< תהילים 43 >
שׇׁפְטֵנִי אֱלֹהִים ׀ וְרִיבָה רִיבִי מִגּוֹי לֹֽא־חָסִיד מֵאִישׁ מִרְמָה וְעַוְלָה תְפַלְּטֵֽנִי׃ | 1 |
১হে ঈশ্বৰ, মোৰ বিচাৰ কৰা; ঈশ্বৰ ভয়হীন জাতিৰ বিৰুদ্ধে মোৰ পক্ষে কথা কোৱা; ছল আৰু অন্যায়কাৰী মানুহৰ পৰা মোক ৰক্ষা কৰা।
כִּֽי־אַתָּה ׀ אֱלֹהֵי מָֽעוּזִּי לָמָה זְנַחְתָּנִי לָֽמָּה־קֹדֵר אֶתְהַלֵּךְ בְּלַחַץ אוֹיֵֽב׃ | 2 |
২কিয়নো তুমিয়েই মোৰ ঈশ্বৰ, মোৰ দুৰ্গ; তুমি মোক কিয় ত্যাগ কৰিলা? মই কিয় শত্ৰুৰ উপদ্ৰৱৰ কাৰণে বিষন্ন মনেৰে ফুৰিছোঁ?
שְׁלַח־אוֹרְךָ וַאֲמִתְּךָ הֵמָּה יַנְחוּנִי יְבִיאוּנִי אֶל־הַֽר־קׇדְשְׁךָ וְאֶל־מִשְׁכְּנוֹתֶֽיךָ׃ | 3 |
৩তোমাৰ দীপ্তি আৰু সত্যতাক পঠাই দিয়া; সেইবোৰেই মোৰ পথদৰ্শক হওঁক; সেইবোৰেই মোক তোমাৰ সেই পবিত্ৰ পৰ্ব্বতলৈ আৰু তোমাৰ আবাসলৈ লৈ যাওঁক।
וְאָבוֹאָה ׀ אֶל־מִזְבַּח אֱלֹהִים אֶל־אֵל שִׂמְחַת גִּילִי וְאוֹדְךָ בְכִנּוֹר אֱלֹהִים אֱלֹהָֽי׃ | 4 |
৪তাতে মই ঈশ্বৰৰ যজ্ঞ-বেদীৰ ওচৰলৈ যাম, মোৰ পৰম আনন্দৰ ঈশ্বৰৰ ওচৰলৈ যাম; হে ঈশ্বৰ, হে মোৰ ঈশ্বৰ, মই বীণাৰে তোমাৰ ধন্যবাদ কৰিম।
מַה־תִּשְׁתּוֹחֲחִי ׀ נַפְשִׁי וּֽמַה־תֶּהֱמִי עָלָי הוֹחִילִי לֵאלֹהִים כִּי־עוֹד אוֹדֶנּוּ יְשׁוּעֹת פָּנַי וֵאלֹהָֽי׃ | 5 |
৫হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা? কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ।