< ירמיה 35 >

הַדָּבָר אֲשֶׁר־הָיָה אֶֽל־יִרְמְיָהוּ מֵאֵת יְהֹוָה בִּימֵי יְהוֹיָקִים בֶּן־יֹאשִׁיָּהוּ מֶלֶךְ יְהוּדָה לֵאמֹֽר׃ 1
যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ সময়ত যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ এই বাক্য আহিল, বোলে,
הָלוֹךְ אֶל־בֵּית הָרֵכָבִים וְדִבַּרְתָּ אוֹתָם וַהֲבִֽאוֹתָם בֵּית יְהֹוָה אֶל־אַחַת הַלְּשָׁכוֹת וְהִשְׁקִיתָ אוֹתָם יָֽיִן׃ 2
“তুমি ৰেখব-বংশীয় লোকসকলৰ ওচৰলৈ যোৱা, আৰু তেওঁলোকৰ লগত কথা বতৰা কৰা। তাৰ পাছত তেওঁলোকক যিহোৱাৰ গৃহৰ কোনো এটা কোঁঠালিলৈ আনি, পান কৰিবলৈ দ্ৰাক্ষাৰস দিয়া।”
וָאֶקַּח אֶת־יַאֲזַנְיָה בֶֽן־יִרְמְיָהוּ בֶּן־חֲבַצִּנְיָה וְאֶת־אֶחָיו וְאֶת־כׇּל־בָּנָיו וְאֵת כׇּל־בֵּית הָרֵכָבִֽים׃ 3
তেতিয়া মই হবচিনিয়াৰ নাতিয়েক যিৰিমিয়াৰ পুত্ৰ যাজনিয়া, তেওঁৰ ককায়েক-ভায়েকসকলক, তেওঁৰ পুত্রসকলক আৰু ৰেখবীয়াৰ গোটেই বংশক লগত লৈ গ’লো।
וָאָבִא אֹתָם בֵּית יְהֹוָה אֶל־לִשְׁכַּת בְּנֵי חָנָן בֶּן־יִגְדַּלְיָהוּ אִישׁ הָאֱלֹהִים אֲשֶׁר־אֵצֶל לִשְׁכַּת הַשָּׂרִים אֲשֶׁר מִמַּעַל לְלִשְׁכַּת מַעֲשֵׂיָהוּ בֶן־שַׁלֻּם שֹׁמֵר הַסַּֽף׃ 4
মই তেওঁলোকক যিহোৱাৰ গৃহলৈ, ঈশ্বৰৰ লোক যিগ্দলিয়াৰ পুত্ৰ হাননৰ পুত্রসকলৰ কোঁঠালিলৈ নিলোঁ। সেই কোঁঠালি চল্লুমৰ পুত্ৰ মাচেয়া নামেৰে দুৱৰীৰ কোঁঠালিৰ ওপৰত প্ৰধান লোকসকলৰ কোঁঠালিৰ কাষত আছিল।
וָאֶתֵּן לִפְנֵי ׀ בְּנֵי בֵית־הָרֵכָבִים גְּבִעִים מְלֵאִים יַיִן וְכֹסוֹת וָאֹמַר אֲלֵיהֶם שְׁתוּ־יָֽיִן׃ 5
তাৰ পাছত মই ৰেখব-বংশৰ লোকসকলৰ সন্মুখত দ্ৰাক্ষাৰসেৰে ভৰা কলহ আৰু বাতি আগত ৰাখি তেওঁলোকক ক’লোঁ, “তোমালোকে কিছু দ্ৰাক্ষাৰস পান কৰা।”
וַיֹּאמְרוּ לֹא נִשְׁתֶּה־יָּיִן כִּי יוֹנָדָב בֶּן־רֵכָב אָבִינוּ צִוָּה עָלֵינוּ לֵאמֹר לֹא תִשְׁתּוּ־יַיִן אַתֶּם וּבְנֵיכֶם עַד־עוֹלָֽם׃ 6
কিন্তু তেওঁলোকে ক’লে, “আমি একো দ্ৰাক্ষাৰস পান নকৰোঁ, কিয়নো আমাৰ পূৰ্বপুৰুষ ৰেখবৰ পুত্ৰ যোনাদবে আমাক এই আজ্ঞা দিছিল, ‘তোমালোকে আৰু তোমালোকৰ সন্তান সকলে কোনেও চিৰকালৈকে দ্ৰাক্ষাৰস পান নকৰিবা।
וּבַיִת לֹֽא־תִבְנוּ וְזֶרַע לֹֽא־תִזְרָעוּ וְכֶרֶם לֹֽא־תִטָּעוּ וְלֹא יִהְיֶה לָכֶם כִּי בׇּאֳהָלִים תֵּֽשְׁבוּ כׇּל־יְמֵיכֶם לְמַעַן תִּֽחְיוּ יָמִים רַבִּים עַל־פְּנֵי הָאֲדָמָה אֲשֶׁר אַתֶּם גָּרִים שָֽׁם׃ 7
আৰু কোনো ঘৰ নাসাজিবা, গুটি নিসিচিবা, দ্ৰাক্ষাবাৰী নাপাতিবা আৰু এইবোৰৰ একোৰো অধিকাৰি নহ’বা; কিয়নো তোমালোকে প্ৰবাস কৰা দেশত বহু দিন থাকিবৰ কাৰণে, তোমালোকৰ সকলো কালত তম্বুত বাস কৰিবা।’
וַנִּשְׁמַע בְּקוֹל יְהוֹנָדָב בֶּן־רֵכָב אָבִינוּ לְכֹל אֲשֶׁר צִוָּנוּ לְבִלְתִּי שְׁתֽוֹת־יַיִן כׇּל־יָמֵינוּ אֲנַחְנוּ נָשֵׁינוּ בָּנֵינוּ וּבְנֹתֵֽינוּ׃ 8
আমি আমাৰ পত্নী, লৰা আৰু ছোৱালী সকলোৱে আমাৰ গোটেই জীৱনৰ কালত দ্ৰাক্ষাৰস পান নকৰিবলৈ, আৰু আমাৰ পুৰ্ব্ব–পুৰুষ ৰেখবৰ পুত্ৰ যোনাদবে দিয়া সকলো আজ্ঞাবোৰ পালন কৰিছোঁ।
וּלְבִלְתִּי בְּנוֹת בָּתִּים לְשִׁבְתֵּנוּ וְכֶרֶם וְשָׂדֶה וָזֶרַע לֹא יִֽהְיֶה־לָּֽנוּ׃ 9
আমি নিবাসৰ অৰ্থে ঘৰ কেতিয়াও নাসাজিম, আৰু আমাৰ দ্ৰাক্ষাবাৰী, শস্যক্ষেত্ৰ আৰু কঠীয়াত আমাৰ কোনো অধিকাৰ নাই।
וַנֵּשֶׁב בׇּאֳהָלִים וַנִּשְׁמַע וַנַּעַשׂ כְּכֹל אֲשֶׁר־צִוָּנוּ יוֹנָדָב אָבִֽינוּ׃ 10
১০কিন্তু আমি তম্বুত থাকি, আমাৰ পূৰ্বপুৰুষ যোনাদবে দিয়া আজ্ঞা মানি, সেই অনুসাৰে সকলো কাম কৰি আহিছোঁ।
וַיְהִי בַּעֲלוֹת נְבוּכַדְרֶאצַּר מֶֽלֶךְ־בָּבֶל אֶל־הָאָרֶץ וַנֹּאמֶר בֹּאוּ וְנָבוֹא יְרוּשָׁלַ͏ִם מִפְּנֵי חֵיל הַכַּשְׂדִּים וּמִפְּנֵי חֵיל אֲרָם וַנֵּשֶׁב בִּירוּשָׁלָֽ͏ִם׃ 11
১১কিন্তু যেতিয়া বাবিলৰ ৰজা নবূখদনেচৰ এই দেশ আক্রমণ কৰিছিল, তেতিয়া আমি ক’লোঁ, ‘আহাঁ, আমি কলদীয়া আৰু অৰামীয়াসকলৰ সৈন্যসামন্তৰ পৰা হাৰি যিৰূচালেমলৈ যাওহঁক।’ এই কাৰণে আমি যিৰূচালেমত বাস কৰিছোঁ।”
וַֽיְהִי דְּבַר־יְהֹוָה אֶֽל־יִרְמְיָהוּ לֵאמֹֽר׃ 12
১২পাছত যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
כֹּה־אָמַר יְהֹוָה צְבָאוֹת אֱלֹהֵי יִשְׂרָאֵל הָלֹךְ וְאָֽמַרְתָּ לְאִישׁ יְהוּדָה וּלְיוֹשְׁבֵי יְרוּשָׁלָ͏ִם הֲלוֹא תִקְחוּ מוּסָר לִשְׁמֹעַ אֶל־דְּבָרַי נְאֻם־יְהֹוָֽה׃ 13
১৩“বাহিনীসকলৰ যিহোৱাই, ইস্ৰায়েলৰ ঈশ্বৰে এই কথা কৈছে: তুমি গৈ যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলক কোৱা, যিহোৱাই কৈছে, ‘তোমালোকে মোৰ বাক্যলৈ কাণ দিবলৈ উপদেশ গ্ৰহণ নকৰিবা নে?’
הוּקַם אֶת־דִּבְרֵי יְהוֹנָדָב בֶּן־רֵכָב אֲשֶׁר־צִוָּה אֶת־בָּנָיו לְבִלְתִּי שְׁתֽוֹת־יַיִן וְלֹא שָׁתוּ עַד־הַיּוֹם הַזֶּה כִּי שָֽׁמְעוּ אֵת מִצְוַת אֲבִיהֶם וְאָנֹכִי דִּבַּרְתִּי אֲלֵיכֶם הַשְׁכֵּם וְדַבֵּר וְלֹא שְׁמַעְתֶּם אֵלָֽי׃ 14
১৪ৰেখবৰ পুত্ৰ যোনাদবে দ্ৰাক্ষাৰস পান নকৰিবলৈ তেওঁৰ সন্তান সকলক যি বাক্যৰে আজ্ঞা কৰিছিল, তেওঁৰ সেই বাক্য আজিলৈকে সিদ্ধ আছে। তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষৰ আজ্ঞা মানে; কিন্তু মই অতি প্ৰভাতে উঠি তোমালোকক কৈ আছোঁ, তথাপি তোমালোকে মোৰ বাক্য নামানা।
וָאֶשְׁלַח אֲלֵיכֶם אֶת־כׇּל־עֲבָדַי הַנְּבִאִים ׀ הַשְׁכֵּם וְשָׁלֹחַ ׀ לֵאמֹר שֻֽׁבוּ־נָא אִישׁ מִדַּרְכּוֹ הָרָעָה וְהֵיטִיבוּ מַעַלְלֵיכֶם וְאַל־תֵּלְכוּ אַחֲרֵי אֱלֹהִים אֲחֵרִים לְעׇבְדָם וּשְׁבוּ אֶל־הָאֲדָמָה אֲשֶׁר־נָתַתִּי לָכֶם וְלַאֲבֹֽתֵיכֶם וְלֹא הִטִּיתֶם אֶֽת־אׇזְנְכֶם וְלֹא שְׁמַעְתֶּם אֵלָֽי׃ 15
১৫মই মোৰ সকলো দাস, ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াইছিলোঁ আৰু প্ৰভাতে উঠি তেওঁলোকক পঠিয়াই তোমালোকক কোৱাইছিলোঁ, “তোমালোকে এতিয়া নিজ নিজ কু-পথৰ পৰা ঘূৰি নিজ নিজ আচাৰ-ব্যৱহাৰ শুদ্ধ কৰা। আন আন দেৱতাবোৰক সেৱাপূজা কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যাওঁতা নহ’বা। তাৰ পৰিবৰ্ত্তে মই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশলৈ তোমালোকে ঘূৰি আহা। তথাপিও তোমালোকে মোৰ কথালৈ কাণ দিয়া নাই আৰু মোৰ বাক্যলৈ মনকো দিয়া নাই।”
כִּי הֵקִימוּ בְּנֵי יְהוֹנָדָב בֶּן־רֵכָב אֶת־מִצְוַת אֲבִיהֶם אֲשֶׁר צִוָּם וְהָעָם הַזֶּה לֹא שָׁמְעוּ אֵלָֽי׃ 16
১৬ৰেখবৰ পুত্ৰ যোনাদবৰ সন্তান সকলে তেওঁলোকক দিয়া তেওঁলোকৰ পুৰ্ব্ব–পুৰুষৰ আজ্ঞা পালন কৰি আহিছে, কিন্তু এই জাতিৰ লোকসকলে মোৰ কথালৈ কাণ দিবলৈ অস্ৱীকাৰ কৰিছে।’
לָכֵן כֹּֽה־אָמַר יְהֹוָה אֱלֹהֵי צְבָאוֹת אֱלֹהֵי יִשְׂרָאֵל הִנְנִי מֵבִיא אֶל־יְהוּדָה וְאֶל כׇּל־יֽוֹשְׁבֵי יְרוּשָׁלַ͏ִם אֵת כׇּל־הָרָעָה אֲשֶׁר דִּבַּרְתִּי עֲלֵיהֶם יַעַן דִּבַּרְתִּי אֲלֵיהֶם וְלֹא שָׁמֵעוּ וָאֶקְרָא לָהֶם וְלֹא עָנֽוּ׃ 17
১৭এই কাৰণে বাহিনীসকলৰ ঈশ্বৰ আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই, এই কথা কৈছে: ‘চোৱা, যিহূদা আৰু যিৰূচালেম-নিবাসীসকলৰ অহিতে মই কোৱা সকলো অমঙ্গলৰ কথা তেওঁলোকলৈ ঘটাম, কিয়নো মই তেওঁলোকক যি ঘোষণা কৰিছিলোঁ, সেই বিষয়ে তেওঁলোকে নুশুনিলে। মই তেওঁলোকক মাতিলো কিন্তু তেওঁলোকে উত্তৰ নিদিলে’।”
וּלְבֵית הָרֵכָבִים אָמַר יִרְמְיָהוּ כֹּֽה־אָמַר יְהֹוָה צְבָאוֹת אֱלֹהֵי יִשְׂרָאֵל יַעַן אֲשֶׁר שְׁמַעְתֶּם עַל־מִצְוַת יְהוֹנָדָב אֲבִיכֶם וַֽתִּשְׁמְרוּ אֶת־כׇּל־מִצְוֺתָיו וַֽתַּעֲשׂוּ כְּכֹל אֲשֶׁר־צִוָּה אֶתְכֶֽם׃ 18
১৮যিৰিমিয়াই ৰেখবীয়া বংশক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে তোমালোকৰ পূৰ্বপুৰুষ যোনাদবৰ আজ্ঞালৈ মনোযোগ কৰি তেওঁৰ সকলো আদেশ পালন কৰিছা, আৰু তেওঁ তোমালোকক দিয়া আটাই আজ্ঞা অনুসাৰে কাৰ্য কৰিছা;
לָכֵן כֹּה אָמַר יְהֹוָה צְבָאוֹת אֱלֹהֵי יִשְׂרָאֵל לֹא־יִכָּרֵת אִישׁ לְיוֹנָדָב בֶּן־רֵכָב עֹמֵד לְפָנַי כׇּל־הַיָּמִֽים׃ 19
১৯এই কাৰণে বাহিনীসকলৰ যিহোৱা আৰু ইস্ৰায়েলৰ ঈশ্বৰে এই কথা কৈছে: মোক সেৱা কৰিবৰ কাৰণে ৰেখবৰ পুত্ৰ যোনাদবৰ বংশৰ পৰা কেতিয়াও কোনো এজন লোকৰ অভাৱ নহ’ব’।”

< ירמיה 35 >