< דברים 14 >
בָּנִים אַתֶּם לַיהֹוָה אֱלֹהֵיכֶם לֹא תִתְגֹּֽדְדוּ וְלֹֽא־תָשִׂימוּ קׇרְחָה בֵּין עֵינֵיכֶם לָמֵֽת׃ | 1 |
১আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্তান। আপোনালোকে মৰা মানুহৰ কাৰণে শোক প্রকাশ কৰিবলৈ নিজৰ শৰীৰত কাটকুট নকৰিব বা মূৰৰ চুলি নুখুৰাব।
כִּי עַם קָדוֹשׁ אַתָּה לַיהֹוָה אֱלֹהֶיךָ וּבְךָ בָּחַר יְהֹוָה לִֽהְיוֹת לוֹ לְעַם סְגֻלָּה מִכֹּל הָֽעַמִּים אֲשֶׁר עַל־פְּנֵי הָאֲדָמָֽה׃ | 2 |
২কিয়নো আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা যিহোৱাই আপোনালোকক মনোনীত কৰিলে যাতে আপোনালোক তেওঁৰ নিজৰ বিশেষ সম্পত্তি হয়।
לֹא תֹאכַל כׇּל־תּוֹעֵבָֽה׃ | 3 |
৩আপোনালোকে কোনো ঘিণলগীয়া বস্তু নাখাব।
זֹאת הַבְּהֵמָה אֲשֶׁר תֹּאכֵלוּ שׁוֹר שֵׂה כְשָׂבִים וְשֵׂה עִזִּֽים׃ | 4 |
৪আপোনালোকে খাব পৰা পশু এইবোৰ; গৰু, মেৰ, ছাগলী,
אַיָּל וּצְבִי וְיַחְמוּר וְאַקּוֹ וְדִישֹׁן וּתְאוֹ וָזָֽמֶר׃ | 5 |
৫হৰিণা, কৃষ্ণসাৰ, যহমুৰ পহু, বনৰীয়া ছাগলী, দীচোন পশু, টৱো আৰু পৰ্বতীয়া মেৰ-ছাগ।
וְכׇל־בְּהֵמָה מַפְרֶסֶת פַּרְסָה וְשֹׁסַעַת שֶׁסַע שְׁתֵּי פְרָסוֹת מַעֲלַת גֵּרָה בַּבְּהֵמָה אֹתָהּ תֹּאכֵֽלוּ׃ | 6 |
৬যিবোৰ জন্তুৰ খুৰা সম্পূৰ্ণকৈ দুফাল আৰু ঘাঁহ পাগুলে, সেই সকলো পশু আপোনালোকে খাব পাৰিব।
אַךְ אֶת־זֶה לֹא תֹֽאכְלוּ מִמַּֽעֲלֵי הַגֵּרָה וּמִמַּפְרִיסֵי הַפַּרְסָה הַשְּׁסוּעָה אֶֽת־הַגָּמָל וְאֶת־הָאַרְנֶבֶת וְאֶת־הַשָּׁפָן כִּֽי־מַעֲלֵה גֵרָה הֵמָּה וּפַרְסָה לֹא הִפְרִיסוּ טְמֵאִים הֵם לָכֶֽם׃ | 7 |
৭তথাপিও এইবোৰৰ মাজত যিবোৰে ঘাঁহ পাগুলে বা খুৰা দুফাল হোৱা পশুবোৰৰ মাজত আপোনালোকে এইবোৰ খাব নালাগে: উট, শহা আৰু চাফন পহু। কাৰণ সেইবোৰে ঘাঁহ পাগুলে হয়, কিন্তু খুৰা দুফাল নহয়; সেইবোৰ আপোনালোকৰ কাৰণে অশুচি।
וְאֶת־הַחֲזִיר כִּֽי־מַפְרִיס פַּרְסָה הוּא וְלֹא גֵרָה טָמֵא הוּא לָכֶם מִבְּשָׂרָם לֹא תֹאכֵלוּ וּבְנִבְלָתָם לֹא תִגָּֽעוּ׃ | 8 |
৮গাহৰি অশুচি। কাৰণ তাৰ খুৰা দুফাল হলেও সি ঘাঁহ পাগুলি নাথাকে, সি আপোনালোকৰ পক্ষে অশুচি। আপোনালোকে সেইবোৰৰ মাংস নাখাব, সেইবোৰৰ শৱকো নুচুব।
אֶת־זֶה תֹּֽאכְלוּ מִכֹּל אֲשֶׁר בַּמָּיִם כֹּל אֲשֶׁר־לוֹ סְנַפִּיר וְקַשְׂקֶשֶׂת תֹּאכֵֽלוּ׃ | 9 |
৯পানীত বাস কৰা প্রাণীবোৰৰ মাজত যিবোৰৰ পাখি আৰু বাকলি আছে, সেইবোৰ আপোনালোকে খাব পাৰিব।
וְכֹל אֲשֶׁר אֵֽין־לוֹ סְנַפִּיר וְקַשְׂקֶשֶׂת לֹא תֹאכֵלוּ טָמֵא הוּא לָכֶֽם׃ | 10 |
১০কিন্তু যিবোৰৰ পাখি আৰু বাকলি নাই, সেইবোৰ নাখাব। সেইবোৰ আপোনালোকৰ কাৰণে অশুচি।
כׇּל־צִפּוֹר טְהֹרָה תֹּאכֵֽלוּ׃ | 11 |
১১আপোনালোকে সকলোবিধৰ শুচি চৰাই খাব পাৰিব।
וְזֶה אֲשֶׁר לֹֽא־תֹאכְלוּ מֵהֶם הַנֶּשֶׁר וְהַפֶּרֶס וְהָֽעׇזְנִיָּֽה׃ | 12 |
১২কিন্তু আপোনালোকে এইবোৰ খাব নোৱাৰিব: ঈগল, শগুণ, শেন,
וְהָרָאָה וְאֶת־הָאַיָּה וְהַדַּיָּה לְמִינָֽהּ׃ | 13 |
১৩শঙ্কৰ চিলনী, ৰঙা চিলনী, সকলোবিধৰ মটিয়া চিলনী,
וְאֵת כׇּל־עֹרֵב לְמִינֽוֹ׃ | 14 |
১৪সকলো বিধৰ কাউৰী,
וְאֵת בַּת הַֽיַּעֲנָה וְאֶת־הַתַּחְמָס וְאֶת־הַשָּׁחַף וְאֶת־הַנֵּץ לְמִינֵֽהוּ׃ | 15 |
১৫উট চৰাই, ৰাতি-শেন, গঙ্গা-চিলনী, সকলোবিধৰ শেন জাতীয়;
אֶת־הַכּוֹס וְאֶת־הַיַּנְשׁוּף וְהַתִּנְשָֽׁמֶת׃ | 16 |
১৬ফেঁচা, হুদু, বগা-ফেঁচা,
וְהַקָּאָת וְאֶֽת־הָרָחָמָה וְאֶת־הַשָּׁלָֽךְ׃ | 17 |
১৭হাড়গিলা, ঢোঁৰা কাউৰী, মাছৰোকা,
וְהַחֲסִידָה וְהָאֲנָפָה לְמִינָהּ וְהַדּוּכִיפַת וְהָעֲטַלֵּֽף׃ | 18 |
১৮বৰটোকোলা, সকলো বিধৰ বগলী, ৰাজহংস আৰু বাদুলী।
וְכֹל שֶׁרֶץ הָעוֹף טָמֵא הוּא לָכֶם לֹא יֵאָכֵֽלוּ׃ | 19 |
১৯জাক বান্ধি উৰি ফুৰা সকলো পতঙ্গ আপোনালোকৰ কাৰণে অশুচি হ’ব; সেইবোৰ খাব নালাগে।
כׇּל־עוֹף טָהוֹר תֹּאכֵֽלוּ׃ | 20 |
২০কিন্তু আন পাখি থকা শুচি প্রণীবোৰ আপোনালোকে খাব পাৰিব।
לֹא תֹאכְלוּ כׇל־נְבֵלָה לַגֵּר אֲשֶׁר־בִּשְׁעָרֶיךָ תִּתְּנֶנָּה וַאֲכָלָהּ אוֹ מָכֹר לְנׇכְרִי כִּי עַם קָדוֹשׁ אַתָּה לַיהֹוָה אֱלֹהֶיךָ לֹֽא־תְבַשֵּׁל גְּדִי בַּחֲלֵב אִמּֽוֹ׃ | 21 |
২১নিজে মৰি পৰি থকা কোনো পশু আপোনালোকে নাখাব। কিয়নো আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি। কিন্তু আপোনাৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীক তাক দিব পাৰিব আৰু তেওঁলোকে তাক খাব পাৰিব নাইবা আপোনালোকে কোনো বিদেশীৰ ওচৰত তাক বিক্রী কৰিব পাৰিব। ছাগলী পোৱালিৰ মাংস তাৰ মাকৰ গাখীৰত নিসিজাব।
עַשֵּׂר תְּעַשֵּׂר אֵת כׇּל־תְּבוּאַת זַרְעֶךָ הַיֹּצֵא הַשָּׂדֶה שָׁנָה שָׁנָֽה׃ | 22 |
২২বছৰে বছৰে উৎপন্ন হোৱা খেতিৰ শস্যৰ দশম ভাগ আপোনালোকে পৃথক কৰি থব।
וְאָכַלְתָּ לִפְנֵי ׀ יְהֹוָה אֱלֹהֶיךָ בַּמָּקוֹם אֲשֶׁר־יִבְחַר לְשַׁכֵּן שְׁמוֹ שָׁם מַעְשַׂר דְּגָֽנְךָ תִּירֹֽשְׁךָ וְיִצְהָרֶךָ וּבְכֹרֹת בְּקָרְךָ וְצֹאנֶךָ לְמַעַן תִּלְמַד לְיִרְאָה אֶת־יְהֹוָה אֱלֹהֶיךָ כׇּל־הַיָּמִֽים׃ | 23 |
২৩যি ঠাই আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নামৰ বাসস্থান কৰিবৰ কাৰণে মনোনীত কৰিলে, সেই ঠাইত আপোনালোকৰ শস্য, নতুন দ্রাক্ষাৰস, তেলৰ দশম ভাগ আৰু নিজৰ গৰু, মেৰ-ছাগ, ছাগলীৰ প্রথমে জগাবোৰক আপোনালোকে ঈশ্বৰ যিহোৱাৰ সন্মুখত খাব: তাতে আপোনালোকে ঈশ্বৰ যিহোৱাক ভয় ভক্তি কৰিবলৈ শিকিব।
וְכִֽי־יִרְבֶּה מִמְּךָ הַדֶּרֶךְ כִּי לֹא תוּכַל שְׂאֵתוֹ כִּֽי־יִרְחַק מִמְּךָ הַמָּקוֹם אֲשֶׁר יִבְחַר יְהֹוָה אֱלֹהֶיךָ לָשׂוּם שְׁמוֹ שָׁם כִּי יְבָרֶכְךָ יְהֹוָה אֱלֹהֶֽיךָ׃ | 24 |
২৪কিন্তু যি ঠাই আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ অর্থে মনোনীত কৰিব, যদি সেই ঠাই বহু দূৰৈত হয় আৰু তাৰ কাৰণে আপোনালোকৰ যাত্রাও ইমান দীঘলীয়া হয় যে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আশীৰ্ব্বাদত পোৱা দশম ভাগৰ বস্তু তালৈ নিব নোৱাৰিব।
וְנָתַתָּה בַּכָּסֶף וְצַרְתָּ הַכֶּסֶף בְּיָדְךָ וְהָֽלַכְתָּ אֶל־הַמָּקוֹם אֲשֶׁר יִבְחַר יְהֹוָה אֱלֹהֶיךָ בּֽוֹ׃ | 25 |
২৫তেন্তে সেই উৎসর্গিত বস্তু বিক্রি কৰি তাৰ ধন লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ মনোনীত ঠাইলৈ যাব।
וְנָתַתָּה הַכֶּסֶף בְּכֹל אֲשֶׁר־תְּאַוֶּה נַפְשְׁךָ בַּבָּקָר וּבַצֹּאן וּבַיַּיִן וּבַשֵּׁכָר וּבְכֹל אֲשֶׁר תִּֽשְׁאָלְךָ נַפְשֶׁךָ וְאָכַלְתָּ שָּׁם לִפְנֵי יְהֹוָה אֱלֹהֶיךָ וְשָׂמַחְתָּ אַתָּה וּבֵיתֶֽךָ׃ | 26 |
২৬আপোনালোকে সেই ধনেৰে নিজৰ ইচ্ছামতে বস্তু কিনিব, যেনে গৰু, মেৰ-ছাগ, ছাগলী নাইবা দ্ৰাক্ষাৰস বা সুৰা বা আপোনালোকৰ মনৰ ইচ্ছাৰ যি কোনো বস্তু। সেইবোৰ কিনি আপোনালোকে আপোনালোকৰ সপৰিয়ালক লৈ সেই ঠাইতে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আহাৰ গ্রহণ কৰি আনন্দ কৰিব।
וְהַלֵּוִי אֲשֶׁר־בִּשְׁעָרֶיךָ לֹא תַֽעַזְבֶנּוּ כִּי אֵין לוֹ חֵלֶק וְנַחֲלָה עִמָּֽךְ׃ | 27 |
২৭আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা যি লেবীয়াসকল তেওঁলোকক নাপাহৰিব; কিয়নো নিজৰ বুলিবলৈ তেওঁলোকৰ কোনো অংশ বা আধিপত্য নাই।
מִקְצֵה ׀ שָׁלֹשׁ שָׁנִים תּוֹצִיא אֶת־כׇּל־מַעְשַׂר תְּבוּאָתְךָ בַּשָּׁנָה הַהִוא וְהִנַּחְתָּ בִּשְׁעָרֶֽיךָ׃ | 28 |
২৮প্ৰত্যেক তৃতীয় বছৰৰ শেষত, আপোনালোকৰ সেই বছৰৰ উৎপাদিত শস্যৰ দশম ভাগ উলিয়াই আনি আপোনালোকে নগৰৰ দুৱাৰৰ ভিতৰত জমা কৰিব।
וּבָא הַלֵּוִי כִּי אֵֽין־לוֹ חֵלֶק וְנַחֲלָה עִמָּךְ וְהַגֵּר וְהַיָּתוֹם וְהָֽאַלְמָנָה אֲשֶׁר בִּשְׁעָרֶיךָ וְאָכְלוּ וְשָׂבֵעוּ לְמַעַן יְבָרֶכְךָ יְהֹוָה אֱלֹהֶיךָ בְּכׇל־מַעֲשֵׂה יָדְךָ אֲשֶׁר תַּעֲשֶֽׂה׃ | 29 |
২৯তাতে লেবীয়াসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো আধিপত্য নাই, তেওঁলোকৰ লগতে সেই নগৰৰ বিদেশী বাসিন্দাসকল, বিধৱা আৰু পিতৃহীন ল’ৰা-ছোৱালীবোৰে তৃপ্তিৰে খাবলৈ পাব। আপোনালোকৰ হাতে কৰা এই সকলো কাৰ্যত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আশীৰ্ব্বাদ কৰিবৰ কাৰণে ইয়াকে কৰিব।