< ישעה 23 >
מַשָּׂא צֹר הֵילִילוּ ׀ אֳנִיּוֹת תַּרְשִׁישׁ כִּֽי־שֻׁדַּד מִבַּיִת מִבּוֹא מֵאֶרֶץ כִּתִּים נִגְלָה־לָֽמוֹ׃ | 1 |
১তূৰৰ বিষয়ে কৰা ঘোষণা: হে তৰ্চীচৰ জাহাজবিলাক, হাহাকাৰ কৰা; কিয়নো ঘৰ কি সোমোৱা বাট একোৱেই নাই; কিত্তীম দেশৰ পৰা তেওঁলোকলৈ ইয়াক প্ৰকাশ কৰা হ’ল।
דֹּמּוּ יֹשְׁבֵי אִי סֹחֵר צִידוֹן עֹבֵר יָם מִלְאֽוּךְ׃ | 2 |
২হে দ্বীপ-নিবাসীসকল, তোমালোক নিমাত হৈ থাকা; চীদোনীয়া বণিকসকল সমুদ্ৰ পাৰ হৈ আহি তোমাক যোগান ধৰিছিল।
וּבְמַיִם רַבִּים זֶרַע שִׁחֹר קְצִיר יְאוֹר תְּבוּאָתָהּ וַתְּהִי סְחַר גּוֹיִֽם׃ | 3 |
৩চীহোৰৰ উৎপন্ন দ্ৰব্য মহাজলত আছিল, নীল নদীৰ শস্য তাৰ আয় হৈছিল; আৰু সেয়ে দেশবাসীসকলৰ বজাৰ কৰা ঠাই আছিল।
בּוֹשִׁי צִידוֹן כִּֽי־אָמַר יָם מָעוֹז הַיָּם לֵאמֹר לֹא־חַלְתִּי וְלֹֽא־יָלַדְתִּי וְלֹא גִדַּלְתִּי בַּחוּרִים רוֹמַמְתִּי בְתוּלֽוֹת׃ | 4 |
৪হে চীদোন, তুমি লজ্জিত হোৱা; কিয়নো সাগৰে কৈছে, সমুদ্ৰৰ দৃঢ় কোঁঠে কৈছে, “মই প্ৰসৱ কৰা নাই, মই সন্তান জন্ম দিয়া নাই, মই ডেকাসকলক প্ৰতিপালন কৰা নাই, নাইবা যুৱতীসকলক ডাঙৰ দীঘল কৰা নাই।”
כַּאֲשֶׁר־שֵׁמַע לְמִצְרָיִם יָחִילוּ כְּשֵׁמַע צֹֽר׃ | 5 |
৫যেতিয়া বাৰ্ত্তা মিচৰ দেশলৈ আহিব, তেতিয়া তেওঁলোক তূৰৰ বিষয়ে অতিশয় দুখিত হ’ব।
עִבְרוּ תַּרְשִׁישָׁה הֵילִילוּ יֹשְׁבֵי אִֽי׃ | 6 |
৬তোমালোকে তৰ্চীচলৈ পাৰ হৈ যোৱা, হে দ্বীপ নিবাসীসকল, হাহাকাৰ কৰা।
הֲזֹאת לָכֶם עַלִּיזָה מִֽימֵי־קֶדֶם קַדְמָתָהּ יֹבִלוּהָ רַגְלֶיהָ מֵרָחוֹק לָגֽוּר׃ | 7 |
৭হে উল্লাস কৰা নগৰ তোমাৰ সৈতে এইদৰে হ’ল নে? যাৰ উৎপত্তি প্ৰাচীন কালৰ পৰা আছে।
מִי יָעַץ זֹאת עַל־צֹר הַמַּעֲטִירָה אֲשֶׁר סֹחֲרֶיהָ שָׂרִים כִּנְעָנֶיהָ נִכְבַּדֵּי־אָֽרֶץ׃ | 8 |
৮যাৰ বনিকসকল ৰাজপুত্র, যাৰ বেপাৰীসকল পৃথিৱীৰ মান্যৱন্ত লোক, সেই ৰাজমুকুট দিয়া তূৰ নগৰৰ বিৰুদ্ধে কোনে এই কল্পনা কৰিলে?
יְהֹוָה צְבָאוֹת יְעָצָהּ לְחַלֵּל גְּאוֹן כׇּל־צְבִי לְהָקֵל כׇּל־נִכְבַּדֵּי־אָֽרֶץ׃ | 9 |
৯বাহিনীসকলৰ যিহোৱাই তেওঁৰ অহংকাৰ অমৰ্যাদা কৰিবলৈ, আৰু তেওঁৰ সকলো গৌৰৱ, আৰু পৃথিৱীৰ মান্যৱন্ত লোকক অপমানিত কৰিবলৈ পৰিকল্পনা কৰিছে।
עִבְרִי אַרְצֵךְ כַּיְאֹר בַּת־תַּרְשִׁישׁ אֵין מֵזַח עֽוֹד׃ | 10 |
১০হে তৰ্চীচ জীয়াৰী নীল নদীৰ দৰে তোমালোক দেশত হাল বোৱা; তোমাৰত বহু দিনলৈকে বজাৰৰ ঠাই নাই।
יָדוֹ נָטָה עַל־הַיָּם הִרְגִּיז מַמְלָכוֹת יְהֹוָה צִוָּה אֶל־כְּנַעַן לַשְׁמִד מָעֻזְנֶֽיהָ׃ | 11 |
১১যিহোৱাই সমুদ্ৰৰ ওপৰত নিজৰ হাত মেলিলে, তেওঁ ৰাজ্যবোৰ জোকাৰিলে, যিহোৱাই কনানৰ বিষয়ে তাৰ দুৰ্গবোৰ বিনষ্ট কৰিবলৈ আজ্ঞা দিলে।
וַיֹּאמֶר לֹא־תוֹסִיפִי עוֹד לַעְלוֹז הַֽמְעֻשָּׁקָה בְּתוּלַת בַּת־צִידוֹן (כתיים) [כִּתִּים] קוּמִי עֲבֹרִי גַּם־שָׁם לֹא־יָנוּחַֽ לָֽךְ׃ | 12 |
১২তেওঁ ক’লে, “চীদোনৰ নিৰ্যাতিতা কুমাৰী জীয়াৰী, তুমি আৰু উল্লাস নকৰিবা, উঠা, কিত্তীমলৈ পাৰ হৈ যোৱা; কিন্তু তাতো তুমি জিৰণি নাপাবা।
הֵן ׀ אֶרֶץ כַּשְׂדִּים זֶה הָעָם לֹא הָיָה אַשּׁוּר יְסָדָהּ לְצִיִּים הֵקִימוּ (בחיניו) [בַחוּנָיו] עֽוֹרְרוּ אַרְמְנוֹתֶיהָ שָׂמָהּ לְמַפֵּלָֽה׃ | 13 |
১৩কলদীয়াসকলৰ দেশ চোৱা; সেই লোকসকল আৰু নাই; অচূৰীয়া লোকে বনৰীয়া জন্তুৰ বাবে ইয়াক আৰণ্য নিৰূপণ কৰিলে; সিহঁতে আক্ৰমণ কৰিবৰ অৰ্থে ওখ দ’ম স্থাপন কৰিলে; সিহঁতে তাৰ অট্টালিকাবোৰ ধ্বংস কৰিলে; সিহঁতে তাক ভগ্নৰাশি কৰিলে।
הֵילִילוּ אֳנִיּוֹת תַּרְשִׁישׁ כִּי שֻׁדַּד מָעֻזְּכֶֽן׃ | 14 |
১৪হে তৰ্চীচৰ জাহাজবিলাক, হাহাকাৰ কৰা; কিয়নো তোমালোকৰ আশ্ৰয় উচ্ছন্ন হ’ল।
וְהָיָה בַּיּוֹם הַהוּא וְנִשְׁכַּחַת צֹר שִׁבְעִים שָׁנָה כִּימֵי מֶלֶךְ אֶחָד מִקֵּץ שִׁבְעִים שָׁנָה יִהְיֶה לְצֹר כְּשִׁירַת הַזּוֹנָֽה׃ | 15 |
১৫সেই সময়ত, ৰজাৰ ৰাজত্বকাল দৰে তূৰ নগৰক সত্তৰ বছৰ পহৰা যাব; সত্তৰ বছৰৰ পাছত তূৰ নগৰৰ দশা বেশ্যাৰ গীতৰ দৰে হ’ব।
קְחִי כִנּוֹר סֹבִּי עִיר זוֹנָה נִשְׁכָּחָה הֵיטִיבִי נַגֵּן הַרְבִּי־שִׁיר לְמַעַן תִּזָּכֵֽרִי׃ | 16 |
১৬“হে বিস্মৃতা বেশ্যা, বীণা লৈ নগৰ খন ফূৰা; তোমাৰ স্মৰণ ৰাখিবৰ বাবে মনোহৰ বাদ্য বজোৱা, অনেক গীত গোৱা।”
וְהָיָה מִקֵּץ ׀ שִׁבְעִים שָׁנָה יִפְקֹד יְהֹוָה אֶת־צֹר וְשָׁבָה לְאֶתְנַנָּהֿ וְזָנְתָה אֶת־כׇּל־מַמְלְכוֹת הָאָרֶץ עַל־פְּנֵי הָאֲדָמָֽה׃ | 17 |
১৭সত্তৰ বছৰৰ পাছত যিহোৱাই তূৰক সহায় কৰিব; আৰু তেওঁ নিজৰ লাভ জনক ব্যৱসায় পুনৰায় কৰিব, আৰু ৰাজ্যৰ সকলোতে আৰু পৃথিৱীৰ সকলো ৰাজ্যে সৈতে বেশ্যা কৰ্ম কৰিব।
וְהָיָה סַחְרָהּ וְאֶתְנַנָּהּ קֹדֶשׁ לַֽיהֹוָה לֹא יֵאָצֵר וְלֹא יֵחָסֵן כִּי לַיֹּשְׁבִים לִפְנֵי יְהֹוָה יִהְיֶה סַחְרָהּ לֶֽאֱכֹל לְשׇׂבְעָה וְלִמְכַסֶּה עָתִֽיק׃ | 18 |
১৮তেওঁৰ উপাৰ্জন আৰু আয় যিহোৱাৰ উদ্দেশ্যে ৰখা হ’ব; সেয়ে ভঁৰালত গোটাই থোৱা বা সাঁচি ৰখা নহ’ব; কিয়নো তেওঁৰ উপাৰ্জন যিহোৱাৰ সন্মুখত বাস কৰাসকলৰ অৰ্থে যথেষ্ঠ পৰিমাণে খাবৰ বাবে আৰু সুন্দৰ বস্ত্ৰৰ বাবে ব্যৱহাৰ হ’ব।