< תהילים 89 >
משכיל לאיתן האזרחי ב חסדי יהוה עולם אשירה לדר ודר אודיע אמונתך בפי | 1 |
১মই চিৰকাল যিহোৱাৰ গভীৰ প্রেমৰ কীর্তন কৰিম; মই নিজ মুখেৰে পুৰুষানুক্ৰমে সকলোৰে সন্মুখত তোমাৰ বিশ্বস্ততা প্রচাৰ কৰিম।
כי-אמרתי--עולם חסד יבנה שמים תכן אמונתך בהם | 2 |
২মই ঘোষণা কৰিম যে, তোমাৰ গভীৰ প্রেমৰ কার্য চিৰকালৰ বাবে স্থাপন হৈছে; তোমাৰ বিশ্বস্ততা আকাশমণ্ডলৰ দৰেই স্থায়ী।
כרתי ברית לבחירי נשבעתי לדוד עבדי | 3 |
৩তুমি কৈছা, “মই মোৰ মনোনীত জনৰ কাৰণে এটি নিয়ম স্থাপন কৰিলোঁ, মোৰ দাস দায়ুদৰ আগত মই এই শপত কৰিলোঁ:
עד-עולם אכין זרעך ובניתי לדר-ודור כסאך סלה | 4 |
৪‘মই তোমাৰ বংশক চিৰকালৰ কাৰণে স্থাপন কৰিম; বংশানুক্রমে তোমাৰ সিংহাসন স্থাপন কৰিম’।” (চেলা)
ויודו שמים פלאך יהוה אף-אמונתך בקהל קדשים | 5 |
৫হে যিহোৱা, আকাশ-মণ্ডলে তোমাৰ আচৰিত কৰ্মৰ প্ৰশংসা কৰে; পবিত্ৰ লোকসকলৰ সমাজত তোমাৰ বিশ্বস্ততাৰ প্ৰশংসা কৰে।
כי מי בשחק יערך ליהוה ידמה ליהוה בבני אלים | 6 |
৬আকাশমণ্ডলৰ মাজত এনে কি আছে যাক যিহোৱাৰ লগত তুলনা কৰিব পাৰি? স্বর্গৰ দূতবোৰৰ মাজত যিহোৱাৰ তুল্য কোন আছে?
אל נערץ בסוד-קדשים רבה ונורא על-כל-סביביו | 7 |
৭পবিত্ৰ দূতবোৰৰ সভাত সকলোৱে ঈশ্বৰক ভয় কৰে; তেওঁৰ চৰিওফালে থকা সকলতকৈ তেৱেঁই অতিশয় ভয়ানক।
יהוה אלהי צבאות--מי-כמוך חסין יה ואמונתך סביבותיך | 8 |
৮হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমাৰ তুল্য পৰাক্ৰমী কোন আছে, হে প্রভু? তোমাৰ বিশ্বস্ততাই তোমাক বেৰি ৰাখিছে।
אתה מושל בגאות הים בשוא גליו אתה תשבחם | 9 |
৯তর্জন-গর্জনেৰে ওফন্দি উঠা সমুদ্ৰক তুমি শাসন কৰা; তাৰ ঢৌ উঠিলে তুমিয়েই সেইবোৰক শান্ত কৰা।
אתה דכאת כחלל רהב בזרוע עזך פזרת אויביך | 10 |
১০তুমি ৰাহবক খণ্ড খণ্ড কৰি, হত হোৱা লোকৰ দৰে কৰিলা; তোমাৰ বাহুবলেৰে তুমি তোমাৰ শত্রুবোৰক ছিন্ন-ভিন্ন কৰিলা।
לך שמים אף-לך ארץ תבל ומלאה אתה יסדתם | 11 |
১১আকাশ-মণ্ডল তোমাৰ আৰু পৃথিবীও তোমাৰেই; জগত আৰু তাত থকা সকলোকে তুমিয়েই স্থাপন কৰিলা।
צפון וימין אתה בראתם תבור וחרמון בשמך ירננו | 12 |
১২উত্তৰ আৰু দক্ষিণ তোমাৰেই সৃষ্টি; তাবোৰ আৰু হৰ্মোণে তোমাৰ নামত আনন্দ-ধ্বনি কৰে।
לך זרוע עם-גבורה תעז ידך תרום ימינך | 13 |
১৩তোমাৰ বাহু পৰাক্ৰমেৰে ভৰা; তোমাৰ হাত শক্তিশালী, তোমাৰ সোঁ হাত প্রবল।
צדק ומשפט מכון כסאך חסד ואמת יקדמו פניך | 14 |
১৪ধাৰ্মিকতা আৰু ন্যায়বিচাৰ তোমাৰ সিংহাসনৰ ভিত্তিমূল; প্রেম আৰু বিশ্ৱস্ততা তোমাৰ আগে আগে চলে।
אשרי העם ידעי תרועה יהוה באור-פניך יהלכון | 15 |
১৫ধন্য সেই লোক, যি লোকে আনন্দ-ধ্বনিৰে তোমাৰ আৰাধনা কৰে; হে যিহোৱা, তেওঁলোকে তোমাৰ মুখৰ দীপ্তিত চলাফুৰা কৰে।
בשמך יגילון כל-היום ובצדקתך ירומו | 16 |
১৬ওৰে দিনটো তেওঁলোকে তোমাৰ নামত উল্লাস কৰে; তোমাৰ ধাৰ্মিকতাত তেওঁলোকে তোমাক তুলি ধৰে।
כי-תפארת עזמו אתה וברצונך תרים (תרום) קרנינו | 17 |
১৭তুমিয়েই তেওঁলোকৰ শক্তিৰ শোভা; তোমাৰ অনুগ্ৰহতে আমাৰ শক্তি উন্নত হ’ব।
כי ליהוה מגננו ולקדוש ישראל מלכנו | 18 |
১৮আমাৰ ৰজা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা দ্বাৰায়েই নিযুক্ত, আমাৰ সেই ঢাল যিহোৱাৰেই।
אז דברת בחזון לחסידיך-- ותאמר שויתי עזר על-גבור הרימותי בחור מעם | 19 |
১৯এসময়ত তুমি দর্শনত তোমাৰ ভক্তসকলক কৈছিলা, “এজন বীৰৰ ওপৰত মই সহায় কৰাৰ ভাৰ অৰ্পণ কৰিলোঁ; লোকসকলৰ মাজৰ পৰা এজনক মনোনীত কৰি উন্নত কৰিলোঁ।
מצאתי דוד עבדי בשמן קדשי משחתיו | 20 |
২০মই মোৰ দাস দায়ুদক বিচাৰি পালোঁ; মোৰ পবিত্ৰ তেলেৰে মই তেওঁক অভিষেক কৰিলোঁ।
אשר ידי תכון עמו אף-זרועי תאמצנו | 21 |
২১মোৰ হাত সদায় তেওঁৰ লগত থাকিব; মোৰ বাহুৱেও তেওঁক বলৱান কৰিব।
לא-ישיא אויב בו ובן-עולה לא יעננו | 22 |
২২কোনো শত্রুৱে তেওঁক উপদ্ৰৱ নকৰিব, কোনো দুষ্ট লোকে তেওঁক অত্যাচাৰ নকৰিব।
וכתותי מפניו צריו ומשנאיו אגוף | 23 |
২৩মই তেওঁৰ শত্রুবোৰক তেওঁৰ সন্মুখতে গুড়ি কৰিম; যিসকলে তেওঁক ঘৃণা কৰে, তেওঁলোকক প্ৰহাৰ কৰিম।
ואמונתי וחסדי עמו ובשמי תרום קרנו | 24 |
২৪মোৰ বিশ্বস্ততা আৰু প্রেম তেওঁৰ লগত থাকিব; মোৰ নামত তেওঁৰ শক্তিৰ শিং উর্দ্ধত উঠিব।
ושמתי בים ידו ובנהרות ימינו | 25 |
২৫মই সাগৰৰ ওপৰত তেওঁৰ হাত ৰাখি ক্ষমতা দিম, আৰু তেওঁৰ সোঁহাত নদীবোৰৰ ওপৰত ৰাখিম।
הוא יקראני אבי אתה אלי וצור ישועתי | 26 |
২৬তেওঁ মোক মাতি ক’ব, ‘তুমিয়েই মোৰ পিতৃ, মোৰ ঈশ্বৰ আৰু মোৰ পৰিত্ৰাণৰ শিলা!’
אף-אני בכור אתנהו עליון למלכי-ארץ | 27 |
২৭মই তেওঁক মোৰ জ্যেষ্ঠ পুত্ৰ কৰিম, পৃথিবীৰ ৰজাসকলৰ মাজত তেওঁক সকলোতকৈ শ্ৰেষ্ঠ কৰিম।
לעולם אשמור- (אשמר-) לו חסדי ובריתי נאמנת לו | 28 |
২৮তেওঁৰ প্রতি মোৰ অটল প্রেম চিৰকাললৈকে ৰাখিম; মোৰ নিয়মটি তেওঁৰ লগত থিৰে থাকিব।
ושמתי לעד זרעו וכסאו כימי שמים | 29 |
২৯মই তেওঁৰ বংশকো চিৰকাললৈকে স্থায়ী কৰিম, আকাশ-মণ্ডলৰ দৰেই মই তেওঁৰ সিংহাসন চিৰস্থায়ী কৰিম।
אם-יעזבו בניו תורתי ובמשפטי לא ילכון | 30 |
৩০তেওঁৰ সন্তান সকলে যদি মোৰ ব্যৱস্থা ত্যাগ কৰে, আৰু মোৰ নিয়মৰ পথত নচলে,
אם-חקתי יחללו ומצותי לא ישמרו | 31 |
৩১যদি তেওঁলোকে মোৰ বিধিবোৰ উলঙ্ঘন কৰে, মোৰ আজ্ঞাবোৰ পালন নকৰে,
ופקדתי בשבט פשעם ובנגעים עונם | 32 |
৩২তেন্তে মই বেতেৰে প্রহাৰ কৰি তেওঁলোকক অপৰাধৰ শাস্তি দিম, তেওঁলোকৰ অধৰ্মৰ শাস্তি চাবুকেৰে দিম।
וחסדי לא-אפיר מעמו ולא-אשקר באמונתי | 33 |
৩৩কিন্তু মই মোৰ অটল প্রেম তেওঁৰ পৰা নিচেইকৈ নুগুচাম; মোৰ প্রতিজ্ঞাৰ বিশ্বস্ততা ব্যৰ্থ হবলৈ নিদিম।
לא-אחלל בריתי ומוצא שפתי לא אשנה | 34 |
৩৪মই মোৰ নিয়মটি উলঙ্ঘন নকৰিম, মোৰ ওঁঠৰ পৰা ওলোৱা বাক্য সলনি নকৰিম।
אחת נשבעתי בקדשי אם-לדוד אכזב | 35 |
৩৫মোৰ পবিত্ৰতাৰ শপত খাই মই এবাৰেই ক’লোঁ; মই দায়ুদৰ আগত কেতিয়াও মিছা কথা নকওঁ।
זרעו לעולם יהיה וכסאו כשמש נגדי | 36 |
৩৬তেওঁৰ বংশ চিৰকাললৈকে থাকিব, তেওঁৰ সিংহাসন মোৰ সাক্ষাতে সূৰ্যৰ দৰে চিৰস্থায়ী হব।
כירח יכון עולם ועד בשחק נאמן סלה | 37 |
৩৭সেয়ে আকাশৰ বিশ্বাসী সাক্ষী চন্দ্ৰৰ নিচিনাকৈ চিৰকালৰ কাৰণে স্থাপিত হব।” (চেলা)
ואתה זנחת ותמאס התעברת עם-משיחך | 38 |
৩৮কিন্তু তুমিয়েই পৰিত্যাগ কৰিলা, অগ্ৰাহ্যও কৰিলা; তোমাৰ অভিষিক্ত জনাৰ বিৰুদ্ধে তুমি ক্ৰোধ কৰিছা।
נארתה ברית עבדך חללת לארץ נזרו | 39 |
৩৯তোমাৰ দাসে সৈতে স্থাপন কৰা নিয়মটি তুমি প্রত্যাখান কৰিছা; তুমি তেওঁৰ ৰাজ-মুকুট মাটিলৈ পেলাই অশুচি কৰিলা।
פרצת כל-גדרתיו שמת מבצריו מחתה | 40 |
৪০তুমি তেওঁৰ সকলো প্রাচীৰ ভাঙি পেলালা; তুমি তেওঁৰ কোঁঠবোৰ বিনষ্ট কৰিলা।
שסהו כל-עברי דרך היה חרפה לשכניו | 41 |
৪১তেওঁৰ দেশৰ কাষেদি যোৱা সকলো বাটৰুৱাই তেওঁক লুট কৰে; তেওঁ ওচৰ-চুবুৰীয়াবোৰৰ নিন্দাৰ পাত্র হৈছে।
הרימות ימין צריו השמחת כל-אויביו | 42 |
৪২তুমি তেওঁৰ শত্রুবোৰৰ সোঁ হাত শক্তিশালী কৰিলা; তেওঁৰ সকলো শত্রুকে আনন্দিত কৰিলা।
אף-תשיב צור חרבו ולא הקימתו במלחמה | 43 |
৪৩তুমি তেওঁৰ তৰোৱালৰ ধাৰ ওভটাই দিলা আৰু যুদ্ধত তেওঁক থিয় হবলৈ নিদিলা।
השבת מטהרו וכסאו לארץ מגרתה | 44 |
৪৪তুমি তেওঁৰ হাতৰ ৰাজদণ্ড হৰণ কৰিলা; তেওঁৰ সিংহাসন ভুমিলৈ পতিত কৰিলা।
הקצרת ימי עלומיו העטית עליו בושה סלה | 45 |
৪৫তুমি তেওঁৰ যৌৱন কাল চুটি কৰিলা; তুমি তেওঁক লাজেৰে ঢাকিলা। (চেলা)
עד-מה יהוה תסתר לנצח תבער כמו-אש חמתך | 46 |
৪৬হে যিহোৱা, আৰু কিমান কাল? তুমি সদায়েই নিজকে লুকুৱাই ৰাখিবা নে? কিমান কাল নো তোমাৰ ক্ৰোধ অগ্নিৰ নিচিনাকৈ জ্বলি থাকিব?
זכר-אני מה-חלד על-מה-שוא בראת כל-בני-אדם | 47 |
৪৭মোৰ জীৱন কাল কেনে অলপ দিনীয়া, তাক সোঁৱৰা; কি অসাৰতাৰ কাৰণেইবা তুমি মনুষ্যক স্ৰজিলা!
מי גבר יחיה ולא יראה-מות ימלט נפשו מיד-שאול סלה (Sheol ) | 48 |
৪৮কেতিয়াও মৃত্যু নেদেখাকৈ কোন মানুহ জীয়াই থাকিব পাৰে? চিয়োলৰ হাতৰ পৰা কোনে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰে? (চেলা) (Sheol )
איה חסדיך הראשנים אדני נשבעת לדוד באמונתך | 49 |
৪৯হে যিহোৱা, তোমাৰ পূৰ্বকালৰ সেই অটল প্রেম ক’ত? সেই প্রেম তুমি তোমাৰ বিশ্বস্ততাৰ দ্বাৰাই দায়ুদৰ আগত শপত খাইছিলা।
זכר אדני חרפת עבדיך שאתי בחיקי כל-רבים עמים | 50 |
৫০হে যিহোৱা, তোমাৰ দাসবোৰক কৰা অপমান সোঁৱৰণ কৰা; সোঁৱৰণ কৰা, আন জাতিবোৰে মোলৈ কৰা সেই অপমানবোৰ; কেনেকৈ মই মোৰ বুকুত বহন কৰি আছোঁ।
אשר חרפו אויביך יהוה אשר חרפו עקבות משיחך | 51 |
৫১হে যিহোৱা, তোমাৰ শত্রুবোৰে সেই অপমান কৰিছে, তেওঁলোকে তোমাৰ অভিষিক্ত জনাৰ প্রতি খোজক অপমান কৰিছে।
ברוך יהוה לעולם אמן ואמן | 52 |
৫২যিহোৱা চিৰকাললৈকে ধন্য হওঁক। আমেন, আৰু আমেন।