< תהילים 16 >
מכתם לדוד שמרני אל כי-חסיתי בך | 1 |
১হে ঈশ্বৰ, তুমি মোক ৰক্ষা কৰা, কিয়নো মই তোমাতেই আশ্ৰয় লৈছোঁ।
אמרת ליהוה אדני אתה טובתי בל-עליך | 2 |
২মই যিহোৱাক ক’লোঁ, “তুমিয়েই মোৰ প্ৰভু; তোমাৰ বাহিৰে মোৰ আন কতো মঙ্গল নাই।”
לקדושים אשר-בארץ המה ואדירי כל-חפצי-בם | 3 |
৩পৃথিবীত যি সকল পবিত্ৰ লোক থাকে তেওঁলোক মহান; তেওঁলোকৰ ওপৰতে মোৰ আনন্দ সম্পূৰ্ণ হয়।
ירבו עצבותם אחר מהרו בל-אסיך נסכיהם מדם ובל-אשא את-שמותם על-שפתי | 4 |
৪যিসকলে আন দেৱতাক মনোনীত কৰে, তেওঁলোকৰ অধিক যাতনা হ’ব, তেওঁলোকৰ দেৱতাৰ উদ্দেশ্যে অনা তেজৰ যি পেয় নৈবেদ্য, মই তাক উৎসৰ্গ নকৰিম; দেৱতাৰ নামো মোৰ ওঁঠত নলম।
יהוה מנת-חלקי וכוסי-- אתה תומיך גורלי | 5 |
৫যিহোৱা, তুমিয়েই মোৰ আধিপত্যৰ মনোনীত ভাগ আৰু মোৰ পান-পাত্র; মোৰ ভৱিষ্যত তোমাৰ হাততে আছে।
חבלים נפלו-לי בנעמים אף-נחלת שפרה עלי | 6 |
৬মোৰ সীমাৰ মাজত যি ঠাই পৰিছে, সেয়ে মনোহৰ ঠাই, অৱশ্যেই মোৰ এক মনোমোহা আধিপত্য আছে।
אברך--את-יהוה אשר יעצני אף-לילות יסרוני כליותי | 7 |
৭যি জনাই মোক সুবুদ্ধি দিয়ে, মই সেই যিহোৱাৰ ধন্যবাদ কৰিম; ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে।
שויתי יהוה לנגדי תמיד כי מימיני בל-אמוט | 8 |
৮মই যিহোৱাক সদায় মোৰ সন্মূখত ৰাখোঁ; তেওঁ মোৰ সোঁহাতে থকাত মই অস্থিৰ নহম।
לכן שמח לבי--ויגל כבודי אף-בשרי ישכן לבטח | 9 |
৯এই কাৰণে মোৰ মন আনন্দেৰে ভৰা, মোৰ হৃদয়ে উল্লাস কৰে; মোৰ শৰীৰ নিৰাপদে থাকিব।
כי לא-תעזב נפשי לשאול לא-תתן חסידך לראות שחת (Sheol ) | 10 |
১০কিয়নো তুমি মোৰ প্ৰাণ চিয়োলত ত্যাগ নকৰিবা, তোমাৰ ভক্তজনক গাতত ক্ষয় পাবলৈ নিদিবা। (Sheol )
תודיעני ארח חיים שבע שמחות את-פניך נעמות בימינך נצח | 11 |
১১তুমি মোক জীৱনৰ পথ শিকাইছা; তোমাৰ উপস্থিতিত আছে পৰিপূর্ণ আনন্দ; তোমাৰ সোঁ-হাতত আছে অনন্ত সুখ।