< ירמיה 15 >
וַיֹּאמֶר יְהֹוָה אֵלַי אִם־יַעֲמֹד מֹשֶׁה וּשְׁמוּאֵל לְפָנַי אֵין נַפְשִׁי אֶל־הָעָם הַזֶּה שַׁלַּח מֵעַל־פָּנַי וְיֵצֵֽאוּ׃ | 1 |
১তেতিয়া যিহোৱাই মোক ক’লে, “যদিও মোচি আৰু চমূৱেল মোৰ আগত থিয় হয়, তথাপি মোৰ মন এই জাতিলৈ সদয় নহ’ব; তুমি মোৰ আগৰ পৰা তেওঁলোকক বিদায় কৰা, তেওঁলোক ওলাই গুচি যাওঁক।
וְהָיָה כִּי־יֹאמְרוּ אֵלֶיךָ אָנָה נֵצֵא וְאָמַרְתָּ אֲלֵיהֶם כֹּה־אָמַר יְהֹוָה אֲשֶׁר לַמָּוֶת לַמָּוֶת וַאֲשֶׁר לַחֶרֶב לַחֶרֶב וַאֲשֶׁר לָרָעָב לָרָעָב וַאֲשֶׁר לַשְּׁבִי לַשֶּֽׁבִי׃ | 2 |
২আৰু আমি ক’লৈ ওলাই যাম বুলি যেতিয়া তেওঁলোকে ক’ব, তেতিয়া তুমি তেওঁলোকক ক’বা, যিহোৱাই এই কথা কৈছে: মৃত্যুলৈ নিৰূপিত লোক মৃত্যুলৈ; তৰোৱাললৈ নিৰূপিত লোক তৰোৱাললৈ। আকাললৈ নিৰূপিত লোক আকাললৈ, বন্দী-অৱস্থালৈ নিৰূপিত লোক বন্দী-অৱস্থালৈ ওলাই যাওঁক।’
וּפָקַדְתִּי עֲלֵיהֶם אַרְבַּע מִשְׁפָּחוֹת נְאֻם־יְהֹוָה אֶת־הַחֶרֶב לַהֲרֹג וְאֶת־הַכְּלָבִים לִסְחֹב וְאֶת־עוֹף הַשָּׁמַיִם וְאֶת־בֶּהֱמַת הָאָרֶץ לֶאֱכֹל וּלְהַשְׁחִֽית׃ | 3 |
৩আৰু যিহোৱাই কৈছে, মই তেওঁলোকক বধ কৰিবলৈ তৰোৱাল, ছিৰিবলৈ কুকুৰ, খাবলৈ আৰু বিনষ্ট কৰিবলৈ আকাশৰ পক্ষী আৰু পৃথিৱীৰ জন্তু, এই চাৰি বিধক মই তেওঁলোকৰ ওপৰত নিযুক্ত কৰিম।
וּנְתַתִּים (לזועה) [לְזַעֲוָה] לְכֹל מַמְלְכוֹת הָאָרֶץ בִּגְלַל מְנַשֶּׁה בֶן־יְחִזְקִיָּהוּ מֶלֶךְ יְהוּדָה עַל אֲשֶׁר־עָשָׂה בִּירוּשָׁלָֽ͏ִם׃ | 4 |
৪আৰু হিষ্কিয়াৰ পুত্ৰ যিহূদাৰ ৰজা মনচিয়ে যিৰূচালেমত কৰা কাৰ্যৰ কাৰণে, পৃথিৱীৰ আটাই ৰাজ্যৰ মাজত মই তেওঁলোকক ত্ৰাসৰ বিষয় কৰিম।
כִּי מִֽי־יַחְמֹל עָלַיִךְ יְרוּשָׁלַ͏ִם וּמִי יָנוּד לָךְ וּמִי יָסוּר לִשְׁאֹל לְשָׁלֹם לָֽךְ׃ | 5 |
৫কিয়নো হে যিৰূচালেম, কোনে তোমাক দয়া কৰিব, আৰু তোমাৰ বাবে বিলাপ কৰিব? বা তোমাৰ মঙ্গল সুধিবলৈ কোনে এফলীয়া হৈ যাব?
אַתְּ נָטַשְׁתְּ אֹתִי נְאֻם־יְהֹוָה אָחוֹר תֵּלֵכִי וָאַט אֶת־יָדִי עָלַיִךְ וָֽאַשְׁחִיתֵךְ נִלְאֵיתִי הִנָּחֵֽם׃ | 6 |
৬যিহোৱাই কৈছে, তুমি মোক ত্যাগ কৰিলা, তুমি পাছ হুঁহকি গ’লা। এই কাৰণে মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক নষ্ট কৰিলোঁ; মই ক্ষমা কৰি কৰি আমনি পাইছোঁ।
וָאֶזְרֵם בְּמִזְרֶה בְּשַׁעֲרֵי הָאָרֶץ שִׁכַּלְתִּי אִבַּדְתִּי אֶת־עַמִּי מִדַּרְכֵיהֶם לוֹא־שָֽׁבוּ׃ | 7 |
৭মই তেওঁলোকক দেশৰ দুৱাৰবোৰত কুলাৰে জাৰিলোঁ। তেওঁলোকক সন্তানহীন কৰিলোঁ। মোৰ জাতিক বিনষ্ট কৰিলোঁ; তেওঁলোক নিজৰ পথৰ পৰা নুলটিল।
עָֽצְמוּ־לִי אַלְמְנוֹתָו מֵחוֹל יַמִּים הֵבֵאתִי לָהֶם עַל־אֵם בָּחוּר שֹׁדֵד בַּֽצׇּהֳרָיִם הִפַּלְתִּי עָלֶיהָ פִּתְאֹם עִיר וּבֶהָלֽוֹת׃ | 8 |
৮মোৰ আগত তেওঁলোকৰ বিধৱাসকল সমুদ্ৰৰ বালিত্কৈয়ো অধিক হৈছে; মই তেওঁলোকৰ মাজৰ ডেকাসকলৰ মাকৰ বিৰুদ্ধে দুপৰবেলাত এজন সংহাৰক আনিলোঁ, তাইলৈ অকস্মাতে দুখ আৰু ত্ৰাস উপস্থিত কৰিলোঁ।
אֻמְלְלָה יֹלֶדֶת הַשִּׁבְעָה נָפְחָה נַפְשָׁהּ (באה) [בָּא] שִׁמְשָׁהּ בְּעֹד יוֹמָם בּוֹשָׁה וְחָפֵרָה וּשְׁאֵרִיתָם לַחֶרֶב אֶתֵּן לִפְנֵי אֹיְבֵיהֶם נְאֻם־יְהֹוָֽה׃ | 9 |
৯সাত পুত্ৰ প্ৰসৱ কৰা মাতৃয়ে ক্ষীণাই প্ৰাণত্যাগ কৰিলে। দিন থাকোঁতেই তাইৰ বেলি মাৰ গ’ল। তাই লাজ পাই বিবৰ্ণ হ’ল, মই তেওঁলোকৰ অৱশিষ্ট ভাগক শত্ৰূ আগত তৰোৱালত সমৰ্পণ কৰিম এইয়েই যিহোৱাৰ ঘোষণা।
אֽוֹי־לִי אִמִּי כִּי יְלִדְתִּנִי אִישׁ רִיב וְאִישׁ מָדוֹן לְכׇל־הָאָרֶץ לֹֽא־נָשִׁיתִי וְלֹא־נָֽשׁוּ־בִי כֻּלֹּה מְקַֽלְלַֽוְנִי׃ | 10 |
১০হায় হায়, হে মোৰ মাতৃ! সমস্ত পৃথিৱীত বিবাদ আৰু কন্দল কৰাকৈ তুমি মোক প্ৰসৱ কৰিলা। মই কাকো সুতলৈ ধাৰ দিয়া নাই, বা মোকো কোনেও সুতলৈ ধাৰ দিয়া নাই; তথাপি সকলোৱে মোক শাও দিয়ে।
אָמַר יְהֹוָה אִם־לֹא (שרותך) [שֵׁרִיתִיךָ] לְטוֹב אִם־לוֹא ׀ הִפְגַּעְתִּֽי בְךָ בְּעֵת רָעָה וּבְעֵת צָרָה אֶת־הָאֹיֵֽב׃ | 11 |
১১যিহোৱাই ক’লে: “মই নিশ্চয়ে তোমাক মঙ্গলৰ কাৰণে সবল নকৰিম নে? নিশ্চয়ে সঙ্কটৰ কালত আৰু দুৰ্দ্দশাৰ সময়ত মই শত্ৰূ তোমাৰ আগত নিবেদন কৰাম।
הֲיָרֹעַ בַּרְזֶל ׀ בַּרְזֶל מִצָּפוֹן וּנְחֹֽשֶׁת׃ | 12 |
১২কোনো মানুহে জানো লোহাক গুড়ি কৰিব পাৰে? এনে কি, উত্তৰ দেশীয় লোহা, আৰু পিতল ভাঙিব পাৰে?
חֵֽילְךָ וְאוֹצְרוֹתֶיךָ לָבַז אֶתֵּן לֹא בִמְחִיר וּבְכׇל־חַטֹּאותֶיךָ וּבְכׇל־גְּבוּלֶֽיךָ׃ | 13 |
১৩মই তোমাৰ সম্পত্তি আৰু তোমাৰ বহুমুল্য বস্তু বিনামূল্যে লুটদ্ৰব্যস্বৰূপে দিম। এনে কি, তোমাৰ পাপ সমূহৰ কাৰণে তোমাৰ সীমাৰ সকলো ফালে তাক কৰিম।
וְהַֽעֲבַרְתִּי אֶת־אֹיְבֶיךָ בְּאֶרֶץ לֹא יָדָעְתָּ כִּי־אֵשׁ קָדְחָה בְאַפִּי עֲלֵיכֶם תּוּקָֽד׃ | 14 |
১৪তেতিয়া শত্রুৱে সৈতে তুমি নজনা দেশলৈ সেইবোৰ নিয়াম, কিয়নো মোৰ ক্ৰোধাগ্নি জ্বলিছে, সেয়ে তোমালোকৰ ওপৰত জ্বলি থাকিব।
אַתָּה יָדַעְתָּ יְהֹוָה זׇכְרֵנִי וּפׇקְדֵנִי וְהִנָּקֶם לִי מֵרֹדְפַי אַל־לְאֶרֶךְ אַפְּךָ תִּקָּחֵנִי דַּע שְׂאֵתִי עָלֶיךָ חֶרְפָּֽה׃ | 15 |
১৫হে যিহোৱা, তুমিয়েই জানি আছা! মোক সোঁৱৰণ কৰা, মোলৈ কৃপা দৃষ্টি কৰা। আৰু মোৰ অৰ্থে মোৰ তাড়ণাকাৰীৰ প্ৰতিকাৰ সাধা। তোমাৰ দীৰ্ঘ সহিষ্ণুতাত মোক বিনষ্ট হব নিদিবা। মই যে তোমাৰ কাৰণে অপমান সহন কৰিলোঁ, তাক তুমি মনত পেলোৱা।
נִמְצְאוּ דְבָרֶיךָ וָאֹכְלֵם וַיְהִי (דבריך) [דְבָֽרְךָ] לִי לְשָׂשׂוֹן וּלְשִׂמְחַת לְבָבִי כִּֽי־נִקְרָא שִׁמְךָ עָלַי יְהֹוָה אֱלֹהֵי צְבָאֽוֹת׃ | 16 |
১৬মই তোমাৰ বাক্যবোৰ পোৱা মাত্ৰকে অতি আগ্ৰহেৰে গ্ৰহণ কৰিলোঁ, আৰু তোমাৰ বাক্যবোৰ মোৰ পক্ষে মোৰ মনৰ আনন্দ আৰু উল্লাসজনক হল, কিয়নো হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, মই তোমাৰ নামেৰে প্ৰখ্যাত।
לֹא־יָשַׁבְתִּי בְסוֹד־מְשַׂחֲקִים וָאֶעְלֹז מִפְּנֵי יָֽדְךָ בָּדָד יָשַׁבְתִּי כִּי־זַעַם מִלֵּאתָֽנִי׃ | 17 |
১৭মই আমোদকাৰী সকলৰ সভাত বহি উল্লাস কৰা নাই। তোমাৰ হাতৰ কাৰণে মই অকলেই বহোঁ, কিয়নো তুমি মোক ক্ৰোধেৰে পৰিপূৰ্ণ কৰিলা।
לָמָּה הָיָה כְאֵבִי נֶצַח וּמַכָּתִי אֲנוּשָׁה מֵֽאֲנָה הֵרָפֵא הָיוֹ תִהְיֶה לִי כְּמוֹ אַכְזָב מַיִם לֹא נֶאֱמָֽנוּ׃ | 18 |
১৮মোৰ বেদনা কিয় চিৰকলীয়া? আৰু মোৰ ঘা কিয় সুস্থ হব নোৱাৰে? সেয়ে ভাল হব নোখোজে? তুমি জানো সচাঁকৈয়ে মোৰ আগত মিছা জুৰি আৰু অস্থায়ী জল স্বৰূপ হবা?
לָכֵן כֹּה־אָמַר יְהֹוָה אִם־תָּשׁוּב וַאֲשִֽׁיבְךָ לְפָנַי תַּעֲמֹד וְאִם־תּוֹצִיא יָקָר מִזּוֹלֵל כְּפִי תִֽהְיֶה יָשֻׁבוּ הֵמָּה אֵלֶיךָ וְאַתָּה לֹא־תָשׁוּב אֲלֵיהֶֽם׃ | 19 |
১৯এই হেতুকে যিহোৱাই এইদৰে কৈছে: তুমি যদি উলটি আহাঁ, তেন্তে মোৰ আগত থিয় হব পৰাকৈ মই তোমাক আকৌ আনিম। আৰু যদি অধম বস্তুৰ মাজৰ পৰা ৰত্ন বাহিৰ কৰি লোৱা, তেন্তে মোৰ মুখস্থৰূপ হ’বা; তেওঁলোক তোমালৈ ঘুৰি আহিব, কিন্তু তুমি তেওঁলোকলৈ নুঘুৰিবা।
וּנְתַתִּיךָ לָעָם הַזֶּה לְחוֹמַת נְחֹשֶׁת בְּצוּרָה וְנִלְחֲמוּ אֵלֶיךָ וְלֹא־יוּכְלוּ לָךְ כִּֽי־אִתְּךָ אֲנִי לְהוֹשִׁיעֲךָ וּלְהַצִּילֶךָ נְאֻם־יְהֹוָֽה׃ | 20 |
২০মই এই জাতিৰ আগত তোমাক পিতলৰ দৃঢ় গড়স্বৰূপ কৰিম; তেওঁলোকে তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, কিন্তু তোমাক পৰাজয় কৰিব নোৱাৰিব। কিয়নো, যিহোৱাই কৈছে, তোমাৰ ত্ৰাণ আৰু উদ্ধাৰৰ অৰ্থে মই তোমাৰ লগত আছোঁ।
וְהִצַּלְתִּיךָ מִיַּד רָעִים וּפְדִתִיךָ מִכַּף עָרִצִֽים׃ | 21 |
২১আৰু দুষ্টবোৰৰ হাতৰ পৰা মই তোমাক উদ্ধাৰ কৰিম, আৰু ভয়ানকবোৰৰ হাতৰ পৰা তোমাক মুক্ত কৰিম।”