< שופטים 20 >
ויצאו כל בני ישראל ותקהל העדה כאיש אחד למדן ועד באר שבע וארץ הגלעד--אל יהוה המצפה | 1 |
১পাছত ইস্ৰায়েলৰ সন্তানসকল একত্রিত হ’ল আৰু তেওঁলোকৰ দানৰ পৰা বেৰ-চেবা পর্যন্ত, আনকি গিলিয়দ চহৰৰ পৰাও আহিছিল। তেওঁলোকে মিস্পাত যিহোৱাৰ সন্মুখত গোট খালে।
ויתיצבו פנות כל העם כל שבטי ישראל--בקהל עם האלהים ארבע מאות אלף איש רגלי שלף חרב | 2 |
২লোকসকলৰ নেতা অৰ্থাৎ ইস্ৰায়েলৰ আটাই ফৈদবোৰৰ মুখ্যসকল ঈশ্বৰৰ প্ৰজাসকলৰ সেই সমাজত উপস্থিত হ’ল; তাত চাৰি লাখ তৰোৱাল ধৰা পদাতিক লোক আছিল। তেওঁলোক যুদ্ধ কৰিবলৈ সাজু হৈ আছিল।
וישמעו בני בנימן כי עלו בני ישראל המצפה ויאמרו בני ישראל דברו איכה נהיתה הרעה הזאת | 3 |
৩ইস্ৰায়েলৰ সন্তানসকল মিস্পাত একত্রিত হোৱা কথা শুনি সকলোৱে তাত একত্রিত হ’ল। পাছত ইস্ৰায়েলৰ সন্তানসকলে সুধিলে, “কোৱাচোন এই দুষ্কৰ্ম কেনেকৈ হ’ল?”
ויען האיש הלוי איש האשה הנרצחה--ויאמר הגבעתה אשר לבנימן באתי אני ופילגשי ללון | 4 |
৪সেই হত হোৱা মহিলাজনীৰ গিৰীয়েক লেবীয়া পুৰুষ জনে উত্তৰ দি ক’লে, “মই আৰু মোৰ উপপত্নী ৰাতি থাকিবৰ কাৰণে বিন্যামীনৰ অধিকাৰত থকা গিবিয়াত সোমাইছিলোঁ।
ויקמו עלי בעלי הגבעה ויסבו עלי את הבית לילה אותי דמו להרג ואת פילגשי ענו ותמת | 5 |
৫তাতেই গিবিয়াৰ পৰিয়ালবোৰে মোৰ বিৰুদ্ধে আহি ৰাতি মোক ঘৰৰ চাৰিওফালে বেৰি ধৰিলে; সিহঁতে মোক বধ কৰিবলৈ চেষ্টা কৰিছিল আৰু সিহঁতে মোৰ উপপত্নীক বলাৎকাৰ কৰাত তাই মৰিল।
ואחז בפילגשי ואנתחה ואשלחה בכל שדה נחלת ישראל כי עשו זמה ונבלה בישראל | 6 |
৬পাছত মই মোৰ উপপত্নীক ধৰি ডোখৰ ডোখৰ কৰি ইস্ৰায়েলৰ অধিকাৰত থকা দেশৰ সকলো ফালে পঠিয়ালোঁ; কিয়নো সিহঁতে ইস্ৰায়েলৰ মাজত কু-কৰ্ম আৰু অজ্ঞানতাৰ কাৰ্য কৰিলে।
הנה כלכם בני ישראל--הבו לכם דבר ועצה הלם | 7 |
৭এতেকে হে ইস্ৰায়েলৰ সন্তানসকল, এতিয়া তোমালোক সকলোৱেই নিজৰ নিজৰ মতামত কি কোৱা।”
ויקם כל העם כאיש אחד לאמר לא נלך איש לאהלו ולא נסור איש לביתו | 8 |
৮তাতে সকলো মানুহে একগোটহৈ ক’লে, “আমি কোনেও নিজ নিজ তম্বুলৈ নাযাওঁ, নিজ নিজ ঘৰলৈ উলটি নাযাওঁ;
ועתה--זה הדבר אשר נעשה לגבעה עליה בגורל | 9 |
৯কিন্তু এতিয়া আমি গিবিয়া চহৰৰ প্ৰতি কি কৰিম, তাকেই ভাবিছো, চিঠি খেলৰ দ্বাৰাই বুজি পাম যে ঈশ্বৰে তাৰ বিৰুদ্ধে কি কৰিব।
ולקחנו עשרה אנשים למאה לכל שבטי ישראל ומאה לאלף ואלף לרבבה לקחת צדה לעם--לעשות לבואם לגבע בנימן ככל הנבלה אשר עשה בישראל | 10 |
১০আমি বিন্যামীনৰ গিবিয়ালৈ গৈ ইস্ৰায়েলৰ মাজত কৰা আটাই অজ্ঞানতাৰ কাৰ্য অনুসাৰে যেন সিহঁতক প্ৰতিফল দিব পাৰোঁ, ইয়াৰ অর্থে তেওঁলোকে খোৱা বস্তু আনিবলৈ ইস্ৰায়েলৰ ফৈদসকলৰ মাজৰ পৰা এশ লোকলৈ দহজনক আৰু হাজাৰ লোকলৈ এশ জনক আৰু দহ হাজাৰ লোকলৈ এক হাজাৰলোকক আমি লওঁ।”
ויאסף כל איש ישראל אל העיר כאיש אחד חברים | 11 |
১১এইদৰে ইস্ৰায়েলৰ সৈন্যসকলে একগোট হ’ল আৰু সেই নগৰখনৰ বিপক্ষে এক উদ্দেশ্যেৰেই গোট খালে।
וישלחו שבטי ישראל אנשים בכל שבטי בנימן לאמר מה הרעה הזאת אשר נהיתה בכם | 12 |
১২ইস্ৰায়েলৰ সকলো ফৈদে বিন্যামীন ফৈদৰ সকলো ফালে মানুহ পঠিয়াই এই কথা ক’লে, “তোমালোকৰ মাজত এয়া কি দুষ্কৰ্ম হৈ আছে।
ועתה תנו את האנשים בני בליעל אשר בגבעה ונמיתם ונבערה רעה מישראל ולא אבו (בני) בנימן לשמע בקול אחיהם בני ישראל | 13 |
১৩এই কাৰণে তোমালোকে এই গিবিয়ানিবাসী পাষণ্ডবোৰক শোধাই দিয়া; আমি সিহঁতক বধ কৰি ইস্ৰায়েলৰ পৰা দুষ্টতা দূৰ কৰোঁ।” কিন্তু বিন্যামীনৰ সন্তানসকলে নিজ ভাই ইস্ৰায়েলৰ সন্তানসকলৰ কথা শুনিব নুখুজিলে,
ויאספו בני בנימן מן הערים הגבעתה לצאת למלחמה עם בני ישראל | 14 |
১৪বৰং ইস্ৰায়েলৰ সন্তানসকলৰ লগত যুদ্ধৰ অৰ্থে ওলাই বিন্যামীনৰ সন্তানসকলে নগৰৰ পৰা আহি গিবিয়াত গোট খালে।
ויתפקדו בני בנימן ביום ההוא מהערים עשרים וששה אלף איש שלף חרב--לבד מישבי הגבעה התפקדו שבע מאות איש בחור | 15 |
১৫বিন্যামীন বংশৰ লোকসকলে মুঠ ছাব্বিশ হাজাৰ জন সৈন্য পালে। তেওঁলোক যুদ্ধ কৰাৰ বাবে বেচ দক্ষতা থকা সৈন্যিক আছিল আৰু ইয়াৰ বাহিৰেও গিবিয়ানিবাসীৰ পৰা সাতশ নিপুণ সৈন্য পালে।
מכל העם הזה שבע מאות איש בחור אטר יד ימינו כל זה קלע באבן אל השערה--ולא יחטא | 16 |
১৬ইয়াৰ উপৰিও তেওঁলোকে সাতশ প্রশিক্ষণপ্রাপ্ত সৈন্য পাইছিল। এইলোক সকল বাওঁহতীয়া আছিল; তেওঁলোকৰ প্ৰতিজনে এডাল চুলি লৈ ফিঙ্গাৰ শিল মাৰিছিল আৰু তেওঁলোকৰ লক্ষ্যভ্রষ্ট হোৱা নাছিল।
ואיש ישראל התפקדו לבד מבנימן ארבע מאות אלף איש שלף חרב כל זה איש מלחמה | 17 |
১৭বিন্যামীনৰ বাহিৰে ইস্ৰায়েলৰ তৰোৱাল ধৰা লোক লেখত চাৰি লাখ হ’ল, সেই সকলো লোক যুদ্ধাৰু আছিল। তেওঁলোক প্রশিক্ষণ প্রাপ্ত আছিল।
ויקמו ויעלו בית אל וישאלו באלהים ויאמרו בני ישראל מי יעלה לנו בתחלה למלחמה עם בני בנימן ויאמר יהוה יהודה בתחלה | 18 |
১৮পাছত ইস্ৰায়েলৰ সন্তানসকলে ওলাই বৈৎএললৈ গৈ ঈশ্বৰক সুধিলে, “কোন বংশৰ লোক সকলোতকৈ আগেয়ে বিন্যামীনৰ সন্তানসকলৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই যাব?” তাতে যিহোৱাই ক’লে, “প্ৰথমে যিহূদাৰ বংশৰ লোকসকলে আক্রমণ কৰিব।”
ויקומו בני ישראל בבקר ויחנו על הגבעה | 19 |
১৯পাছদিনা পুৱাতে ইস্ৰায়েলৰ সন্তানসকলে উঠি গিবিয়াৰ বিৰুদ্ধে ছাউনি পাতিলে।
ויצא איש ישראל למלחמה עם בנימן ויערכו אתם איש ישראל מלחמה אל הגבעה | 20 |
২০আৰু ইস্ৰায়েলৰ সৈন্যসকলে বিন্যামীনেৰে সৈতে যুদ্ধ কৰিবলৈ ওলাই গৈ, গিবিয়াৰ ওচৰত সিহঁতৰ বিৰুদ্ধে সৈন্যৰ চাউনি পাতিলে;
ויצאו בני בנימן מן הגבעה וישחיתו בישראל ביום ההוא שנים ועשרים אלף איש--ארצה | 21 |
২১তাতে বিন্যামীনৰ সৈন্যসকলে গিবিয়াৰ পৰা ওলাই আহিল আৰু সেইদিনা ইস্ৰায়েলৰ মাজৰ বাইশ হাজাৰলোকক সংহাৰ কৰিলে।
ויתחזק העם איש ישראל ויספו לערך מלחמה במקום אשר ערכו שם ביום הראשון | 22 |
২২পাছত ইস্ৰায়েলৰ সৈন্যসকল তেওঁলোকতকৈও বেছি শক্তিশালী আছিল, তেওঁলোকে প্ৰথম দিনা যি ঠাইত সৈন্যৰ বেহু পাতিছিল আকৌ সেই ঠাইতে বেহু পাতিলে।
ויעלו בני ישראל ויבכו לפני יהוה עד הערב וישאלו ביהוה לאמר האוסיף לגשת למלחמה עם בני בנימן אחי ויאמר יהוה עלו אליו | 23 |
২৩ইস্ৰায়েলৰ সন্তানসকলে উঠি গৈ সন্ধিয়ালৈকে যিহোৱাৰ ওচৰত ক্ৰন্দন কৰিলে আৰু যিহোৱাক সুধিলে, “আমি নিজ ভাই বিন্যামীনৰ সন্তানসকলৰ লগত যুদ্ধ কৰিবলৈ পূণৰ যাম নে?” তাতে যিহোৱাই কলে, “তেওঁলোকক আক্ৰমণ কৰা!”
ויקרבו בני ישראל אל בני בנימן ביום השני | 24 |
২৪এইবাৰ ইস্ৰায়েলৰ সৈন্যসকল বিন্যামীনৰ সৈন্যসকলৰ ওচৰ আহি পালে। এইদিনটো আছিল যুদ্ধৰ দ্বিতীয় দিন।
ויצא בנימן לקראתם מן הגבעה ביום השני וישחיתו בבני ישראל עוד שמנת עשר אלף איש ארצה כל אלה שלפי חרב | 25 |
২৫বিন্যামীনৰ সৈন্যসকলে গিবিয়াৰ পৰা ওলাই আহি দ্বিতীয় দিনা পুনৰাই ইস্ৰায়েলৰ সৈন্যসকলক আক্রমণ কৰি ওঠৰ হাজাৰ লোকক হত্যা কৰিলে; এই সকলো ইস্ৰায়েলী সৈন্যসকল প্ৰশিক্ষণ প্ৰাপ্ত আছিল।
ויעלו כל בני ישראל וכל העם ויבאו בית אל ויבכו וישבו שם לפני יהוה ויצומו ביום ההוא עד הערב ויעלו עלות ושלמים לפני יהוה | 26 |
২৬তেতিয়া ইস্ৰায়েলৰ সকলো সৈন্য আৰু আটাই লোকসকলে বৈৎএললৈ উঠি গ’ল আৰু সেই ঠাইতে যিহোৱাৰ সাক্ষাতে ক্ৰন্দন কৰি বহি থাকিল। সেই দিনা সন্ধিয়ালৈকে লঘোনে থাকিল আৰু যিহোৱাৰ সাক্ষাতে হোম আৰু শান্তিৰ বলি উৎসৰ্গ কৰিলে।
וישאלו בני ישראל ביהוה ושם ארון ברית האלהים בימים ההם | 27 |
২৭ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাক সুধিলে, কিয়নো সেই সময়ত ইস্ৰায়েলৰ নিয়ম-চন্দুক সেই ঠাইত আছিল,
ופינחס בן אלעזר בן אהרן עמד לפניו בימים ההם לאמר האוסף עוד לצאת למלחמה עם בני בנימן אחי אם אחדל ויאמר יהוה עלו כי מחר אתננו בידך | 28 |
২৮আৰু সেই কালত হাৰোণৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে তাৰ আগত পৰিচৰ্যা কৰি আছিল। তাতে তেওঁলোকে ক’লে “আমি নিজ ভাই বিন্যামীনৰ সন্তানসকলৰ লগত যুদ্ধ কৰিবলৈ আকৌ যাম নে, বা ক্ষান্ত হম?” তাতে যিহোৱাই ক’লে, “আক্রমণ কৰা, কিয়নো কাইলৈ মই তোমালোকৰ হাতত সিহঁতক শোধাই দিম।”
וישם ישראל ארבים אל הגבעה סביב | 29 |
২৯পাছত ইস্ৰায়েলৰ সন্তানসকলে চাৰিওফালে গোপন ঠাইত গিবিয়াৰ বিৰুদ্ধে মানুহ লুকুৱাই ৰাখিলে।
ויעלו בני ישראל אל בני בנימן ביום השלישי ויערכו אל הגבעה כפעם בפעם | 30 |
৩০পাছত তৃতীয় দিনা ইস্ৰায়েলৰ সৈন্যসকলে বিন্যামীনৰ সৈন্যসকলৰ বিৰুদ্ধে উঠি গৈ আগৰ দৰে গিবিয়াৰ বিৰুদ্ধে সৈন্যৰ বেহু পাতিলে।
ויצאו בני בנימן לקראת העם הנתקו מן העיר ויחלו להכות מהעם חללים כפעם בפעם במסלות אשר אחת עלה בית אל ואחת גבעתה בשדה כשלשים איש בישראל | 31 |
৩১তেতিয়া বিন্যামীনৰ সন্তানসকলে গিবিয়াৰ পৰা ওলাই আহি ইস্রায়েলীসকলৰ বিৰুদ্ধে যুজ কৰিবলৈ আহিল আৰু তেওঁলোকক ওচৰৰ পৰা দূৰলৈ লৈ যোৱা হ’ল। আৰু তেওঁলোকে আগৰ দৰে লোকসকলৰ মাজত প্ৰহাৰ কৰি বৈৎএললৈ যোৱা আৰু পথাৰৰ মাজেদি গিবিয়ালৈ যোৱা এই দুই ৰাজ বাটত ইস্ৰায়েলৰ মাজৰ ত্ৰিশজন মান লোকক বধ কৰিলে।
ויאמרו בני בנימן נגפים הם לפנינו כבראשנה ובני ישראל אמרו ננוסה ונתקנוהו מן העיר אל המסלות | 32 |
৩২তেতিয়া বিন্যামীনৰ সন্তানসকলে ক’লে, “তেওঁলোক পৰাজিতহৈ যিমান সোনকালে পাৰে তাৰ পৰা পলাই গ’ল।” কিন্তু ইস্ৰায়েলৰ সৈন্যসকলে ক’লে, “আহাঁ আমি দৌৰি গৈ তেওঁলোকক নগৰৰ পৰা ধৰি ৰাজবাটলৈ লৈ আহোঁ।”
וכל איש ישראל קמו ממקומו ויערכו בבעל תמר וארב ישראל מגיח ממקמו ממערה גבע | 33 |
৩৩এই কাৰণে ইস্ৰায়েলৰ সৈন্যসকলে নিজ নিজ ঠাইৰ পৰা ওলাই গৈ বালতামৰত সৈন্যৰ বেহু পাতিলে; আৰু ইয়াৰ ভিতৰতে ইস্ৰায়েলৰ লুকাই থকা সৈন্যসকলে গোপণ ঠাইৰ পৰা দৌৰি ওলাই আহি মাৰেই গিবিয়া আক্রমণ কৰিলে।
ויבאו מנגד לגבעה עשרת אלפים איש בחור מכל ישראל והמלחמה כבדה והם לא ידעו כי נגעת עליהם הרעה | 34 |
৩৪তেওঁলোক গিবিয়ালৈ ওলাই আহিল আৰু গোটেই ইস্ৰায়েলৰ মাজত মনোনীত হোৱা দহ হাজাৰ লোকৰ ঘোৰ যুদ্ধ হ’ল; কিন্তু বিন্যামীনৰ লোকসকলে নাজানিলে যে, শেষত দুর্যোগ ঘটি তেওঁলোকৰ কি হ’ব।
ויגף יהוה את בנימן לפני ישראל וישחיתו בני ישראל בבנימן ביום ההוא עשרים וחמשה אלף ומאה איש כל אלה שלף חרב | 35 |
৩৫যিদিনা যিহোৱাই ইস্ৰায়েলৰ সৈন্যসকলক ব্যৱহাৰ কৰি বিন্যামীনৰ সৈন্যসকলক পৰাজিত কৰিলে, সেইদিনা ইস্ৰায়েলৰ সন্তানসকলে বিন্যামীনৰ পঁচিশ হাজাৰ সৈন্যক বধ কৰিলে। এই লোকসকল তৰোৱাল ধৰাত পাকৈত প্রশিক্ষণ প্রাপ্ত সৈনিক আছিল।
ויראו בני בנימן כי נגפו ויתנו איש ישראל מקום לבנימן כי בטחו אל הארב אשר שמו אל הגבעה | 36 |
৩৬এইবাৰ বিন্যামীনে দেখা পালে যে, তেওঁৰ সৈন্যসকল পৰাজিত হ’ল আৰু ইস্ৰায়েলৰ লোকসকলো বিন্যামীনৰ পৰা পিছুৱাই গৈছিল; তেওঁলোক পিছুৱাই যোৱাৰ কাৰণ আছিল, তেওঁলোকে হঠাৎ গিবিয়াৰ বিৰুদ্ধে আক্রমণ কৰাৰ কৌশল। এইদৰে গিবিয়াৰ ওচৰৰ এটুকুৰা ঠাইত তেওঁলোক লুকাই থাকিল।
והארב החישו ויפשטו אל הגבעה וימשך הארב ויך את כל העיר לפי חרב | 37 |
৩৭পাছত সেই লুকাই থকা লোকসকলে গিবিয়া নগৰত জপিয়াই পৰিল আৰু গিবিয়া আক্ৰমণ কৰি তৰোৱালৰ ধাৰেৰে প্রত্যেককে সংহাৰ কৰিলে।
והמועד היה לאיש ישראל--עם הארב הרב להעלותם משאת העשן מן העיר | 38 |
৩৮সেই লুকাই থকা সৈন্যসকলে ইস্ৰায়েলী লোকসকলৰ সৈতে এটা সংকেত বা চিন স্থিৰ কৰিছিল যে, যেতিয়া নগৰৰ পৰা মেঘ-স্তম্ভৰ দৰে বৰকৈ ধোঁৱা উৎপন্ন হ’ব, তেতিয়া সেই সংকেত চাই আটাইয়ে নগৰৰ বাহিৰলৈ ওলাই আহিব।
ויהפך איש ישראל במלחמה ובנימן החל להכות חללים באיש ישראל כשלשים איש--כי אמרו אך נגוף נגף הוא לפנינו כמלחמה הראשנה | 39 |
৩৯এতেকে ইস্ৰায়েলৰ সৈন্যসকলে ঘূৰি যুদ্ধ কৰিবলৈ ধৰিলে, বিন্যামীনে তেওঁলোকৰ মাজত প্ৰহাৰ কৰি প্ৰায় ত্ৰিশজন মানুহক বধ কৰিলে; কিয়নো সিহঁতে কৈছিল, “প্ৰথম যুদ্ধৰ নিচিনাকৈ ইহঁত আমাৰ আগত নিশ্চয়কৈ পৰাজিত হ’ব।”
והמשאת החלה לעלות מן העיר--עמוד עשן ויפן בנימן אחריו והנה עלה כליל העיר השמימה | 40 |
৪০কিন্তু যেতিয়া নগৰৰ পৰা স্তম্ভৰ আকৃতিৰে ধোঁৱা উঠিবলৈ ধৰিলে, তেতিয়া বিন্যামীন ফৈদৰ লোকসকলে পাছলৈ চাই দেখিলে যে, গোটেই নগৰ ধোঁৱাময় হৈ আকাশলৈ উঠি গৈছে।
ואיש ישראל הפך ויבהל איש בנימן כי ראה כי נגעה עליו הרעה | 41 |
৪১তেতিয়া ইস্ৰায়েলৰ সৈন্যসকলেও তেওঁলোকৰ ফালে মুখ ঘূৰালে, ইয়াকে দেখি বিন্যামীনৰ লোকসকল অতিশয় আতংকিত হ’ল, তেওঁলোকে দেখিলে যে তেওঁলোকলৈ দুর্যোগ নামি আহিছে।
ויפנו לפני איש ישראל אל דרך המדבר והמלחמה הדביקתהו ואשר מהערים משחיתים אותו בתוכו | 42 |
৪২সেয়ে তেওঁলোকে ইস্ৰায়েলৰ সৈন্যসকলৰ সন্মুখেৰে নগৈ অৰণ্যৰ বাটেদি যাবৰ বাবে পিঠি দি উভতি গ’ল; কিন্তু তেওঁলোকক যুদ্ধই পাছ নেৰিলে। তেওঁলোকক নগৰৰ পৰা ওলাই অহা ইস্রায়েলৰ সৈন্যসকলে বাটৰ মাজতে বধ কৰিলে।
כתרו את בנימן הרדיפהו מנוחה הדריכהו עד נכח הגבעה ממזרח שמש | 43 |
৪৩তেওঁলোকে বিন্যামীনীয়াহঁতক চাৰিওফালে বেৰি ধৰি নোহালৈ খেদি নিলে, তেওঁলোকক জিৰণি লবলৈ নিদি গিবিয়াৰ পূব ফালে থকা সূৰ্য উদয়ৰ দিশত তেওঁলোকক বধ কৰিলে।
ויפלו מבנימן שמנה עשר אלף איש את כל אלה אנשי חיל | 44 |
৪৪তাতে বিন্যামীনীয়াহঁতৰ ওঠৰ হাজাৰ সাহসী ও শক্তিশালী সৈন্য নিহত হ’ল।
ויפנו וינסו המדברה אל סלע הרמון ויעללהו במסלות חמשת אלפים איש וידביקו אחריו עד גדעם ויכו ממנו אלפים איש | 45 |
৪৫পাছত অৱশিষ্ট লোকসকল অৰণ্যৰ ফালে ৰিম্মোনৰ শিললৈ পলাবলৈ ধৰাত, সিহঁতৰ অৱশিষ্ট লোকৰ মাজত আন পাঁচ হাজাৰ লোকক তেওঁলোকে ৰাজ আলিত বধ কৰিলে; আৰু সিহঁতৰ পাছে পাছে গিদোমলৈকে খেদি গৈ, সিহঁতৰ পুনৰ দুই হাজাৰ লোকক বধ কৰিলে।
ויהי כל הנפלים מבנימן עשרים וחמשה אלף איש שלף חרב--ביום ההוא את כל אלה אנשי חיל | 46 |
৪৬এইদৰে সেইদিনা বিন্যামীনীয়হঁতৰ মাজৰ সৰ্ব্বমুঠ তৰোৱাললৈ যুদ্ধ কৰা পঁচিশ হাজাৰ সৈন্য নিহত হ’ল, তেওঁলোক সকলোৱেই যুদ্ধত বীৰ পুৰুষ আছিল।
ויפנו וינסו המדברה אל סלע הרמון שש מאות איש וישבו בסלע רמון ארבעה חדשים | 47 |
৪৭কিন্তু ছশ লোকে ঘূৰি অৰণ্যৰ ৰিম্মোন শিললৈ পলাই গ’ল আৰু সেই ৰিম্মোন শিলত চাৰি মাহ থাকিল।
ואיש ישראל שבו אל בני בנימן ויכום לפי חרב מעיר מתם עד בהמה עד כל הנמצא גם כל הערים הנמצאות שלחו באש | 48 |
৪৮ইস্ৰায়েলৰ সৈন্যসকল বিন্যামীনৰ লোকসকলৰ ওচৰলৈ পুনৰায় ঘূৰি আহি নগৰত থকা আটাই মানুহ আৰু পশু আদি যি যি পালে, সেই সকলোকে তৰোৱালৰ ধাৰেৰে আঘাত কৰিলে; আৰু যিমান নগৰ পোৱা গ’ল, সেই সকলোকে জুই দি পুৰি ভষ্ম কৰিলে।