< תהילים 21 >
לַמְנַצֵּחַ מִזְמוֹר לְדָוִֽד׃ יְֽהֹוָה בְּעׇזְּךָ יִשְׂמַח־מֶלֶךְ וּבִישׁוּעָתְךָ מַה־[יָּגֶל] (יגיל) מְאֹֽד׃ | 1 |
১হে যিহোৱা, তোমাৰ শক্তিত ৰজাই আনন্দ কৰে! তুমি তেওঁক উদ্ধাৰ কৰিলে, তেওঁ কেনে আনন্দিত হয়!
תַּאֲוַת לִבּוֹ נָתַתָּה לּוֹ וַאֲרֶשֶׁת שְׂפָתָיו בַּל־מָנַעְתָּ סֶּֽלָה׃ | 2 |
২তুমি তেওঁৰ মনৰ বাঞ্ছা পূৰ কৰিলা, তুমি তেওঁৰ ওঁঠৰ নিবেদন অগ্রাহ্য নকৰিলা। (চেলা)
כִּֽי־תְקַדְּמֶנּוּ בִּרְכוֹת טוֹב תָּשִׁית לְרֹאשׁוֹ עֲטֶרֶת פָּֽז׃ | 3 |
৩তুমি তেওঁলৈ মঙ্গলৰ নানা আশীৰ্ব্বাদ আনিলা, তুমি তেওঁৰ মূৰত নিভাঁজ সোণৰ কিৰীটি দিলা।
חַיִּים ׀ שָׁאַל מִמְּךָ נָתַתָּה לּוֹ אֹרֶךְ יָמִים עוֹלָם וָעֶֽד׃ | 4 |
৪তেওঁ তোমাৰ পৰা দীর্ঘায়ু জীৱন বিচাৰিলে; তাতে তুমি তেওঁক তাক দিলা; তুমি তেওঁক অনেক আয়ুস দিলা।
גָּדוֹל כְּבוֹדוֹ בִּישׁוּעָתֶךָ הוֹד וְהָדָר תְּשַׁוֶּה עָלָֽיו׃ | 5 |
৫তোমাৰ সাহায্যত তেওঁৰ গৰিমা মহান হয়; তুমি তেওঁৰ ওপৰত মৰ্য্যাদা আৰু প্ৰতাপ ৰাখিছা;
כִּֽי־תְשִׁיתֵהוּ בְרָכוֹת לָעַד תְּחַדֵּהוּ בְשִׂמְחָה אֶת־פָּנֶֽיךָ׃ | 6 |
৬তুমি তেওঁক চিৰস্থায়ী আশীৰ্ব্বাদ দান কৰিছা; তোমাৰ উপস্থিতিৰ আনন্দেৰে তুমি তেওঁক আনন্দ দান কৰিছা।
כִּֽי־הַמֶּלֶךְ בֹּטֵחַ בַּיהֹוָה וּבְחֶסֶד עֶלְיוֹן בַּל־יִמּֽוֹט׃ | 7 |
৭কিয়নো ৰজাই যিহোৱাৰ ওপৰতে ভাৰসা কৰে; সৰ্ব্বোপৰি জনাৰ দয়াই তেওঁক লৰচৰ নকৰিব।
תִּמְצָא יָדְךָ לְכׇל־אֹיְבֶיךָ יְמִֽינְךָ תִּמְצָא שֹׂנְאֶֽיךָ׃ | 8 |
৮তোমাৰ হাতেই তোমাৰ সকলো শত্রুবোৰক বিচাৰি পাব; তোমাৰ সোঁ হাতে তোমাক ঘিণ কৰাসকলক বিচাৰি পাব।
תְּשִׁיתֵמוֹ ׀ כְּתַנּוּר אֵשׁ לְעֵת פָּנֶיךָ יְהֹוָה בְּאַפּוֹ יְבַלְּעֵם וְֽתֹאכְלֵם אֵֽשׁ׃ | 9 |
৯তোমাৰ প্রকাশৰ কালত তুমি তেওঁলোকক এক অগ্নিময় জুইশালৰ নিচিনা কৰিবা; যিহোৱাই নিজৰ ক্রোধত তেওঁলোকক গ্ৰাস কৰিব; অগ্নিয়ে তেওঁলোকক দহন কৰিব।
פִּרְיָמוֹ מֵאֶרֶץ תְּאַבֵּד וְזַרְעָם מִבְּנֵי אָדָֽם׃ | 10 |
১০পৃথিবীৰ বুকুৰ পৰা তেওঁলোকৰ বংশধৰসকলক তুমি ধ্বংস কৰি পেলাবা; মনুষ্যৰ মাজৰ পৰা তেওঁলোকৰ সন্তান সকলক উচ্ছন্ন কৰিবা।
כִּי־נָטוּ עָלֶיךָ רָעָה חָֽשְׁבוּ מְזִמָּה בַּל־יוּכָֽלוּ׃ | 11 |
১১যদি তেওঁলোকে তোমাৰ বিৰুদ্ধে দুষ্ট মন্ত্রণা কৰে, যদি অপকর্মৰ পৰিকল্পনা কৰে, তেওঁলোক সফল হ’ব নোৱাৰিব।
כִּי תְּשִׁיתֵמוֹ שֶׁכֶם בְּמֵֽיתָרֶיךָ תְּכוֹנֵן עַל־פְּנֵיהֶֽם׃ | 12 |
১২কিয়নো তুমি তেওঁলোকৰ মুখৰ ফালে লক্ষ্য কৰি যেতিয়া তোমাৰ ধনুত কাঁড় জুৰিবা, তেতিয়া তুমি তেওঁলোকক পলাই যাবলৈ বাধ্য কৰিবা।
רוּמָה יְהֹוָה בְּעֻזֶּךָ נָשִׁירָה וּֽנְזַמְּרָה גְּבוּרָתֶֽךָ׃ | 13 |
১৩হে যিহোৱা, তুমি নিজ পৰাক্ৰমেৰে উঠা! আমি তোমাৰ পৰাক্রমৰ গীত গাম আৰু প্ৰশংসাৰ গান কৰিম।