< בראשית 34 >
וַתֵּצֵא דִינָה בַּת־לֵאָה אֲשֶׁר יָלְדָה לְיַעֲקֹב לִרְאוֹת בִּבְנוֹת הָאָֽרֶץ׃ | 1 |
১লেয়াৰ গৰ্ভত দীনা নামেৰে যাকোবৰ যিগৰাকী ছোৱালীৰ জন্ম হৈছিল, তাই এদিন সেই ঠাইৰ ছোৱালীবোৰৰ লগত দেখা কৰিবলৈ ওলাই গৈছিল।
וַיַּרְא אֹתָהּ שְׁכֶם בֶּן־חֲמוֹר הַֽחִוִּי נְשִׂיא הָאָרֶץ וַיִּקַּח אֹתָהּ וַיִּשְׁכַּב אֹתָהּ וַיְעַנֶּֽהָ׃ | 2 |
২তেতিয়া চিখিম নামৰ সেই দেশৰ ৰজা হিব্বীয়া হমোৰৰ পুতেকে তাইক দেখা পালে। চিখিমে দীনাক ধৰি নি বেয়া ব্যৱহাৰ কৰিলে।
וַתִּדְבַּק נַפְשׁוֹ בְּדִינָה בַּֽת־יַעֲקֹב וַיֶּֽאֱהַב אֶת־הַֽנַּעֲרָ וַיְדַבֵּר עַל־לֵב הַֽנַּעֲרָֽ׃ | 3 |
৩চিখিম যাকোবৰ জীয়েক দীনাৰ প্রেমত পৰি আকৰ্ষিত হৈছিল; তেওঁ দীনাক ভাল পাইছিল আৰু তাইৰ লগত মৰমেৰে কথা পাতিছিল।
וַיֹּאמֶר שְׁכֶם אֶל־חֲמוֹר אָבִיו לֵאמֹר קַֽח־לִי אֶת־הַיַּלְדָּה הַזֹּאת לְאִשָּֽׁה׃ | 4 |
৪চিখিমে নিজৰ বাপেক হমোৰক ক’লে, “আপুনি এই ছোৱালীগৰাকীক মোক বিয়া কৰাই দিয়ক।”
וְיַעֲקֹב שָׁמַע כִּי טִמֵּא אֶת־דִּינָה בִתּוֹ וּבָנָיו הָיוּ אֶת־מִקְנֵהוּ בַּשָּׂדֶה וְהֶחֱרִשׁ יַעֲקֹב עַד־בֹּאָֽם׃ | 5 |
৫জীয়েক দীনাক যে সেই ল’ৰাজনে বেয়া ব্যৱহাৰ কৰিলে, যাকোবৰ কাণত পৰিল। সেই সময়ত যাকোবৰ পুত্ৰসকল পথাৰত পশুধন চৰাবলৈ গৈছিল; সেয়ে তেওঁলোক আহি নোপোৱালৈকে যাকোব মনে মনে থাকিল।
וַיֵּצֵא חֲמוֹר אֲבִֽי־שְׁכֶם אֶֽל־יַעֲקֹב לְדַבֵּר אִתּֽוֹ׃ | 6 |
৬চিখিমৰ বাপেক হমোৰ যাকোবৰে সৈতে কথা-বতৰা হ’বলৈ ওলাই আহিল।
וּבְנֵי יַעֲקֹב בָּאוּ מִן־הַשָּׂדֶה כְּשׇׁמְעָם וַיִּֽתְעַצְּבוּ הָֽאֲנָשִׁים וַיִּחַר לָהֶם מְאֹד כִּֽי־נְבָלָה עָשָׂה בְיִשְׂרָאֵל לִשְׁכַּב אֶת־בַּֽת־יַעֲקֹב וְכֵן לֹא יֵעָשֶֽׂה׃ | 7 |
৭এই বিষয়ে শুনি যাকোবৰ পুত্ৰসকল পথাৰৰ পৰা আহিল; তেওঁলোকে মনত যিমান কষ্ট পালে, সিমান বেছিকৈ খঙত জ্বলিও উঠিল। কিয়নো যাকোবৰ জীয়েকৰ প্রতি বেয়া ব্যৱহাৰ কৰি চিখিমে ইস্ৰায়েলৰ প্রতি এক অপমানৰ কার্য কৰিলে, যি কৰা তেওঁৰ উচিত নাছিল।
וַיְדַבֵּר חֲמוֹר אִתָּם לֵאמֹר שְׁכֶם בְּנִי חָֽשְׁקָה נַפְשׁוֹ בְּבִתְּכֶם תְּנוּ נָא אֹתָהּ לוֹ לְאִשָּֽׁה׃ | 8 |
৮হমোৰে তেওঁলোক সকলোকে ক’লে, “মোৰ পুত্র চিখিমে আপোনালোকৰ ছোৱালীক ভাল পায়। অনুগ্রহ কৰি তাইক আপোনালোকে মোৰ পুত্ৰলৈ বিয়া দিয়ক।
וְהִֽתְחַתְּנוּ אֹתָנוּ בְּנֹֽתֵיכֶם תִּתְּנוּ־לָנוּ וְאֶת־בְּנֹתֵינוּ תִּקְחוּ לָכֶֽם׃ | 9 |
৯ইয়াৰ দ্বাৰা আপোনালোকৰ সৈতে আমাৰ বিবাহৰ এক ব্যৱস্থা হ’ব। আপোনালোকৰ জীয়ৰী আমালৈ দিয়ক আৰু আমাৰ জীয়ৰীকো আপোনালোকে বিয়া কৰি গ্ৰহণ কৰিব পাৰিব।
וְאִתָּנוּ תֵּשֵׁבוּ וְהָאָרֶץ תִּהְיֶה לִפְנֵיכֶם שְׁבוּ וּסְחָרוּהָ וְהֵֽאָחֲזוּ בָּֽהּ׃ | 10 |
১০আপোনালোকে আমাৰ মাজতে বাস কৰক। আপোনালোকৰ কাৰণে এই দেশ মুকলি হৈ আছে; ইয়াতেই থাকি বেহা বেপাৰ কৰি ঐশ্বৰ্য্যৱন্ত হওঁক।”
וַיֹּאמֶר שְׁכֶם אֶל־אָבִיהָ וְאֶל־אַחֶיהָ אֶמְצָא־חֵן בְּעֵינֵיכֶם וַאֲשֶׁר תֹּאמְרוּ אֵלַי אֶתֵּֽן׃ | 11 |
১১চিখিমেও দীনাৰ বাপেক আৰু ভায়েক ককায়েকসকলক ক’লে, “আপোনালোকে মোলৈ এই অনুগ্ৰহ দান কৰক; আপোনালোকে মোক যিহকে কব, মই তাকে কৰিম।
הַרְבּוּ עָלַי מְאֹד מֹהַר וּמַתָּן וְאֶתְּנָה כַּאֲשֶׁר תֹּאמְרוּ אֵלָי וּתְנוּ־לִי אֶת־הַֽנַּעֲרָ לְאִשָּֽׁה׃ | 12 |
১২বিয়াৰ ধন আৰু উপহাৰ হিচাবে আপোনালোকে যিহকে দাবী কৰিব, মই সেই সকলো আপোনালোকক দিম; আপোনালোকে মাথোন ছোৱালীজনীক মোৰ লগত বিয়া দিয়ক।”
וַיַּעֲנוּ בְנֵֽי־יַעֲקֹב אֶת־שְׁכֶם וְאֶת־חֲמוֹר אָבִיו בְּמִרְמָה וַיְדַבֵּרוּ אֲשֶׁר טִמֵּא אֵת דִּינָה אֲחֹתָֽם׃ | 13 |
১৩যিহেতু চিখিমে তেওঁলোকৰ ভনীয়েক দীনাক ভ্রষ্ট কৰিলে, সেয়ে যাকোবৰ পুত্রসকলে চিখিম আৰু তেওঁৰ বাপেক হমোৰক ছলনাৰে উত্তৰ দিলে।
וַיֹּאמְרוּ אֲלֵיהֶם לֹא נוּכַל לַעֲשׂוֹת הַדָּבָר הַזֶּה לָתֵת אֶת־אֲחֹתֵנוּ לְאִישׁ אֲשֶׁר־לוֹ עׇרְלָה כִּֽי־חֶרְפָּה הִוא לָֽנוּ׃ | 14 |
১৪তেওঁলোকে ক’লে, “আমি এনে কাম কৰিব নোৱাৰোঁ; যাৰ চুন্নৎ কৰা হোৱা নাই, এনে কাৰো লগত আমাৰ ভনীক বিয়া দিয়াটো আমাৰ বাবে অসন্মানৰ বিষয়।
אַךְ־בְּזֹאת נֵאוֹת לָכֶם אִם תִּהְיוּ כָמֹנוּ לְהִמֹּל לָכֶם כׇּל־זָכָֽר׃ | 15 |
১৫কেৱল এটা কাৰ্য কৰিলে আমি আপোনালোকৰ কথাত মান্তি হ’ব পাৰোঁ; সেয়া হৈছে আপোনালোকৰ প্রত্যেকজন পুৰুষে আমাৰ নিচিনাকৈ চুন্নৎ হ’ব লাগিব।
וְנָתַנּוּ אֶת־בְּנֹתֵינוּ לָכֶם וְאֶת־בְּנֹתֵיכֶם נִֽקַּֽח־לָנוּ וְיָשַׁבְנוּ אִתְּכֶם וְהָיִינוּ לְעַם אֶחָֽד׃ | 16 |
১৬তেতিয়া আমি আপোনালোকলৈ আমাৰ ছোৱালী দিম; আপোনালোকৰ ছোৱালীবোৰকো আমি গ্ৰহণ কৰিম আৰু আমি আপোনালোকৰ সৈতে নিবাস কৰি এক জাতি হ’ম।
וְאִם־לֹא תִשְׁמְעוּ אֵלֵינוּ לְהִמּוֹל וְלָקַחְנוּ אֶת־בִּתֵּנוּ וְהָלָֽכְנוּ׃ | 17 |
১৭কিন্তু যদি আপোনালোকে আমাৰ কথা নুশুনে আৰু চুন্নৎ হবলৈ মান্তি নহয়, তেনেহলে আমাৰ ছোৱালীক লৈ আমি ইয়াৰ পৰা গুচি যাম।”
וַיִּֽיטְבוּ דִבְרֵיהֶם בְּעֵינֵי חֲמוֹר וּבְעֵינֵי שְׁכֶם בֶּן־חֲמֽוֹר׃ | 18 |
১৮তেওঁলোকৰ কথাত হমোৰ আৰু তেওঁৰ পুতেক চিখিমে সন্তোষ পালে।
וְלֹֽא־אֵחַר הַנַּעַר לַעֲשׂוֹת הַדָּבָר כִּי חָפֵץ בְּבַֽת־יַעֲקֹב וְהוּא נִכְבָּד מִכֹּל בֵּית אָבִֽיו׃ | 19 |
১৯পৰিয়ালৰ সকলোতকৈ সন্মানীত ব্যক্তি যুবক চিখিমে পলম নকৰি তেওঁলোকে কোৱা কথাত সন্মতি জনালে; কাৰণ তেওঁ যাকোবৰ জীয়েকক বৰ ভাল পাইছিল।
וַיָּבֹא חֲמוֹר וּשְׁכֶם בְּנוֹ אֶל־שַׁעַר עִירָם וַֽיְדַבְּרוּ אֶל־אַנְשֵׁי עִירָם לֵאמֹֽר׃ | 20 |
২০পাছত হমোৰ আৰু তেওঁৰ পুতেক চিখিমে তেওঁলোকৰ নগৰৰ দুৱাৰ মুখলৈ গৈ নগৰৰ লোক সকলৰ সৈতে কথোপকথন কৰিলে।
הָאֲנָשִׁים הָאֵלֶּה שְֽׁלֵמִים הֵם אִתָּנוּ וְיֵשְׁבוּ בָאָרֶץ וְיִסְחֲרוּ אֹתָהּ וְהָאָרֶץ הִנֵּה רַֽחֲבַת־יָדַיִם לִפְנֵיהֶם אֶת־בְּנֹתָם נִקַּֽח־לָנוּ לְנָשִׁים וְאֶת־בְּנֹתֵינוּ נִתֵּן לָהֶֽם׃ | 21 |
২১তেওঁলোকে ক’লে, “এই লোকসকল আমাৰ সৈতে মিলেৰে আছে; তেওঁলোক থাকিবৰ কাৰণে আমাৰ দেশত যথেষ্ট এক বৃস্তিত ঠাই আছে। তেওঁলোক ইয়াতেই থাকক আৰু বেহা-বেপাৰ কৰক। আমি তেওঁলোকৰ ছোৱালীবোৰক বিয়া কৰাই আনিম আৰু আমাৰ ছোৱালীকো তেওঁলোকলৈ দিম।
אַךְ־בְּזֹאת יֵאֹתוּ לָנוּ הָאֲנָשִׁים לָשֶׁבֶת אִתָּנוּ לִהְיוֹת לְעַם אֶחָד בְּהִמּוֹל לָנוּ כׇּל־זָכָר כַּאֲשֶׁר הֵם נִמֹּלִֽים׃ | 22 |
২২কিন্তু মাথোন এটা কথাহে আছে, তেওঁলোক যেনেকৈ চুন্নৎ হোৱা লোক, আমি প্ৰত্যেক পুৰুষেও তেনেকৈ চুন্নৎ হলেহে তেওঁলোক আমাৰ কথাত আমাৰ মাজত নিবাস কৰি এক জাতি হ’বলৈ মান্তি হ’ব।
מִקְנֵהֶם וְקִנְיָנָם וְכׇל־בְּהֶמְתָּם הֲלוֹא לָנוּ הֵם אַךְ נֵאוֹתָה לָהֶם וְיֵשְׁבוּ אִתָּֽנוּ׃ | 23 |
২৩তেওঁলোকৰ পশুধন আৰু সা-সম্পত্তি - অর্থাৎ সকলো জীৱ-জন্তুৱেই জানো আমাৰ নহ’ব? গতিকে আহঁক, আমি তেওঁলোকৰ সেই কথাত মান্তি হওঁহক; তাতে তেওঁলোকে আমাৰে সৈতে বাস কৰিব।”
וַיִּשְׁמְעוּ אֶל־חֲמוֹר וְאֶל־שְׁכֶם בְּנוֹ כׇּל־יֹצְאֵי שַׁעַר עִירוֹ וַיִּמֹּלוּ כׇּל־זָכָר כׇּל־יֹצְאֵי שַׁעַר עִירֽוֹ׃ | 24 |
২৪তেতিয়া নগৰৰ সকলো মানুহে হমোৰ আৰু তেওঁৰ পুতেক চিখিমৰ কথাত মান্তি হ’ল আৰু প্ৰত্যেক পুৰুষৰ চুন্নৎ কৰা হ’ল।
וַיְהִי בַיּוֹם הַשְּׁלִישִׁי בִּֽהְיוֹתָם כֹּֽאֲבִים וַיִּקְחוּ שְׁנֵֽי־בְנֵי־יַעֲקֹב שִׁמְעוֹן וְלֵוִי אֲחֵי דִינָה אִישׁ חַרְבּוֹ וַיָּבֹאוּ עַל־הָעִיר בֶּטַח וַיַּֽהַרְגוּ כׇּל־זָכָֽר׃ | 25 |
২৫তাৰ পাছত তৃতীয় দিনা যেতিয়া পুৰুষসকলে বিষত কষ্ট পাই আছিল, তেতিয়া দীনাৰ ককায়েক অর্থাৎ যাকোবৰ দুজন পুতেক চিমিয়োন আৰু লেবীয়ে তৰোৱাল লৈ হঠাৎ নগৰত সোমাই সকলো পুৰুষক বধ কৰিলে।
וְאֶת־חֲמוֹר וְאֶת־שְׁכֶם בְּנוֹ הָרְגוּ לְפִי־חָרֶב וַיִּקְחוּ אֶת־דִּינָה מִבֵּית שְׁכֶם וַיֵּצֵֽאוּ׃ | 26 |
২৬তেওঁলোকে হমোৰ আৰু চিখিমক তৰোৱালৰ ধাৰেৰে বধ কৰিলে আৰু চিখিমৰ ঘৰৰ পৰা দীনাক উলিয়াই আনিলে।
בְּנֵי יַעֲקֹב בָּאוּ עַל־הַחֲלָלִים וַיָּבֹזּוּ הָעִיר אֲשֶׁר טִמְּאוּ אֲחוֹתָֽם׃ | 27 |
২৭ভনীয়েকক ভ্রষ্ট কৰাৰ কাৰণে যাকোবৰ আন আন পুত্ৰসকলেও হত হোৱা লোকসকলৰ কাষলৈ গৈ নগৰখন লুটপাত কৰিলে।
אֶת־צֹאנָם וְאֶת־בְּקָרָם וְאֶת־חֲמֹרֵיהֶם וְאֵת אֲשֶׁר־בָּעִיר וְאֶת־אֲשֶׁר בַּשָּׂדֶה לָקָֽחוּ׃ | 28 |
২৮নগৰৰ ভিতৰত আৰু পথাৰত চৰি থকা তেওঁলোকৰ যিমান মেৰ-ছাগ, ছাগলী, গৰু, গাধ আদি আছিল, সেই সকলো তেওঁলোকে লৈ গ’ল।
וְאֶת־כׇּל־חֵילָם וְאֶת־כׇּל־טַפָּם וְאֶת־נְשֵׁיהֶם שָׁבוּ וַיָּבֹזּוּ וְאֵת כׇּל־אֲשֶׁר בַּבָּֽיִת׃ | 29 |
২৯তেওঁলোকে লোকসকলৰ ধন-সম্পদ, ভার্য্যা আৰু তেওঁলোকৰ শিশুসকলক বন্দী কৰি নিলে; এনেকি ঘৰত থকা বস্তুবোৰো তেওঁলোকে লুট কৰি নিলে।
וַיֹּאמֶר יַעֲקֹב אֶל־שִׁמְעוֹן וְאֶל־לֵוִי עֲכַרְתֶּם אֹתִי לְהַבְאִישֵׁנִי בְּיֹשֵׁב הָאָרֶץ בַּֽכְּנַעֲנִי וּבַפְּרִזִּי וַאֲנִי מְתֵי מִסְפָּר וְנֶאֶסְפוּ עָלַי וְהִכּוּנִי וְנִשְׁמַדְתִּי אֲנִי וּבֵיתִֽי׃ | 30 |
৩০যাকোবে চিমিয়োন আৰু লেবীক ক’লে, “তোমালোকে এই দেশ-নিবাসী কনানীয়া আৰু পৰিজ্জীয়া লোকসকলৰ মাজত মোক ঘৃণাৰ পাত্র কৰি বিপদত পেলালা; মোৰ লোক সংখ্যাত তাকৰ। যদি তেওঁলোকে মোৰ অহিতে একগোট হৈ মোক আক্রমণ কৰে, তেতিয়া মই সপৰিবাৰে বিনষ্ট হ’ম।”
וַיֹּאמְרוּ הַכְזוֹנָה יַעֲשֶׂה אֶת־אֲחוֹתֵֽנוּ׃ | 31 |
৩১তাতে চিমিয়োন আৰু লেবীয়ে ক’লে, “চিখিমে আমাৰ ভনীক জানো বেশ্যাৰ দৰে ব্যৱহাৰ কৰা উচিত আছিল?”