< תהילים 54 >

למנצח בנגינת משכיל לדוד ב בבא הזיפים ויאמרו לשאול הלא דוד מסתתר עמנו ג אלהים בשמך הושיעני ובגבורתך תדינני 1
হে ঈশ্বৰ, তোমাৰ নামৰ দ্বাৰাই মোক উদ্ধাৰ কৰা; তোমাৰ পৰাক্রমেৰে মোৰ দোষ মোচন কৰা।
אלהים שמע תפלתי האזינה לאמרי-פי 2
হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, মোৰ মুখৰ কথালৈ কাণ দিয়া।
כי זרים קמו עלי-- ועריצים בקשו נפשי לא שמו אלהים לנגדם סלה 3
কিয়নো অন্য জাতিৰ লোকসকল মোৰ বিৰুদ্ধে উঠিছে, হৃদয়হীন লোকে মোৰ প্ৰাণ লবলৈ বিচাৰিছে; তেওঁলোকে নিজৰ সন্মুখত ঈশ্বৰক ঠাই নিদিয়ে। (চেলা)
הנה אלהים עזר לי אדני בסמכי נפשי 4
কিন্তু ঈশ্ৱৰ মোৰ সহায়কৰ্তা; ঈশ্বৰেই মোৰ জীৱন ধৰি ৰাখে।
ישוב (ישיב) הרע לשררי באמתך הצמיתם 5
তেওঁ মোৰ শত্ৰুবোৰৰ অপৰাধৰ প্ৰতিশোধ ল’ব; তোমাৰ বিশ্ৱস্ততাত তুমি তেওঁলোকক বিনষ্ট কৰা।
בנדבה אזבחה-לך אודה שמך יהוה כי-טוב 6
মই নিজ ইচ্ছাৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম; হে যিহোৱা, মই তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো সেয়ে উত্তম।
כי מכל-צרה הצילני ובאיבי ראתה עיני 7
কাৰণ তেওঁ মোক মোৰ সকলো সঙ্কটৰ পৰা উদ্ধাৰ কৰিলে; মোৰ চকুৱে শত্ৰুবোৰৰ ওপৰত মোক জয়ী হোৱা দেখিলে।

< תהילים 54 >