< יְשַׁעְיָהוּ 14 >
כִּי֩ יְרַחֵ֨ם יְהוָ֜ה אֶֽת־יַעֲקֹ֗ב וּבָחַ֥ר עֹוד֙ בְּיִשְׂרָאֵ֔ל וְהִנִּיחָ֖ם עַל־אַדְמָתָ֑ם וְנִלְוָ֤ה הַגֵּר֙ עֲלֵיהֶ֔ם וְנִסְפְּח֖וּ עַל־בֵּ֥ית יַעֲקֹֽב׃ | 1 |
১যিহোৱাই যাকোবক দয়া কৰিব; ইস্ৰায়েলক পুনৰায় মনোনীত কৰিব, আৰু তেওঁলোকৰ নিজৰ দেশত তেওঁলোকক স্থাপন কৰিব। বিদেশীসকলে তেওঁলোকৰ সৈতে যোগ দিব আৰু তেওঁলোকে নিজেই যাকোবৰ বংশত সংযুক্ত হ’ব।
וּלְקָח֣וּם עַמִּים֮ וֶהֱבִיא֣וּם אֶל־מְקֹומָם֒ וְהִֽתְנַחֲל֣וּם בֵּֽית־יִשְׂרָאֵ֗ל עַ֚ל אַדְמַ֣ת יְהוָ֔ה לַעֲבָדִ֖ים וְלִשְׁפָחֹ֑ות וְהָיוּ֙ שֹׁבִ֣ים לְשֹֽׁבֵיהֶ֔ם וְרָד֖וּ בְּנֹגְשֵׂיהֶֽם׃ ס | 2 |
২আৰু দেশবাসীয়ে তেওঁলোকক লৈ গৈ তেওঁলোকৰ নিজৰ ঠাইত থ’ব। তাৰ পাছত ইস্ৰায়েল বংশৰ লোকসকলে তেওঁলোকক যিহোৱাৰ দেশলৈ দাস দাসীৰ দৰে লৈ যাব। তেওঁলোকক বন্দী কৰা লোকসকলক তেওঁলোকে বন্দী কৰিব, আৰু তেওঁলোকক উপদ্ৰৱ কৰা লোকসকলৰ ওপৰত তেওঁলোকে শাসন কৰিব।
וְהָיָ֗ה בְּיֹ֨ום הָנִ֤יחַ יְהוָה֙ לְךָ֔ מֵֽעָצְבְּךָ֖ וּמֵרָגְזֶ֑ךָ וּמִן־הָעֲבֹדָ֥ה הַקָּשָׁ֖ה אֲשֶׁ֥ר עֻבַּד־בָּֽךְ׃ | 3 |
৩সেই দিনা দুখ, কষ্ট, আৰু কঠিন বন্দীত্বত থাকি কাম কৰিবলৈ বাধ্য হোৱাৰ পৰা যিহোৱাই তোমালোকক জিৰণী দিব।
וְנָשָׂ֜אתָ הַמָּשָׁ֥ל הַזֶּ֛ה עַל־מֶ֥לֶךְ בָּבֶ֖ל וְאָמָ֑רְתָּ אֵ֚יךְ שָׁבַ֣ת נֹגֵ֔שׂ שָׁבְתָ֖ה מַדְהֵבָֽה׃ | 4 |
৪তোমালোকে বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্রূপৰ গীত গাবা, উপদ্ৰৱ কৰা সকলৰ কেনেকৈ অন্ত হ’ল, গর্ব্বেৰে কৰা উত্তেজনাৰ অন্ত হ’ল!
שָׁבַ֥ר יְהוָ֖ה מַטֵּ֣ה רְשָׁעִ֑ים שֵׁ֖בֶט מֹשְׁלִֽים׃ | 5 |
৫যিহোৱাই দুষ্টবোৰৰ লাঠি, আৰু সেই শাসনকর্তা সকলৰ ৰাজদণ্ড ভাঙিব,
מַכֶּ֤ה עַמִּים֙ בְּעֶבְרָ֔ה מַכַּ֖ת בִּלְתִּ֣י סָרָ֑ה רֹדֶ֤ה בָאַף֙ גֹּויִ֔ם מֻרְדָּ֖ף בְּלִ֥י חָשָֽׂךְ׃ | 6 |
৬যাৰ দ্বাৰাই অবিৰাম ভাৱে ভুকুৱাত ক্রোধেৰে লোকসকল প্রভাৱিত হৈছিল, দেশবাসীসকলক খঙেৰে আক্রমন কৰি শাসন কৰাত অনিয়ন্ত্রিত হৈছিল।
נָ֥חָה שָׁקְטָ֖ה כָּל־הָאָ֑רֶץ פָּצְח֖וּ רִנָּֽה׃ | 7 |
৭সমস্ত পৃথিৱী শান্ত আৰু সুস্থিৰ হৈ আছে; তেওঁলোকে গীতেৰে সৈতে উৎসৱ পালন কৰিছে;
גַּם־בְּרֹושִׁ֛ים שָׂמְח֥וּ לְךָ֖ אַרְזֵ֣י לְבָנֹ֑ון מֵאָ֣ז שָׁכַ֔בְתָּ לֹֽא־יַעֲלֶ֥ה הַכֹּרֵ֖ת עָלֵֽינוּ׃ | 8 |
৮এনে কি, দেবদাৰু আৰু লিবানোনৰ এৰচ গছবোৰেও আনন্দ কৰিছে, সিহঁতে কৈছে, ‘তুমি পতিত হোৱাৰ পৰা আমাক কাটিবলৈ কোনো খৰিকটীয়া আহা নাই।’
שְׁאֹ֗ול מִתַּ֛חַת רָגְזָ֥ה לְךָ֖ לִקְרַ֣את בֹּואֶ֑ךָ עֹורֵ֨ר לְךָ֤ רְפָאִים֙ כָּל־עַתּ֣וּדֵי אָ֔רֶץ הֵקִים֙ מִכִּסְאֹותָ֔ם כֹּ֖ל מַלְכֵ֥י גֹויִֽם׃ (Sheol ) | 9 |
৯তুমি যেতিয়া সেই ঠাইলৈ গৈছিলা, তেতিয়া তোমাক সাক্ষাৎ কৰিবলৈ চিয়োল অধঃস্থানৰ পৰা উৎসুক হৈছে; পৃথিৱীৰ সকলো ৰজাসকল আৰু মৃতবোৰ তোমাৰ বাবে উঠিছে, দেশবোৰৰ সকলো ৰজাক নিজৰ সিংহাসনৰ পৰা উঠাইছে। (Sheol )
כֻּלָּ֣ם יַֽעֲנ֔וּ וְיֹאמְר֖וּ אֵלֶ֑יךָ גַּם־אַתָּ֛ה חֻלֵּ֥יתָ כָמֹ֖ונוּ אֵלֵ֥ינוּ נִמְשָֽׁלְתָּ׃ | 10 |
১০তেওঁলোক সকলোৱে তোমাৰ সৈতে কথা পাতি ক’ব, ‘তুমিও আমাৰ দৰে দুৰ্ব্বল হৈছা, তুমি আমাৰ দৰেই হৈছা।
הוּרַ֥ד שְׁאֹ֛ול גְאֹונֶ֖ךָ הֶמְיַ֣ת נְבָלֶ֑יךָ תַּחְתֶּ֙יךָ֙ יֻצַּ֣ע רִמָּ֔ה וּמְכַסֶּ֖יךָ תֹּולֵעָֽה׃ (Sheol ) | 11 |
১১তোমাৰ আড়ম্বৰ আৰু তোমাৰ নেবল যন্ত্ৰৰ বাদ্য চিয়োললৈ নমোৱা হ’ল, তোমাৰ চাৰিওফালে পোকবোৰ সিঁচৰিত হ’ল, আৰু কেঁচুবোৰে তোমাক ঢাকিলে।’ (Sheol )
אֵ֛יךְ נָפַ֥לְתָּ מִשָּׁמַ֖יִם הֵילֵ֣ל בֶּן־שָׁ֑חַר נִגְדַּ֣עְתָּ לָאָ֔רֶץ חֹולֵ֖שׁ עַל־גֹּויִֽם׃ | 12 |
১২তুমি আকাশ মণ্ডল, নক্ষত্র, আৰু প্ৰভাতীয় তৰাৰ পৰা কেনেকৈ পৰিলা! দেশবোৰক জয় কৰা জন যি তুমি বিছিন্ন হৈ মাটিত কেনেকৈ পৰিলা!
וְאַתָּ֞ה אָמַ֤רְתָּ בִֽלְבָבְךָ֙ הַשָּׁמַ֣יִם אֶֽעֱלֶ֔ה מִמַּ֥עַל לְכֹֽוכְבֵי־אֵ֖ל אָרִ֣ים כִּסְאִ֑י וְאֵשֵׁ֥ב בְּהַר־מֹועֵ֖ד בְּיַרְכְּתֵ֥י צָפֹֽון׃ | 13 |
১৩তুমি তোমাৰ মনতে কৈছিলা, ‘মই স্বৰ্গলৈ উঠিম, ঈশ্বৰৰ তৰাবোৰৰ ওপৰত মই মোৰ সিংহাসন উন্নত কৰিম; আৰু মই উত্তৰ দিশৰ অন্তভাগত সভা বহা পাহাৰত বহিম।
אֶעֱלֶ֖ה עַל־בָּ֣מֳתֵי עָ֑ב אֶדַּמֶּ֖ה לְעֶלְיֹֽון׃ | 14 |
১৪মই মেঘবোৰতকৈয়ো ওখ ঠাইত উঠিম; মই নিজকে সৰ্ব্বোপৰি জনাৰ তুল্য কৰিম।’
אַ֧ךְ אֶל־שְׁאֹ֛ול תּוּרָ֖ד אֶל־יַרְכְּתֵי־בֹֽור׃ (Sheol ) | 15 |
১৫তথাপি তোমাক এতিয়া চিয়োলৰ গাতৰ অন্তভাগলৈকে নমোৱা হ’ল। (Sheol )
רֹאֶ֙יךָ֙ אֵלֶ֣יךָ יַשְׁגִּ֔יחוּ אֵלֶ֖יךָ יִתְבֹּונָ֑נוּ הֲזֶ֤ה הָאִישׁ֙ מַרְגִּ֣יז הָאָ֔רֶץ מַרְעִ֖ישׁ מַמְלָכֹֽות׃ | 16 |
১৬তোমালৈ স্থিৰ হৈ দৃষ্টি কৰা সকল তোমাৰ বিষয়ে বিবেচনা কৰিব, তেওঁলোকে ক’ব, ‘পৃথিৱীখন কঁপোৱা, আৰু ৰাজ্যবোৰক জোকাৰা মানুহ জন সেই জনেই নে?’
שָׂ֥ם תֵּבֵ֛ל כַּמִּדְבָּ֖ר וְעָרָ֣יו הָרָ֑ס אֲסִירָ֖יו לֹא־פָ֥תַח בָּֽיְתָה׃ | 17 |
১৭পৃথিৱীখনক মৰুপ্রান্ত স্বৰূপ কৰা, নগৰবোৰ উচ্ছন্ন কৰা, আৰু বন্দীসকলক ঘৰলৈ যাবলৈ নিদিয়া জন সেই জনেই নে?
כָּל־מַלְכֵ֥י גֹויִ֖ם כֻּלָּ֑ם שָׁכְב֥וּ בְכָבֹ֖וד אִ֥ישׁ בְּבֵיתֹֽו׃ | 18 |
১৮দেশবোৰৰ সকলো ৰজা, তেওঁলোকৰ সকলোৱে নিজৰ মৈদামত সন্মানেৰে শুইছে।
וְאַתָּ֞ה הָשְׁלַ֤כְתָּ מִֽקִּבְרְךָ֙ כְּנֵ֣צֶר נִתְעָ֔ב לְב֥וּשׁ הֲרֻגִ֖ים מְטֹ֣עֲנֵי חָ֑רֶב יֹורְדֵ֥י אֶל־אַבְנֵי־בֹ֖ור כְּפֶ֥גֶר מוּבָֽס׃ | 19 |
১৯কিন্তু ডালবোৰ কাটি পেলোৱাৰ দৰে তোমাক মৈদামৰ পৰা নিক্ষেপ কৰা হৈছে, শিলৰ গাতলৈ নিয়া আৰু তৰোৱালেৰে খোচা মৃতলোকে বস্ত্রৰ দৰে তোমাক ঢাকি ধৰিছে।
לֹֽא־תֵחַ֤ד אִתָּם֙ בִּקְבוּרָ֔ה כִּֽי־אַרְצְךָ֥ שִׁחַ֖תָּ עַמְּךָ֣ הָרָ֑גְתָּ לֹֽא־יִקָּרֵ֥א לְעֹולָ֖ם זֶ֥רַע מְרֵעִֽים׃ | 20 |
২০মৃত দেহ গচকাৰ দৰে, তুমি তেওঁলোকৰ সৈতে কেতিয়াও মৈদামত যোগ দিয়া নহ’বা; কাৰণ তুমি তোমাৰ দেশ ধ্বংস কৰিলা, নিজৰ লোকসকলক বধ কৰা জন তুমিয়ে; অন্যায়কাৰী সকলৰ পুত্রৰ নাম পুনৰ উল্লেখ কৰা নহ’ব।
הָכִ֧ינוּ לְבָנָ֛יו מַטְבֵּ֖חַ בַּעֲוֹ֣ן אֲבֹותָ֑ם בַּל־יָקֻ֙מוּ֙ וְיָ֣רְשׁוּ אָ֔רֶץ וּמָלְא֥וּ פְנֵֽי־תֵבֵ֖ל עָרִֽים׃ | 21 |
২১তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ বাবে, তেওঁলোকৰ সন্তান সকলক বধ কৰিবলৈ প্রস্তুত হোৱা, সেয়ে তেওঁলোকে উঠি নাহিব, আৰু পৃথিৱীখন অধিকাৰ কৰিছে, আৰু সমগ্র পৃথিৱীত নগৰেৰে পৰিপূৰ্ণ হৈছে।
וְקַמְתִּ֣י עֲלֵיהֶ֔ם נְאֻ֖ם יְהוָ֣ה צְבָאֹ֑ות וְהִכְרַתִּ֨י לְבָבֶ֜ל שֵׁ֥ם וּשְׁאָ֛ר וְנִ֥ין וָנֶ֖כֶד נְאֻם־יְהוָֽה׃ | 22 |
২২বাহিনীসকলৰ যিহোৱাই কৈছে, “মই তেওঁলোকৰ বিৰুদ্ধে উঠিম” বাবিলৰ নাম, বংশধৰ, আৰু ভাবী বংশ উছন্ন কৰিম” এইয়ে যিহোৱাৰ ঘোষণা।
וְשַׂמְתִּ֛יהָ לְמֹורַ֥שׁ קִפֹּ֖ד וְאַגְמֵי־מָ֑יִם וְטֵֽאטֵאתִ֙יהָ֙ בְּמַטְאֲטֵ֣א הַשְׁמֵ֔ד נְאֻ֖ם יְהוָ֥ה צְבָאֹֽות׃ פ | 23 |
২৩মই তেওঁক ফেঁচাৰ বাসস্থানলৈ, আৰু পুখুৰীৰ পানীলৈ লৈ যাম, আৰু মই তেওঁক সৰ্বনাশৰ বাঢ়নিৰে সাৰি পেলাম” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে,
נִשְׁבַּ֛ע יְהוָ֥ה צְבָאֹ֖ות לֵאמֹ֑ר אִם־לֹ֞א כַּאֲשֶׁ֤ר דִּמִּ֙יתִי֙ כֵּ֣ן הָיָ֔תָה וְכַאֲשֶׁ֥ר יָעַ֖צְתִּי הִ֥יא תָקֽוּם׃ | 24 |
২৪বাহিনীসকলৰ যিহোৱাই শপত কৰি কৈছে, “নিশ্চয়ে, মই সঙ্কল্প কৰাৰ দৰে, এইটো মোলৈ ঘটিব; আৰু মই অভিপ্রায় কৰাৰ দৰে সেয়ে হ’ব;
לִשְׁבֹּ֤ר אַשּׁוּר֙ בְּאַרְצִ֔י וְעַל־הָרַ֖י אֲבוּסֶ֑נּוּ וְסָ֤ר מֵֽעֲלֵיהֶם֙ עֻלֹּ֔ו וְסֻ֨בֳּלֹ֔ו מֵעַ֥ל שִׁכְמֹ֖ו יָסֽוּר׃ | 25 |
২৫মই মোৰ দেশত অচুৰক ভাঙিম, আৰু মোৰ পৰ্বতৰ ওপৰত ভৰিৰে গচকিম। তেতিয়া তেওঁলোকৰ পৰা তেওঁৰ যুঁৱলী আঁতৰাব আৰু তেওঁলোকৰ কান্ধৰ পৰা তেওঁৰ ভাৰ দূৰ কৰা হ’ব।”
זֹ֛את הָעֵצָ֥ה הַיְּעוּצָ֖ה עַל־כָּל־הָאָ֑רֶץ וְזֹ֛את הַיָּ֥ד הַנְּטוּיָ֖ה עַל־כָּל־הַגֹּויִֽם׃ | 26 |
২৬সমগ্র পৃথিৱী বাবে স্থিৰ কৰা অভিপ্রায় এয়ে, আৰু সকলো দেশৰ ওপৰত উঠা হাত এয়ে।
כִּֽי־יְהוָ֧ה צְבָאֹ֛ות יָעָ֖ץ וּמִ֣י יָפֵ֑ר וְיָדֹ֥ו הַנְּטוּיָ֖ה וּמִ֥י יְשִׁיבֶֽנָּה׃ פ | 27 |
২৭কাৰণ বাহিনীসকলৰ যিহোৱাই এয়ে পৰিকল্পনা কৰিলে; তেওঁক কোনে বাধা দিব পাৰে? তেওঁৰ হাত দাঙিব; আৰু কোনে তাক তললৈ কৰিব পাৰিব?
בִּשְׁנַת־מֹ֖ות הַמֶּ֣לֶךְ אָחָ֑ז הָיָ֖ה הַמַּשָּׂ֥א הַזֶּֽה׃ | 28 |
২৮ৰজা আহজৰ মৃত্যু হোৱাৰ বছৰত এই ঘোষণা হৈছিল।
אַֽל־תִּשְׂמְחִ֤י פְלֶ֙שֶׁת֙ כֻּלֵּ֔ךְ כִּ֥י נִשְׁבַּ֖ר שֵׁ֣בֶט מַכֵּ֑ךְ כִּֽי־מִשֹּׁ֤רֶשׁ נָחָשׁ֙ יֵ֣צֵא צֶ֔פַע וּפִרְיֹ֖ו שָׂרָ֥ף מְעֹופֵֽף׃ | 29 |
২৯হে পলেষ্টিয়া, তোমালোকক প্ৰহাৰ কৰা দণ্ডডাল ভগা দেখি তোমালোকে আনন্দ নকৰিবা। কাৰণ সাপৰ গাতৰ পৰা এটা বিষাক্ত সাপ বাহিৰ ওলাব, আৰু তাৰ পোৱালিবোৰ অগ্নিসদৃশ উৰণীয়া সাপ হ’ব।
וְרָעוּ֙ בְּכֹורֵ֣י דַלִּ֔ים וְאֶבְיֹונִ֖ים לָבֶ֣טַח יִרְבָּ֑צוּ וְהֵמַתִּ֤י בָֽרָעָב֙ שָׁרְשֵׁ֔ךְ וּשְׁאֵרִיתֵ֖ךְ יַהֲרֹֽג׃ | 30 |
৩০দৰিদ্ৰসকলৰ প্রথমে জন্মাই খাব, আৰু অভাবগ্রস্ত সকলে সুৰক্ষাৰ বাবে শুই পৰিব। আকালৰ দ্বাৰাই মই তোমাৰ মূল নষ্ট কৰিম, আৰু তোমাৰ অৱশিষ্ট ভাগক বধ কৰা হ’ব।
הֵילִ֤ילִֽי שַׁ֙עַר֙ זַֽעֲקִי־עִ֔יר נָמֹ֖וג פְּלֶ֣שֶׁת כֻּלֵּ֑ךְ כִּ֤י מִצָּפֹון֙ עָשָׁ֣ן בָּ֔א וְאֵ֥ין בֹּודֵ֖ד בְּמֹועָדָֽיו׃ | 31 |
৩১হে পলেষ্টিয়াৰ দুৱাৰ গৰ্জন কৰা, আৰু হে নগৰ ক্রন্দন কৰা, তুমি দ্রৱ হৈ শেষ হৈ যাবা। কাৰণ উত্তৰ দিশৰ পৰা ধুঁৱাৰ দৰে ডাৱৰ আহিব, আৰু তেওঁৰ শ্রেণীত এজনো পথভ্রষ্ট নাথাকিব।
וּמַֽה־יַּעֲנֶ֖ה מַלְאֲכֵי־גֹ֑וי כִּ֤י יְהוָה֙ יִסַּ֣ד צִיֹּ֔ון וּבָ֥הּ יֶחֱס֖וּ עֲנִיֵּ֥י עַמֹּֽו׃ ס | 32 |
৩২তেনেহলে দেশৰ বাৰ্ত্তাবহক সকলক কেনেকৈ উত্তৰ দিব? সেয়ে যিহোৱাই চিয়োনক সংস্থাপন কৰিলে, আৰু তেওঁৰ লোকসকলৰ নিপীড়িতসকলক আশ্রয়স্থান বিচাৰি দিব।