< יהושע 12 >
ואלה מלכי הארץ אשר הכו בני ישראל וירשו את ארצם בעבר הירדן מזרחה השמש--מנחל ארנון עד הר חרמון וכל הערבה מזרחה | 1 |
১বর্ত্তমান দেশ-সমূহৰ এইসকল ৰজা, যিসকলক ইস্ৰায়েলৰ লোক সকলে পৰাজয় কৰিছিল৷ ইস্ৰায়েলৰ লোক সকলে সূৰ্য উদয় হোৱা যৰ্দ্দনৰ পূবদিশে থকা, অৰ্ণোনৰ উপত্যকাৰ পৰা হৰ্মোণ পৰ্ব্বতলৈকে আৰু পূব ফালে থকা অৰাবা’ৰ গোটেই দেশ অধিকাৰ কৰিলে৷
סיחון מלך האמרי היושב בחשבון--משל מערוער אשר על שפת נחל ארנון ותוך הנחל וחצי הגלעד ועד יבק הנחל גבול בני עמון | 2 |
২চীহোন ইমোৰীয়াসকলৰ ৰজা আছিল। তেওঁ হিচবোনত বাস কৰিছিল৷ তেওঁ অৰ্ণোনৰ উপত্যকাৰ দাঁতিত থকা অৰোয়েৰ পৰা আৰু সেই উপত্যকাৰ মাজত থকা নগৰখনৰ পৰা অম্মোনৰ সন্তান সকলৰ সীমা যব্বোক নদীলৈকে আধা গিলিয়দ দেশত শাসন কৰিছিল৷
והערבה עד ים כנרות מזרחה ועד ים הערבה ים המלח מזרחה דרך בית הישמות ומתימן--תחת אשדות הפסגה | 3 |
৩আৰু পূব পাৰে কিন্নেৰৎ সাগৰলৈকে আৰু পূব পাৰে বৈৎ-যিচীমোতলৈ যোৱা বাটত থকা অৰাবা সমুদ্ৰ, অৰাবাত আৰু দক্ষিণে পিচগাৰ চাৱলীয়া ঠাইবোৰৰ তলত থকা দেশতো শাসন কৰিছিল৷
וגבול עוג מלך הבשן מיתר הרפאים--היושב בעשתרות ובאדרעי | 4 |
৪ওগ, বাচানৰ ৰজা আছিল। এওঁ ৰফায়ীয়াসকলৰ অৱশিষ্ট থকা বংশত জন্ম হৈ, অষ্টাৰোৎ আৰু ইদ্ৰেয়ীত বাস কৰিছিল৷
ומשל בהר חרמון ובסלכה ובכל הבשן עד גבול הגשורי והמעכתי וחצי הגלעד--גבול סיחון מלך חשבון | 5 |
৫তেওঁ হৰ্মোণ পৰ্ব্বতত, চলখাত, গচুৰীয়া আৰু মাখাথীয়া সকলৰ সীমালৈকে গোটেই বাচান দেশত আৰু হিচবোনৰ চীহোন ৰজাৰ সীমালৈকে থকা, আধা গিলিয়দ দেশত শাসন কৰিছিল।
משה עבד יהוה ובני ישראל הכום ויתנה משה עבד יהוה ירשה לראובני ולגדי ולחצי שבט המנשה | 6 |
৬যিহোৱাৰ দাস মোচিয়ে আৰু ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজয় কৰিলে আৰু যিহোৱাৰ দাস মোচিয়ে অধিকাৰৰ অৰ্থে সেই দেশ ৰূবেণীয়া ও গাদীয়াসকলক আৰু মনচিৰ আধা ফৈদক দিলে।
ואלה מלכי הארץ אשר הכה יהושע ובני ישראל בעבר הירדן ימה מבעל גד בבקעת הלבנון ועד ההר החלק העלה שעירה ויתנה יהושע לשבטי ישראל ירשה--כמחלקתם | 7 |
৭চেয়ীৰলৈ বিস্তৃত হোৱা যৰ্দ্দনৰ সীপাৰে পশ্চিম দিশে, লিবানোনৰ উপত্যকাত থকা বাল-গাদৰ পৰা হালক পৰ্ব্বতলৈকে থকা এই ৰজা সকলক যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলে বধ কৰিছিল৷ যিহোচূৱাই দেশ অধিকাৰৰ অৰ্থে নিজ নিজ ভাগ অনুসাৰে ইস্ৰায়েলৰ ফৈদক ভগাই দিলে।
בהר ובשפלה ובערבה ובאשדות ובמדבר ובנגב--החתי האמרי והכנעני הפרזי החוי והיבוסי | 8 |
৮ইয়াৰ অন্তর্ভুক্ত আছিল, পৰ্ব্বতীয়া অঞ্চল, নিম্নভূমি অঞ্চল, অৰাবা, পৰ্ব্বতৰ নামনি অঞ্চল, মৰুপ্ৰান্তীয় অঞ্চল, আৰু নেভেগ। ইয়াতে হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকল আছিল।
מלך יריחו אחד מלך העי אשר מצד בית אל אחד | 9 |
৯ৰজাসকলৰ মাজত আছিল - যিৰীহোৰ ৰজা, বৈৎএলৰ ওচৰত থকা অয়ৰ ৰজা,
מלך ירושלם אחד מלך חברון אחד | 10 |
১০যিৰূচালেমৰ ৰজা, হিব্ৰোণৰ ৰজা,
מלך ירמות אחד מלך לכיש אחד | 11 |
১১যৰ্মূতৰ ৰজা, লাখীচৰ ৰজা,
מלך עגלון אחד מלך גזר אחד | 12 |
১২ইগ্লোনৰ ৰজা, গেজৰৰ ৰজা,
מלך דבר אחד מלך גדר אחד | 13 |
১৩দবীৰৰ ৰজা, গেদৰৰ ৰজা,
מלך חרמה אחד מלך ערד אחד | 14 |
১৪হৰ্মাৰ ৰজা, অৰাদৰ ৰজা,
מלך לבנה אחד מלך עדלם אחד | 15 |
১৫লিব্নাৰ ৰজা, অদুল্লমৰ ৰজা,
מלך מקדה אחד מלך בית אל אחד | 16 |
১৬মক্কেদাৰ ৰজা, বৈৎএলৰ ৰজা,
מלך תפוח אחד מלך חפר אחד | 17 |
১৭তপ্পুহৰ ৰজা, হেফৰৰ ৰজা,
מלך אפק אחד מלך לשרון אחד | 18 |
১৮অফেকৰ ৰজা, লচাৰোণৰ ৰজা,
מלך מדון אחד מלך חצור אחד | 19 |
১৯মাদোনৰ ৰজা, হাচোৰৰ ৰজা,
מלך שמרון מראון אחד מלך אכשף אחד | 20 |
২০চিম্ৰোণ-মৰোণৰ ৰজা, অক্চফৰ ৰজা,
מלך תענך אחד מלך מגדו אחד | 21 |
২১তানকৰ ৰজা, মগিদ্দোৰ ৰজা,
מלך קדש אחד מלך יקנעם לכרמל אחד | 22 |
২২কেদচৰ ৰজা, কৰ্মিলত থকা যক্নীয়ামৰ ৰজা,
מלך דור לנפת דור אחד מלך גוים לגלגל אחד | 23 |
২৩দোৰৰ ওখ ঠাইবোৰত থকা দোৰৰ ৰজা, গিলগলত থকা গোয়ীমৰ ৰজা
מלך תרצה אחד כל מלכים שלשים ואחד | 24 |
২৪অাৰু তিৰ্চাৰ ৰজা৷ সৰ্ব্বমুঠ একত্ৰিশ জন ৰজা আছিল৷