< במדבר 29 >
ובחדש השביעי באחד לחדש מקרא קדש יהיה לכם--כל מלאכת עבדה לא תעשו יום תרועה יהיה לכם | 1 |
১আৰু সপ্তম মাহত, মাহৰ প্ৰথম দিনা যিহোৱাৰ সন্মানৰ অৰ্থে তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকৰ কোনো দৈনন্দিন ব্যৱসায় কৰ্ম নকৰিবা। সেই দিনা তোমালোকৰ তূৰী বজোৱা দিন হ’ব।
ועשיתם עלה לריח ניחח ליהוה--פר בן בקר אחד איל אחד כבשים בני שנה שבעה תמימם | 2 |
২সেই দিনা তোমালোকে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলিস্বৰূপে এটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা নিঘূণ এবছৰীয়া মতা মেৰ পোৱালি ৰাখিবা।
ומנחתם--סלת בלולה בשמן שלשה עשרנים לפר שני עשרנים לאיל | 3 |
৩আৰু সেই দমৰা গৰুটোৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ,
ועשרון אחד לכבש האחד לשבעת הכבשים | 4 |
৪আৰু মেৰ পোৱালিৰ সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা।
ושעיר עזים אחד חטאת לכפר עליכם | 5 |
৫আৰু তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা।
מלבד עלת החדש ומנחתה ועלת התמיד ומנחתה ונסכיהם כמשפטם לריח ניחח אשה ליהוה | 6 |
৬নতুন জোনৰ হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য, নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য আৰু সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও, সেইবোৰৰ বিধিমতে তোমালোকে সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে সেই সকলোকে উৎসৰ্গ কৰিবা।
ובעשור לחדש השביעי הזה מקרא קדש יהיה לכם ועניתם את נפשתיכם כל מלאכה לא תעשו | 7 |
৭সেই সপ্তম মাহৰ দশম দিনা যিহোৱাৰ সন্মানৰ অৰ্থে তোমালোকৰ পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে নিজ নিজ প্ৰাণক দুখ দিবা আৰু কোনো কাৰ্য নকৰিবা।
והקרבתם עלה ליהוה ריח ניחח פר בן בקר אחד איל אחד כבשים בני שנה שבעה תמימם יהיו לכם | 8 |
৮কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলি স্বৰূপে এটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ নিঘূণ পশু হ’ব লাগিব।
ומנחתם--סלת בלולה בשמן שלשה עשרנים לפר שני עשרנים לאיל האחד | 9 |
৯আৰু দমৰা গৰুটোৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ,
עשרון עשרון לכבש האחד--לשבעת הכבשים | 10 |
১০আৰু মেৰ পোৱালি সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব।
שעיר עזים אחד חטאת מלבד חטאת הכפרים ועלת התמיד ומנחתה ונסכיהם | 11 |
১১আৰু পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। প্ৰায়শ্চিত্তৰ পাপাৰ্থক বলিৰ, নিত্য হোম বলিৰ, তাৰ ভক্ষ্য নৈবেদ্যৰ আৰু সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও, এই সকলোকে উৎসৰ্গ কৰিবা।
ובחמשה עשר יום לחדש השביעי מקרא קדש יהיה לכם--כל מלאכת עבדה לא תעשו וחגתם חג ליהוה שבעת ימים | 12 |
১২আৰু সপ্তম মাহৰ পঞ্চদশ দিনা যিহোৱাৰ সন্মানৰ উদ্দেশ্যে তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো দৈনন্দিন ব্যৱসায় কৰ্ম নকৰিবা আৰু তোমালোকে সাত দিনলৈকে যিহোৱাৰ উদ্দেশ্যে উৎসৱ পালন কৰিবা।
והקרבתם עלה אשה ריח ניחח ליהוה--פרים בני בקר שלשה עשר אילם שנים כבשים בני שנה ארבעה עשר תמימם יהיו | 13 |
১৩আৰু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰস্বৰূপে হোম-বলিৰ কাৰণে তেৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ প্রত্যেকটিয়েই নিৰ্ঘূণী পশু হ’ব লাগিব।
ומנחתם--סלת בלולה בשמן שלשה עשרנים לפר האחד לשלשה עשר פרים שני עשרנים לאיל האחד לשני האילם | 14 |
১৪আৰু দমৰা গৰু তেৰটাৰ প্ৰত্যেক গৰুৰ কাৰণে দহ ভাগৰ তিনি ভাগ আৰু মতা মেৰ দুটাৰ প্ৰত্যেক মেৰৰ কাৰণে দহ ভাগৰ দুভাগ,
ועשרון עשרון לכבש האחד--לארבעה עשר כבשים | 15 |
১৫আৰু মতা মেৰ পোৱালি চৌধ্যটাৰ প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব।
ושעיר עזים אחד חטאת מלבד עלת התמיד מנחתה ונסכה | 16 |
১৬আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
וביום השני פרים בני בקר שנים עשר--אילם שנים כבשים בני שנה ארבעה עשר תמימם | 17 |
১৭আৰু পবিত্র সভাৰ দ্বিতীয় দিনা বাৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।
ומנחתם ונסכיהם לפרים לאילם ולכבשים במספרם--כמשפט | 18 |
১৮আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব; আৰু পাপাৰ্থক বলিৰ নিমিত্তে এটা মতা ছাগলী আজ্ঞা দিয়াৰ দৰেই উৎসৰ্গ কৰিবা।
ושעיר עזים אחד חטאת מלבד עלת התמיד ומנחתה ונסכיהם | 19 |
১৯নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
וביום השלישי פרים עשתי עשר אילם שנים כבשים בני שנה ארבעה עשר תמימם | 20 |
২০আৰু পবিত্র সভাৰ তৃতীয় দিনা এঘাৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা, আৰু সেইবোৰ নিঘূণ পশু হ’ব লাগিব।
ומנחתם ונסכיהם לפרים לאילם ולכבשים במספרם--כמשפט | 21 |
২১আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।
ושעיר חטאת אחד מלבד עלת התמיד ומנחתה ונסכה | 22 |
২২আৰু পাপাৰ্থক বলিৰ অৰ্থে এটা মতা ছাগলী, উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
וביום הרביעי פרים עשרה אילם שנים כבשים בני שנה ארבעה עשר תמימם | 23 |
২৩আৰু পবিত্র সভাৰ চতুৰ্থ দিনা দহোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া নিঘূণী মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।
מנחתם ונסכיהם לפרים לאילם ולכבשים במספרם--כמשפט | 24 |
২৪আৰু দমৰা গৰুৰ, মেৰৰ, আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধি অনুসাৰে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।
ושעיר עזים אחד חטאת מלבד עלת התמיד מנחתה ונסכה | 25 |
২৫আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
וביום החמישי פרים תשעה אילם שנים כבשים בני שנה ארבעה עשר תמימם | 26 |
২৬আৰু পঞ্চম দিনা নটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা, আৰু প্রত্যেকটি নিঘুণ পশু হ’ব লাগিব।
ומנחתם ונסכיהם לפרים לאילם ולכבשים במספרם--כמשפט | 27 |
২৭আৰু দমৰা গৰুৰ, মেৰৰ, মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধি অনুসাৰে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব;
ושעיר חטאת אחד מלבד עלת התמיד ומנחתה ונסכה | 28 |
২৮আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
וביום הששי פרים שמנה אילם שנים כבשים בני שנה ארבעה עשר תמימם | 29 |
২৯আৰু পবিত্র সভাৰ ষষ্ঠ দিনা আঠোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।
ומנחתם ונסכיהם לפרים לאילם ולכבשים במספרם--כמשפט | 30 |
৩০আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।
ושעיר חטאת אחד מלבד עלת התמיד מנחתה ונסכיה | 31 |
৩১আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
וביום השביעי פרים שבעה אילם שנים כבשים בני שנה ארבעה עשר תמימם | 32 |
৩২আৰু সপ্তম দিনা সাতোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।
ומנחתם ונסכהם לפרים לאילם ולכבשים במספרם--כמשפטם | 33 |
৩৩আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।
ושעיר חטאת אחד מלבד עלת התמיד מנחתה ונסכה | 34 |
৩৪আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য আৰু তাৰ পেয় নৈবেদ্যবোৰৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
ביום השמיני--עצרת תהיה לכם כל מלאכת עבדה לא תעשו | 35 |
৩৫অষ্টম দিনা তোমালোকৰ আৰু এখন ধৰ্মীয় সভা হ’ব। সেইদিনা তোমালোকে কোনো দৈনন্দিন ব্যৱসায়ৰ কৰ্ম নকৰিবা।
והקרבתם עלה אשה ריח ניחח ליהוה--פר אחד איל אחד כבשים בני שנה שבעה תמימם | 36 |
৩৬কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ স্বৰূপে হোম বলিৰ কাৰণে এটা দমৰা গৰু এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।
מנחתם ונסכיהם לפר לאיל ולכבשים במספרם--כמשפט | 37 |
৩৭আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।
ושעיר חטאת אחד מלבד עלת התמיד ומנחתה ונסכה | 38 |
৩৮আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
אלה תעשו ליהוה במועדיכם--לבד מנדריכם ונדבתיכם לעלתיכם ולמנחתיכם ולנסכיכם ולשלמיכם | 39 |
৩৯সঙ্কল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া আৰু ইচ্ছামতে এনেই দিয়া তোমালোকৰ উপহাৰৰ বাহিৰে, তোমালোকৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ কাৰণে আৰু তোমালোকৰ মঙ্গলাৰ্থক বলিৰ কাৰণে এইবোৰ তোমালোকৰ নিজৰ নিৰূপিত পৰ্ব্ববোৰত যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।”
ויאמר משה אל בני ישראל ככל אשר צוה יהוה את משה | 40 |
৪০মোচিয়ে যিহোৱাৰ পৰা পোৱা সকলো আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলক এই সকলো কথা ক’লে।