< תהילים 45 >

למנצח על-ששנים לבני-קרח משכיל שיר ידידת ב רחש לבי דבר טוב-- אמר אני מעשי למלך לשוני עט סופר מהיר 1
মোৰ হৃদয় ভাল সুন্দৰ ভাৱধাৰাৰে ভৰি পৰিছে; ৰজাৰ উদ্দেশ্যে মই কবিতা ৰচিছো; মোৰ জিভা লেখকৰ কলমৰ দৰে হৈ উঠিছে।
יפיפית מבני אדם-- הוצק חן בשפתותיך על-כן ברכך אלהים לעולם 2
মানুহৰ সন্তান সকলতকৈ তুমি পৰম সুন্দৰ; তোমাৰ ওঁঠযোৰি অনুগ্ৰহেৰে পৰিপূৰ্ণ; ঈশ্বৰে চিৰকাললৈকে তোমাক আশীৰ্ব্বাদ কৰিলে।
חגור-חרבך על-ירך גבור-- הודך והדרך 3
হে বীৰ, তোমাৰ তৰোৱাল কঁকালত বান্ধি লোৱা; গৌৰৱ আৰু মহিমাৰ সাজত তুমি বিভূষিত হোৱা।
והדרך צלח רכב-- על-דבר-אמת וענוה-צדק ותורך נוראות ימינך 4
ধার্মিকতাযুক্ত সত্য আৰু নম্রতাৰ পক্ষে তুমি নিজৰ গৌৰৱত বিজয়ীৰ দৰে যাত্রা কৰা; তোমাৰ সোঁ হাতে তোমাক ভয় জন্মোৱা কাৰ্য শিকাওঁক।
חציך שנונים עמים תחתיך יפלו בלב אויבי המלך 5
তোমাৰ ধনুৰ কাঁড়বোৰ চোকা; ৰজাৰ শত্ৰুবোৰৰ বুকুত সেই কাঁড়বোৰে বিন্ধি যায়; জাতিবোৰ তোমাৰ ভৰিৰ তলত পৰি যায়;
כסאך אלהים עולם ועד שבט מישר שבט מלכותך 6
ঈশ্বৰে তোমাক দিয়া সিংহাসন চিৰস্থায়ী, অনন্ত কাললৈকে থাকে; তোমাৰ ৰাজকীয় ৰাজদণ্ড ন্যায়শাসনৰ দণ্ড।
אהבת צדק ותשנא-רשע על-כן משחך אלהים אלהיך שמן ששון-- מחברך 7
তুমি ধাৰ্মিকতাক ভাল পোৱা আৰু দুষ্টতাক ঘৃণা কৰা; সেইবাবে ঈশ্বৰে, তোমাৰ ঈশ্বৰে, তোমাৰ সংগীসকলতকৈ অধিক বেচি আনন্দৰ তেলেৰে তোমাক অভিষেক কৰিলে।
מר-ואהלות קציעות כל-בגדתיך מן-היכלי שן מני שמחוך 8
গন্ধৰস, অগৰু আৰু দালচিনিৰ সকলো গন্ধত তোমাৰ বস্ত্ৰ সুগন্ধ হৈছে। হাতী-দাঁতেৰে নির্মাণ কৰা অট্টালিকাৰ পৰা তাঁৰযুক্ত বাদ্যযন্ত্ৰৰ বাদ্যই তোমাক আনন্দ দিয়ে।
בנות מלכים ביקרותיך נצבה שגל לימינך בכתם אופיר 9
তোমাৰ সন্মানীত মহিলাসকলৰ মাজত ৰাজকন্যাও আছে; তোমাৰ সোঁহাতে সোণ আৰু ওফীৰৰে বিভূষিতা ৰাণী থিয় হৈ আছে।
שמעי-בת וראי והטי אזנך ושכחי עמך ובית אביך 10
১০হে কন্যা, মন দি কাণ পাতি শুনা; তোমাৰ লোকসকলক তুমি পাহৰি যোৱা; তোমাৰ পিতৃ গৃহৰ কথা পাহৰি যোৱা।
ויתאו המלך יפיך כי-הוא אדניך והשתחוי-לו 11
১১তেতিয়াহে ৰজাই তোমাৰ সৌন্দৰ্য্যত ইচ্ছা প্রকাশ কৰিব; কিয়নো তেৱেঁই তোমাৰ প্ৰভু; তেওঁৰ আগত প্রণাম কৰা।
ובת-צר במנחה פניך יחלו--עשירי עם 12
১২তূৰ নগৰৰ লোকসকলে তোমাৰ অনুগ্রহ বিচাৰি উপহাৰেৰে সৈতে উপস্থিত হব; ধনীসকলেও সকলো সম্পদেৰে সৈতে তোমাৰ অনুগ্ৰহ বিচাৰিব।
כל-כבודה בת-מלך פנימה ממשבצות זהב לבושה 13
১৩ৰাজপ্রাসাদত ৰাজকন্যাক সজ্জিত কৰা হ’ব; তেওঁৰ বস্ত্ৰ সোণৰ সূতাৰে বোৱা হৈছে।
לרקמות תובל למלך בתולות אחריה רעותיה--מובאות לך 14
১৪নানা বৰঙীয়া ফুলাম বস্ত্ৰেৰে বিভূষিত কৰি তেওঁক ৰজাৰ আগলৈ নিয়া হব; তাইৰ পাছত তাইৰ অবিবাহিতা সংগীসকলেও অনুসৰণ কৰিব।
תובלנה בשמחת וגיל תבאינה בהיכל מלך 15
১৫আনন্দ আৰু উল্লাসেৰে তেওঁলোকক লৈ অনা হব; তেওঁলোক ৰজাৰ ৰাজপ্রসাদত আহি সোমাব।
תחת אבתיך יהיו בניך תשיתמו לשרים בכל-הארץ 16
১৬তোমাৰ পূর্বপুৰুষসকলৰ ঠাই তোমাৰ পুত্রসকলে ল’ব; লোকসকলৰ মাজত তুমি তেওঁলোকক গোটেই পৃথিবীত ৰাজকুমাৰ কৰিবা।
אזכירה שמך בכל-דר ודר על-כן עמים יהודוך לעלם ועד 17
১৭মই তোমাৰ নাম পুৰুষানুক্ৰমে সোঁৱৰণ কৰিম; সেইকাৰণে লোকসকলে চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিব।

< תהילים 45 >