< ויקרא 19 >

וידבר יהוה אל משה לאמר 1
পাছত যিহোৱাই মোচিক ক’লে,
דבר אל כל עדת בני ישראל ואמרת אלהם--קדשים תהיו כי קדוש אני יהוה אלהיכם 2
“তুমি ইস্ৰায়েলৰ সমুদায় মণ্ডলীক এই কথা কোৱা, ‘তোমালোক পবিত্ৰ হ’ব লাগে; কিয়নো মই তোমালোকৰ যি ঈশ্বৰ যিহোৱা, মই পবিত্ৰ।
איש אמו ואביו תיראו ואת שבתתי תשמרו אני יהוה אלהיכם 3
তোমালোকে প্ৰতিজনে নিজ নিজ মাতৃ আৰু নিজ নিজ পিতৃক সন্মান কৰিবা আৰু মোৰ বিশ্ৰাম দিনবোৰ পালন কৰিবা। মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
אל תפנו אל האלילם ואלהי מסכה לא תעשו לכם אני יהוה אלהיכם 4
তোমালোকে প্ৰতিমাবোৰৰ ফালে মূৰ নুঘূৰাবা আৰু তোমালোকৰ কাৰণে সাঁচত ঢলা মূৰ্ত্তি নিৰ্ম্মাণ নকৰিবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
וכי תזבחו זבח שלמים ליהוה--לרצנכם תזבחהו 5
যেতিয়া তোমালোকে যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিবা, তেতিয়া তোমালোকে গ্রহণ হ’বৰ কাৰণে ইয়াকে কৰিবা।
ביום זבחכם יאכל וממחרת והנותר עד יום השלישי באש ישרף 6
তোমালোকে তাক উৎসৰ্গ কৰা দিনা বা তাৰ পাছদিনা তাক ভোজন কৰিব লাগিব; তৃতীয় দিনলৈ যদি অৱশিষ্ট থাকে, তেন্তে তাক জুইত পুৰি ভস্ম কৰিব লাগিব।
ואם האכל יאכל ביום השלישי--פגול הוא לא ירצה 7
তৃতীয় দিনা যদি কেনেবাকৈ তাৰ অলপ খোৱা যায়, তেন্তে সেয়ে ঘিণলগীয়া আৰু অগ্ৰাহ্য হ’ব।
ואכליו עונו ישא כי את קדש יהוה חלל ונכרתה הנפש ההוא מעמיה 8
কিন্তু ভোজন কৰা জনে নিজ অপৰাধৰ ফল ভোগ কৰিব, কিয়নো তেওঁ যিহোৱাৰ পবিত্ৰ বস্তু অপবিত্ৰ কৰিলে, সেই লোক জনক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
ובקצרכם את קציר ארצכם לא תכלה פאת שדך לקצר ולקט קצירך לא תלקט 9
যেতিয়া তোমালোকে নিজ নিজ ভুমিত উৎপন্ন হোৱা শস্য দাবৰ সময়ত, খেতিৰ চুকত থকা শস্য সম্পূৰ্ণৰূপে শেষ নকৰাকৈ নাদাবা আৰু তোমাৰ খেতিৰ এৰি যোৱা শস্য নুবুটলিবা।
וכרמך לא תעולל ופרט כרמך לא תלקט לעני ולגר תעזב אתם אני יהוה אלהיכם 10
১০আৰু নিজ নিজ দ্ৰাক্ষাবাৰীৰ এৰি যোৱা দ্ৰাক্ষাফল নিছিঙিবা আৰু দ্ৰাক্ষাবাৰীৰ সৰি পৰা দ্ৰাক্ষাফল নুবুটলিবা; তুমি দুখীয়া আৰু বিদেশীৰ কাৰণে তাক এৰি যাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
לא תגנבו ולא תכחשו ולא תשקרו איש בעמיתו 11
১১তোমালোকে চুৰ নকৰিবা। মিছা কথা নকবা। আৰু ইজনে সিজনক নঠগাবা।
ולא תשבעו בשמי לשקר וחללת את שם אלהיך אני יהוה 12
১২আৰু তুমি মোৰ নাম লৈ মিছা শপত খাই তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা। মই যিহোৱা।
לא תעשק את רעך ולא תגזל לא תלין פעלת שכיר אתך--עד בקר 13
১৩তুমি নিজ চুবুৰীয়াক অত্যাচাৰ নকৰিবা আৰু তেওঁৰ বস্তু অপহৰণ নকৰিবা; বেচলৈ কাম কৰা চাকৰৰ বেচ গোটেই ৰাতি নিদিয়াকৈ থাকি ৰাতিপুৱালৈ নাৰাখিবা।
לא תקלל חרש--ולפני עור לא תתן מכשל ויראת מאלהיך אני יהוה 14
১৪তুমি কলাক শাও নিদিবা আৰু অন্ধৰ আগত উজুতি খোৱা মুঢ়া নথবা, কিন্তু তোমাৰ ঈশ্বৰলৈ ভয় ৰাখিবা; মই যিহোৱা।
לא תעשו עול במשפט--לא תשא פני דל ולא תהדר פני גדול בצדק תשפט עמיתך 15
১৫তোমালোকে বিচাৰত অন্যায় নকৰিবা; বিচাৰত তুমি দুখীয়াৰ মুখলৈ নাচাবা আৰু সম্ভ্ৰান্ত লোকক সমাদৰ নকৰিবা; কিন্তু তুমি ধাৰ্মিক ভাৱে নিজ চুবুৰীয়াৰ বিচাৰ নিস্পত্তি কৰিবা।
לא תלך רכיל בעמיך לא תעמד על דם רעך אני יהוה 16
১৬তুমি নিজ লোকসকলৰ মাজত চৰ্চ্চি ফুৰোঁতা নহ’বা; আৰু তোমাৰ ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে প্রাণ হত্যাকাৰী নহ’বা; মই যিহোৱা।
לא תשנא את אחיך בלבבך הוכח תוכיח את עמיתך ולא תשא עליו חטא 17
১৭তুমি নিজ ভাইক নিজ মনত ঘিণ নকৰিবা; তুমি নিজ চুবুৰীয়াক চুবুৰীয়াৰ কাৰণে পাপৰ ভাৰ নব’বলৈ, অৱশ্যে তেওঁক সতৰ্ক কৰিবা।
לא תקם ולא תטר את בני עמך ואהבת לרעך כמוך אני יהוה 18
১৮তুমি নিজ সন্তান সকলৰ প্ৰতিকাৰ নাসাধিবা বা তেওঁলোকৰ বিৰুদ্ধে আখেজ নাৰাখিবা; কিন্তু নিজ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা; মই যিহোৱা।
את חקתי תשמרו--בהמתך לא תרביע כלאים שדך לא תזרע כלאים ובגד כלאים שעטנז לא יעלה עליך 19
১৯তোমালোকে মোৰ বিধিবোৰ পালন কৰিবা। তোমাৰ পশুৰে সৈতে, তুমি বেলেগ বেলেগ প্ৰজাতিৰ পশুৰ জাকক ফুৰিবলৈ চেষ্টা কৰিব নিদিবা। তোমাৰ পথাৰত একেডোখৰ মাটিত দুবিধ শস্যৰ গুটি নিসিঁচিবা; আৰু দুই প্ৰকাৰ সুতা মিহলি কৰি বোৱা বস্ত্ৰ নিপিন্ধিবা।
ואיש כי ישכב את אשה שכבת זרע והוא שפחה נחרפת לאיש והפדה לא נפדתה או חפשה לא נתן לה--בקרת תהיה לא יומתו כי לא חפשה 20
২০ধনেৰে বা আন ৰূপে মুক্ত নোহোৱা এনে যি বাগদান কৰা বেটী, তাইৰে সৈতে যদি কোনোৱে শয়ন কৰে, তেন্তে তেওঁলোক দুয়ো দণ্ডনীয় হ’ব, কিন্তু তেওঁলোকৰ প্ৰাণদণ্ড নহ’ব; কিয়নো তাই মুক্ত হোৱা নাই।
והביא את אשמו ליהוה אל פתח אהל מועד--איל אשם 21
২১তেতিয়া সেই পুৰুষে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ, যিহোৱাৰ উদ্দেশ্যে নিজৰ দোষাৰ্থক বলিৰ কাৰণে এটা মতা মেৰ-ছাগ আনিব।
וכפר עליו הכהן באיל האשם לפני יהוה על חטאתו אשר חטא ונסלח לו מחטאתו אשר חטא 22
২২তেতিয়া পুৰোহিতে যিহোৱাৰ সাক্ষাতে সেই দোষাৰ্থক মেৰ-ছাগটোৰ দ্বাৰাই, তেওঁ কৰা পাপৰ কাৰণে তেওঁক প্ৰায়শ্চিত্ত কৰিব; তেতিয়া তেওঁ কৰা সেই পাপৰ ক্ষমা হ’ব।
וכי תבאו אל הארץ ונטעתם כל עץ מאכל--וערלתם ערלתו את פריו שלש שנים יהיה לכם ערלים--לא יאכל 23
২৩তোমালোকে যেতিয়া দেশত সোমাই, খাদ্যৰ অৰ্থে সকলো প্ৰকাৰ গছ ৰুবা, তেতিয়া তাৰ ফল নিষিদ্ধ যেন গণ্য কৰিবা আৰু তিনি বছৰলৈকে সেয়ে তোমালোকৰ মানত নিষিদ্ধ হৈ থাকিব। তাক খাব নালাগে।
ובשנה הרביעת יהיה כל פריו--קדש הלולים ליהוה 24
২৪পাছত চতুৰ্থ বছৰত তাৰ সকলো ফল যিহোৱাৰ প্ৰশংসাৰ্থক উপহাৰ স্বৰূপে পবিত্ৰ হ’ব।
ובשנה החמישת תאכלו את פריו להוסיף לכם תבואתו אני יהוה אלהיכם 25
২৫আৰু গছে ফল উৎপন্ন কৰি থাকিবৰ কাৰণে, তোমালোকে পঞ্চম বছৰত তাৰ ফল খাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
לא תאכלו על הדם לא תנחשו ולא תעוננו 26
২৬তোমালোকে তেজেৰে সৈতে একো মঙহ নাখাবা। শুভ অশুভ লক্ষণ নামানিবা আৰু গণকৰ বিদ্যা ব্যৱহাৰ নকৰিবা।
לא תקפו פאת ראשכם ולא תשחית את פאת זקנך 27
২৭তোমালোকে নিজ নিজ মূৰৰ চুলি ঘুৰণীয়াকৈ নাকাটিবা আৰু নিজ নিজ দাড়িৰ চুক অশুৱনীকৈ নুখুৰাবা।
ושרט לנפש לא תתנו בבשרכם וכתבת קעקע לא תתנו בכם אני יהוה 28
২৮আৰু মৰা লোকৰ কাৰণে তোমালোকে নিজ গা কাট-কুট নকৰিবা আৰু গাত কাটি বা বিন্ধি দাগ নলগাবা; মই যিহোৱা।
אל תחלל את בתך להזנותה ולא תזנה הארץ ומלאה הארץ זמה 29
২৯তুমি নিজ জীয়েৰাক বেশ্যা হ’বলৈ দি তাইক ভ্ৰষ্ট নকৰিবা; কিয়নো তেনে কৰিলে দেশ ব্যভিচাৰত পতিত হ’ব আৰু দেশ দুষ্টতাৰে পৰিপূৰ্ণ হ’ব।
את שבתתי תשמרו ומקדשי תיראו אני יהוה 30
৩০তোমালোকে মোৰ বিশ্ৰাম দিন পালন কৰিবা আৰু মোৰ ধৰ্মধামলৈ ভয় ৰাখিবা; মই যিহোৱা।
אל תפנו אל האבת ואל הידענים אל תבקשו לטמאה בהם אני יהוה אלהיכם 31
৩১ভূত পোহা আৰু গুণ-মন্ত্ৰ জনাসকলৰ ফালে মুখ নকৰিবা; নিজকে অশুচি কৰিবৰ কাৰণে তেওঁলোকক সুধিবলৈ তেওঁলোকৰ ওচৰলৈ নাযাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
מפני שיבה תקום והדרת פני זקן ויראת מאלהיך אני יהוה 32
৩২তুমি পকামুৰীয়া জনৰ আগত উঠি থিয় হ’বা, বৃদ্ধলোকক সমাদৰ কৰিবা আৰু নিজ ঈশ্বৰলৈ ভয় ৰাখিবা; মই যিহোৱা।
וכי יגור אתך גר בארצכם--לא תונו אתו 33
৩৩আৰু কোনো বিদেশী লোকে যদি তোমালোকৰ দেশত তোমালোকৰে সৈতে বাস কৰে, তেন্তে তোমালোকে তাক উপদ্ৰৱ নকৰিবা।
כאזרח מכם יהיה לכם הגר הגר אתכם ואהבת לו כמוך--כי גרים הייתם בארץ מצרים אני יהוה אלהיכם 34
৩৪তোমালোকৰ মাজত স্বদেশীয় লোক যেনে, তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী লোকো তোমালোকৰ পক্ষে তেনে হ’ব আৰু তুমি সেই লোকসকলক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা; কাৰণ মিচৰ দেশত তোমালোকো বিদেশী আছিলা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
לא תעשו עול במשפט במדה במשקל ובמשורה 35
৩৫তোমালোকে বিচাৰত, পৰিমাণত বা ওজনত বা দ্ৰব্যৰ জোখত অন্যায় নকৰিবা;
מאזני צדק אבני צדק איפת צדק והין צדק--יהיה לכם אני יהוה אלהיכם אשר הוצאתי אתכם מארץ מצרים 36
৩৬তোমালোকে সঠিক পাল্লা, সঠিক দগা, ঠিক ঐফা আৰু ঠিক হীন ৰাখিবা; মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই অনা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।
ושמרתם את כל חקתי ואת כל משפטי ועשיתם אתם אני יהוה 37
৩৭এতেকে তোমালোকে মোৰ সকলো বিধি আৰু সকলো শাসন-প্ৰণালী পালন কৰি, সেই অনুসাৰে আচৰণ কৰিবা। মই যিহোৱা’।”

< ויקרא 19 >