< במדבר 8 >
וַיְדַבֵּר יְהֹוָה אֶל־מֹשֶׁה לֵּאמֹֽר׃ | 1 |
১যিহোৱাই মোচিক ক’লে,
דַּבֵּר אֶֽל־אַהֲרֹן וְאָמַרְתָּ אֵלָיו בְּהַעֲלֹֽתְךָ אֶת־הַנֵּרֹת אֶל־מוּל פְּנֵי הַמְּנוֹרָה יָאִירוּ שִׁבְעַת הַנֵּרֽוֹת׃ | 2 |
২“তুমি হাৰোণক কোৱা বোলে, ‘যেতিয়া তুমি প্ৰদীপবোৰ জ্বলাবা, তেতিয়া সেই সাতোটা প্ৰদীপ দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ ৰাখিবা’।”
וַיַּעַשׂ כֵּן אַהֲרֹן אֶל־מוּל פְּנֵי הַמְּנוֹרָה הֶעֱלָה נֵרֹתֶיהָ כַּֽאֲשֶׁר צִוָּה יְהֹוָה אֶת־מֹשֶֽׁה׃ | 3 |
৩তেতিয়া হাৰোণে সেইদৰে কৰিলে। মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ তেওঁ প্ৰদীপবোৰ জ্বলালে।
וְזֶה מַעֲשֵׂה הַמְּנֹרָה מִקְשָׁה זָהָב עַד־יְרֵכָהּ עַד־פִּרְחָהּ מִקְשָׁה הִוא כַּמַּרְאֶה אֲשֶׁר הֶרְאָה יְהֹוָה אֶת־מֹשֶׁה כֵּן עָשָׂה אֶת־הַמְּנֹרָֽה׃ | 4 |
৪সেই দীপাধাৰ এইদৰে সজা হৈছিল: দীপাধাৰটো তলৰ পৰা ওপৰলৈ সোণৰে পিটাই সজা হৈছিল আৰু তাৰ ওপৰটো ফুলৰ আকৃতিত সজা হৈছিল; যিহোৱাই মোচিক এইদৰেই দীপাধাৰটো সাজিবলৈ কৈছিল।
וַיְדַבֵּר יְהֹוָה אֶל־מֹשֶׁה לֵּאמֹֽר׃ | 5 |
৫যিহোৱাই মোচিক পুনৰায় ক’লে,
קַח אֶת־הַלְוִיִּם מִתּוֹךְ בְּנֵי יִשְׂרָאֵל וְטִהַרְתָּ אֹתָֽם׃ | 6 |
৬“তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক লৈ, তেওঁলোকক শুচি কৰা।
וְכֹֽה־תַעֲשֶׂה לָהֶם לְטַֽהֲרָם הַזֵּה עֲלֵיהֶם מֵי חַטָּאת וְהֶעֱבִירוּ תַעַר עַל־כׇּל־בְּשָׂרָם וְכִבְּסוּ בִגְדֵיהֶם וְהִטֶּהָֽרוּ׃ | 7 |
৭তেওঁলোকক শুচি কৰিবলৈ, তেওঁলোকলৈ এই কাম কৰা; তেওঁলোকৰ ওপৰত পাপ নাশক জল ছটিওৱা, আৰু তেওঁলোকৰ প্রতিজনে নিজ গোটেই গাৰ চুলি ক্ষুৰাই আৰু কাপোৰ ধুই নিজকে শুচি কৰক।
וְלָֽקְחוּ פַּר בֶּן־בָּקָר וּמִנְחָתוֹ סֹלֶת בְּלוּלָה בַשָּׁמֶן וּפַר־שֵׁנִי בֶן־בָּקָר תִּקַּח לְחַטָּֽאת׃ | 8 |
৮তাৰ পাছত তেওঁলোকে এটা দমৰা ষাঁড়-গৰু আৰু তেল মিহলোৱা মিহি আটাগুড়িৰে যুগুত কৰক তাৰ ভক্ষ্য নৈবেদ্য আনক; আৰু পাপাৰ্থক বলিৰ কাৰণে আৰু এটা দমৰা গৰু লওঁক।
וְהִקְרַבְתָּ אֶת־הַלְוִיִּם לִפְנֵי אֹהֶל מוֹעֵד וְהִקְהַלְתָּ אֶֽת־כׇּל־עֲדַת בְּנֵי יִשְׂרָאֵֽל׃ | 9 |
৯তুমি লেবীয়াসকলক সাক্ষাৎ কৰা তন্বুৰ আগত উপস্থিত কৰাবা, আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীক একত্রিত কৰাবা।
וְהִקְרַבְתָּ אֶת־הַלְוִיִּם לִפְנֵי יְהֹוָה וְסָמְכוּ בְנֵי־יִשְׂרָאֵל אֶת־יְדֵיהֶם עַל־הַלְוִיִּֽם׃ | 10 |
১০তাৰ পাছত লেবীয়াসকলক মোৰ আগত উপস্থিত কৰাবা। ইস্ৰায়েলৰ সন্তান সকলে লেবীয়াসকলৰ গাত হাত দিব লাগিব।
וְהֵנִיף אַהֲרֹן אֶת־הַלְוִיִּם תְּנוּפָה לִפְנֵי יְהֹוָה מֵאֵת בְּנֵי יִשְׂרָאֵל וְהָיוּ לַעֲבֹד אֶת־עֲבֹדַת יְהֹוָֽה׃ | 11 |
১১ইস্ৰায়েলৰ সন্তান সকলৰ পক্ষে হাৰোণে মোৰ আগত লেবীয়াসকলক উৎসৰ্গ কৰিব যাতে তেওঁলোক মোৰ সেৱাৰ কাৰ্যত নিযুক্ত হ’ব।
וְהַלְוִיִּם יִסְמְכוּ אֶת־יְדֵיהֶם עַל רֹאשׁ הַפָּרִים וַעֲשֵׂה אֶת־הָאֶחָד חַטָּאת וְאֶת־הָאֶחָד עֹלָה לַֽיהֹוָה לְכַפֵּר עַל־הַלְוִיִּֽם׃ | 12 |
১২পাছত লেবীয়াসকলে সেই দুটা দমৰা ষাঁড়-গৰুৰ মূৰত হাত দিব; আৰু তুমি লেবীয়াসকলক প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে, যিহোৱাৰ উদ্দেশ্যে এটা দমৰা ষাঁড়-গৰু পাপাৰ্থক বলিস্বৰূপে আৰু আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিবা।
וְהַֽעֲמַדְתָּ אֶת־הַלְוִיִּם לִפְנֵי אַהֲרֹן וְלִפְנֵי בָנָיו וְהֵנַפְתָּ אֹתָם תְּנוּפָה לַֽיהֹוָֽה׃ | 13 |
১৩এইদৰে তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ আগত লেবীয়াসকলক উপস্থিত কৰাবা আৰু তেওঁলোকক মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।
וְהִבְדַּלְתָּ אֶת־הַלְוִיִּם מִתּוֹךְ בְּנֵי יִשְׂרָאֵל וְהָיוּ לִי הַלְוִיִּֽם׃ | 14 |
১৪এইদৰে তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক পৃথক কৰিবা; আৰু লেবীয়াসকল মোৰেই হ’ব।
וְאַֽחֲרֵי־כֵן יָבֹאוּ הַלְוִיִּם לַעֲבֹד אֶת־אֹהֶל מוֹעֵד וְטִֽהַרְתָּ אֹתָם וְהֵנַפְתָּ אֹתָם תְּנוּפָֽה׃ | 15 |
১৫তাৰ পাছত লেবীয়াসকলে সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ সেই ঠাইত সোমাব। এইদৰে তুমি তেওঁলোকক শুচি কৰিবা আৰু মোলৈ তেওঁলোকক উৎসৰ্গ কৰিবা।
כִּי נְתֻנִים נְתֻנִים הֵמָּה לִי מִתּוֹךְ בְּנֵי יִשְׂרָאֵל תַּחַת פִּטְרַת כׇּל־רֶחֶם בְּכוֹר כֹּל מִבְּנֵי יִשְׂרָאֵל לָקַחְתִּי אֹתָם לִֽי׃ | 16 |
১৬তুমি ইয়াকে কৰিবা কিয়নো তেওঁলোকক সম্পূৰ্ণৰূপে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা মোক দিয়া হ’ল। তেওঁলোকে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ গৰ্ভ ভেদ কৰি সকলো প্ৰথমে জন্মাসকলৰ সলনি তেওঁলোকক মোৰ কাৰণে গ্ৰহণ কৰিলোঁ।
כִּי לִי כׇל־בְּכוֹר בִּבְנֵי יִשְׂרָאֵל בָּאָדָם וּבַבְּהֵמָה בְּיוֹם הַכֹּתִי כׇל־בְּכוֹר בְּאֶרֶץ מִצְרַיִם הִקְדַּשְׁתִּי אֹתָם לִֽי׃ | 17 |
১৭কাৰণ মানুহেই হওঁক বা পশুৱেই হওঁক, ইস্ৰায়েলৰ মাজত প্ৰথমে জন্মা সকলো মোৰেই; যিদিনা মই মিচৰ দেশৰ পৰা প্ৰথমে জন্মা সকলোকে মাৰিলোঁ, সেই দিনা মোৰ কাৰণে তেওঁলোকক পবিত্ৰ কৰিছিলোঁ।।
וָאֶקַּח אֶת־הַלְוִיִּם תַּחַת כׇּל־בְּכוֹר בִּבְנֵי יִשְׂרָאֵֽל׃ | 18 |
১৮এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা সকলো সন্তান সকলৰ সলনি মই লেবীয়াসকলক গ্ৰহণ কৰিলোঁ।
וָאֶתְּנָה אֶת־הַלְוִיִּם נְתֻנִים ׀ לְאַהֲרֹן וּלְבָנָיו מִתּוֹךְ בְּנֵי יִשְׂרָאֵל לַעֲבֹד אֶת־עֲבֹדַת בְּנֵֽי־יִשְׂרָאֵל בְּאֹהֶל מוֹעֵד וּלְכַפֵּר עַל־בְּנֵי יִשְׂרָאֵל וְלֹא יִהְיֶה בִּבְנֵי יִשְׂרָאֵל נֶגֶף בְּגֶשֶׁת בְּנֵֽי־יִשְׂרָאֵל אֶל־הַקֹּֽדֶשׁ׃ | 19 |
১৯আৰু সাক্ষাৎ কৰা তম্বুত ইস্ৰায়েলৰ সন্তান সকলে কৰিবলগীয়া কাৰ্য কৰিবলৈ আৰু ইস্ৰায়েলৰ সন্তান সকলক প্ৰায়শ্চিত্ত কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দানস্বৰূপে দিলোঁ; যাতে ইস্ৰায়েলৰ সন্তান সকলে পবিত্ৰ স্থানৰ ওচৰ চাপিলে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত কোনো আপদ নঘটিব।”
וַיַּעַשׂ מֹשֶׁה וְאַהֲרֹן וְכׇל־עֲדַת בְּנֵי־יִשְׂרָאֵל לַלְוִיִּם כְּכֹל אֲשֶׁר־צִוָּה יְהֹוָה אֶת־מֹשֶׁה לַלְוִיִּם כֵּן־עָשׂוּ לָהֶם בְּנֵי יִשְׂרָאֵֽל׃ | 20 |
২০মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে লেবীয়াসকললৈ এই দৰে কৰিলে। যিহোৱাই লেবীয়াসকলৰ বিষয়ে মোচিক দিয়া সকলো আদেশ অনুসাৰেই, ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকলৈ এই কাৰ্য কৰিলে।
וַיִּֽתְחַטְּאוּ הַלְוִיִּם וַֽיְכַבְּסוּ בִּגְדֵיהֶם וַיָּנֶף אַהֲרֹן אֹתָם תְּנוּפָה לִפְנֵי יְהֹוָה וַיְכַפֵּר עֲלֵיהֶם אַהֲרֹן לְטַהֲרָֽם׃ | 21 |
২১লেবীয়াসকলে নিজ নিজ কাপোৰ ধুই নিজকে পাপৰ পৰা মুক্ত কৰিলে; আৰু হাৰোণে তেওঁলোকক যিহোৱাৰ উৎসৰ্গ কৰিলে, আৰু তেওঁলোকক শুচি কৰিবৰ অৰ্থে তেওঁলোকক প্ৰায়শ্চিত্ত কৰিলে।
וְאַחֲרֵי־כֵן בָּאוּ הַלְוִיִּם לַעֲבֹד אֶת־עֲבֹֽדָתָם בְּאֹהֶל מוֹעֵד לִפְנֵי אַהֲרֹן וְלִפְנֵי בָנָיו כַּאֲשֶׁר צִוָּה יְהֹוָה אֶת־מֹשֶׁה עַל־הַלְוִיִּם כֵּן עָשׂוּ לָהֶֽם׃ | 22 |
২২তেতিয়াৰে পৰা লেবীয়াসকলে হাৰোণৰ আগত আৰু তেওঁৰ পুত্ৰসকলৰ আগত সাক্ষাৎ কৰা তম্বুত নিজ নিজ কাৰ্য কৰিবলৈ সোমাল। লেবীয়াসকলৰ বিষয়ে যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰেই তেওঁলোকে সেইদৰেই তেওঁলোকলৈ কাৰ্য কৰিলে।
וַיְדַבֵּר יְהֹוָה אֶל־מֹשֶׁה לֵּאמֹֽר׃ | 23 |
২৩পাছত যিহোৱাই পুনৰায় মোচিক কলে,
זֹאת אֲשֶׁר לַלְוִיִּם מִבֶּן חָמֵשׁ וְעֶשְׂרִים שָׁנָה וָמַעְלָה יָבוֹא לִצְבֹא צָבָא בַּעֲבֹדַת אֹהֶל מוֹעֵֽד׃ | 24 |
২৪“লেবীয়াসকলৰ বিষয়ে এই নিয়ম - পঁচিশ বছৰ বয়সৰে পৰা লেবীয়াসকলে সাক্ষাৎ কৰা তম্বুত কাম কৰিবলৈ কৰ্মকাৰীসকলৰ শ্ৰেণীত সোমাব।
וּמִבֶּן חֲמִשִּׁים שָׁנָה יָשׁוּב מִצְּבָא הָעֲבֹדָה וְלֹא יַעֲבֹד עֽוֹד׃ | 25 |
২৫আৰু পঞ্চাশ বছৰ বয়স হ’লে, সেই কৰ্মকাৰীসকলৰ শ্ৰেণীৰ পৰা ওলাব আৰু সেই কাম বন্ধ কৰিব।
וְשֵׁרֵת אֶת־אֶחָיו בְּאֹהֶל מוֹעֵד לִשְׁמֹר מִשְׁמֶרֶת וַעֲבֹדָה לֹא יַעֲבֹד כָּכָה תַּעֲשֶׂה לַלְוִיִּם בְּמִשְׁמְרֹתָֽם׃ | 26 |
২৬তেওঁলোকে সাক্ষাৎ কৰা তম্বুত বস্তুৰ বুজ-বিচাৰ লৈ নিজৰ ভাইসকলৰ সহায় কৰোঁতা হ’ব কিন্তু সেৱাকৰ্ম আৰু নকৰিব। লেবীয়াসকলে কৰিবলগীয়া কাৰ্যৰ বিষয়ে তুমি তেওঁলোকলৈ এইদৰে কৰিবা।”