< דברי הימים ב 15 >

וַעֲזַרְיָהוּ בֶּן־עוֹדֵד הָיְתָה עָלָיו רוּחַ אֱלֹהִֽים׃ 1
পাছত ওদেদ’ৰ পুত্ৰ অজৰিয়াত ঈশ্বৰৰ আত্মা স্থিতি হ’ল৷
וַיֵּצֵא לִפְנֵי אָסָא וַיֹּאמֶר לוֹ שְׁמָעוּנִי אָסָא וְכׇל־יְהוּדָה וּבִנְיָמִן יְהֹוָה עִמָּכֶם בִּֽהְיוֹתְכֶם עִמּוֹ וְאִֽם־תִּדְרְשֻׁהוּ יִמָּצֵא לָכֶם וְאִם־תַּעַזְבֻהוּ יַעֲזֹב אֶתְכֶֽם׃ 2
তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে৷ যদি তোমালোকে তেওঁক বিচাৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।
וְיָמִים רַבִּים לְיִשְׂרָאֵל לְלֹא ׀ אֱלֹהֵי אֱמֶת וּלְלֹא כֹּהֵן מוֹרֶה וּלְלֹא תוֹרָֽה׃ 3
এতেকে বহু কাললৈকে ইস্ৰায়েলে সত্যময় ঈশ্বৰ-বিহীন, শিক্ষা দিওঁতা পুৰোহিত বিহীন আৰু ব্যৱস্থা-বিহীন হৈ আছিল৷
וַיָּשׇׁב בַּצַּר־לוֹ עַל־יְהֹוָה אֱלֹהֵי יִשְׂרָאֵל וַיְבַקְשֻׁהוּ וַיִּמָּצֵא לָהֶֽם׃ 4
কিন্তু সঙ্কটৰ সময়ত যেতিয়া তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰি তেওঁক বিচাৰিলে, তেতিয়া তেওঁ নিজকে তেওঁলোকক পাবলৈ দিছিল।
וּבָעִתִּים הָהֵם אֵין שָׁלוֹם לַיּוֹצֵא וְלַבָּא כִּי מְהוּמֹת רַבּוֹת עַל כׇּל־יֹשְׁבֵי הָאֲרָצֽוֹת׃ 5
সেই সময়ত যি লোক বাহিৰলৈ গৈছিল বা ভিতৰলৈ আহিছিল, সেই লোকৰ কোনো শান্তি নাছিল; কিন্তু দেশ নিবাসী সকলো লোকলৈ বৰ ক্লেশ ঘটিছিল।
וְכֻתְּתוּ גוֹי־בְּגוֹי וְעִיר בְּעִיר כִּֽי־אֱלֹהִים הֲמָמָם בְּכׇל־צָרָֽה׃ 6
এক জাতিয়ে আন জাতিৰে সৈতে আৰু এখন নগৰে আন এখন নগৰে সৈতে খণ্ড খণ্ড হৈ ভগ্ন হৈছিল, কিয়নো ঈশ্বৰে তেওঁলোকক সকলো প্ৰকাৰ সঙ্কটত পেলাই ক্লেশ দিছিল।
וְאַתֶּם חִזְקוּ וְאַל־יִרְפּוּ יְדֵיכֶם כִּי יֵשׁ שָׂכָר לִפְעֻלַּתְכֶֽם׃ 7
কিন্তু এতিয়া তোমালোকে সাহিয়াল হোৱা আৰু তোমালোকৰ হাত শিথিল নহওঁক, কিয়নো তোমালোকক তোমালোকৰ কাৰ্যৰ পুৰস্কাৰ দিয়া যাব।”
וְכִשְׁמֹעַ אָסָא הַדְּבָרִים הָאֵלֶּה וְהַנְּבוּאָה עֹדֵד הַנָּבִיא הִתְחַזַּק וַיַּעֲבֵר הַשִּׁקּוּצִים מִכׇּל־אֶרֶץ יְהוּדָה וּבִנְיָמִן וּמִן־הֶעָרִים אֲשֶׁר לָכַד מֵהַר אֶפְרָיִם וַיְחַדֵּשׁ אֶת־מִזְבַּח יְהֹוָה אֲשֶׁר לִפְנֵי אוּלָם יְהֹוָֽה׃ 8
যেতিয়া আচা’ই এই সকলো বাক্য শুনিলে, অৰ্থাৎ ওদেদ ভাববাদীৰ ভাববাণী শুনি সাহস পালে, যিহূদাৰ আৰু বিন্যামীনৰ গোটেই দেশৰ পৰা আৰু ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত তেওঁ হাত কৰি লোৱা নগৰবোৰৰ পৰাও ঘিণলগা বস্তুবোৰ দূৰ কৰিলে; আৰু যিহোৱাৰ গৃহৰ বাৰাণ্ডাৰ আগত থকা যিহোৱাৰ যজ্ঞবেদীটো নতুনকৈ সাজিলে।
וַיִּקְבֹּץ אֶת־כׇּל־יְהוּדָה וּבִנְיָמִן וְהַגָּרִים עִמָּהֶם מֵאֶפְרַיִם וּמְנַשֶּׁה וּמִשִּׁמְעוֹן כִּֽי־נָפְלוּ עָלָיו מִיִּשְׂרָאֵל לָרֹב בִּרְאֹתָם כִּֽי־יְהֹוָה אֱלֹהָיו עִמּֽוֹ׃ 9
পাছত তেওঁ আটাই যিহূদা আৰু বিন্যামীনক আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা ইফ্ৰয়িম, মনচি আৰু চিমিয়োনৰ পৰা অহা লোকসকলক গোটালে৷ কিয়নো তেওঁৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থকা দেখি, ইস্ৰায়েলৰ মাজৰ পৰা অহা অনেক লোক আহি তেওঁৰ ফলীয়া হৈছিল।
וַיִּקָּבְצוּ יְרוּשָׁלַ͏ִם בַּחֹדֶשׁ הַשְּׁלִשִׁי לִשְׁנַת חֲמֵשׁ־עֶשְׂרֵה לְמַלְכוּת אָסָֽא׃ 10
১০এইদৰে আচা’ৰ ৰাজত্বৰ তৃতীয় মাহত তেওঁলোকে যিৰূচালেমত গোট খালে।
וַיִּזְבְּחוּ לַֽיהֹוָה בַּיּוֹם הַהוּא מִן־הַשָּׁלָל הֵבִיאוּ בָּקָר שְׁבַע מֵאוֹת וְצֹאן שִׁבְעַת אֲלָפִֽים׃ 11
১১আৰু সেই সময়ত তেওঁলোকে লুটি অনা বস্তুৰ পৰা সাতশ ষাঁড়-গৰু আৰু সাত হাজাৰ ভেড়া ও ছাগলী যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিলে।
וַיָּבֹאוּ בַבְּרִית לִדְרוֹשׁ אֶת־יְהֹוָה אֱלֹהֵי אֲבוֹתֵיהֶם בְּכׇל־לְבָבָם וּבְכׇל־נַפְשָֽׁם׃ 12
১২আৰু তেওঁলোকে নিজৰ সকলো চিত্তেৰে সকলো মনেৰে নিজৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰিবলৈ এটি নিয়ম কৰিলে৷
וְכֹל אֲשֶׁר לֹֽא־יִדְרֹשׁ לַיהֹוָה אֱלֹהֵֽי־יִשְׂרָאֵל יוּמָת לְמִן־קָטֹן וְעַד־גָּדוֹל לְמֵאִישׁ וְעַד־אִשָּֽׁה׃ 13
১৩সৰু বা বৰ, পুৰুষ বা মহিলাই হওঁক, যি কোনোৱে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক বিচাৰ নকৰিব, তেওঁৰ প্ৰাণদণ্ড হ’ব, ইয়াকে তেওঁলোকে থিৰ কৰিলে।
וַיִּשָּֽׁבְעוּ לַֽיהֹוָה בְּקוֹל גָּדוֹל וּבִתְרוּעָה וּבַחֲצֹצְרוֹת וּבְשׁוֹפָרֽוֹת׃ 14
১৪তেওঁলোকে বৰ মাতেৰে জয়ধ্বনি কৰি, তুৰী আৰু শিঙা বজাই যিহোৱাৰ সাক্ষাতে শপত ল’লে।
וַיִּשְׂמְחוּ כׇל־יְהוּדָה עַל־הַשְּׁבוּעָה כִּי בְכׇל־לְבָבָם נִשְׁבָּעוּ וּבְכׇל־רְצוֹנָם בִּקְשֻׁהוּ וַיִּמָּצֵא לָהֶם וַיָּנַח יְהֹוָה לָהֶם מִסָּבִֽיב׃ 15
১৫এই শপত লওঁতে আটাই যিহূদাই আনন্দ কৰিলে কিয়নো তেওঁলোকে নিজৰ সকলো মনেৰে সৈতে শপত ল’লে আৰু সম্পূৰ্ণকৈ নিজ ইচ্ছাৰে তেওঁক বিচাৰিলে; তেতিয়া তেওঁলোকে তেওঁক বিচাৰি পালে৷ আৰু যিহোৱাই তেওঁলোকৰ ওপৰত শান্তি প্ৰদান কৰিলে৷
וְגַֽם־מַעֲכָה אֵם ׀ אָסָא הַמֶּלֶךְ הֱסִירָהּ מִגְּבִירָה אֲשֶׁר־עָשְׂתָה לָאֲשֵׁרָה מִפְלָצֶת וַיִּכְרֹת אָסָא אֶת־מִפְלַצְתָּהּ וַיָּדֶק וַיִּשְׂרֹף בְּנַחַל קִדְרֽוֹן׃ 16
১৬ৰজা আচাই তেওঁৰ বুঢ়ীমাক মাখাকো ৰাজমাও পদৰ পৰা আঁতৰাইছিল, কিয়নো তেওঁৰ বুঢ়ীমাক মাখাই আচেৰা মূৰ্তি বুলি এটা ঘিণলগীয়া প্রতিমা স্থাপন কৰিছিল। স্থাপন কৰা সেই মূর্তিটো আচাই কাটি, সেইটো গুৰি কৰি কিদ্ৰোণ জুৰিৰ ওচৰত পুৰি পেলাইছিল। আৰু তাক গুৰি কৰি কিদ্ৰোণ জুৰিৰ কাষত পুৰি পেলালে।
וְהַבָּמוֹת לֹא־סָרוּ מִיִּשְׂרָאֵל רַק לְבַב־אָסָא הָיָה שָׁלֵם כׇּל־יָמָֽיו׃ 17
১৭কিন্তু ইস্ৰায়েলৰ মাজৰ পৰা ওখ ঠাইবোৰ গুচুউৱা নহ’ল৷ তথাপিও আচা’ৰ মন নিজ আয়ুসৰ সকলো কালত সমৰ্পিত আছিল।
וַיָּבֵא אֶת־קׇדְשֵׁי אָבִיו וְקׇדָשָׁיו בֵּית הָאֱלֹהִים כֶּסֶף וְזָהָב וְכֵלִֽים׃ 18
১৮তেওঁ নিজ পিতৃৰ দ্বাৰাই পবিত্ৰ কৰা আৰু নিজেও পবিত্ৰ কৰা বস্তু, অৰ্থাৎ ৰূপ, সোণ আৰু পাত্ৰবোৰ ঈশ্বৰৰ গৃহলৈ আনিছিল।
וּמִלְחָמָה לֹא הָיָתָה עַד שְׁנַת־שְׁלֹשִׁים וְחָמֵשׁ לְמַלְכוּת אָסָֽא׃ 19
১৯আচা’ৰ ৰাজত্বৰ পঁয়ত্ৰিশ বছৰলৈকে কোনো যুদ্ধ হোৱা নাছিল৷

< דברי הימים ב 15 >