< מיכה 1 >
דְּבַר־יְהֹוָה ׀ אֲשֶׁר הָיָה אֶל־מִיכָה הַמֹּרַשְׁתִּי בִּימֵי יוֹתָם אָחָז יְחִזְקִיָּה מַלְכֵי יְהוּדָה אֲשֶׁר־חָזָה עַל־שֹׁמְרוֹן וִירֽוּשָׁלָֽ͏ִם׃ | 1 |
১যিহূদাৰ ৰজা যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ সময়ত চমৰিয়া আৰু যিৰূচালেমৰ বিষয়ে দৰ্শনত পোৱা, মোৰেষ্টিয়া মীখালৈ অহা যিহোৱাৰ বাক্য।
שִׁמְעוּ עַמִּים כֻּלָּם הַקְשִׁיבִי אֶרֶץ וּמְלֹאָהּ וִיהִי אֲדֹנָי יֱהֹוִה בָּכֶם לְעֵד אֲדֹנָי מֵהֵיכַל קׇדְשֽׁוֹ׃ | 2 |
২হে লোকসকল, সকলোৱে শুনক। হে পৃথিৱী আৰু তাত থকা সকলোৱে শুনক। প্ৰভু যিহোৱা নিজৰ পবিত্ৰ মন্দিৰৰ পৰা আপোনালোকৰ বিৰুদ্ধে সাক্ষী হওক;
כִּֽי־הִנֵּה יְהֹוָה יֹצֵא מִמְּקוֹמוֹ וְיָרַד וְדָרַךְ עַל־[בָּמֳתֵי] (במותי) אָֽרֶץ׃ | 3 |
৩চাওক, যিহোৱা নিজৰ স্থানৰ পৰা ওলাই আহিছে; তেওঁ নামি আহিব আৰু পৃথিবীত থকা মুৰ্ত্তি পূজা কৰা মন্দিৰবোৰ ধ্বংস কৰিব।
וְנָמַסּוּ הֶֽהָרִים תַּחְתָּיו וְהָעֲמָקִים יִתְבַּקָּעוּ כַּדּוֹנַג מִפְּנֵי הָאֵשׁ כְּמַיִם מֻגָּרִים בְּמוֹרָֽד׃ | 4 |
৪জুইৰ তাপত মম গলাৰ দৰে পৰ্ব্বতবোৰ তেওঁৰ আগত পমি যাব, এঢলীয়া ঠাইৰ পৰা যেনেকৈ পানী ঢালিলে তললৈ বৈ আহে তেনেকৈ তেওঁৰ আগত উপত্যকাবোৰ ভাঙি ছিন্ন ভিন্ন হৈ যাব।
בְּפֶשַׁע יַֽעֲקֹב כׇּל־זֹאת וּבְחַטֹּאות בֵּית יִשְׂרָאֵל מִֽי־פֶשַׁע יַעֲקֹב הֲלוֹא שֹֽׁמְרוֹן וּמִי בָּמוֹת יְהוּדָה הֲלוֹא יְרוּשָׁלָֽ͏ִם׃ | 5 |
৫যাকোবৰ বিদ্ৰোহ, আৰু ইস্ৰায়েল-বংশৰ পাপৰ কাৰণেই এই সকলো হ’ব; যাকোবৰ বিদ্রোহৰ কাৰণ কি আছিল? চমৰিয়া নহয়নে নে? যিহূদাৰ মন্দিৰবোৰৰ কাৰণ কি? যিৰূচালেম নহয় নে?
וְשַׂמְתִּי שֹׁמְרוֹן לְעִי הַשָּׂדֶה לְמַטָּעֵי כָרֶם וְהִגַּרְתִּי לַגַּי אֲבָנֶיהָ וִיסֹדֶיהָ אֲגַלֶּֽה׃ | 6 |
৬মই পথাৰত চমৰিয়াক দ্ৰাক্ষাবাৰীত গছ ৰোৱা ঠাইৰ দৰে, ধ্বংস স্তূপ কৰিম। মই তেওঁৰ গৃহৰ শিলবোৰ উপত্যকালৈ বগৰাই পেলাম, মই তেওঁৰ ভিত্তিমূল অনাবৃত কৰিম।
וְכׇל־פְּסִילֶיהָ יֻכַּתּוּ וְכׇל־אֶתְנַנֶּיהָ יִשָּׂרְפוּ בָאֵשׁ וְכׇל־עֲצַבֶּיהָ אָשִׂים שְׁמָמָה כִּי מֵאֶתְנַן זוֹנָה קִבָּצָה וְעַד־אֶתְנַן זוֹנָה יָשֽׁוּבוּ׃ | 7 |
৭তেওঁৰ সকলো কটা-মূৰ্ত্তিবোৰ ভাঙি ডোখৰ ডোখৰ কৰা হ’ব, আৰু তেওঁৰ সকলো উপহাৰ জুইৰে পোৰা যাব। তেওঁৰ সকলো প্ৰতিমাবোৰ মই উচ্ছন্ন কৰিম; কাৰণ তেওঁ বেশ্যাবৃত্তিৰ পৰা সেই সকলো উপহাৰৰ গোটাইছিল, আৰু বেশ্যাই পৰিশোধ কৰাৰ দৰে, তেওঁলোকে ঘূৰাই দিব।”
עַל־זֹאת אֶסְפְּדָה וְאֵילִילָה אֵילְכָה (שילל) [שׁוֹלָל] וְעָרוֹם אֶעֱשֶׂה מִסְפֵּד כַּתַּנִּים וְאֵבֶל כִּבְנוֹת יַעֲנָֽה׃ | 8 |
৮এই কাৰণে মই বিলাপ আৰু ক্রন্দন কৰি চিঞৰিম; মই খালি ভৰি আৰু বিবস্ত্র হৈ যাম; মই শিয়ালৰ দৰে চিঞৰিম, আৰু ফেঁচাৰ দৰে শোক প্রকাশ কৰিম।
כִּי אֲנוּשָׁה מַכּוֹתֶיהָ כִּי־בָאָה עַד־יְהוּדָה נָגַע עַד־שַׁעַר עַמִּי עַד־יְרוּשָׁלָֽ͏ִם׃ | 9 |
৯তেওঁৰ ঘাঁবোৰ সুস্থ হ’ব নোৱাৰাৰ কাৰণে; সেইবোৰ যিহূদালৈকে আহিল। সেই ঘাঁবোৰ যিৰূচালেমলৈ মোৰ লোকসকলৰ দুৱাৰলৈ আহি পালে।
בְּגַת אַל־תַּגִּידוּ בָּכוֹ אַל־תִּבְכּוּ בְּבֵית לְעַפְרָה עָפָר (התפלשתי) [הִתְפַּלָּֽשִׁי]׃ | 10 |
১০গাত নগৰত এই বিষয়ে নকবা, আৰু একেবাৰে নাকান্দিবা, বৈৎলি-অফ্ৰাত মই নিজকে ধূলিত বাগৰাম।
עִבְרִי לָכֶם יוֹשֶׁבֶת שָׁפִיר עֶרְיָה־בֹשֶׁת לֹא יָֽצְאָה יוֹשֶׁבֶת צַֽאֲנָן מִסְפַּד בֵּית הָאֵצֶל יִקַּח מִכֶּם עֶמְדָּתֽוֹ׃ | 11 |
১১বিবস্ত্ৰ আৰু লজ্জিত হৈ চাফীৰৰ নিবাসী সকলৰ মাজেৰে যোৱা। চাননৰ নিবাসী সকল বাহিৰলৈ ওলাই নাহিল। তেওঁলোকৰ ৰক্ষণাবেক্ষণ বঞ্চিত কৰাৰ বাবে বৈৎ-এচেলে বিলাপ কৰিলে।
כִּֽי־חָלָֽה לְטוֹב יוֹשֶׁבֶת מָרוֹת כִּֽי־יָרַד רָע מֵאֵת יְהֹוָה לְשַׁעַר יְרוּשָׁלָֽ͏ִם׃ | 12 |
১২কাৰণ মাৰোৎ নিবাসী সকলে শুভ সম্বাদৰ বাবে আগ্রহেৰে অপেক্ষা কৰি আছিল, কিন্তু যিৰূচালেমৰ দুৱাৰলৈ, যিহোৱাৰ পৰা দুৰ্যোগ নামি আহিল।
רְתֹם הַמֶּרְכָּבָה לָרֶכֶשׁ יוֹשֶׁבֶת לָכִישׁ רֵאשִׁית חַטָּאת הִיא לְבַת־צִיּוֹן כִּי־בָךְ נִמְצְאוּ פִּשְׁעֵי יִשְׂרָאֵֽל׃ | 13 |
১৩লাখীচ নিবাসী সকলৰ ঘোঁৰাৰ দলত ৰথ লগোৱা; চিয়োন জীয়াৰী বাবে লাখীচেই পাপৰ আৰম্ভণ; কিয়নো ইস্ৰায়েলৰ অধৰ্ম কাৰ্যবোৰ তোমাৰ মাজত পোৱা গল।
לָכֵן תִּתְּנִי שִׁלּוּחִים עַל מוֹרֶשֶׁת גַּת בָּתֵּי אַכְזִיב לְאַכְזָב לְמַלְכֵי יִשְׂרָאֵֽל׃ | 14 |
১৪সেয়ে আপুনি মোৰেচৎ-গতক বিদায় উপহাৰ দিব; ইস্ৰায়েলৰ ৰজাসকলক অকজীবৰ নগৰে নিৰাশ কৰিব।
עֹד הַיֹּרֵשׁ אָבִי לָךְ יוֹשֶׁבֶת מָֽרֵשָׁה עַד־עֲדֻלָּם יָבוֹא כְּבוֹד יִשְׂרָאֵֽל׃ | 15 |
১৫মাৰেচা-নিবাসী সকলক মই আপোনাৰ ওচৰলৈ আনিম, তাৰে এজনে আপোনাৰ অধিকাৰ ল’ব; ইস্ৰায়েলৰ মূখ্য লোকসকল অদুল্লমৰ গুহালৈকে যাব।
קׇרְחִי וָגֹזִּי עַל־בְּנֵי תַּעֲנוּגָיִךְ הַרְחִבִי קׇרְחָתֵךְ כַּנֶּשֶׁר כִּי גָלוּ מִמֵּֽךְ׃ | 16 |
১৬চুলি কাটক, আৰু মূৰ খুৰাওক। যি সন্তান সকলৰ কাৰণে আপুনি আনন্দ কৰে; ঈগল চৰাইৰ দৰে নিজকে টপা কৰক; কাৰণ আপোনাৰ সন্তান সকল আপোনাৰ পৰা বহিষ্কৃত হ’ব।