< זכריה 8 >
וַיְהִי דְּבַר־יְהֹוָה צְבָאוֹת לֵאמֹֽר׃ | 1 |
১তেতিয়া বাহিনীসকলৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
כֹּה אָמַר יְהֹוָה צְבָאוֹת קִנֵּאתִי לְצִיּוֹן קִנְאָה גְדוֹלָה וְחֵמָה גְדוֹלָה קִנֵּאתִי לָֽהּ׃ | 2 |
২“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মই চিয়োনৰ অৰ্থে মহা অন্তৰ্জ্বালাৰে জ্বলিছোঁ, মই তাইৰ অৰ্থে মহা ক্ৰোধেৰে জ্বলিছোঁ!’
כֹּה אָמַר יְהֹוָה שַׁבְתִּי אֶל־צִיּוֹן וְשָׁכַנְתִּי בְּתוֹךְ יְרֽוּשָׁלָ͏ִם וְנִקְרְאָה יְרוּשָׁלַ͏ִם עִיר הָֽאֱמֶת וְהַר־יְהֹוָה צְבָאוֹת הַר הַקֹּֽדֶשׁ׃ | 3 |
৩বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মই চিয়োনলৈ উলটি আহিলোঁ আৰু যিৰূচালেমৰ মাজত বাস কৰিম, কাৰণ যিৰূচালেম সত্যপুৰী বুলি আৰু বাহিনীসকলৰ যিহোৱাৰ পৰ্ব্বতখন পবিত্ৰ বুলি প্ৰখ্যাত হ’ব’!”
כֹּה אָמַר יְהֹוָה צְבָאוֹת עֹד יֵֽשְׁבוּ זְקֵנִים וּזְקֵנוֹת בִּרְחֹבוֹת יְרוּשָׁלָ͏ִם וְאִישׁ מִשְׁעַנְתּוֹ בְּיָדוֹ מֵרֹב יָמִֽים׃ | 4 |
৪বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: অতি বুঢ়া হোৱাৰ কাৰণে পুনৰায় যিৰূচালেমৰ চকবোৰত বহিব, প্ৰতিজন বুঢ়া-বুঢ়ীয়ে নিজ নিজ হাতত লাখুটি ল’ব।
וּרְחֹבוֹת הָעִיר יִמָּלְאוּ יְלָדִים וִֽילָדוֹת מְשַׂחֲקִים בִּרְחֹֽבֹתֶֽיהָ׃ | 5 |
৫আৰু ল’ৰা-ছোৱালীবোৰৰ খেল ধেমালিৰে সেই নগৰৰ আলিবাটবোৰ পৰিপূৰ্ণ হ’ব!”
כֹּה אָמַר יְהֹוָה צְבָאוֹת כִּי יִפָּלֵא בְּעֵינֵי שְׁאֵרִית הָעָם הַזֶּה בַּיָּמִים הָהֵם גַּם־בְּעֵינַי יִפָּלֵא נְאֻם יְהֹוָה צְבָאֽוֹת׃ | 6 |
৬বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “সেই দিনত এই লোকসকলৰ যি অৱশিষ্ট ভাগ থাকিব, সেই লোকসকলৰ দৃষ্টিত সেয়ে আচৰিত বোধ হ’ব; মোৰ দৃষ্টিতো সেয়ে আচৰিত বোধ হ’ব নে?” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।
כֹּה אָמַר יְהֹוָה צְבָאוֹת הִנְנִי מוֹשִׁיעַ אֶת־עַמִּי מֵאֶרֶץ מִזְרָח וּמֵאֶרֶץ מְבוֹא הַשָּֽׁמֶשׁ׃ | 7 |
৭বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই পূৱ আৰু পশ্চিম দেশৰ পৰা মোৰ প্ৰজাসকলক নিস্তাৰ কৰি আনিম!
וְהֵבֵאתִי אֹתָם וְשָׁכְנוּ בְּתוֹךְ יְרוּשָׁלָ͏ִם וְהָיוּ־לִי לְעָם וַֽאֲנִי אֶהְיֶה לָהֶם לֵֽאלֹהִים בֶּאֱמֶת וּבִצְדָקָֽה׃ | 8 |
৮কিয়নো যিৰূচালেমত বাস কৰিবলৈ মই তেওঁলোকক ঘূৰাই আনিম, যাতে তেওঁলোক পুনৰায় মোৰ প্ৰজা হ’ব, আৰু সত্যতাত আৰু ধাৰ্মিকতাত মই তেওঁলোকৰ ঈশ্বৰ হ’ম!”
כֹּֽה־אָמַר יְהֹוָה צְבָאוֹת תֶּחֱזַקְנָה יְדֵיכֶם הַשֹּֽׁמְעִים בַּיָּמִים הָאֵלֶּה אֵת הַדְּבָרִים הָאֵלֶּה מִפִּי הַנְּבִיאִים אֲשֶׁר בְּיוֹם יֻסַּד בֵּית־יְהֹוָה צְבָאוֹת הַהֵיכָל לְהִבָּנֽוֹת׃ | 9 |
৯“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘তোমালোক সাহিয়াল হোৱা, যি কথা বর্তমান শুনি আছা সেই একেই বাক্য ভাববাদীসকলৰ মুখেৰে কোৱা হৈছিল, যেতিয়া তেওঁলোকে বাহিনীসকলৰ যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা হৈছিল, তেতিয়াই মন্দিৰ নিৰ্মান কৰা হৈছিল।
כִּי לִפְנֵי הַיָּמִים הָהֵם שְׂכַר הָֽאָדָם לֹא נִֽהְיָה וּשְׂכַר הַבְּהֵמָה אֵינֶנָּה וְלַיּוֹצֵא וְלַבָּא אֵין־שָׁלוֹם מִן־הַצָּר וַאֲשַׁלַּח אֶת־כׇּל־הָאָדָם אִישׁ בְּרֵעֵֽהוּ׃ | 10 |
১০কিয়নো সেই কালৰ পূৰ্বে কোনো লোকক মজুৰি দিবৰ বাবে বা কোনো পশুক কেৰেয়া ল’বৰ বাবে টকা নাছিল। আৰু বাহিৰলৈ যোৱাজনৰেই হওঁক বা কি ভিতৰলৈ অহা জনৰেই হওঁক শত্রুৰ পৰা কোনো শান্তি নাছিল। কিয়নো মই প্ৰতিজনক নিজ নিজ ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে উচটাই দিছিলোঁ।
וְעַתָּה לֹא כַיָּמִים הָרִֽאשֹׁנִים אֲנִי לִשְׁאֵרִית הָעָם הַזֶּה נְאֻם יְהֹוָה צְבָאֽוֹת׃ | 11 |
১১কিন্তু এতিয়া মই পূৰ্ব কালৰ দৰে এই লোকসকলৰ অৱশিষ্ট ভাগলৈ ব্যৱহাৰ নকৰিম!’” এইটোৱেই হ’ল বাহিনীসকলৰ যিহোৱাৰ ঘোষণা।
כִּֽי־זֶרַע הַשָּׁלוֹם הַגֶּפֶן תִּתֵּן פִּרְיָהּ וְהָאָרֶץ תִּתֵּן אֶת־יְבוּלָהּ וְהַשָּׁמַיִם יִתְּנוּ טַלָּם וְהִנְחַלְתִּי אֶת־שְׁאֵרִית הָעָם הַזֶּה אֶת־כׇּל־אֵֽלֶּה׃ | 12 |
১২“কিয়নো কুশলযুক্ত কঠীয়া সিচাঁ হ’ব। দ্ৰাক্ষালতাই নিজ নিজ ফল ধৰিব, ভূমিয়ে নিজৰ শস্য উৎপন্ন কৰিব, আৰু আকাশ-মণ্ডলে নিজৰ নিয়ৰ বৰষাব, কাৰণ মই এই অৱশিষ্ট লোকসকলক সেই সকলোৰে অধিকাৰী কৰিম।
וְהָיָה כַּאֲשֶׁר הֱיִיתֶם קְלָלָה בַּגּוֹיִם בֵּית יְהוּדָה וּבֵית יִשְׂרָאֵל כֵּן אוֹשִׁיעַ אֶתְכֶם וִהְיִיתֶם בְּרָכָה אַל־תִּירָאוּ תֶּחֱזַקְנָה יְדֵיכֶֽם׃ | 13 |
১৩জাতিবোৰৰ মাজত তোমালোক যেনেকৈ শাওৰ উদাহৰণস্বৰূপ হৈছিলা, হে যিহূদা বংশ আৰু হে ইস্ৰায়েল বংশ, তেনেকৈ এতিয়া মই তোমালোকক উদ্ধাৰ কৰিম আৰু তোমালোক আশীৰ্ব্বাদৰ বিষয় হ’বা। ভয় নকৰিবা, তোমালোকৰ হাত সবল হওঁক!”
כִּי כֹה אָמַר יְהֹוָה צְבָאוֹת כַּאֲשֶׁר זָמַמְתִּי לְהָרַע לָכֶם בְּהַקְצִיף אֲבֹֽתֵיכֶם אֹתִי אָמַר יְהֹוָה צְבָאוֹת וְלֹא נִחָֽמְתִּי׃ | 14 |
১৪কিয়নো বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “তোমালোকৰ পূৰ্ব-পুৰুষসকলে মোৰ ক্ৰোধ তোলা সময়ত মই যেনেকৈ তোমালোকৰ অমঙ্গল কৰিবলৈ সঙ্কল্প কৰিছিলোঁ,’ ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে, ‘আৰু মই মন পালটোৱা নাছিলোঁ,
כֵּן שַׁבְתִּי זָמַמְתִּי בַּיָּמִים הָאֵלֶּה לְהֵיטִיב אֶת־יְרוּשָׁלַ͏ִם וְאֶת־בֵּית יְהוּדָה אַל־תִּירָֽאוּ׃ | 15 |
১৫তেনেকৈ আকৌ এই কালত যিৰূচালেমৰ আৰু যিহূদা-বংশৰ মঙ্গল কৰিবলৈ সঙ্কল্প কৰিছোঁ! তোমালোকে ভয় নকৰিবা!
אֵלֶּה הַדְּבָרִים אֲשֶׁר תַּֽעֲשׂוּ דַּבְּרוּ אֱמֶת אִישׁ אֶת־רֵעֵהוּ אֱמֶת וּמִשְׁפַּט שָׁלוֹם שִׁפְטוּ בְּשַׁעֲרֵיכֶֽם׃ | 16 |
১৬তোমালোকে কৰিবলগীয়া কাৰ্য এইবোৰ: প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ সৈতে সত্য আলাপ কৰিবা, তোমালোকে নগৰৰ দুৱাৰত যথাৰ্থ আৰু শান্তিজনক বিচাৰ সিদ্ধ কৰিবা।
וְאִישׁ ׀ אֶת־רָעַת רֵעֵהוּ אַֽל־תַּחְשְׁבוּ בִּלְבַבְכֶם וּשְׁבֻעַת שֶׁקֶר אַֽל־תֶּאֱהָבוּ כִּי אֶת־כׇּל־אֵלֶּה אֲשֶׁר שָׂנֵאתִי נְאֻם־יְהֹוָֽה׃ | 17 |
১৭তোমালোক কোনেও নিজ মনত নিজ ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে কু-কল্পনা নকৰিবা আৰু মিছা শপত নিদিবা; কিয়নো এই আটাইবোৰ মই ঘিণ কৰোঁ!” এই কথা যিহোৱাই কৈছে।
וַיְהִי דְּבַר־יְהֹוָה צְבָאוֹת אֵלַי לֵאמֹֽר׃ | 18 |
১৮পাছে বাহিনীসকলৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
כֹּֽה־אָמַר יְהֹוָה צְבָאוֹת צוֹם הָרְבִיעִי וְצוֹם הַחֲמִישִׁי וְצוֹם הַשְּׁבִיעִי וְצוֹם הָעֲשִׂירִי יִהְיֶה לְבֵית־יְהוּדָה לְשָׂשׂוֹן וּלְשִׂמְחָה וּֽלְמֹעֲדִים טוֹבִים וְהָאֱמֶת וְהַשָּׁלוֹם אֱהָֽבוּ׃ | 19 |
১৯“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চতুৰ্থ, পঞ্চম, সপ্তম আৰু দশম মাহৰ উপবাস যিহূদা-বংশৰ কাৰণে আনন্দ ও উল্লাসৰ বিষয় আৰু সন্তোষজনক উৎসৱ হ’ব! এই হেতুকে তোমালোকে সত্যক আৰু শান্তিক ভাল পোৱা!”
כֹּה אָמַר יְהֹוָה צְבָאוֹת עֹד אֲשֶׁר יָבֹאוּ עַמִּים וְיֹשְׁבֵי עָרִים רַבּֽוֹת׃ | 20 |
২০“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘লোকসকল আকৌ আহিব, আনকি ভিন ভিন নগৰত নিবাস কৰা লোকসকলো আহিব।
וְֽהָלְכוּ יוֹשְׁבֵי אַחַת אֶל־אַחַת לֵאמֹר נֵלְכָה הָלוֹךְ לְחַלּוֹת אֶת־פְּנֵי יְהֹוָה וּלְבַקֵּשׁ אֶת־יְהֹוָה צְבָאוֹת אֵלְכָה גַּם־אָֽנִי׃ | 21 |
২১আৰু এখন নগৰৰ নিবাসীসকলে আন এখন নগৰলৈ গৈ ক’ব, ‘ব’লা, যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আৰু বাহিনীসকলৰ যিহোৱাক বিচাৰিবলৈ আমি বেগাই যাওঁহঁক! ময়ো যাম’!
וּבָאוּ עַמִּים רַבִּים וְגוֹיִם עֲצוּמִים לְבַקֵּשׁ אֶת־יְהֹוָה צְבָאוֹת בִּירוּשָׁלָ͏ִם וּלְחַלּוֹת אֶת־פְּנֵי יְהֹוָֽה׃ | 22 |
২২হয়, অনেক দেশৰ লোক আৰু পৰাক্ৰমী জাতি সমূহ যিৰূচালেমত বাহিনীসকলৰ যিহোৱাক বিচাৰিবলৈ আৰু যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আহিব’!”
כֹּֽה־אָמַר יְהֹוָה צְבָאוֹת בַּיָּמִים הָהֵמָּה אֲשֶׁר יַחֲזִיקוּ עֲשָׂרָה אֲנָשִׁים מִכֹּל לְשֹׁנוֹת הַגּוֹיִם וְֽהֶחֱזִיקוּ בִּכְנַף אִישׁ יְהוּדִי לֵאמֹר נֵֽלְכָה עִמָּכֶם כִּי שָׁמַעְנוּ אֱלֹהִים עִמָּכֶֽם׃ | 23 |
২৩বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘সেই দিনা জাতি সমূহৰ মাজৰ আটাই ভাষা ক’ব পৰা দহ জন লোকে এজন যিহুদী লোকৰ কাপোৰৰ আঁচল ধৰি ক’ব, “আমি তোমালোকৰ লগত যাম, কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে!”