< תהילים 4 >

למנצח בנגינות מזמור לדוד ב בקראי ענני אלהי צדקי--בצר הרחבת לי חנני ושמע תפלתי 1
হে মোৰ ধাৰ্মিকতাৰ ঈশ্বৰ, মই যেতিয়া তোমাক মাতো, তেতিয়া তুমি মোক উত্তৰ দিয়া। বিপদে যেতিয়া মোক হেঁচি ধৰিলে, কিন্তু তুমিয়ে মোক বহল ঠাই দিলা; মোক কৃপা কৰা; মোৰ প্ৰাৰ্থনা শুনা।
בני איש עד-מה כבודי לכלמה--תאהבון ריק תבקשו כזב סלה 2
হে মনুষ্য, কিমান কালনো তোমালোকে মোৰ সন্মানক অসন্মান কৰিবা? কিমান কালনো তোমালোকে অসাৰকে ভাল পাই থাকি অসত্যৰ পাছে পাছে দৌৰিবা? (চেলা)
ודעו--כי-הפלה יהוה חסיד לו יהוה ישמע בקראי אליו 3
কিন্তু তোমালোকে জানি থোৱা, যিহোৱাই নিজৰ ভক্তসকলক তেওঁৰ নিজৰ কাৰণে পৃথক কৰিলে। মই মাতিলে, যিহোৱাই মোৰ প্রার্থনা শুনে।
רגזו ואל-תחטאו אמרו בלבבכם על-משכבכם ודמו סלה 4
তোমালোকে মনৰ ব্যাকুলতাত পাপ নকৰিবা; নিজৰ শয্যাত শুই তাক দকৈ মনতে চিন্তা কৰি চাবা আৰু নিজম দি থাকিবা। (চেলা)
זבחו זבחי-צדק ובטחו אל-יהוה 5
তোমালোকে যোগ্য বলি উৎসৰ্গ কৰা, আৰু যিহোৱাত ভাৰসা ৰাখা।
רבים אמרים מי-יראנו-טוב נסה עלינו אור פניך יהוה 6
অনেকে কয়, “অহ! আমি যদি অলপমান মঙ্গলকে দেখা পালোহেঁতেন!” হে যিহোৱা, তোমাৰ মুখৰ দীপ্তি আমাৰ ওপৰত প্রতিফলিত হওঁক।
נתתה שמחה בלבי מעת דגנם ותירושם רבו 7
প্রচুৰ শস্য আৰু নতুন দ্রাক্ষাৰস উভৈনদী হ’লে যেনেকৈ আনন্দ হয়, তাতোকৈয়ো অধিক আনন্দ দি তুমি মোৰ অন্তৰ পূর্ণ কৰি ৰাখিছা।
בשלום יחדו אשכבה ואישן כי-אתה יהוה לבדד לבטח תושיבני 8
মই শান্তিৰে শুই টোপনি যাম। কাৰণ, হে যিহোৱা, কেৱল তুমিয়েই মোক নিৰাপত্তা দি নিৰাপদে ৰাখিছা।

< תהילים 4 >