥בֶט קֶ֖צַח וְכַמֹּ֥ן בַּשָּֽׁבֶט׃ | 27 |
২৭তাৰ উপৰিও, কালজীৰা মৰণা মৰা যন্ত্ৰেৰে মৰা নাযায়, আৰু ৰথৰ চক্ৰ ভোগজীৰাৰ ওপৰত চলোৱা নাযায়, কিন্তু কালজীৰা বাৰিৰে, আৰু ভোগজীৰা লাখুটিৰে মৰা যায়।
לֶ֣חֶם יוּדָ֔ק כִּ֛י לֹ֥א לָנֶ֖צַח אָדֹ֣ושׁ יְדוּשֶׁ֑נּוּ וְ֠הָמַם גִּלְגַּ֧ל עֶגְלָתֹ֛ו וּפָרָשָׁ֖יו לֹֽא־יְדֻקֶּֽנּוּ׃ | 28 |
২৮পিঠাৰ শস্য গুড়ি কৰিব লগা হয়; কিন্তু সদায় মৰণা মৰাত লাগি নাথাকে; আৰু তেওঁ তাৰ ওপৰেদি যন্ত্ৰৰ চক্ৰ চলায় হয়, কিন্তু নিজৰ ঘোঁৰাবোৰেৰে তাক গুড়ি নকৰে।
גַּם־זֹ֕את מֵעִ֛ם יְהוָ֥ה צְבָאֹ֖ות יָצָ֑אָה הִפְלִ֣יא עֵצָ֔ה הִגְדִּ֖יל תּוּשִׁיָּֽה׃ ס | 29 |
২৯যি জনা শিক্ষাত আশ্চৰ্য, আৰু প্রজ্ঞাত মহান, বাহিনীসকলৰ সেই যিহোৱাৰ পৰা এয়াও ওলাইছে।