< איכה 3 >
אני הגבר ראה עני בשבט עברתו | 1 |
১যিহোৱাৰ ক্ৰোধৰ দণ্ডৰ দ্বাৰাই দুখ ভোগ কৰা পুৰুষজন ময়েই।
אותי נהג וילך חשך ולא אור | 2 |
২তেওঁ মোক খেদি পঠিয়ালে আৰু মোক পোহৰত নহয়, কিন্তু অন্ধকাৰৰ পথতহে গমন কৰালে।
אך בי ישב יהפך ידו כל היום | 3 |
৩নিশ্চয়কৈ তেওঁ মোক বিমুখ কৰিলে; ওৰে দিনটো তেওঁ মোৰ অহিতে নিজ হাত চলায়।
בלה בשרי ועורי שבר עצמותי | 4 |
৪তেওঁ মোৰ মাংস আৰু ছাল জীৰ্ণ কৰিলে; তেওঁ মোৰ হাড়বোৰ ভাঙিলে।
৫তেওঁ মোৰ অহিতে চাৰিওফালে তিক্ততা আৰু শ্ৰান্তিৰূপ গড়েৰে অৱৰোধ কৰিলে।
במחשכים הושיבני כמתי עולם | 6 |
৬বহু সময় ধৰি মৃত্যু হোৱা মানুহৰ দৰে, তেওঁ মোক অন্ধকাৰ ঠাইবোৰত বাস কৰালে।
גדר בעדי ולא אצא הכביד נחשתי | 7 |
৭মই ওলাই যাব নোৱাৰাকৈ তেওঁ মোৰ চাৰিওফালে বেৰা দিলে। তেওঁ মোৰ শিকলি গধূৰ কৰিলে।
גם כי אזעק ואשוע שתם תפלתי | 8 |
৮যদিও মই সহায়ৰ বাবে চিঞৰি কাতৰোক্তি কৰিছোঁ, তথাপি তেওঁ মোৰ প্ৰাৰ্থনালৈ কাণ নিদিয়ে।
גדר דרכי בגזית נתיבתי עוה | 9 |
৯তেওঁ মোৰ পথবোৰ কটা শিলেৰে বন্ধ কৰিলে; মই লোৱা প্রতিটো বাটেই বেঁকা।
דב ארב הוא לי אריה (ארי) במסתרים | 10 |
১০মোৰ পক্ষে তেওঁ খাপ দি থকা ভালুক, গুপুত ঠাইত থকা সিংহৰ দৰে।
דרכי סורר ויפשחני שמני שמם | 11 |
১১তেওঁ মোৰ বাট আওবাট কৰিলে। তেওঁ মোক চকুলোৰে পৃথক কৰিলে, আৰু মোক অনাথ কৰিলে।
דרך קשתו ויציבני כמטרא לחץ | 12 |
১২তেওঁ নিজৰ ধনু ভিৰাই ল’লে আৰু মোলৈ লক্ষ্য কৰি কাঁড় মাৰিলে।
১৩তেওঁ নিজৰ তূণৰ বাণ মোৰ মৰ্ম্মস্থানত সুমুৱালে।
הייתי שחק לכל עמי נגינתם כל היום | 14 |
১৪মই মোৰ লোকসকলৰ হাহি উদ্ৰেক কৰা ব্যক্তি হৈ পৰিলোঁ, দিনে দিনে তেওঁলোকৰ বিদ্রূপাত্মক গানৰ বিষয় হৈছোঁ।
השביעני במרורים הרוני לענה | 15 |
১৫তেওঁ মোক তিতাৰে পূৰ কৰিলে আৰু মোক অধিককৈ নাগদানা খুৱালে।
ויגרס בחצץ שני הכפישני באפר | 16 |
১৬খোৱা বস্তুত মিহলি হোৱা শিল গুটিৰে তেওঁ মোৰ দাঁতো ভাঙিলে; তেওঁ মোক ছাঁইলৈ ঠেলি পঠিয়ালে।
ותזנח משלום נפשי נשיתי טובה | 17 |
১৭তুমি মোৰ জীৱনৰ পৰা শান্তি আঁতৰ কৰিলা; মই মঙ্গল পাহৰিলোঁ।
ואמר אבד נצחי ותוחלתי מיהוה | 18 |
১৮গতিকে মই ক’লো, “মোৰ জাকজমকতা শেষ হৈ গ’ল, সেয়ে মোৰ আশা অৱশ্যেই যিহোৱাৰ পৰা আহিব!”
זכר עניי ומרודי לענה וראש | 19 |
১৯মোৰ দুখ আৰু তাড়না সোঁৱৰণ কৰোঁতে, মই নাগদানা আৰু বিহ সোঁৱৰণ কৰোঁ।
זכור תזכור ותשיח (ותשוח) עלי נפשי | 20 |
২০মোৰ প্ৰাণৰ সোঁৱৰণত সেইবোৰ এতিয়াও আছে আৰু মোৰ প্ৰাণ মোৰ অন্তৰত নত হৈছে।
זאת אשיב אל לבי על כן אוחיל | 21 |
২১কিন্তু মোৰ মনত ইয়াক পুনৰায় সোঁৱৰণ কৰোঁ, এই হেতুকে মোৰ আশা আছে।
חסדי יהוה כי לא תמנו כי לא כלו רחמיו | 22 |
২২আমি যে সম্পূৰ্ণ শেষ নহলোঁ, এইটোৱে যিহোৱাৰ বিশ্ৱাসযোগ্য নিয়ম; কিয়নো তেওঁৰ কৰুণাময় কাৰ্যৰ শেষ নাই!
חדשים לבקרים רבה אמונתך | 23 |
২৩তেওঁৰ কৰুণাময় কাৰ্য প্ৰতি প্ৰভাততে নতুন হয়; তোমাৰ বিশ্বস্ততা মহৎ!
חלקי יהוה אמרה נפשי על כן אוחיל לו | 24 |
২৪মোৰ প্ৰাণে কয়, “যিহোৱায়েই মোৰ অংশ,” এই হেতুকে মই তেওঁত ভাৰসা কৰিম।
טוב יהוה לקוו לנפש תדרשנו | 25 |
২৫যিহোৱালৈ অপেক্ষা কৰোঁতা সকললৈ, তেওঁক বিচাৰোঁতাসকলৰ জীৱনলৈ তেওঁ মঙ্গলময়।
טוב ויחיל ודומם לתשועת יהוה | 26 |
২৬যিহোৱাৰ পৰিত্ৰাণলৈ আশা কৰি নীৰৱে বাট চাই থকাই ভাল।
טוב לגבר כי ישא על בנעוריו | 27 |
২৭যৌৱন-কালত যুৱলি বোৱাই মানুহৰ পক্ষে মঙ্গলময়।
ישב בדד וידם כי נטל עליו | 28 |
২৮তেওঁ তাৰ ওপৰত যুৱলি দিয়াৰ কাৰণে সি অকলেই বহি থাকক আৰু নিজম দি থাকক।
יתן בעפר פיהו אולי יש תקוה | 29 |
২৯সি নিজৰ মুখ ধূলিত ৰাখক; কিজানি আশা হ’ব পাৰে।
יתן למכהו לחי ישבע בחרפה | 30 |
৩০সি তাৰ প্ৰহাৰ কৰা জনলৈ গাল পাতি দিয়ক, সি নিন্দাৰে পৰিপূৰ্ণ হওঁক,
৩১যাতে প্ৰভুৱে চিৰকাললৈকে তাক ত্যাগ নকৰিব!
כי אם הוגה ורחם כרב חסדיו | 32 |
৩২যদিও তেওঁ কষ্ট দিয়ে, তথাপি তেওঁৰ অধিক দয়া অনুসাৰে কৃপা কৰিব।
כי לא ענה מלבו ויגה בני איש | 33 |
৩৩কিয়নো তেওঁ নিজ ইচ্ছাৰে কষ্ট নিদিয়ে, বা মানুহৰ সন্তান সকলক বেজাৰ নিদিয়ে।
לדכא תחת רגליו כל אסירי ארץ | 34 |
৩৪পৃথিৱীৰ আটাই বন্দীবোৰক ভৰিৰ তলত গুড়ি কৰা,
להטות משפט גבר נגד פני עליון | 35 |
৩৫সৰ্ব্বোপৰি জনাৰ আগত মানুহৰ স্বত্ব গুচুউৱা,
לעות אדם בריבו אדני לא ראה | 36 |
৩৬আৰু মানুহৰ গোচৰত তাক অন্যায় কৰা - যিহোৱাই জনো সেইবোৰৰ বিষয়ে নেদেখে?
מי זה אמר ותהי אדני לא צוה | 37 |
৩৭প্ৰভুৱে আজ্ঞা নকৰাকৈ, কোন ব্যক্তিয়ে কোৱা বাক্য সিদ্ধ হয়?
מפי עליון לא תצא הרעות והטוב | 38 |
৩৮সৰ্ব্বোপৰি জনাৰ মুখৰ পৰা মঙ্গল আৰু অমঙ্গল নোলায়?
מה יתאונן אדם חי גבר על חטאו | 39 |
৩৯জীৱিত মানুহে কিয় আপত্তি কৰে? মানুহে নিজ পাপৰ দণ্ডৰ বাবে কিয় আপত্তি কৰে?
נחפשה דרכינו ונחקרה ונשובה עד יהוה | 40 |
৪০আহাঁ, আমি বিচাৰ কৰি আমাৰ নিজ পথবোৰ পৰীক্ষা কৰোঁহক আৰু পুনৰায় যিহোৱালৈ ঘূৰোহঁক।
נשא לבבנו אל כפים אל אל בשמים | 41 |
৪১স্বৰ্গনিবাসী ঈশ্বৰলৈ আমাৰ হৃদয় আৰু হাত তুলি প্রাৰ্থনা কৰোঁহক।
נחנו פשענו ומרינו אתה לא סלחת | 42 |
৪২“আমি অপৰাধ আৰু বিদ্ৰোহ কৰিলোঁ, সেয়ে তুমিও আমাক ক্ষমা নকৰিলা।
סכותה באף ותרדפנו הרגת לא חמלת | 43 |
৪৩তুমি নিজকে ক্ৰোধেৰে ঢাকিলা আৰু আমাক পাছে পাছে খেদিলা। তুমি আমাক হত্যা কৰিলা, আৰু আমাক তুমি দয়া নকৰিলা।
סכותה בענן לך מעבור תפלה | 44 |
৪৪তুমি নিজকে মেঘে সৈতে ঢাকিলা, সেয়ে কোনো প্ৰাৰ্থনাই ভেদ কৰিব নোৱাৰিলে।
סחי ומאוס תשימנו בקרב העמים | 45 |
৪৫তুমি আমাক লোক সমূহৰ মাজত পৰিত্যক্ত আৰু অস্বীকাৰ কৰিলা।
פצו עלינו פיהם כל איבינו | 46 |
৪৬আমাৰ আটাই শত্ৰুৱে আমাৰ অহিতে মুখ বহলকৈ মেলি ঠাট্টা কৰিলে।
פחד ופחת היה לנו השאת והשבר | 47 |
৪৭সেই গাতৰ ভয়, নিৰ্জনতা আৰু নিষ্পেষণ, আমালৈ একেলগে আহিছে।”
פלגי מים תרד עיני על שבר בת עמי | 48 |
৪৮মোৰ জাতিস্বৰূপা জীয়াৰীৰ নিষ্পেষণৰ কাৰণে, মোৰ চকুৰ পৰা পানীৰ সোঁত বৈছে।
עיני נגרה ולא תדמה מאין הפגות | 49 |
৪৯মোৰ চকুৰ পানী নিগৰে, আৰু ই ক্ষান্ত নহয় আৰু শেষ নোহোৱাকৈ নিগৰে;
עד ישקיף וירא יהוה משמים | 50 |
৫০যেতিয়ালৈকে যিহোৱাই স্বৰ্গৰ পৰা তললৈ চাই দৃষ্টি নকৰে।
עיני עוללה לנפשי מכל בנות עירי | 51 |
৫১মোৰ নগৰৰ আটাই জীয়াৰীৰ কাৰণে মোৰ চকুৱে মোৰ প্ৰাণক দুখ দিছে।
צוד צדוני כצפור איבי חנם | 52 |
৫২শত্ৰুবোৰে বিনাকাৰণত পক্ষী চিকাৰ কৰাৰ দৰে, মোক নিৰ্দয়ভাবে চিকাৰ কৰিলে।
צמתו בבור חיי וידו אבן בי | 53 |
৫৩তেওঁলোকে অন্ধকূপত মোৰ প্ৰাণ সংহাৰ কৰিলে আৰু মোৰ ওপৰত এটা শিল ৰাখি হ’ল।
צפו מים על ראשי אמרתי נגזרתי | 54 |
৫৪মোৰ মূৰৰ ওপৰেদি পানী বৈ গ’ল; মই কলোঁ যে, “মই উচ্ছন্ন হলোঁ!”
קראתי שמך יהוה מבור תחתיות | 55 |
৫৫হে যিহোৱা, মই দ অন্ধকূপৰ পৰা তোমাৰ নাম ললোঁ।
קולי שמעת אל תעלם אזנך לרוחתי לשועתי | 56 |
৫৬যেতিয়া মই ক’লো, “সহায় পাবলৈ কৰা মোৰ কাতৰোক্তিলৈ তুমি কাণত সোপা নিদিবা।” তেতিয়া তুমি মোৰ ধ্বনি শুনিলা।
קרבת ביום אקראך אמרת אל תירא | 57 |
৫৭তোমাৰ নাম লোৱা দিনত, তুমি ওচৰ চাপি আহি ক’লা, “ভয় নকৰিবা!”
רבת אדני ריבי נפשי גאלת חיי | 58 |
৫৮হে প্ৰভু, তুমি মোৰ প্ৰাণৰ অভিযোগ প্ৰতিবাদ কৰিলা; তুমি মোৰ জীৱন মুক্ত কৰিলা।
ראיתה יהוה עותתי שפטה משפטי | 59 |
৫৯হে যিহোৱা, তেওঁলোকে মোলৈ কৰা অন্যায় তুমি দেখিছা; মোৰ গোচৰ বিচাৰ কৰা।
ראיתה כל נקמתם--כל מחשבתם לי | 60 |
৬০তেওঁলোকৰ আটাই প্ৰতিকাৰৰ কাৰ্য আৰু মোৰ অহিতে কৰা তেওঁলোকৰ সকলো আলচ তুমি দেখিলা।
שמעת חרפתם יהוה כל מחשבתם עלי | 61 |
৬১হে যিহোৱা, তেওঁলোকৰ ধিক্কাৰ আৰু মোৰ অহিতে কৰা তেওঁলোকৰ সকলো আলোচনা তুমি শুনিলা।
שפתי קמי והגיונם עלי כל היום | 62 |
৬২তুমি মোৰ অহিতে উঠাবোৰৰ ওঁঠৰ বাক্য আৰু গোটেই দিন মোৰ বিৰুদ্ধে কৰা তেওঁলোকৰ কল্পনা শুনিলা।
שבתם וקימתם הביטה אני מנגינתם | 63 |
৬৩তুমি তেওঁলোকৰ বহা আৰু উঠা দেখা; মই তেওঁলোকৰ ঠাট্টাৰ গানৰ বিষয়।
תשיב להם גמול יהוה כמעשה ידיהם | 64 |
৬৪হে যিহোৱা, তেওঁলোকৰ হাতৰ কাৰ্য অনুসাৰে তুমি তেওঁলোকক প্ৰতিফল দিয়া।
תתן להם מגנת לב תאלתך להם | 65 |
৬৫তুমি তেওঁলোকক মনৰ জঠৰতা প্ৰদান কৰা; তোমাৰ শাও তেওঁলোকৰ ওপৰত পৰক।
תרדף באף ותשמידם מתחת שמי יהוה | 66 |
৬৬তুমি ক্ৰোধত তেওঁলোকৰ পাছে পাছে খেদি যোৱা আৰু যিহোৱাৰ আকাশ-মণ্ডলৰ তলৰ পৰা তেওঁলোকক উচ্ছন্ন কৰা।