< ויקרא 5 >
וְנֶפֶשׁ כִּֽי־תֶחֱטָא וְשָֽׁמְעָה קוֹל אָלָה וְהוּא עֵד אוֹ רָאָה אוֹ יָדָע אִם־לוֹא יַגִּיד וְנָשָׂא עֲוֺנֽוֹ׃ | 1 |
১যদি কোনো এজন লোকে কোনো এক বিষয়ৰ কথা শুনি বা দেখি, সেই বিষয়ে সাক্ষ্য দিব পৰা হৈয়ো তাক প্ৰকাশ নকৰি পাপ কৰে, তেন্তে তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব।
אוֹ נֶפֶשׁ אֲשֶׁר תִּגַּע בְּכׇל־דָּבָר טָמֵא אוֹ בְנִבְלַת חַיָּה טְמֵאָה אוֹ בְּנִבְלַת בְּהֵמָה טְמֵאָה אוֹ בְּנִבְלַת שֶׁרֶץ טָמֵא וְנֶעְלַם מִמֶּנּוּ וְהוּא טָמֵא וְאָשֵֽׁם׃ | 2 |
২অথবা কোনো অশুচি বনৰীয়া জন্তুৰ শৱ বা অশুচি ঘৰচীয়া পশুৰ শৱ আৰু অশুচি উৰগ আদি জন্তুৰেই হওঁক, যিটোক ঈশ্বৰে অশুচি কৰিলে, তাক যদি কোনোবাই কোনো অশুচি বস্তু বুলি নজনাকৈ স্পৰ্শ কৰি আনুষ্ঠানিকভাবে অশুচি হয়, তেন্তে তেওঁ দোষী হ’ব।
אוֹ כִי יִגַּע בְּטֻמְאַת אָדָם לְכֹל טֻמְאָתוֹ אֲשֶׁר יִטְמָא בָּהּ וְנֶעְלַם מִמֶּנּוּ וְהוּא יָדַע וְאָשֵֽׁם׃ | 3 |
৩বা মানুহৰ যিকোনো ধৰণৰ অশৌচ হওঁক, তাক যদি কোনোৱে নজনাকৈ স্পৰ্শ কৰে, তেন্তে তেওঁ সেই বিষয়ে জানিলে দোষী হ’ব।
אוֹ נֶפֶשׁ כִּי תִשָּׁבַע לְבַטֵּא בִשְׂפָתַיִם לְהָרַע ׀ אוֹ לְהֵיטִיב לְכֹל אֲשֶׁר יְבַטֵּא הָאָדָם בִּשְׁבֻעָה וְנֶעְלַם מִמֶּנּוּ וְהוּא־יָדַע וְאָשֵׁם לְאַחַת מֵאֵֽלֶּה׃ | 4 |
৪বা মানুহে অবিবেচনাৰে যি যি বিষয় শপত লয়, সেই সেই বিষয়ে ভাল কাৰ্যই হওঁক বা বেয়া কাৰ্যই হওঁক, কৰিম বুলি যদি কোনোৱে নিজ ওঁঠেৰে অবিবেচনাৰে, আগলৈ কি হব তাক নজনাকৈ শপত খায়, তেন্তে তেওঁ তাক জানিলে, সেই সেই বিষয়ত তেওঁ দোষী হব।
וְהָיָה כִֽי־יֶאְשַׁם לְאַחַת מֵאֵלֶּה וְהִתְוַדָּה אֲשֶׁר חָטָא עָלֶֽיהָ׃ | 5 |
৫আৰু সেই বিষয়বোৰৰ কোনো বিষয়ত যেতিয়া কোনোজন দোষী হয়, তেতিয়া তেওঁ নিজ পাপ অৱশ্যে স্বীকাৰ কৰিব লাগিব।
וְהֵבִיא אֶת־אֲשָׁמוֹ לַיהֹוָה עַל חַטָּאתוֹ אֲשֶׁר חָטָא נְקֵבָה מִן־הַצֹּאן כִּשְׂבָּה אֽוֹ־שְׂעִירַת עִזִּים לְחַטָּאת וְכִפֶּר עָלָיו הַכֹּהֵן מֵחַטָּאתֽוֹ׃ | 6 |
৬তেওঁ নিজে কৰা পাপৰ দণ্ডস্বৰূপে পাপাৰ্থক বলিদানৰ বাবে, জাকৰ পৰা এজনী চেঁউৰী মেৰ-ছাগ বা চেঁউৰী ছাগলী যিহোৱাৰ উদ্দেশ্যে আনিব; আৰু পুৰোহিতে তেওঁৰ পাপৰ কাৰণে তেওঁক প্ৰায়শ্চিত্ত কৰিব।
וְאִם־לֹא תַגִּיעַ יָדוֹ דֵּי שֶׂה וְהֵבִיא אֶת־אֲשָׁמוֹ אֲשֶׁר חָטָא שְׁתֵּי תֹרִים אֽוֹ־שְׁנֵי בְנֵֽי־יוֹנָה לַֽיהֹוָה אֶחָד לְחַטָּאת וְאֶחָד לְעֹלָֽה׃ | 7 |
৭যদি তেওঁ মেৰ বা ছাগলী আনিবলৈ অসমৰ্থ হয়, তেন্তে তেওঁ কৰা নিজৰ পাপৰ দণ্ডস্বৰূপে যিহোৱাৰ উদ্দেশ্যে দুটা কপৌ বা দুটা পাৰ পোৱালি আনিব, তাৰে এটা পাপাৰ্থক বলিৰ বাবে আৰু আনটো হোম-বলিৰ বাবে হ’ব।
וְהֵבִיא אֹתָם אֶל־הַכֹּהֵן וְהִקְרִיב אֶת־אֲשֶׁר לַחַטָּאת רִאשׁוֹנָה וּמָלַק אֶת־רֹאשׁוֹ מִמּוּל עׇרְפּוֹ וְלֹא יַבְדִּֽיל׃ | 8 |
৮তেওঁ সেই দুটাক পুৰোহিতৰ ওচৰলৈ আনিব; আৰু পুৰোহিতে আগেয়ে পাপাৰ্থক বলি উৎসৰ্গ কৰিবলৈ তাৰ মুৰৰ ওচৰত ডিঙি মুচৰিব, কিন্তু মূৰটো সম্পূৰ্ণকৈ নেৰুৱাব।
וְהִזָּה מִדַּם הַחַטָּאת עַל־קִיר הַמִּזְבֵּחַ וְהַנִּשְׁאָר בַּדָּם יִמָּצֵה אֶל־יְסוֹד הַמִּזְבֵּחַ חַטָּאת הֽוּא׃ | 9 |
৯তাৰ পাছত পাপাৰ্থক বলিৰ অলপ তেজ বেদীৰ গাত ছটিয়াব আৰু অৱশিষ্ট তেজখিনি বেদীৰ মুলত বাকি দিব লাগিব; এয়ে পাপাৰ্থক বলি।
וְאֶת־הַשֵּׁנִי יַעֲשֶׂה עֹלָה כַּמִּשְׁפָּט וְכִפֶּר עָלָיו הַכֹּהֵן מֵחַטָּאתוֹ אֲשֶׁר־חָטָא וְנִסְלַח לֽוֹ׃ | 10 |
১০তেতিয়া তেওঁ প্ৰথমতে দিয়া বিধিমতে দ্বিতীয়টো হোমৰ অৰ্থে উৎসৰ্গ কৰিব। এইদৰে পুৰোহিতে, তেওঁ কৰা পাপৰ কাৰণে তেওঁক প্ৰায়চিত্ত কৰিব; আৰু তেওঁৰ পাপ ক্ষমা হ’ব।
וְאִם־לֹא תַשִּׂיג יָדוֹ לִשְׁתֵּי תֹרִים אוֹ לִשְׁנֵי בְנֵי־יוֹנָה וְהֵבִיא אֶת־קׇרְבָּנוֹ אֲשֶׁר חָטָא עֲשִׂירִת הָאֵפָה סֹלֶת לְחַטָּאת לֹא־יָשִׂים עָלֶיהָ שֶׁמֶן וְלֹא־יִתֵּן עָלֶיהָ לְבֹנָה כִּי חַטָּאת הִֽוא׃ | 11 |
১১কিন্তু তেওঁ যদি দুটা কপৌ বা দুটা পাৰ পোৱালি আনিবলৈ অসমৰ্থ হয়, তেন্তে তেওঁ নিজে কৰা পাপ কৰ্মৰ বাবে, নিজ উপহাৰ স্বৰূপে ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি, পাপাৰ্থক নৈবেদ্যস্বৰূপে আনিব; তাৰ ওপৰত তেল নিদিব, কিয়নো সেয়ে পাপাৰ্থক নৈবেদ্য।
וֶהֱבִיאָהּ אֶל־הַכֹּהֵן וְקָמַץ הַכֹּהֵן ׀ מִמֶּנָּה מְלוֹא קֻמְצוֹ אֶת־אַזְכָּרָתָהּ וְהִקְטִיר הַמִּזְבֵּחָה עַל אִשֵּׁי יְהֹוָה חַטָּאת הִֽוא׃ | 12 |
১২তেওঁ ইয়াক নিশ্চয়ে পুৰোহিতৰ ওচৰলৈ আনিব আৰু পুৰোহিতে তেওঁৰ স্মৰণাৰ্থক নৈবেদ্য হিচাবে তেওঁৰ বুলি তেওঁৰ পৰা এমুঠি লৈ যিহোৱাৰ অগ্নিকৃত উপহাৰৰ বিধিমতে তাক বেদীত দগ্ধ কৰিব; সেয়ে পাপাৰ্থক নৈবেদ্য।
וְכִפֶּר עָלָיו הַכֹּהֵן עַל־חַטָּאתוֹ אֲשֶׁר־חָטָא מֵֽאַחַת מֵאֵלֶּה וְנִסְלַח לוֹ וְהָיְתָה לַכֹּהֵן כַּמִּנְחָֽה׃ | 13 |
১৩এইদৰে, পুৰোহিতে সেইবোৰ ভিতৰৰ কোনো এটা বিষয়ত, তেওঁ কৰা পাপৰ কাৰণে তাক প্ৰায়চিত্ত কৰিব; তেতিয়া তেওঁৰ পাপ ক্ষমা হ’ব; আৰু অৱশিষ্ট ভাগ ভক্ষ্য নৈবেদ্যৰ দৰে পুৰোহিতৰ হ’ব।
וַיְדַבֵּר יְהֹוָה אֶל־מֹשֶׁה לֵּאמֹֽר׃ | 14 |
১৪তেতিয়া যিহোৱাই মোচিক ক’লে,
נֶפֶשׁ כִּֽי־תִמְעֹל מַעַל וְחָֽטְאָה בִּשְׁגָגָה מִקׇּדְשֵׁי יְהֹוָה וְהֵבִיא אֶת־אֲשָׁמוֹ לַֽיהֹוָה אַיִל תָּמִים מִן־הַצֹּאן בְּעֶרְכְּךָ כֶּֽסֶף־שְׁקָלִים בְּשֶֽׁקֶל־הַקֹּדֶשׁ לְאָשָֽׁם׃ | 15 |
১৫“যদি কোনোৱে যিহোৱাৰ পবিত্ৰ বস্তুৰ কোনো এটা বস্তু ৰাখি, আজ্ঞা লংঘন কৰি নজনাকৈ পাপ কৰে, তেন্তে তেওঁ জাকৰ পৰা, পবিত্ৰ-স্থানৰ চেকল অনুসাৰে যিহোৱাই নিৰূপণ কৰাৰ দৰে, অতি কমেও দুই চেকল দামৰ এটা নিৰ্ঘূণী মতা মেৰ দোষাৰ্থক বলি স্বৰূপে যিহোৱাৰ উদ্দেশ্যে আনিব লাগিব।
וְאֵת אֲשֶׁר חָטָא מִן־הַקֹּדֶשׁ יְשַׁלֵּם וְאֶת־חֲמִֽישִׁתוֹ יוֹסֵף עָלָיו וְנָתַן אֹתוֹ לַכֹּהֵן וְהַכֹּהֵן יְכַפֵּר עָלָיו בְּאֵיל הָאָשָׁם וְנִסְלַח לֽוֹ׃ | 16 |
১৬তেওঁ যি যি পবিত্ৰ বস্তু ৰাখি তেওঁ পাপ কৰিলে, যিহোৱাক সন্তুষ্ট কৰিবলৈ ক্ষতি পুৰণ কৰিব লাগিব আৰু তাৰ লগত পাঁচভাগৰ এভাগ পুৰোহিতক বেছিকৈ দিব লাগিব; পাছত পুৰোহিতে সেই দোষাৰ্থক মেৰটো বলি দিয়াৰ দ্বাৰাই তেওঁক প্ৰায়চিত্ত কৰিব, তেতিয়া তেওঁৰ পাপ ক্ষমা হ’ব।
וְאִם־נֶפֶשׁ כִּי תֶֽחֱטָא וְעָֽשְׂתָה אַחַת מִכׇּל־מִצְוֺת יְהֹוָה אֲשֶׁר לֹא תֵעָשֶׂינָה וְלֹֽא־יָדַע וְאָשֵׁם וְנָשָׂא עֲוֺנֽוֹ׃ | 17 |
১৭আৰু কোনোৱে যদি যিহোৱাই নিষেধ কৰা কোনো কৰ্ম কৰি পাপ কৰে, তেন্তে তেওঁ তাক নাজানিলেও দোষী হ’ব; আৰু নিজ অপৰাধৰ ফল ভোগ কৰিব।
וְהֵבִיא אַיִל תָּמִים מִן־הַצֹּאן בְּעֶרְכְּךָ לְאָשָׁם אֶל־הַכֹּהֵן וְכִפֶּר עָלָיו הַכֹּהֵן עַל שִׁגְגָתוֹ אֲשֶׁר־שָׁגָג וְהוּא לֹֽא־יָדַע וְנִסְלַח לֽוֹ׃ | 18 |
১৮তেওঁ দোষাৰ্থক বলি দানৰ বাবে, জাকৰ পৰা তোমাৰ নিৰূপিত মূল্য এটা নিৰ্ঘূণী মতা মেৰ পুৰোহিতৰ ওচৰলৈ আনিব আৰু পুৰোহিতে, তেওঁ নাজানি কৰা দোষৰ বাবে তেওঁক প্ৰায়চিত্ত কৰিব, তেতিয়া তেওঁৰ পাপৰ ক্ষমা হ’ব।
אָשָׁם הוּא אָשֹׁם אָשַׁם לַיהֹוָֽה׃ | 19 |
১৯এয়ে হৈছে দোষাৰ্থক বলি; তেওঁ অৱশ্যে যিহোৱাৰ সাক্ষাতে দোষী।”