< במדבר 28 >
১পাছত যিহোৱাই মোচিক ক’লে,
צו את בני ישראל ואמרת אלהם את קרבני לחמי לאשי ריח ניחחי תשמרו להקריב לי במועדו | 2 |
২“তুমি ইস্ৰায়েলৰ সন্তানসকলক আজ্ঞা দিয়া আৰু কোৱা, ‘তেওঁলোকে যেন মোৰ উপহাৰ আৰু মোৰ সুঘ্ৰাণাৰ্থক মোৰ ভক্ষ্যস্বৰূপ মোৰ অগ্নিকৃত উপহাৰ নিজ নিজ নিয়মিত সময়ত মোৰ অৰ্থে উৎসৰ্গ কৰিবৰ বাবে তেওঁলোক যেন সজাগে থাকে’।
ואמרת להם--זה האשה אשר תקריבו ליהוה כבשים בני שנה תמימם שנים ליום עלה תמיד | 3 |
৩এই হেতুকে তুমি ইয়াকো তেওঁলোকক কোৱা যে, ‘তোমালোকে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব লগা অগ্নিকৃত উপহাৰ এই, প্ৰতিদিনে নিত্য হোমৰ অৰ্থে দুটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি ল’বা।
את הכבש אחד תעשה בבקר ואת הכבש השני תעשה בין הערבים | 4 |
৪এটা মেৰ পোৱালি ৰাতিপুৱা উৎসৰ্গ কৰিবা আৰু আনটো মেৰ পোৱালি সন্ধিয়া পৰত উৎসৰ্গ কৰিবা।
ועשירית האיפה סלת למנחה בלולה בשמן כתית רביעת ההין | 5 |
৫আৰু ভক্ষ্য নৈবেদ্যৰ কাৰণে হীনৰ চাৰিভাগৰ এভাগ খুন্দি উলিওৱা তেল মিহলোৱা ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি ল’বা।
עלת תמיד--העשיה בהר סיני לריח ניחח אשה ליהוה | 6 |
৬এয়ে নিত্য হোম; যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণাৰ্থক অগ্নিকৃত উপহাৰস্বৰূপে চীনয় পৰ্ব্বতত এই আজ্ঞাই নিৰূপিত হৈছিল।
ונסכו רביעת ההין לכבש האחד בקדש הסך נסך שכר--ליהוה | 7 |
৭আৰু তাৰ প্ৰথম মেৰ পোৱালিৰ কাৰণে হীনৰ চাৰি ভাগৰ এভাগ তাৰ পেয় নৈবেদ্য হ’ব; তুমি পবিত্ৰ স্থানত যিহোৱাৰ উদ্দেশ্যে পেয় নৈবেদ্যস্বৰূপে ৰাগীয়াল ৰস ঢালি দিবা।
ואת הכבש השני תעשה בין הערבים כמנחת הבקר וכנסכו תעשה אשה ריח ניחח ליהוה | 8 |
৮আৰু দ্বিতীয় মেৰ পোৱালিটো সন্ধিয়া পৰত উৎসৰ্গ কৰিবা; ৰাতিপুৱা দিয়া ভক্ষ্য নৈবেদ্য আৰু তাৰ পেয় নৈবেদ্যৰ দৰে তাকো যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণাৰ্থক অগ্নিকৃত উপহাৰস্বৰূপে উৎসৰ্গ কৰিবা।
וביום השבת--שני כבשים בני שנה תמימם ושני עשרנים סלת מנחה בלולה בשמן--ונסכו | 9 |
৯আৰু বিশ্ৰাম-দিনত দুটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি, আৰু তেল মিহলোৱা ঐফাৰ দহ ভাগৰ দুভাগ ভক্ষ্য নৈবেদ্য আৰু তাৰ পেয় নৈবেদ্য উৎসৰ্গ কৰিবা; ।
עלת שבת בשבתו על עלת התמיד ונסכה | 10 |
১০নিত্য হোম আৰু পেয় নৈবেদ্যৰ বাহিৰেও প্ৰতি বিশ্ৰাম-বাৰে এই হোম হ’ব।
ובראשי חדשיכם--תקריבו עלה ליהוה פרים בני בקר שנים ואיל אחד כבשים בני שנה שבעה תמימם | 11 |
১১আৰু প্ৰত্যেক মাহৰ আৰম্ভণিতে তোমালোকে যিহোৱাৰ উদ্দেশ্যে হোমৰ বাবে দুটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা নিঘূণ মতা মেৰ পোৱালি, এই সকলোকে উৎসৰ্গ কৰিবা।
ושלשה עשרנים סלת מנחה בלולה בשמן לפר האחד ושני עשרנים סלת מנחה בלולה בשמן לאיל האחד | 12 |
১২আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে ভক্ষ্য নৈবেদ্যস্বৰূপে ঐফাৰ দহ ভাগৰ তিনি ভাগ, তেল মিহলোৱা মিহি আটাগুড়ি, আৰু মতা মেৰটোৰ কাৰণে ভক্ষ্য নৈবেদ্যস্বৰূপে দহ ভাগৰ দুভাগ, তেল মিহলোৱা মিহি আটাগুড়ি,
ועשרן עשרון סלת מנחה בלולה בשמן לכבש האחד עלה ריח ניחח אשה ליהוה | 13 |
১৩আৰু প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে ভক্ষ্য নৈবেদ্যস্বৰূপে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি উৎসৰ্গ কৰিবা; সেয়ে সুঘ্ৰাণাৰ্থক হোম-বলি, যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ।
ונסכיהם חצי ההין יהיה לפר ושלישת ההין לאיל ורביעת ההין לכבש--יין זאת עלת חדש בחדשו לחדשי השנה | 14 |
১৪আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে হীনৰ আধা ভাগ, আৰু মতা মেৰটোৰ কাৰণে হীনৰ তিনি ভাগৰ এভাগ আৰু প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে হীনৰ চাৰিভাগৰ এভাগ দ্ৰাক্ষাৰস সেইবোৰৰ পেয় নৈবেদ্য হ’ব; এয়ে বছৰৰ প্ৰত্যেক মাহত কৰিব লগীয়া মাহেকীয়া হোম।
ושעיר עזים אחד לחטאת ליהוה על עלת התמיד יעשה ונסכו | 15 |
১৫আৰু যিহোৱাৰ উদ্দেশ্যে পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম আৰু তাৰ পেয় নৈবেদ্যৰ বাহিৰেও ইয়াক কৰিব লাগিব।
ובחדש הראשון בארבעה עשר יום--לחדש פסח ליהוה | 16 |
১৬পাছত প্ৰথম মাহৰ চতুৰ্দ্দশ দিনা যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব হ’ব।
ובחמשה עשר יום לחדש הזה חג שבעת ימים מצות יאכל | 17 |
১৭আৰু সেই মাহৰ পঞ্চদশ দিনা উৎসৱ হ’ব, সাত দিন খমীৰ নিদিয়া পিঠা ভোজন কৰিব লাগিব।
ביום הראשון מקרא קדש כל מלאכת עבדה לא תעשו | 18 |
১৮প্ৰথম দিনা পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা।
והקרבתם אשה עלה ליהוה פרים בני בקר שנים ואיל אחד ושבעה כבשים בני שנה תמימם יהיו לכם | 19 |
১৯কিন্তু যিহোৱাৰ উদ্দেশ্যে হোম-বলিৰ অৰ্থে অগ্নিকৃত উপহাৰস্বৰূপে দুটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; সেইবোৰ নিঘূণ পশু হ’ব।
ומנחתם--סלת בלולה בשמן שלשה עשרנים לפר ושני עשרנים לאיל--תעשו | 20 |
২০আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে দহ ভাগৰ তিনিভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ।
עשרון עשרון תעשה לכבש האחד--לשבעת הכבשים | 21 |
২১আৰু মেৰ পোৱালি সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব।
ושעיר חטאת אחד לכפר עליכם | 22 |
২২আৰু তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা।
מלבד עלת הבקר אשר לעלת התמיד--תעשו את אלה | 23 |
২৩নিত্য হোমৰ অৰ্থে ৰাতিপুৱাৰ যি হোম-বলি, তাৰ বাহিৰেও এই সকলোকে উৎসৰ্গ কৰিবা।
כאלה תעשו ליום שבעת ימים--לחם אשה ריח ניחח ליהוה על עולת התמיד יעשה ונסכו | 24 |
২৪এই নিয়ম অনুসাৰে তোমালোকে সাত দিনলৈকে প্ৰতি দিনে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে ভক্ষ্যস্বৰূপ অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা; নিত্য হোম আৰু তাৰ পেয় নৈবেদ্যৰ বাহিৰেও ইয়াক উৎসৰ্গ কৰিবা।
וביום השביעי--מקרא קדש יהיה לכם כל מלאכת עבדה לא תעשו | 25 |
২৫আৰু সপ্তম দিনা তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা।
וביום הבכורים בהקריבכם מנחה חדשה ליהוה--בשבעתיכם מקרא קדש יהיה לכם כל מלאכת עבדה לא תעשו | 26 |
২৬যি দিনা তোমালোকে সাত সপ্তাহৰ অন্তত হোৱা পৰ্ব্বত যিহোৱালৈ কোনো নতুন ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰা, প্ৰথমে পকা ফল দিয়া সেই দিনা তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা কোনো ব্যৱসায় কৰ্ম নকৰিবা।
והקרבתם עולה לריח ניחח ליהוה--פרים בני בקר שנים איל אחד שבעה כבשים בני שנה | 27 |
২৭কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলিস্বৰূপে দুটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি
ומנחתם--סלת בלולה בשמן שלשה עשרנים לפר האחד שני עשרנים לאיל האחד | 28 |
২৮আৰু প্রত্যেক দমৰা গৰুৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ।
עשרון עשרון לכבש האחד--לשבעת הכבשים | 29 |
২৯আৰু মেৰ পোৱালি সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা।
שעיר עזים אחד לכפר עליכם | 30 |
৩০আৰু তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ এটা মতা ছাগলী উৎসৰ্গ কৰিবা।
מלבד עלת התמיד ומנחתו--תעשו תמימם יהיו לכם ונסכיהם | 31 |
৩১নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে আৰু এইবোৰৰ পেয় নৈবেদ্য উৎসৰ্গ কৰিবা; এই সকলো নিঘূণ পশু হ’ব লাগিব’।”