< מִשְׁלֵי 30 >

דברי אגור בן-יקה--המשא נאם הגבר לאיתיאל לאיתיאל ואכל 1
যাকিৰ পুত্ৰ আগুৰে ঈশ্বৰীয় বচন কোৱা: এই মানুহে ঈথীয়েল আৰু উকালত ঘোষণা কৰে:
כי בער אנכי מאיש ולא-בינת אדם לי 2
যি কোনো মনুষ্যতকৈ নিশ্চয় মই বহুত বেছি জন্তুৰ দৰে, আৰু মনুষ্যজাতিৰ বুজা শক্তি মোৰ নাই,
ולא-למדתי חכמה ודעת קדשים אדע 3
আৰু মই প্ৰজ্ঞা শিকা নাই, নাইবা পবিত্ৰ জনাৰ বিষয়েও জ্ঞান পোৱা নাই।
מי עלה-שמים וירד מי אסף-רוח בחפניו מי צרר-מים בשמלה-- מי הקים כל-אפסי-ארץ מה-שמו ומה-שם-בנו כי תדע 4
কোন স্বৰ্গলৈ উঠি গৈছিল, আৰু নামি আহিছিল? কোনে নিজৰ হাতৰ মুঠিত বতাহ ধৰিছিল? কোনে জল সমূহক বান্ধি লুকুৱাই ৰাখিছিল? কোনে পৃথিবীৰ সকলো সীমা স্থাপন কৰিছিল? তেওঁৰ নাম কি? আৰু তেওঁৰ পুত্ৰৰ নাম কি? নিশ্চয় তুমি জানা!
כל-אמרת אלוה צרופה מגן הוא לחסים בו 5
ঈশ্বৰৰ প্ৰতিটো বাক্য প্রমাণিত, তেওঁত আশ্ৰয় লোৱা সকলৰ তেওঁ ঢাল হয়।
אל-תוסף על-דבריו פן-יוכיח בך ונכזבת 6
তেওঁৰ বাক্যৰ লগত একো যোগ নিদিবা; নহ’লে তেওঁ তোমাক তিৰস্কাৰ কৰিব, আৰু তুমি মিছলীয়া বুলি প্রমাণিত হবা।
שתים שאלתי מאתך אל-תמנע ממני בטרם אמות 7
মই তোমাৰ আগত দুটা বস্তু খুজিছোঁ; মোৰ মৃত্যু হোৱাৰ আগতে সেই বস্তু দুটা মোক দিবলৈ অমান্তি নহ’বা।
שוא ודבר-כזב הרחק ממני-- ראש ועשר אל-תתן-לי הטריפני לחם חקי 8
অহংকাৰ আৰু মিছা কথা মোৰ পৰা দূৰ কৰা; মোক দৰিদ্ৰ নাইবা ধনৱান নকৰিবা; কেৱল মোৰ প্রয়োজনীয় আহাৰ মোক দিয়া।
פן אשבע וכחשתי-- ואמרתי מי יהוה ופן-אורש וגנבתי ותפשתי שם אלהי 9
কাৰণ মোৰ যদি অতিৰিক্ত থাকে, তেনেহ’লে মই তোমাক অস্বীকাৰ কৰিম আৰু ক’ম, “যিহোৱা নো কোন?” বা মই যদি দৰিদ্ৰ হওঁ আৰু চুৰ কৰোঁ, তেনেহ’লে মোৰ ঈশ্বৰৰ নাম মই অপবিত্র কৰিম।
אל-תלשן עבד אל-אדנו פן-יקללך ואשמת 10
১০দাসক তেওঁৰ মালিকৰ আগত নিন্দা নকৰিবা; কৰিলে তেওঁ তোমাক শাও দিব, আৰু তুমি দোষী বুলি গণিত হ’ব।
דור אביו יקלל ואת-אמו לא יברך 11
১১এটা বংশ আছে, যি নিজৰ পিতৃক শাও দিয়ে, আৰু নিজৰ মাতৃক মহিমান্বিত নকৰে।
דור טהור בעיניו ומצאתו לא רחץ 12
১২সেই বংশই নিজে নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু তেওঁলোকে নিজৰ কলুষিতা পৰিত্যাগ নকৰে।
דור מה-רמו עיניו ועפעפיו ינשאו 13
১৩সেই বংশ নিজৰ দৃষ্টিতে নিজে বহুত অহংকাৰী! আৰু তেওঁলোকে চকুৰ পিৰিঠি ওপৰ কৰি ৰাখে!
דור חרבות שניו-- ומאכלות מתלעתיו לאכל עניים מארץ ואביונים מאדם 14
১৪তেওঁলোক এনে বংশ; যিসকলৰ দাঁত তৰোৱালৰ দৰে, আৰু গালৰ হাড় ছুৰিৰ দৰে, সেয়ে তেওঁলোকে দেশৰ পৰা দৰিদ্ৰ সকলক আৰু মানুহৰ মাজৰ পৰা অভাৱী সকলক গ্রাস কৰিব পাৰে।
לעלוקה שתי בנות-- הב הב שלוש הנה לא תשבענה ארבע לא-אמרו הון 15
১৫জোকৰ দুজনী জীয়েক আছে; “দিয়া দিয়া” বুলি তেওঁলোকে কান্দে। তিনিটা বিষয় আছে, যি কেতিয়াও সন্তুষ্ট নহয়, চতুৰ্থ বিষয়ে কেতিয়াও নকয় “যথেষ্ট হ’ল”
שאול ועצר-רחם ארץ לא-שבעה מים ואש לא-אמרה הון (Sheol h7585) 16
১৬চিয়োল, বাঁজী তিৰোতাৰ গৰ্ভ, পানীৰ বাবে তৃষ্ণাতুৰ হোৱা মাটি, আৰু জুইয়ে কেতিয়াও নকয়, “যথেষ্ট হ’ল।” (Sheol h7585)
עין תלעג לאב-- ותבז ליקהת-אם יקרוה ערבי-נחל ויאכלוה בני-נשר 17
১৭যি চকুৱে নিজৰ পিতৃক উপহাস কৰে, আৰু মাতৃৰ আজ্ঞা পালন কৰিবলৈ ঘিণ কৰে, তেওঁৰ চকু উপত্যকাৰ কাউৰীবোৰৰ দ্বাৰাই কাঢ়ি উলিওৱা হ’ব, আৰু শগুণে তেওঁক খাব।
שלשה המה נפלאו ממני וארבע (וארבעה) לא ידעתים 18
১৮ইয়াত তিনিটা বিষয় আছে, যি মোৰ বাবে অতি অদ্ভুত, চতুৰ্থ বিষয় মই বুজি নাপাওঁ:
דרך הנשר בשמים-- דרך נחש עלי-צור דרך-אניה בלב-ים-- ודרך גבר בעלמה 19
১৯ঈগলে আকাশত উৰে; সাপে শিলত বগায়; জাহাজে সমুদ্রৰ মাজত গতি কৰে, আৰু পুৰুষে মহিলাৰ সৈতে জীৱনধাৰণ কৰে।
כן דרך אשה-- מנאפת אכלה ומחתה פיה ואמרה לא-פעלתי און 20
২০এইদৰে ব্যভিচৰিণীৰ পথ; তেওঁ খাই আৰু মুখ মঁচে আৰু কয়, “মই কোনো ভুল কৰা নাই।”
תחת שלוש רגזה ארץ ותחת ארבע לא-תוכל שאת 21
২১তিনিটা বিষয়ত পৃথিৱী কঁপে, আৰু চতুৰ্থ বিষয় সহিব নোৱাৰি:
תחת-עבד כי ימלוך ונבל כי ישבע-לחם 22
২২যেতিয়া এজন দাস ৰজা হয়; আৰু এজন মুৰ্খই আহাৰ খাই তৃপ্ত হয়;
תחת שנואה כי תבעל ושפחה כי תירש גברתה 23
২৩ঘিণলগীয়া মহিলাই যেতিয়া বিবাহ হয়; আৰু এগৰাকী দাসীয়ে যেতিয়া নিজৰ গৃহিনীৰ স্থান লয়।
ארבעה הם קטני-ארץ והמה חכמים מחכמים 24
২৪পৃথিবীত চাৰিটা ক্ষুদ্ৰ বস্তু আছে; তথাপিও সেইবোৰ বহুত জ্ঞানী।
הנמלים עם לא-עז ויכינו בקיץ לחמם 25
২৫পৰুৱা শক্তিশালী প্রাণী নহয়, তথাপি সিহঁতে গ্রীষ্ম কালত সিহঁতৰ আহাৰ যুগুত কৰে;
שפנים עם לא-עצום וישימו בסלע ביתם 26
২৬চাফন পশু শক্তিমান জীৱ নহয়, তথাপি সিহঁতে শিলৰ মাজত নিজৰ ঘৰ সাজে;
מלך אין לארבה ויצא חצץ כלו 27
২৭ফৰিংবোৰৰ ৰজা নাথাকে, তথাপি সিহঁত সকলোৱে শ্রেণী অনুসাৰে অতিক্রম কৰে;
שממית בידים תתפש והיא בהיכלי מלך 28
২৮জেঠীক তুমি তোমাৰ দুয়োখন হাতেৰে ধৰি ৰাখিব পাৰা; তথাপি সিহঁত ৰজাৰ অট্টালিকাত বাস কৰে।
שלשה המה מיטיבי צעד וארבעה מיטבי לכת 29
২৯নিজৰ দীঘল খোজৰ বাবে গৌৰৱ কৰা তিনিটা জীৱ আছে, চতুৰ্থবোৰ নিজৰ খোজ কঢ়াৰ ধৰণৰত গৌৰৱ কৰে।
ליש גבור בבהמה ולא-ישוב מפני-כל 30
৩০জন্তুৰ মাজত শক্তিশালী সিংহ, আৰু ই কোনো বস্তুৰ পৰা আঁতৰি নাহে;
זרזיר מתנים או-תיש ומלך אלקום עמו 31
৩১বুকু ফিন্দাই খোজ কঢ়া মতা কুকুৰা, মতা ছাগলী, আৰু সৈন্যসকলৰ কাষত থকা ৰজা।
אם-נבלת בהתנשא ואם-זמות יד לפה 32
৩২তুমি যদি অজ্ঞানী হোৱা, তেনেহ’লে তুমি নিজকে প্রশংসা কৰা, বা যদি তুমি কু-কল্পনা কৰা, তেনেহ’লে তোমাৰ মুখত তোমাৰ হাত দিয়া।
כי מיץ חלב יוציא חמאה-- ומיץ-אף יוציא דם ומיץ אפים יוציא ריב 33
৩৩যিদৰে গাখীৰ মন্থন কৰিলে মাখন হয়, আৰু নাক মোহাৰিলে তেজ ওলায়, সেইদৰে ক্ৰোধে বিবাদ সৃষ্টি কৰে।

< מִשְׁלֵי 30 >