< תהילים 116 >

אהבתי כי-ישמע יהוה-- את-קולי תחנוני 1
মই যিহোৱাক প্ৰেম কৰোঁ, কিয়নো তেওঁ মোৰ স্বৰ আৰু কাকুতি শুনিলে।
כי-הטה אזנו לי ובימי אקרא 2
তেওঁ মোৰ কথালৈ কাণ পাতিলে, সেয়ে মই জীয়াই থকা দিনলৈকে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিম।
אפפוני חבלי-מות--ומצרי שאול מצאוני צרה ויגון אמצא (Sheol h7585) 3
মই মৃত্যুৰ জৰীত বান্ধ খাই পৰিছিলোঁ, চিয়োলৰ যাতনাৰ সন্মুখীন হৈছিলো, মই দুখ-কষ্ট পাইছিলো; (Sheol h7585)
ובשם-יהוה אקרא אנה יהוה מלטה נפשי 4
তেতিয়া মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ, “হে যিহোৱা, মই মিনতি কৰিছোঁ, তুমি মোৰ প্ৰাণ ৰক্ষা কৰা!”
חנון יהוה וצדיק ואלהינו מרחם 5
যিহোৱা দয়াময় আৰু ধাৰ্মিক; বাস্তৱিক আমাৰ ঈশ্বৰ স্নেহময়।
שמר פתאים יהוה דלתי ולי יהושיע 6
যিহোৱাই অমায়িক লোকক ৰক্ষা কৰে; মই অসহায় হোৱাত তেওঁ মোক উদ্ধাৰ কৰিলে।
שובי נפשי למנוחיכי כי-יהוה גמל עליכי 7
হে মোৰ প্রাণ, তোমাৰ বিশ্ৰাম-স্থানলৈ উভটি যোৱা, কিয়নো যিহোৱাই তোমাক প্ৰচুৰ মঙ্গল কৰিলে।
כי חלצת נפשי ממות את-עיני מן-דמעה את-רגלי מדחי 8
কাৰণ তুমিয়েই মৃত্যুৰ পৰা প্ৰাণ, চকুলোৰ পৰা মোৰ চকু, উজুটি খোৱাৰ পৰা মোৰ ভৰি ৰক্ষা কৰিলা।
אתהלך לפני יהוה-- בארצות החיים 9
মই জীৱিতসকলৰ দেশত যিহোৱাৰ সাক্ষাতে অহা-যোৱা কৰিম।
האמנתי כי אדבר אני עניתי מאד 10
১০যেতিয়া মই কৈছিলোঁ, “মই অতিশয় উৎপীড়িত হৈছোঁ” তেতিয়াও যিহোৱাত মই বিশ্বাসত আছিলোঁ।
אני אמרתי בחפזי כל-האדם כזב 11
১১মই উদ্বেগ কৰি কৈছিলোঁ, “সকলো মানুহ মিছলীয়া।”
מה-אשיב ליהוה-- כל-תגמולוהי עלי 12
১২যিহোৱাই মোলৈ কৰা সকলো মঙ্গলৰ পৰিবর্তে মই তেওঁক কি দিম?
כוס-ישועות אשא ובשם יהוה אקרא 13
১৩মই পৰিত্ৰাণৰ পানপাত্ৰ তুলি ধৰিম, আৰু যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম;
נדרי ליהוה אשלם נגדה-נא לכל-עמו 14
১৪মই যিহোৱাৰ ওচৰত মোৰ সঙ্কল্পবোৰ পূর্ণ কৰিম; তেওঁৰ সমুদায় লোকৰ সাক্ষাতেই কৰিম।
יקר בעיני יהוה-- המותה לחסידיו 15
১৫যিহোৱাৰ দৃষ্টিত তেওঁৰ বিশ্বাসীসকলৰ মৃত্যু বহুমূল্য।
אנה יהוה כי-אני עבדך אני-עבדך בן-אמתך פתחת למוסרי 16
১৬হে যিহোৱা, সচাঁকৈয়ে মই তোমাৰ দাস হওঁ; মই তোমাৰ দাস, তোমাৰেই দাসীৰ পুত্ৰ; তুমিয়েই মোৰ বন্ধনবোৰ মুকলি কৰিলা।
לך-אזבח זבח תודה ובשם יהוה אקרא 17
১৭মই তোমাৰ উদ্দেশ্যে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম; মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম।
נדרי ליהוה אשלם נגדה-נא לכל-עמו 18
১৮মই যিহোৱাৰ ওচৰত মোৰ সঙ্কল্পবোৰ পূর্ণ কৰিম; তেওঁৰ সমুদায় লোকৰ সাক্ষাতেই কৰিম।
בחצרות בית יהוה-- בתוככי ירושלם הללו-יה 19
১৯হে যিৰূচালেম, তোমাৰেই মাজত, যিহোৱাৰ গৃহৰ চোতাল কেইখনত, মই সেই সকলো পূর্ণ কৰিম। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!

< תהילים 116 >