< תהילים 63 >

מזמור לדוד בהיותו במדבר יהודה ב אלהים אלי אתה-- אשחרך צמאה לך נפשי-- כמה לך בשרי בארץ-ציה ועיף בלי-מים 1
হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ; আন্তৰিকতাৰে মই তোমাক বিচাৰিম; পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে, মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে।
כן בקדש חזיתך-- לראות עזך וכבודך 2
এই দৰে মই তোমাৰ আশ্রয় স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ, পবিত্ৰ স্থানত তোমাক চাইছিলোঁ।
כי-טוב חסדך מחיים שפתי ישבחונך 3
কিয়নো তোমাৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম; মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব।
כן אברכך בחיי בשמך אשא כפי 4
এইদৰে মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামত মই মোৰ হাত প্রার্থনাৰ সময়ত ওপৰলৈ তুলি ধৰিম।
כמו חלב ודשן תשבע נפשי ושפתי רננות יהלל-פי 5
লোকসকলে মগজু আৰু তেলীয়া মাংসত যেনেকৈ সন্তুষ্ট, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হ’ব; আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব।
אם-זכרתיך על-יצועי-- באשמרות אהגה-בך 6
মই মোৰ শয্যাত শুই তোমাৰ কথা ভাৱো; নিশা প্ৰহৰে প্ৰহৰে তোমাক ধ্যান কৰোঁ।
כי-היית עזרתה לי ובצל כנפיך ארנן 7
কিয়নো তুমি মোৰ সহায়কর্তা; তোমাৰ ডেউকাৰ ছাঁত মই আনন্দ কৰিম।
דבקה נפשי אחריך בי תמכה ימינך 8
মোৰ প্ৰাণে তোমাক ধৰি ৰাখিছে; তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিছে।
והמה--לשואה יבקשו נפשי יבאו בתחתיות הארץ 9
যিবোৰে বিনাশৰ অৰ্থে মোৰ প্ৰাণ বিচাৰিছে, তেওঁলোক পৃথিবীৰ অধঃস্থানলৈ গতি কৰিব।
יגירהו על-ידי-חרב מנת שעלים יהיו 10
১০তেওঁলোক তৰোৱালৰ ধাৰত সমৰ্পিত হ’ব; আৰু তেওঁলোকৰ অংশ শিয়ালৰ আহাৰ হ’ব।
והמלך ישמח באלהים יתהלל כל-הנשבע בו כי יסכר פי דוברי-שקר 11
১১কিন্তু ৰজাই ঈশ্বৰত আনন্দ কৰিব; তেওঁৰ নামেৰে শপত কৰা প্ৰতিজনে গৌৰৱ কৰিব, কিয়নো মিছলীয়াবোৰৰ মুখ বন্ধ হ’ব।

< תהילים 63 >