< נחמיה 10 >
ועל החתומים נחמיה התרשתא בן חכליה וצדקיה | 1 |
১যিসকলৰ নাম মোহৰ মৰা আছিল, তেওঁলোক হ’ল: হখলিয়াৰ পুত্ৰ নহিমিয়া, তেওঁ দেশাধ্যক্ষ আছিল, পুৰোহিত চিদিকিয়া,
২চৰায়া, অজৰিয়া, যিৰিমিয়া,
৩পচহুৰ, অমৰিয়া, মল্কিয়া,
৪হত্তুচ, চবনিয়া, মল্লুক,
৬দানিয়েল, গিন্নথোন, বাৰূক,
৭মচুল্লম, অবিয়া, মিয়ামীন,
מעזיה בלגי שמעיה אלה הכהנים | 8 |
৮মাজিয়া বিলগয়, আৰু চময়া এওঁলোক পুৰোহিত আছিল।
והלוים וישוע בן אזניה בנוי מבני חנדד קדמיאל | 9 |
৯লেবীয়া লোক সকল: অজনিয়াৰ পুত্ৰ যেচুৱা, হেনাদদৰ পৰিয়ালৰ বিন্নুই, কদ্মীয়েল,
ואחיהם--שבניה הודיה קליטא פלאיה חנן | 10 |
১০আৰু তেওঁলোকৰ লগৰীয়া সকল চবনিয়া, হোদিয়া, কলীটা, পলায়া, হানন,
১২জক্কুৰ, চেৰেবিয়া, চবনিয়া,
ראשי העם פרעש פחת מואב עילם זתוא בני | 14 |
১৪লোকসকলৰ মাজৰ মূখ্য লোক: পৰিয়োচ, পহৎ-মোৱাব, এলম, জত্তু, বানী,
১৬অদোনিয়া, বিগবয়, আদীন,
১৭আটেৰ, হিষ্কিয়া, অৰ্জ্জুৰ,
חריף ענתות נובי (ניבי) | 19 |
১৯হাৰীফ, অনাথোৎ, নোবয়,
২০মগপীয়চ, মচুল্লম, হেজীৰ,
২১মচেজবেল, চাদোক, যদ্দুৱা,
২২পল্টিয়া, হানন, অনায়া,
২৩হোচেয়া, হননিয়া, হচুব,
২৪হল্লোহেচ, পিলহা, চোবেক,
২৭মল্লুক, হাৰীম, আৰু বানা।
ושאר העם הכהנים הלוים השוערים המשררים הנתינים וכל הנבדל מעמי הארצות אל תורת האלהים נשיהם בניהם ובנתיהם כל יודע מבין | 28 |
২৮অৱশিষ্ট লোকসকল, যেনে পুৰোহিত, লেবীয়া, দুৱৰী, গায়ক, মন্দিৰৰ দাস আৰু যিসকলে ওচৰচুবুৰীয়া দেশৰ পৰা নিজকে পৃথক কৰিলে, তেওঁলোকে নিজকে ঈশ্বৰৰ বিধিত প্রতিজ্ঞাবদ্ধ হ’ল। তেওঁলোকৰ ভাৰ্যা, ল’ৰা-ছোৱালীসকল যাৰ বুজিব পৰা শক্তি আৰু জ্ঞান আছিল,
מחזיקים על אחיהם אדיריהם ובאים באלה ובשבועה ללכת בתורת האלהים אשר נתנה ביד משה עבד האלהים ולשמור ולעשות את כל מצות יהוה אדנינו ומשפטיו וחקיו | 29 |
২৯তেওঁলোকৰ ভাইসকল আৰু প্ৰধান লোকসকলৰ সৈতে তেওঁলোক একেলগ হৈ ঈশ্ৱৰৰ দাস মোচিয়ে দিয়া শাও আৰু প্রতিজ্ঞাৰ যোগেদি বাধ্যত পৰি ঈশ্বৰৰ ব্যৱস্থা অনুসাৰে চলিলে। আমাৰ যিহোৱাৰ আজ্ঞা, শাসন প্ৰণালী, আৰু বিধিবোৰ নিৰিক্ষণ কৰি পালন কৰিবলৈ প্রতিজ্ঞাৱদ্ধ হ’ল।
ואשר לא נתן בנתינו לעמי הארץ ואת בנתיהם לא נקח לבנינו | 30 |
৩০আমি প্রতিজ্ঞা কৰোঁ যে, আমি আমাৰ ছোৱালীক আন দেশৰ লোকলৈ বিয়া নিদিওঁ আৰু আমাৰ পুত্রৰ বাবেও আন দেশৰ ছোৱালী বিয়া কৰাই নানো।
ועמי הארץ המביאים את המקחות וכל שבר ביום השבת למכור--לא נקח מהם בשבת וביום קדש ונטש את השנה השביעית ומשא כל יד | 31 |
৩১আমি এয়াও প্রতিজ্ঞা কৰোঁ যে, আন দেশৰ লোকসকলে যদি বিশ্ৰাম-বাৰে কোনো বস্তু বা শস্য বেচিবলৈ আনে, তেওঁলোকৰ পৰা বিশ্ৰাম-বাৰ বা আন পবিত্ৰ দিনতো আমি সেইবোৰ নিকিনোঁ। প্রতি সপ্তম বছৰত আমি খেতি নকৰোঁ, আৰু আন যিহুদী সকলৰ লগত চুক্তি কৰা সকলো ধাৰ আমি ৰেহাই দিম।
והעמדנו עלינו מצות לתת עלינו שלישית השקל בשנה לעבדת בית אלהינו | 32 |
৩২আমাৰ ঈশ্বৰ যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ অৰ্থে বছৰে বছৰে এক চেকলৰ তিনি ভাগৰ এভাগ দান দিয়া আজ্ঞা আমি গ্রহণ কৰিছোঁ।
ללחם המערכת ומנחת התמיד ולעולת התמיד השבתות החדשים למועדים ולקדשים ולחטאות--לכפר על ישראל וכל מלאכת בית אלהינו | 33 |
৩৩তাৰ বাবে দৰ্শন-পিঠা, প্রতিদিনৰ শস্য-নৈবেদ্য, বিশ্ৰামবাৰৰ হোম-বলি, ন-জোনৰ আৰু নিৰ্ধাৰিত পৰ্ব্ববোৰ, পবিত্ৰ-নৈবেদ্যৰ, আৰু ইস্ৰায়েলক প্ৰায়চিত্ত কৰিবৰ অৰ্থে পাপাৰ্থক বলি দিয়া আদি আমাৰ ঈশ্বৰৰ গৃহৰ সকলো কাৰ্যৰ কাৰণে এই সকলো কৰিম।
והגורלות הפלנו על קרבן העצים הכהנים הלוים והעם--להביא לבית אלהינו לבית אבתינו לעתים מזמנים שנה בשנה לבער על מזבח יהוה אלהינו ככתוב בתורה | 34 |
৩৪বিধানত লিখা অনুসাৰে আমাৰ ঈশ্ৱৰ যিহোৱাৰ পবিত্র বেদিত খৰি জ্ৱলাবলৈ পুৰোহিত, লেবীয়া আৰু লোকসকলে খৰিৰ বাবে চিঠি খেলালে। আমাৰ পৰিয়াল অনুসাৰে বছৰে বছৰে নিৰূপণ কৰা সময়ত আমাৰ ঈশ্বৰৰ যিহোৱাৰ গৃহলৈ খৰি আনিবলৈ চিঠি খেলাৰ যোগেদি বাছনি হ’ল।
ולהביא את בכורי אדמתנו ובכורי כל פרי כל עץ--שנה בשנה לבית יהוה | 35 |
৩৫আমাৰ মাটিত উৎপন্ন হোৱা শস্যৰ আগভাগ আৰু সকলো প্ৰকাৰ গছৰ ফলৰ আগভাগ বছৰে বছৰে যিহোৱাৰ গৃহলৈ আনিবলৈ আমি প্রতিজ্ঞা কৰিলোঁ।
ואת בכרות בנינו ובהמתנו ככתוב בתורה ואת בכורי בקרינו וצאנינו להביא לבית אלהינו לכהנים המשרתים בבית אלהינו | 36 |
৩৬বিধানত লিখাৰ দৰে, আমাৰ জন্ম হোৱা প্ৰথম পুত্ৰ, আৰু আমাৰ গৰু, মেৰ-ছাগ, আৰু ছাগলীৰ জাকবোৰৰ প্ৰথমে জগা জন্তু ঈশ্বৰৰ গৃহলৈ, আৰু আমাৰ ঈশ্বৰৰ গৃহৰ পৰিচৰ্যা কৰা পুৰোহিতৰ ওচৰলৈ আনিবলৈ আমি প্রতিজ্ঞা কৰিলোঁ।
ואת ראשית עריסתינו ותרומתינו ופרי כל עץ תירוש ויצהר נביא לכהנים אל לשכות בית אלהינו ומעשר אדמתנו ללוים והם הלוים המעשרים בכל ערי עבדתנו | 37 |
৩৭আমি আমাৰ আটাৰ লদাৰ আগভাগ, শস্য নৈবেদ্য, প্রত্যেক গছৰ ফল, নতুন দ্ৰাক্ষাৰস, তেল, আমাৰ ঈশ্বৰৰ গৃহৰ গুদামলৈ আৰু পুৰোহিতসকলৰ ওচৰলৈ আনিম। আমাৰ মাটিত উৎপন্ন হোৱা শস্যৰ দশম ভাগ লেবীয়া সকলৰ ওচৰলৈ আমি আনিম, কাৰণ আমি কাম কৰা নগৰ বোৰৰ পৰা লেবীয়াসকলে দশমভাগ আদায় কৰে।
והיה הכהן בן אהרן עם הלוים בעשר הלוים והלוים יעלו את מעשר המעשר לבית אלהינו אל הלשכות לבית האוצר | 38 |
৩৮লেবীয়াসকলে দশমভাগ লোৱাৰ সময়ত হাৰোণৰ বংশৰ এজন পুৰোহিত লেবীয়াসকলৰ লগত থকা উচিত। লেবীয়া সকলে দশম ভাগৰ দশম ভাগ আমাৰ ঈশ্বৰৰ গৃহৰ ভঁৰালৰ গুদামলৈ আনিব লাগে।
כי אל הלשכות יביאו בני ישראל ובני הלוי את תרומת הדגן התירוש והיצהר ושם כלי המקדש והכהנים המשרתים והשוערים והמשררים ולא נעזב את בית אלהינו | 39 |
৩৯পবিত্ৰ বস্তুবোৰ ৰখা গুদাম, যি ঠাইত পুৰোহিতে পৰিচৰ্যা কৰে, আৰু য’ত দুৱৰী আৰু গায়কসকল থাকে, সেই ঠাইবোৰলৈ ইস্ৰায়েলৰ লোকসকল আৰু লেবীৰ বংশৰ লোকসকলে শস্য, নতুন দ্ৰাক্ষাৰস, আৰু তেলৰ, বৰঙণি যোগান ধৰে। আমাৰ ঈশ্বৰৰ গৃহক আমি অৱহেলা নকৰিম।