< תהילים 130 >

שִׁיר הַֽמַּעֲלוֹת מִמַּעֲמַקִּים קְרָאתִיךָ יְהֹוָֽה׃ 1
হে যিহোৱা, মই গভীৰ কষ্টৰ মাজত থাকি তোমাক মাতিছো।
אֲדֹנָי שִׁמְעָה בְקוֹלִי תִּהְיֶינָה אׇזְנֶיךָ קַשֻּׁבוֹת לְקוֹל תַּחֲנוּנָֽי׃ 2
হে প্ৰভু, মোৰ স্বৰ শুনা! মোৰ কাকুতিৰ স্বৰলৈ তুমি মনোযোগ দিয়া!
אִם־עֲוֺנוֹת תִּשְׁמׇר־יָהּ אֲדֹנָי מִי יַעֲמֹֽד׃ 3
হে যিহোৱা, তুমি যদি অপৰাধ ধৰি ৰাখা, তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে?
כִּֽי־עִמְּךָ הַסְּלִיחָה לְמַעַן תִּוָּרֵֽא׃ 4
কিন্তু তোমাৰ ওচৰত ক্ষমা আছে, যেন মানুহে তোমাক ভয় কৰে।
קִוִּיתִי יְהֹוָה קִוְּתָה נַפְשִׁי וְֽלִדְבָרוֹ הוֹחָֽלְתִּי׃ 5
মই যিহোৱালৈ অপেক্ষা কৰিছোঁ, মোৰ প্ৰাণে অপেক্ষা কৰিছে, মই তেওঁৰ বাক্যত আশা কৰিছোঁ।
נַפְשִׁי לַאדֹנָי מִשֹּׁמְרִים לַבֹּקֶר שֹׁמְרִים לַבֹּֽקֶר׃ 6
প্রহৰীসকলে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰে, হয়, তেওঁলোকে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰি থাকে, যিহোৱাৰ কাৰণে মোৰ প্রাণে তাতোকৈ অধিক বেচি অপেক্ষা কৰি আছে।
יַחֵל יִשְׂרָאֵל אֶל־יְהֹוָה כִּֽי־עִם־יְהֹוָה הַחֶסֶד וְהַרְבֵּה עִמּוֹ פְדֽוּת׃ 7
হে ইস্ৰায়েল, যিহোৱাৰ ওপৰত আশা ৰাখা, কিয়নো যিহোৱাৰ লগত সুস্থিৰ প্রেম আছে; তেওঁৰ মুক্তি দিয়াৰ মহান ক্ষমতা আছে।
וְהוּא יִפְדֶּה אֶת־יִשְׂרָאֵל מִכֹּל עֲוֺנֹתָֽיו׃ 8
তেৱেঁ ইস্ৰায়েলক মুক্ত কৰিব, সকলো অপৰাধৰ পৰা মুক্ত কৰিব।

< תהילים 130 >