< מיכה 3 >
ואמר שמעו נא ראשי יעקב וקציני בית ישראל הלוא לכם לדעת את המשפט | 1 |
১মই কলোঁ, “যাকোবৰ মূখ্য লোকসকল, আৰু ইস্রায়েলৰ বংশৰ শাসনকৰ্ত্তাসকল এতিয়া শুনা: ন্যায় বুজি পোৱাটো তোমালোকৰ বাবে উচিত নহয় নে?
שנאי טוב ואהבי רעה (רע) גזלי עורם מעליהם ושארם מעל עצמותם | 2 |
২তোমালোকৰ যিসকলে ভাল কৰ্ম ঘিণ কৰে, আৰু পাপক ভাল পায়, তেওঁলোকৰ তোমালোকে ছাল বখলিয়াবা, আৰু তেওঁলোকৰ হাড়ৰ পৰা মাংস এৰুৱাবা,
ואשר אכלו שאר עמי ועורם מעליהם הפשיטו ואת עצמתיהם פצחו ופרשו כאשר בסיר וכבשר בתוך קלחת | 3 |
৩তোমালোকে মোৰ লোকসকলৰ মাংসও খোৱা, তোমালোকে মোৰ লোকসকলৰো ছাল বখলিওৱা, তেওঁলোকৰ হাড় ভাঙা, পাত্রৰ বাবে মাংস, আৰু কেৰাহীত দিয়া মাংসৰ দৰে, তোমালোকে তেওঁলোকক টুকুৰা টুকুৰ কৰা আৰু খোৱা।
אז יזעקו אל יהוה ולא יענה אותם ויסתר פניו מהם בעת ההיא כאשר הרעו מעלליהם | 4 |
৪তেতিয়া শাসনকৰ্ত্তাসকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিব, কিন্তু তেওঁ তোমালোকক উত্তৰ নিদিব। সেই সময়ত তেওঁ তোমালোকৰ পৰা মুখ লুকুৱাব, কাৰণ তোমালোকে পাপ কৰ্ম কৰিছা।”
כה אמר יהוה על הנביאים המתעים את עמי--הנשכים בשניהם וקראו שלום ואשר לא יתן על פיהם וקדשו עליו מלחמה | 5 |
৫ভাববাদীসকলৰ বিষয়ে যিহোৱাই এইদৰে কৈছে, মোৰ লোকসকলক কোনে ভ্ৰান্ত কৰে: যিসকলে তেওঁলোকক আহাৰ খুৱাই, তেওঁলোকৰ বাবে তেওঁলোকে ঘোষণা কৰে, ‘তাত উন্নতি হ’ব।’ কিন্তু যিসকলে নিজৰ মুখত একো নলয়, তেওঁলোকৰ বাবে তেওঁলোকে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
לכן לילה לכם מחזון וחשכה לכם מקסם ובאה השמש על הנביאים וקדר עליהם היום | 6 |
৬সেই কাৰণে কোনো দৰ্শন নোহোৱাকৈ তোমালোকলৈ ৰাতি হ’ব; আৰু তোমালোকে ভৱিষ্যৎ গণনা কৰিব নোৱাৰাকৈ তোমালোকলৈ আন্ধাৰ হ’ব; ভাববাদীসকলৰ ওপৰত সূৰ্য মাৰ যাব, আৰু সেই দিনা তেওঁলোকৰ ওপৰত আন্ধাৰ হ’ব।
ובשו החזים וחפרו הקסמים ועטו על שפם כלם כי אין מענה אלהים | 7 |
৭দৰ্শকসকলক লাজত পেলোৱা হ’ব, আৰু ভৱিষ্যৎ গণনা কৰা সকল বিভ্রান্ত হ’ব। তেওঁলোক সকলোৱে নিজৰ মুখ ঢাকিব; কাৰণ মোৰ পৰা তেওঁলোকলৈ একো উত্তৰ নাহিব;”
ואולם אנכי מלאתי כח את רוח יהוה ומשפט וגבורה--להגיד ליעקב פשעו ולישראל חטאתו | 8 |
৮কিন্তু মোৰ ক্ষেত্রত, যাকোবক তেওঁৰ অপৰাধ আৰু ইস্ৰায়েলক তেওঁৰ পাপ ঘোষণা কৰিবলৈ, মই যিহোৱাৰ আত্মাৰ দ্বাৰাই শক্তি, ন্যায় বিচাৰ, আৰু পৰাক্রমেৰে পৰিপূৰ্ণ।
שמעו נא זאת ראשי בית יעקב וקציני בית ישראל--המתעבים משפט ואת כל הישרה יעקשו | 9 |
৯সকলো সৎ কৰ্মত বিপথে যোৱা, আৰু ন্যায় ঘৃণা কৰা হে যাকোবৰ বংশৰ মূখ্য লোকসকল, আৰু ইস্ৰায়েল বংশৰ শাসনকৰ্ত্তাসকল, এতিয়া এই কথা শুনা;
בנה ציון בדמים וירושלם בעולה | 10 |
১০তোমালোকে ৰক্তপাতেৰে চিয়োন, আৰু পাপেৰে যিৰূচালেম নিৰ্মাণ কৰিলা;
ראשיה בשחד ישפטו וכהניה במחיר יורו ונביאיה בכסף יקסמו ועל יהוה ישענו לאמר הלוא יהוה בקרבנו לא תבוא עלינו רעה | 11 |
১১তোমালোকৰ মুখ্য লোকসকলে উৎকোচৰ বাবে বিচাৰ কৰে, তোমালোকৰ পুৰোহিতসকলে মূল্যৰ বাবে শিক্ষা দিয়ে, আৰু তোমালোকৰ ভাববাদীসকলে ধনৰ বাবে ভৱিষ্যত বাণী কৰে, তথাপি তোমালোকে যিহোৱাৰ ওপৰত ভাৰসা কৰি কোৱা, “যিহোৱা আমাৰ লগত নাই নে? কোনো আপদ আমালৈ নাহিব;
לכן בגללכם ציון שדה תחרש וירושלם עיין תהיה והר הבית לבמות יער | 12 |
১২এই হেতুকে তোমালোকৰ কাৰণে পথাৰ চহোৱাৰ দৰে চিয়োনক চহোৱা হ’ব, যিৰূচালেম ধ্বংসৰ স্তূপ হ’ব, আৰু মন্দিৰ থকা পাহাৰ জংঘলৰ দৰে হ’ব।