< תהילים 3 >

מִזְמוֹר לְדָוִד בְּבׇרְחוֹ מִפְּנֵי ׀ אַבְשָׁלוֹם בְּנֽוֹ׃ יְהֹוָה מָה־רַבּוּ צָרָי רַבִּים קָמִים עָלָֽי׃ 1
হে যিহোৱা চোৱা, মোৰ শত্রুৰ সংখ্যা কিমান বাঢ়িছে! মোৰ বিৰুদ্ধে অনেকেই উঠিছে!
רַבִּים אֹמְרִים לְנַפְשִׁי אֵין יְֽשׁוּעָתָה לּוֹ בֵאלֹהִים סֶֽלָה׃ 2
অনেকে মোক কৈছে, “ঈশ্বৰে তোমাক সহায় নকৰে।” (চেলা)
וְאַתָּה יְהֹוָה מָגֵן בַּעֲדִי כְּבוֹדִי וּמֵרִים רֹאשִֽׁי׃ 3
কিন্তু, হে যিহোৱা, তুমিয়েই মোৰ চাৰিওফালে ঢাল হৈ আছা; তুমিয়েই মোৰ গৌৰৱ; তুমি মোৰ মূৰ উর্দ্ধত ৰাখিছা।
קוֹלִי אֶל־יְהֹוָה אֶקְרָא וַיַּעֲנֵנִי מֵהַר קׇדְשׁוֹ סֶֽלָה׃ 4
মই চিঞঁৰি চিঞঁৰি যিহোৱাক মাতো; তাতে তেওঁ মোক তেওঁৰ পবিত্ৰ পৰ্ব্বতৰ পৰা উত্তৰ দিয়ে। (চেলা)
אֲנִי שָׁכַבְתִּי וָאִישָׁנָה הֱקִיצוֹתִי כִּי יְהֹוָה יִסְמְכֵֽנִי׃ 5
মই শুই পৰিলো আৰু টোপনি গলোঁ; পুনৰ সাৰ পালোঁ; কিয়নো যিহোৱাই মোক ৰক্ষা কৰে।
לֹֽא־אִירָא מֵרִבְבוֹת עָם אֲשֶׁר סָבִיב שָׁתוּ עָלָֽי׃ 6
মোৰ বিৰুদ্ধে মোৰ চাৰিওফালে হাজাৰ হাজাৰ লোক সজ্জিত হৈ আছে, কিন্তু মই তেওঁলোকলৈ ভয় নকৰোঁ।
קוּמָה יְהֹוָה ׀ הוֹשִׁיעֵנִי אֱלֹהַי כִּֽי־הִכִּיתָ אֶת־כׇּל־אֹיְבַי לֶחִי שִׁנֵּי רְשָׁעִים שִׁבַּֽרְתָּ׃ 7
হে যিহোৱা উঠি আহাঁ! হে মোৰ ঈশ্বৰ, মোক উদ্ধাৰ কৰা; তুমি মোৰ শত্রুবোৰৰ গালত আঘাত কৰা; দুষ্টবোৰৰ দাঁত ভাঁঙি পেলোৱা।
לַֽיהֹוָה הַיְשׁוּעָה עַֽל־עַמְּךָ בִרְכָתֶךָ סֶּֽלָה׃ 8
পৰিত্ৰাণ যিহোৱাতে আছে; তোমাৰ লোকসকলৰ ওপৰত তোমাৰ আশীৰ্ব্বাদ নামি আহঁক। (চেলা)

< תהילים 3 >