< תהילים 130 >
שיר המעלות ממעמקים קראתיך יהוה | 1 |
১হে যিহোৱা, মই গভীৰ কষ্টৰ মাজত থাকি তোমাক মাতিছো।
אדני שמעה בקולי תהיינה אזניך קשבות-- לקול תחנוני | 2 |
২হে প্ৰভু, মোৰ স্বৰ শুনা! মোৰ কাকুতিৰ স্বৰলৈ তুমি মনোযোগ দিয়া!
אם-עונות תשמר-יה-- אדני מי יעמד | 3 |
৩হে যিহোৱা, তুমি যদি অপৰাধ ধৰি ৰাখা, তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে?
כי-עמך הסליחה-- למען תורא | 4 |
৪কিন্তু তোমাৰ ওচৰত ক্ষমা আছে, যেন মানুহে তোমাক ভয় কৰে।
קויתי יהוה קותה נפשי ולדברו הוחלתי | 5 |
৫মই যিহোৱালৈ অপেক্ষা কৰিছোঁ, মোৰ প্ৰাণে অপেক্ষা কৰিছে, মই তেওঁৰ বাক্যত আশা কৰিছোঁ।
נפשי לאדני-- משמרים לבקר שמרים לבקר | 6 |
৬প্রহৰীসকলে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰে, হয়, তেওঁলোকে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰি থাকে, যিহোৱাৰ কাৰণে মোৰ প্রাণে তাতোকৈ অধিক বেচি অপেক্ষা কৰি আছে।
יחל ישראל אל-יהוה כי-עם-יהוה החסד והרבה עמו פדות | 7 |
৭হে ইস্ৰায়েল, যিহোৱাৰ ওপৰত আশা ৰাখা, কিয়নো যিহোৱাৰ লগত সুস্থিৰ প্রেম আছে; তেওঁৰ মুক্তি দিয়াৰ মহান ক্ষমতা আছে।
והוא יפדה את-ישראל-- מכל עונתיו | 8 |
৮তেৱেঁ ইস্ৰায়েলক মুক্ত কৰিব, সকলো অপৰাধৰ পৰা মুক্ত কৰিব।