< הושע 8 >

אֶל־חִכְּךָ שֹׁפָר כַּנֶּשֶׁר עַל־בֵּית יְהֹוָה יַעַן עָבְרוּ בְרִיתִי וְעַל־תּוֹרָתִי פָּשָֽׁעוּ׃ 1
তোমাৰ মুখত এটি শিঙা ৰাখা। মোৰ অর্থাৎ যিহোৱাৰ গৃহৰ ওপৰত শত্রু এক ঈগল চৰাইৰ নিচিনাকৈ আহিছে; কিয়নো ইস্রায়েলবাসীয়ে মই দিয়া নিয়মটি লঙ্ঘন কৰিলে, আৰু মোৰ ব্যৱস্থাৰ অহিতে বিদ্রোহ কৰিলে।
לִי יִזְעָקוּ אֱלֹהַי יְֽדַעֲנוּךָ יִשְׂרָאֵֽל׃ 2
ইস্রায়েলে মোৰ ওচৰত কাতৰোক্তি কৰি কৈছে, ‘হে মোৰ ঈশ্বৰ, আমি ইস্ৰায়েলবাসীয়ে আপোনাক জানো।’
זָנַח יִשְׂרָאֵל טוֹב אוֹיֵב יִרְדְּפֽוֹ׃ 3
কিন্তু যি উত্তম, ইস্রায়েলে তাক অগ্রাহ্য কৰিলে; সেয়ে শত্ৰুৱে তেওঁৰ পাছে পাছে খেদি যাব।
הֵם הִמְלִיכוּ וְלֹא מִמֶּנִּי הֵשִׂירוּ וְלֹא יָדָעְתִּי כַּסְפָּם וּזְהָבָם עָשׂוּ לָהֶם עֲצַבִּים לְמַעַן יִכָּרֵֽת׃ 4
মোৰ নির্দেশ নোলোৱাকৈয়ে ইস্রায়েলীয়াসকলে ৰজাসকলক নিযুক্ত কৰিলে; মই নজনাকৈয়ে তেওঁলোকে নেতাসকলক মনোনীত কৰিলে। তেওঁলোকে নিজৰ নিজৰ সোণ আৰু ৰূপেৰে তেওঁলোকৰ বাবে মূর্তি তৈয়াৰ কৰি নিজৰেই সর্বনাশ কৰিলে।
זָנַח עֶגְלֵךְ שֹׁמְרוֹן חָרָה אַפִּי בָּם עַד־מָתַי לֹא יוּכְלוּ נִקָּיֹֽן׃ 5
হে চমৰিয়া, মই তোমাৰ দামুৰিৰ মূর্তিক অগ্রাহ্য কৰিলোঁ। এই লোকসকলৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ল; নির্দোষী হ’বলৈ তেওঁলোকৰ পুনৰ কিমান কাল লাগিব?
כִּי מִיִּשְׂרָאֵל וְהוּא חָרָשׁ עָשָׂהוּ וְלֹא אֱלֹהִים הוּא כִּֽי־שְׁבָבִים יִֽהְיֶה עֵגֶל שֹׁמְרֽוֹן׃ 6
কিয়নো এই দামুৰিৰ মূর্তি ইস্ৰায়েলৰ লোকসকলেই নির্মাণ কৰিছে; এজন শিল্পকাৰে তাক নির্মাণ কৰিলে; কিন্তু সেয়া ঈশ্বৰ নহয়; চমৰিয়াৰ সেই দামুৰিৰ মূর্তিটো ডোখৰ ডোখৰকৈ ভঙা হ’ব।
כִּי רוּחַ יִזְרָעוּ וְסוּפָתָה יִקְצֹרוּ קָמָה אֵֽין־לוֹ צֶמַח בְּלִי יַעֲשֶׂה־קֶּמַח אוּלַי יַעֲשֶׂה זָרִים יִבְלָעֻֽהוּ׃ 7
তেওঁলোকে বতাহক ৰোপণ কৰে আৰু শেষত বা’মৰলীৰ শস্য দাব। শস্যৰ গোচাত কোনো দানা নাথাকে, তাৰ পৰা কোনো আহাৰ উৎপন্ন নহ’ব। যদি তাত কিছু উৎপন্ন হয়ও, তেন্তে বিদেশীসকলে তাক গ্ৰাস কৰিব।
נִבְלַע יִשְׂרָאֵל עַתָּה הָיוּ בַגּוֹיִם כִּכְלִי אֵֽין־חֵפֶץ בּֽוֹ׃ 8
ইস্ৰায়েলক গ্ৰাস কৰা হ’ল; তেওঁলোক এতিয়া বিভিন্ন জাতিবোৰৰ মাজত এক অৱহেলিত পাত্রৰ নিচিনাকৈ আছে।
כִּי־הֵמָּה עָלוּ אַשּׁוּר פֶּרֶא בּוֹדֵד לוֹ אֶפְרַיִם הִתְנוּ אֲהָבִֽים׃ 9
এটা বনৰীয়া গাধই অকলে ইফালে-সিফালে ঘূৰি ফুৰাৰ দৰে তেওঁলোক অচূৰলৈকে উঠি গ’ল; ইফ্ৰয়িমে নিজকে প্রতিৰক্ষা কৰিবলৈ প্ৰেমিকসকলক বেচ দি আনিলে।
גַּם כִּֽי־יִתְנוּ בַגּוֹיִם עַתָּה אֲקַבְּצֵם וַיָּחֵלּוּ מְּעָט מִמַּשָּׂא מֶלֶךְ שָׂרִֽים׃ 10
১০যদিও তেওঁলোকে বিভিন্ন জাতিবোৰৰ সৈতে বেচ দি বন্ধুত্ব কৰিলে, তথাপিও মই এতিয়া তেওঁলোকক বিনাশ কৰিবলৈ একেলগে গোটাম; ৰজা আৰু নেতাসকলৰ অত্যাচাৰৰ অধীনত তেওঁলোকে যাতনা ভোগ কৰিব।
כִּי־הִרְבָּה אֶפְרַיִם מִזְבְּחוֹת לַחֲטֹא הָיוּ־לוֹ מִזְבְּחוֹת לַחֲטֹֽא׃ 11
১১পাপৰ প্রায়শ্চিত্ত কৰিবৰ কাৰণে ইফ্ৰয়িমে অনেক যজ্ঞ-বেদী সাজিলে; কিন্তু সেইবোৰ পাপ কৰাৰ যজ্ঞ-বেদী হ’ল।
(אכתוב) [אֶכְתׇּב־]לוֹ (רבו) [רֻבֵּי] תּוֹרָתִי כְּמוֹ־זָר נֶחְשָֽׁבוּ׃ 12
১২মোৰ ব্যৱস্থাৰ অনেক কথাও যদি মই লিখোঁ, সেইবোৰ এক বিজতৰীয়া কোনো অদ্ভুত কথা বুলি গণ্য হ’ব।
זִבְחֵי הַבְהָבַי יִזְבְּחוּ בָשָׂר וַיֹּאכֵלוּ יְהֹוָה לֹא רָצָם עַתָּה יִזְכֹּר עֲוֺנָם וְיִפְקֹד חַטֹּאותָם הֵמָּה מִצְרַיִם יָשֽׁוּבוּ׃ 13
১৩যদিও তেওঁলোকে মোৰ উদ্দেশ্যে পশু বলি দি তাৰ মাংস খায়, কিন্তু মই, যিহোৱাই তেওঁলোকক গ্ৰহণ নকৰোঁ। এতিয়া মই তেওঁলোকৰ অপৰাধ সোঁৱৰণ কৰি তেওঁলোকক পাপৰ প্ৰতিফল দিম; তেওঁলোক মিচৰলৈ উলটি যাব।
וַיִּשְׁכַּח יִשְׂרָאֵל אֶת־עֹשֵׂהוּ וַיִּבֶן הֵיכָלוֹת וִיהוּדָה הִרְבָּה עָרִים בְּצֻרוֹת וְשִׁלַּחְתִּי־אֵשׁ בְּעָרָיו וְאָכְלָה אַרְמְנֹתֶֽיהָ׃ 14
১৪ইস্ৰায়েলে মোক, তেওঁলোকৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰক পাহৰি গৈ ডাঙৰ ডাঙৰ ৰাজগৃহ নির্মাণ কৰিলে; যিহূদাই অনেক নগৰ গড়েৰে আবৃত কৰিলে; কিন্তু মই তেওঁৰ নগৰবোৰৰ ওপৰত জুই বর্ষাম; তাতে তেওঁৰ সকলো কোঁঠ জুইয়ে পুৰি গ্ৰাস কৰিব।

< הושע 8 >