< יחזקאל 41 >
וַיְבִיאֵנִי אֶל־הַהֵיכָל וַיָּמׇד אֶת־הָאֵילִים שֵׁשׁ־אַמּוֹת רֹחַב מִפּוֹ וְשֵׁשׁ־אַמּֽוֹת־רֹחַב מִפּוֹ רֹחַב הָאֹֽהֶל׃ | 1 |
১তেতিয়া তেওঁ মোক মন্দিৰৰ গুৰিলৈ নি, তাৰ সন্মুখৰ ওলাই থকা দুই ভাগ জুখি, এফালে ছহাত আনফালে ছহাত বহল পালে। সেয়ে তম্বুৰ বহলৰ সমান।
וְרֹחַב הַפֶּתַח עֶשֶׂר אַמּוֹת וְכִתְפוֹת הַפֶּתַח חָמֵשׁ אַמּוֹת מִפּוֹ וְחָמֵשׁ אַמּוֹת מִפּוֹ וַיָּמׇד אׇרְכּוֹ אַרְבָּעִים אַמָּה וְרֹחַב עֶשְׂרִים אַמָּֽה׃ | 2 |
২আৰু প্ৰৱেশস্থানৰ প্ৰস্থ দহ হাত; আৰু প্ৰৱেশস্থানৰ সন্মুখৰ দুই ভাগ ইফালে পাঁচ হাত সিফালে পাঁচ হাত আছিল; আৰু তেওঁ তাৰ দৈৰ্ঘ্য জুখি চল্লিশ হাত আৰু প্ৰস্থ জুখি বিশ হাত পালে।
וּבָא לִפְנִימָה וַיָּמׇד אֵֽיל־הַפֶּתַח שְׁתַּיִם אַמּוֹת וְהַפֶּתַח שֵׁשׁ אַמּוֹת וְרֹחַב הַפֶּתַח שֶׁבַע אַמּֽוֹת׃ | 3 |
৩তেতিয়া তেওঁ ভিতৰ ফালে গৈ প্ৰৱেশস্থানৰ সন্মুখৰ ওলাই থকা দুই ভাগ জুখি দুহাত দুহাত পালে আৰু প্ৰৱেশস্থান জুখি ছহাত পালে; প্ৰৱেশস্থানৰ প্ৰস্থ সাত হাত আছিল।
וַיָּמׇד אֶת־אׇרְכּוֹ עֶשְׂרִים אַמָּה וְרֹחַב עֶשְׂרִים אַמָּה אֶל־פְּנֵי הַהֵיכָל וַיֹּאמֶר אֵלַי זֶה קֹדֶשׁ הַקֳּדָשִֽׁים׃ | 4 |
৪তেতিয়া তেওঁ তাৰ দৈৰ্ঘ্য জুখি বিশ হাত পালে আৰু “এয়ে অতি পবিত্ৰ স্থান” বুলি তেওঁ মোক ক’লে।
וַיָּמׇד קִֽיר־הַבַּיִת שֵׁשׁ אַמּוֹת וְרֹחַב הַצֵּלָע אַרְבַּע אַמּוֹת סָבִיב ׀ סָבִיב לַבַּיִת סָבִֽיב׃ | 5 |
৫তেতিয়া তেওঁ গৃহটিৰ দেৱাল জুখি ছহাত পালে আৰু চাৰিওফালে গৃহ মেৰাই থকা কিনাৰৰ কোঁঠালিবোৰৰ প্ৰত্যেক কোঁঠালিৰ প্ৰস্থ জুখি চাৰি হাত পালে।
וְהַצְּלָעוֹת צֵלָע אֶל־צֵלָע שָׁלוֹשׁ וּשְׁלֹשִׁים פְּעָמִים וּבָאוֹת בַּקִּיר אֲשֶׁר־לַבַּיִת לַצְּלָעוֹת סָבִיב ׀ סָבִיב לִהְיוֹת אֲחוּזִים וְלֹֽא־יִהְיוּ אֲחוּזִים בְּקִיר הַבָּֽיִת׃ | 6 |
৬কিনাৰৰ কোঁঠালিবোৰ ওপৰা-ওপৰিকৈ তিনি শাৰী আছিল আৰু প্ৰত্যেক শাৰীত ত্ৰিশটা কোঁঠালি আছিল আৰু কিনাৰৰ কোঁঠালিবোৰ যেন লাগি থাকে, এই অভিপ্ৰায়ে সেইবোৰ কেউফালৰ কিনাৰৰ কোঁঠালিত গৃহৰ দেৱালত সোমাল, কিন্তু গৃহৰ দেৱালত সেইবোৰ বন্ধ নাছিল।
וְֽרָחֲבָה וְֽנָסְבָה לְמַעְלָה לְמַעְלָה לַצְּלָעוֹת כִּי מֽוּסַב־הַבַּיִת לְמַעְלָה לְמַעְלָה סָבִיב ׀ סָבִיב לַבַּיִת עַל־כֵּן רֹחַב־לַבַּיִת לְמָעְלָה וְכֵן הַתַּחְתּוֹנָה יַעֲלֶה עַל־הָעֶלְיוֹנָה לַתִּיכוֹנָֽה׃ | 7 |
৭আৰু কিনাৰৰ কোঁঠালিবোৰে গৃহটি মেৰাই যিমান ওপৰলৈ গ’ল, সেইবোৰ সিমানে বহল হৈ গ’ল, কিয়নো গৃহৰ কেউফালে গৃহৰ মেৰ ক্ৰমে ওখ হৈ গৈছিল; এই হেতুকে গৃহৰ ফালে প্ৰস্থাই ওপৰলৈ ক্ৰমে বাঢ়িল; এই কাৰণে লোকে তলৰ কোঁঠালিৰ পৰা ওপৰৰ কোঁঠালিলৈ মাজৰ কোঁঠালিয়েদি উঠে।
וְרָאִיתִי לַבַּיִת גֹּבַהּ סָבִיב ׀ סָבִיב (מיסדות) [מוּסְדוֹת] הַצְּלָעוֹת מְלוֹ הַקָּנֶה שֵׁשׁ אַמּוֹת אַצִּֽילָה׃ | 8 |
৮তেতিয়া মই দেখিলোঁ, গৃহৰ চাৰিওফালে ওখ ভিত্তিমূল আছিল; কিনাৰৰ কোঁঠালিবোৰৰ ভিত্তিমূল দীঘল হাতৰ ছহাত পৰিমাণৰ সম্পূৰ্ণ এক নল।
רֹחַב הַקִּיר אֲֽשֶׁר־לַצֵּלָע אֶל־הַחוּץ חָמֵשׁ אַמּוֹת וַאֲשֶׁר מֻנָּח בֵּית צְלָעוֹת אֲשֶׁר לַבָּֽיִת׃ | 9 |
৯কিনাৰৰ কোঁঠালিবোৰৰ বাহিৰ ফালৰ দেৱালৰ ডাঠ পাঁচ হাত আৰু বাকী শূন্য ঠাইখিনি পাঁচ হাত আছিল।
וּבֵין הַלְּשָׁכוֹת רֹחַב עֶשְׂרִים אַמָּה סָבִיב לַבַּיִת סָבִיב ׀ סָבִֽיב׃ | 10 |
১০কেউপিনে গৃহৰ চাৰিওফালে কোঁঠালিবোৰৰ মাজত বিশ হাত বহল এডোখৰ ঠাই আছিল।
וּפֶתַח הַצֵּלָע לַמֻּנָּח פֶּתַח אֶחָד דֶּרֶךְ הַצָּפוֹן וּפֶתַח אֶחָד לַדָּרוֹם וְרֹחַב מְקוֹם הַמֻּנָּח חָמֵשׁ אַמּוֹת סָבִיב ׀ סָבִֽיב׃ | 11 |
১১তাত কিনাৰৰ কোঁঠালিবোৰৰ দুৱাৰ বাকী শূন্য ঠাইডোখৰৰ ফাললৈ আছিল; এখন উত্তৰ ফালে আৰু আনখন দক্ষিণফালে আছিল; আৰু বাকী শূন্য ঠাইডোখৰৰ প্ৰস্থ কেউফালে পাঁচ হাত।
וְהַבִּנְיָן אֲשֶׁר אֶל־פְּנֵי הַגִּזְרָה פְּאַת דֶּֽרֶךְ־הַיָּם רֹחַב שִׁבְעִים אַמָּה וְקִיר הַבִּנְיָן חָמֵשׁ־אַמּוֹת רֹחַב סָבִיב ׀ סָבִיב וְאׇרְכּוֹ תִּשְׁעִים אַמָּֽה׃ | 12 |
১২আৰু পৃথক কৰা ঠাইৰ সন্মুখত পশ্চিমফালে থকা ঘৰ সত্তৰ হাত বহল; আৰু ঘৰৰ দেৱালৰ ডাঠ চাৰিওফালে পাঁচ হাত আৰু তাৰ দৈৰ্ঘ্য নব্বৈ হাত।
וּמָדַד אֶת־הַבַּיִת אֹרֶךְ מֵאָה אַמָּה וְהַגִּזְרָה וְהַבִּנְיָה וְקִירוֹתֶיהָ אֹרֶךְ מֵאָה אַמָּֽה׃ | 13 |
১৩তেতিয়া তেওঁ গৃহ জুখি এশ হাত দীঘল পালে আৰু পৃথক কৰা ঠাই আৰু দেৱালে সৈতে ঘৰটো জুখি এশ হাত দীঘল পালে।
וְרֹחַב פְּנֵי הַבַּיִת וְהַגִּזְרָה לַקָּדִים מֵאָה אַמָּֽה׃ | 14 |
১৪আৰু তেওঁ পূৱফালে গৃহৰ আৰু পৃথক কৰা ঠাইৰ আগফালৰ প্ৰস্থ জুখি এশ হাত পালে।
וּמָדַד אֹֽרֶךְ־הַבִּנְיָן אֶל־פְּנֵי הַגִּזְרָה אֲשֶׁר עַל־אַחֲרֶיהָ (ואתוקיהא) [וְאַתִּיקֶיהָא] מִפּוֹ וּמִפּוֹ מֵאָה אַמָּה וְהַהֵיכָל הַפְּנִימִי וְאֻלַמֵּי הֶחָצֵֽר׃ | 15 |
১৫আৰু তেতিয়া পৃথক কৰা ঠাইৰ মুৰত, তাৰ পাছফালে থকা ঘৰটোৰ দৈৰ্ঘ্য আৰু ইফালে সিফালে থকা তাৰ ঠেক বাৰাণ্ডাবোৰৰ দৈৰ্ঘ্য জুখি তেওঁ এশ হাত পালে; আৰু তেওঁ মন্দিৰ, ভিতৰ-মন্দিৰ আৰু চোতালখনৰ বাৰাণ্ডা জুখিলে।
הַסִּפִּים וְהַחַלּוֹנִים הָאֲטֻמוֹת וְהָֽאַתִּיקִים ׀ סָבִיב לִשְׁלׇשְׁתָּם נֶגֶד הַסַּף שְׂחִיף עֵץ סָבִיב ׀ סָבִיב וְהָאָרֶץ עַד־הַֽחַלּוֹנוֹת וְהַחַלֹּנוֹת מְכֻסּֽוֹת׃ | 16 |
১৬এই তিনিওটাৰ কেউফালে দুৱাৰডলি, চিলিঙি দিয়া খিড়িকি আৰু ঠেক বাৰাণ্ডা আছিল; চোতালখনৰ বাৰাণ্ডাৰ সন্মুখত কেউফালে মজিয়াৰ পৰা খিড়িকিলৈকে তক্তা লগোৱা আছিল: খিড়িকিবোৰ ঢকা আছিল।
עַל־מֵעַל הַפֶּתַח וְעַד־הַבַּיִת הַפְּנִימִי וְלַחוּץ וְאֶל־כׇּל־הַקִּיר סָבִיב ׀ סָבִיב בַּפְּנִימִי וּבַחִיצוֹן מִדּֽוֹת׃ | 17 |
১৭আৰু দুৱাৰৰ ওপৰ ভাগ, ভিতৰ গৃহটি, বাহিৰৰ ঠাই আৰু গোটেই দেৱাল, চাৰিওফালে ভিতৰে আৰু বাহিৰে যি যি আছিল, সেই সকলোকে জোখা হ’ল।
וְעָשׂוּי כְּרוּבִים וְתִמֹרִים וְתִֽמֹרָה בֵּין־כְּרוּב לִכְרוּב וּשְׁנַיִם פָּנִים לַכְּרֽוּב׃ | 18 |
১৮কৰূব আৰু খাজুৰ গছৰ আকৃতি এইদৰে কৰা হৈছিল, যে, দুটা দুটা কৰূবৰ আকৃতিৰ মাজত এজোপা এজোপা খাজুৰ গছৰ আকৃতি আছিল; আৰু প্ৰত্যেক কৰূবৰ দুখন দুখন মুখ আছিল।
וּפְנֵי אָדָם אֶל־הַתִּֽמֹרָה מִפּוֹ וּפְנֵי־כְפִיר אֶל־הַתִּמֹרָה מִפּוֹ עָשׂוּי אֶל־כׇּל־הַבַּיִת סָבִיב ׀ סָבִֽיב׃ | 19 |
১৯এইদৰে, এফালে খাজুৰ গছৰ আকৃতিটোৰ পোনে মানুহৰ মুখ আৰু আনফালে খাজুৰ গছৰ আকৃতিটোৰ পোনে ডেকা সিংহৰ মুখ আছিল; কেউফালে গোটেই গৃহত এইদৰে কৰা হ’ল।
מֵהָאָרֶץ עַד־מֵעַל הַפֶּתַח הַכְּרוּבִים וְהַתִּמֹרִים עֲשׂוּיִם וְקִיר הַהֵיכָֽל׃ | 20 |
২০মজিয়াৰ পৰা দুৱাৰৰ ওপৰলৈকে কৰূব আৰু খাজুৰ গছৰ আকৃতি কৰা হৈছিল; মন্দিৰৰ দেৱাল এই প্ৰকাৰ আছিল।
הַהֵיכָל מְזוּזַת רְבֻעָה וּפְנֵי הַקֹּדֶשׁ הַמַּרְאֶה כַּמַּרְאֶֽה׃ | 21 |
২১মন্দিৰৰ বিষয়ে হ’লে, দুৱাৰৰ খুটাকেইটা চাৰিসিৰীয়া কৰা আছিল; অতি পবিত্ৰ স্থানৰ আগফালৰ বিষয়ে হ’লে, তাৰ আকৃতি মন্দিৰৰ আকৃতিৰ নিচিনা।
הַמִּזְבֵּחַ עֵץ שָׁלוֹשׁ אַמּוֹת גָּבֹהַּ וְאׇרְכּוֹ שְׁתַּֽיִם־אַמּוֹת וּמִקְצֹֽעוֹתָיו לוֹ וְאׇרְכּוֹ וְקִירֹתָיו עֵץ וַיְדַבֵּר אֵלַי זֶה הַשֻּׁלְחָן אֲשֶׁר לִפְנֵי יְהֹוָֽה׃ | 22 |
২২বেদিটো কাঠৰ, তিনিহাত ওখ আৰু দুহাত দীঘল, তাৰ চুক আৰু দীঘে পথালিয়ে গোটেই গা কাঠৰ আছিল। পাছে তেওঁ মোক ক’লে, “এই বেদিয়েই যিহোৱাৰ আগত থকা মেজ।”
וּשְׁתַּיִם דְּלָתוֹת לַהֵיכָל וְלַקֹּֽדֶשׁ׃ | 23 |
২৩মন্দিৰ আৰু অতি পবিত্ৰ স্থানৰ দুফলীয়া দুখন দুৱাৰ আছিল।
וּשְׁתַּיִם דְּלָתוֹת לַדְּלָתוֹת שְׁתַּיִם מֽוּסַבּוֹת דְּלָתוֹת שְׁתַּיִם לְדֶלֶת אֶחָת וּשְׁתֵּי דְלָתוֹת לָאַחֶֽרֶת׃ | 24 |
২৪আৰু প্ৰত্যেক ফালৰ ঘূৰাব পৰা দুই দুই খলপ আছিল। এফালে দুখলপ আৰু আনফালে দুখলপ আছিল।
וַעֲשׂוּיָה אֲלֵיהֶן אֶל־דַּלְתוֹת הַהֵיכָל כְּרוּבִים וְתִמֹרִים כַּאֲשֶׁר עֲשׂוּיִם לַקִּירוֹת וְעָב עֵץ אֶל־פְּנֵי הָאוּלָם מֵהַחֽוּץ׃ | 25 |
২৫দেৱালত কৰাৰ দৰে সেইবোৰত, মন্দিৰৰ দুৱাৰ কেইখনত কৰূব আৰু খাজুৰ গছৰ আকৃতি কৰা আছিল; আৰু বাহিৰত বাৰাণ্ডাৰ আগফালৰ ওপৰত ডাঠ কাঠৰ চতি আছিল।
וְחַלּוֹנִים אֲטֻמוֹת וְתִֽמֹרִים מִפּוֹ וּמִפּוֹ אֶל־כִּתְפוֹת הָאוּלָם וְצַלְעוֹת הַבַּיִת וְהָעֻבִּֽים׃ | 26 |
২৬বাৰাণ্ডাৰ দুই কাষে, ইফালে সিফালে চিলিঙি দিয়া খিড়িকি আৰু খাজুৰ গছৰ আকৃতি আছিল; গৃহৰ কিনাৰৰ কোঁঠালিবোৰ আৰু ডাঠ কাঠৰ চতিকেইটা এই প্ৰকাৰ আছিল।