< תהילים 94 >
אֵל־נְקָמוֹת יְהֹוָה אֵל נְקָמוֹת הוֹפִֽיעַ׃ | 1 |
১হে প্ৰতিফল দিওঁতা ঈশ্বৰ যিহোৱা, হে প্রতিফল দিওঁতা ঈশ্বৰ, তুমি দীপ্তি প্ৰকাশ কৰা।
הִנָּשֵׂא שֹׁפֵט הָאָרֶץ הָשֵׁב גְּמוּל עַל־גֵּאִֽים׃ | 2 |
২হে পৃথিৱীৰ বিচাৰকৰ্ত্তা, তুমি উঠা, অহংকাৰীবোৰক তেওঁলোকৰ যি প্রাপ্য তাক তুমি দিয়া।
עַד־מָתַי רְשָׁעִים ׀ יְהֹוָה עַד־מָתַי רְשָׁעִים יַעֲלֹֽזוּ׃ | 3 |
৩হে যিহোৱা, দুষ্টবোৰে কিমান কাল, দুষ্টবোৰেনো কিমান কাল উল্লাস কৰিব?
יַבִּיעוּ יְדַבְּרוּ עָתָק יִתְאַמְּרוּ כׇּל־פֹּעֲלֵי אָֽוֶן׃ | 4 |
৪তেওঁলোকৰ মুখৰ পৰা দাম্ভিক কথাবোৰ বাহিৰ হৈ আহে; সকলো দুষ্টলোকে গৰ্ব্ব কৰে।
עַמְּךָ יְהֹוָה יְדַכְּאוּ וְֽנַחֲלָתְךָ יְעַנּֽוּ׃ | 5 |
৫হে যিহোৱা, তোমাৰ লোকসকলক তেওঁলোকে চূর্ণ কৰিছে; তোমাৰ আধিপত্যক উপদ্রৱ কৰিছে।
אַלְמָנָה וְגֵר יַהֲרֹגוּ וִיתוֹמִים יְרַצֵּֽחוּ׃ | 6 |
৬বিধৱা আৰু বিদেশী লোকক তেওঁলোকে বধ কৰিছে; অনাথ সকলক হত্যা কৰিছে;
וַיֹּאמְרוּ לֹא יִרְאֶה־יָּהּ וְלֹא־יָבִין אֱלֹהֵי יַעֲקֹֽב׃ | 7 |
৭তেওঁলোকে ক’য়, “যিহোৱাই নেদেখিব; যাকোবৰ ঈশ্বৰে মন নকৰিব।”
בִּינוּ בֹּעֲרִים בָּעָם וּכְסִילִים מָתַי תַּשְׂכִּֽילוּ׃ | 8 |
৮হে বিবেকহীনবোৰ, তোমালোকে বিবেচনা কৰা; হে নিৰ্বোধবোৰ, কেতিয়া তোমালোকৰ সুবুদ্ধি হ’ব?
הֲנֹטַֽע אֹזֶן הֲלֹא יִשְׁמָע אִֽם־יֹצֵֽר עַיִן הֲלֹא יַבִּֽיט׃ | 9 |
৯যি জনাই কাণ সৃষ্টি কৰিলে, তেওঁ জানো নুশুনিব? যি জনাই চকু নিৰ্ম্মাণ কৰিলে, তেওঁ জানো নেদেখিব?
הֲיֹסֵר גּוֹיִם הֲלֹא יוֹכִיחַ הַֽמְלַמֵּד אָדָם דָּֽעַת׃ | 10 |
১০যি জনাই সকলো জাতিকে শাসন কৰে আৰু লোকসকলক শিক্ষা দিয়ে, তেওঁ জানো শাস্তি নিদিয়াকৈ থাকিব?
יְֽהֹוָה יֹדֵעַ מַחְשְׁבוֹת אָדָם כִּי־הֵמָּה הָֽבֶל׃ | 11 |
১১যিহোৱাই মানুহৰ সকলো চিন্তা জানে; তেওঁ জানে যে তেওঁলোক সকলো শ্বাস মাত্র।
אַשְׁרֵי ׀ הַגֶּבֶר אֲשֶׁר־תְּיַסְּרֶנּוּ יָּהּ וּֽמִתּוֹרָתְךָ תְלַמְּדֶֽנּוּ׃ | 12 |
১২হে যিহোৱা, ধন্য সেইসকল লোক যাক তুমি শাসন কৰা, আৰু তোমাৰ ব্যৱস্থাৰ পৰা শিক্ষা দিয়া,
לְהַשְׁקִיט לוֹ מִימֵי רָע עַד יִכָּרֶה לָרָשָׁע שָֽׁחַת׃ | 13 |
১৩যাতে তেওঁলোকে বিপদৰ কালত জিৰণি পায়, যেতিয়ালৈকে দুষ্টসকলৰ কাৰণে গাত খন্দা শেষ নহয়।
כִּי ׀ לֹא־יִטֹּשׁ יְהֹוָה עַמּוֹ וְנַחֲלָתוֹ לֹא יַעֲזֹֽב׃ | 14 |
১৪কিয়নো যিহোৱাই নিজৰ লোকসকলক ত্যাগ নকৰিব, নিজৰ আধিপত্যক পৰিত্যাগ নকৰিব।
כִּֽי־עַד־צֶדֶק יָשׁוּב מִשְׁפָּט וְאַחֲרָיו כׇּל־יִשְׁרֵי־לֵֽב׃ | 15 |
১৫ন্যায়বিচাৰ পুনৰ ধাৰ্মিকতাৰ ওচৰলৈ উভটি আহিব; শুদ্ধ মনৰ সকলোৱেই তাক মানি চলিব।
מִֽי־יָקוּם לִי עִם־מְרֵעִים מִי־יִתְיַצֵּב לִי עִם־פֹּעֲלֵי אָֽוֶן׃ | 16 |
১৬কোনে মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে উঠিব? মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে কোন থিয় হ’ব?
לוּלֵי יְהֹוָה עֶזְרָתָה לִּי כִּמְעַט ׀ שָׁכְנָה דוּמָה נַפְשִֽׁי׃ | 17 |
১৭যদি যিহোৱাই মোক সহায় নকৰে, তেন্তে মৃত্যুৰ নীৰৱতাত মোৰ প্ৰাণে শীঘ্ৰেই বসতি কৰিলেহেঁতেন।
אִם־אָמַרְתִּי מָטָה רַגְלִי חַסְדְּךָ יְהֹוָה יִסְעָדֵֽנִי׃ | 18 |
১৮যেতিয়াই মই ভাৱো যে, মোৰ ভৰি পিছলি গৈছে, তেতিয়াই হে যিহোৱা, তোমাৰ অসীম প্রেমে মোক ধৰি ৰাখে।
בְּרֹב שַׂרְעַפַּי בְּקִרְבִּי תַּנְחוּמֶיךָ יְֽשַׁעַשְׁעוּ נַפְשִֽׁי׃ | 19 |
১৯মোৰ মন যেতিয়া দুঃচিন্তাৰে ভৰি পৰে, তেতিয়া তোমাৰ শান্ত্বনাই মোৰ প্রাণত আনন্দ দান কৰে।
הַֽיְחׇבְרְךָ כִּסֵּא הַוּוֹת יֹצֵר עָמָל עֲלֵי־חֹֽק׃ | 20 |
২০দুর্নীতিপৰায়ণ শাসনকর্তাসকলে দুষ্কার্যৰ কাৰণে বিধি স্থাপন কৰে, তোমাৰ লগত তেওঁলোকৰ জানো সম্পৰ্ক থাকিব পাৰে?
יָגוֹדּוּ עַל־נֶפֶשׁ צַדִּיק וְדָם נָקִי יַרְשִֽׁיעוּ׃ | 21 |
২১তেওঁলোকে ধাৰ্মিকৰ প্ৰাণৰ বিৰুদ্ধে গোট খায়; তেওঁলোকে নিৰ্দ্দোষীক মৃত্যুদণ্ড বিহিবলৈ দোষী কৰে।
וַיְהִי יְהֹוָה לִי לְמִשְׂגָּב וֵאלֹהַי לְצוּר מַחְסִֽי׃ | 22 |
২২কিন্তু যিহোৱাই মোৰ দুৰ্গ; মোৰ ঈশ্বৰেই মোৰ আশ্ৰয় শিলা।
וַיָּשֶׁב עֲלֵיהֶם ׀ אֶת־אוֹנָם וּבְרָעָתָם יַצְמִיתֵם יַצְמִיתֵם יְהֹוָה אֱלֹהֵֽינוּ׃ | 23 |
২৩তেওঁলোকৰ অপৰাধ তেওঁ তেওঁলোকৰ ওপৰলৈকে আনিব, তেওঁলোকৰ দুষ্কার্যতেই তেওঁ তেওঁলোকক বিনষ্ট কৰিব; আমাৰ ঈশ্বৰ যিহোৱায়েই তেওঁলোকক বিনষ্ট কৰিব।