< תהילים 102 >
תפלה לעני כי-יעטף-- ולפני יהוה ישפך שיחו ב יהוה שמעה תפלתי ושועתי אליך תבוא | 1 |
১হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা; মোৰ কাতৰোক্তি তোমাৰ আগত উপস্থিত হওক।
אל-תסתר פניך ממני-- ביום צר-לי הטה-אלי אזנך ביום אקרא מהר ענני | 2 |
২সঙ্কটৰ কালত তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা; মোলৈ কাণ পাতা; মই প্ৰাৰ্থনা কৰা কালত শীঘ্ৰে মোক উত্তৰ দিয়া।
כי-כלו בעשן ימי ועצמותי כמוקד נחרו | 3 |
৩কিয়নো ধুঁৱাৰ নিচিনাকৈ মোৰ দিনবোৰ বিলীন হৈ গৈছে, মোৰ অস্থিবোৰ যেন অগ্নিশালৰ জুইত জ্বলিছে।
הוכה-כעשב ויבש לבי כי-שכחתי מאכל לחמי | 4 |
৪ৰ’দৰ তাপত লেৰেলি যোৱা ঘাঁহৰ নিচিনাকৈ মোৰ হৃদয় শুকাই গৈছে; এনে কি মই ভোজন কৰিবলৈও পাহৰি যাওঁ।
מקול אנחתי-- דבקה עצמי לבשרי | 5 |
৫মই বৰকৈ কেঁকাই থকাত মোৰ অস্থিবোৰ শৰীৰৰ ছালত লাগি গৈছে।
דמיתי לקאת מדבר הייתי ככוס חרבות | 6 |
৬মই মৰুভূমিত বাস কৰা এটি ফেঁচাৰ নিচিনা হ’লো, ধ্বংসস্তূপত থকা এটা অকলশৰীয়া সৰু ফেঁচাৰ দৰে হ’লো।
שקדתי ואהיה-- כצפור בודד על-גג | 7 |
৭মই টোপনি যাব নোৱাৰো; ঘৰৰ চালত থকা অকলশৰীয়া চৰাইজনীৰ সদৃশ হ’লো।
כל-היום חרפוני אויבי מהוללי בי נשבעו | 8 |
৮মোৰ শত্ৰুবোৰে দিনে-ৰাতিয়ে মোক বিদ্রূপ কৰে; মোৰ বিৰুদ্ধে খঙত উন্মত্ত লোকসকলে মোৰ নাম শাও ৰূপে ব্যৱহাৰ কৰে।
כי-אפר כלחם אכלתי ושקוי בבכי מסכתי | 9 |
৯বাস্তৱিক মই আহাৰ স্বৰূপে ভস্ম খাওঁ; পেয় দ্রব্যৰে সৈতে মোৰ চকুলো মিহলাও;
מפני-זעמך וקצפך-- כי נשאתני ותשליכני | 10 |
১০ইয়াৰ কাৰণ হৈছে তোমাৰ ৰোষ আৰু তোমাৰ ক্রোধ; কিয়নো তুমি মোক ওপৰলৈ তুলি দলিয়াই পেলাই দিলা।
ימי כצל נטוי ואני כעשב איבש | 11 |
১১মোৰ দিনবোৰ সন্ধিয়া পৰৰ ছাঁৰ নিচিনা হৈছে; মই তৃণৰ দৰে শুকাই গৈছোঁ।
ואתה יהוה לעולם תשב וזכרך לדר ודר | 12 |
১২কিন্তু, হে যিহোৱা, তুমি হ’লে তোমাৰ সিংহাসনত চিৰকাললৈকে থাকা; তোমাৰ নামৰ যশস্যা পুৰুষে পুৰুষে স্থায়ী।
אתה תקום תרחם ציון כי-עת לחננה כי-בא מועד | 13 |
১৩তুমি উঠিবা, চিয়োনলৈ কৃপা কৰিবা; এতিয়াই তাৰ প্রতি দয়া কৰাৰ সময় হৈছে, কাৰণ নিৰূপিত সময় উপস্থিত হ’ল।
כי-רצו עבדיך את-אבניה ואת-עפרה יחננו | 14 |
১৪তোমাৰ দাসবোৰৰ ওচৰত তাৰ শিলবোৰ প্রিয়, তাৰ ধুলিকণাৰ ওপৰতো তেওঁলোকৰ মমতা আছে।
וייראו גוים את-שם יהוה וכל-מלכי הארץ את-כבודך | 15 |
১৫যিহোৱাৰ নামক সকলো জাতিয়ে ভয় কৰিব, পৃথিৱীৰ সমুদায় ৰজা তোমাৰ প্ৰতাপত ভীত হ’ব।
כי-בנה יהוה ציון-- נראה בכבודו | 16 |
১৬কিয়নো যিহোৱাই পুনৰ চিয়োনক নিৰ্ম্মাণ কৰিব; তেওঁ নিজৰ মহিমাৰে দৰ্শন দিব।
פנה אל-תפלת הערער ולא-בזה את-תפלתם | 17 |
১৭সেই সময়ত তেওঁ দীনহীনবোৰৰ প্রার্থনাৰ উত্তৰ দিব, তেওঁলোকৰ প্রার্থনাক তেওঁ অগ্রাহ্য নকৰিব।
תכתב זאת לדור אחרון ועם נברא יהלל-יה | 18 |
১৮ভাৱী বংশধৰসকলৰ কাৰণে এই সকলো কথা লিখি থোৱা হ’ব, যাতে এতিয়া জন্ম নোহোৱা সন্তান সকলেও যিহোৱাৰ প্রশংসা কৰিব পাৰে।
כי-השקיף ממרום קדשו יהוה משמים אל-ארץ הביט | 19 |
১৯কিয়নো তেওঁৰ পবিত্র উচ্চ স্থানৰ পৰা তেওঁ তললৈ দৃষ্টি কৰিলে; যিহোৱাই স্বর্গৰ পৰা পৃথিৱীলৈ দৃষ্টি কৰিলে,
לשמע אנקת אסיר לפתח בני תמותה | 20 |
২০যাতে বন্দীসকলৰ কেঁকনি শুনিব পাৰে, মৃত্যুদণ্ডৰে অভিযুক্ত সকলক মুক্ত কৰিব পাৰে।
לספר בציון שם יהוה ותהלתו בירושלם | 21 |
২১চিয়োনত যিহোৱাৰ নাম প্রচাৰিত হ’ব, যিৰূচালেমত তেওঁৰ প্ৰশংসা-স্তুতি হ’ব,
בהקבץ עמים יחדו וממלכות לעבד את-יהוה | 22 |
২২যেতিয়া যিহোৱাৰ সেৱা কৰিবৰ কাৰণে সকলো জাতি আৰু ৰাজ্যবোৰ একত্রিত হ’ব।
ענה בדרך כחו (כחי) קצר ימי | 23 |
২৩জীৱন পথৰ মাজতেই যিহোৱাই মোৰ শক্তি কমাই দিলে; মোৰ আয়ুস চুটি কৰি দিলে।
אמר--אלי אל תעלני בחצי ימי בדור דורים שנותיך | 24 |
২৪সেয়ে মই কৈছো, “হে মোৰ ঈশ্বৰ, জীৱনৰ মাজভাগতে তুমি মোক তুলি নিনিবা; তোমাৰ বছৰবোৰতো সর্বপুৰুষলৈকে স্থায়ী।”
לפנים הארץ יסדת ומעשה ידיך שמים | 25 |
২৫অনেক কালৰ আগতে তুমি এই বিশ্বৰ ভিত্তিমূল স্থাপন কৰিলা; আকাশমণ্ডল তোমাৰ হাতৰ কাৰ্য।
המה יאבדו-- ואתה תעמד וכלם כבגד יבלו כלבוש תחליפם ויחלפו | 26 |
২৬সেইবোৰ ধ্বংস হৈ যাব, কিন্তু তুমি হ’লে চিৰকাল থাকিবা; কাপোৰৰ দৰে সেই সকলো জীৰ্ণ হৈ যাব; তুমি সেইবোৰক বস্ত্ৰৰ নিচিনাকৈ সলনি কৰিবা; তাতে সেইবোৰ আৰু নাথাকিব।
ואתה-הוא ושנותיך לא יתמו | 27 |
২৭কিন্তু তুমি হ’লে সদায় একে, তোমাৰ বছৰৰ কেতিয়াও শেষ নহ’ব।
בני-עבדיך ישכונו וזרעם לפניך יכון | 28 |
২৮তোমাৰ দাসবোৰৰ সন্তান সকল জীয়াই থাকিব; তেওঁলোকৰ বংশধৰসকল তোমাৰ উপস্থিতিত থিৰে থাকিব।