< איוב 13 >
הן-כל ראתה עיני שמעה אזני ותבן לה | 1 |
১চোৱা, মোৰ চকুৱে এই সকলোকে দেখিলে, আৰু নিজ কাণেৰে শুনি তাক বুজিলোঁ।
כדעתכם ידעתי גם-אני לא-נפל אנכי מכם | 2 |
২তোমালোকে যি জানা, ময়ো তাক জানো; মই তোমালোকতকৈ নিকৃষ্ট নহওঁ।
אולם--אני אל-שדי אדבר והוכח אל-אל אחפץ | 3 |
৩কিয়নো মই সৰ্ব্বশক্তিমান জনাকহে কথা কম, আৰু মই ঈশ্বৰৰ লগতহে বাদ-বিচাৰ কৰিব খুজিছোঁ।
ואולם אתם טפלי-שקר רפאי אלל כלכם | 4 |
৪কিন্তু তোমালোক হলে মিছা কথা সাজোঁতা, আৰু তোমালোক সকলোৱেই অকামিলা বেজ।
מי-יתן החרש תחרישון ותהי לכם לחכמה | 5 |
৫অস, তোমালোক একেবাৰে নিমাত হৈ থকা হ’লে, কেনে ভাল আছিল! সেয়ে তোমালোকৰ পক্ষে জ্ঞানৰ কাৰ্য বুলি গণিত হলহেঁতেন।
שמעו-נא תוכחתי ורבות שפתי הקשיבו | 6 |
৬এতিয়া মোৰ তিৰস্কাৰ শুনা, আৰু মোৰ মুখৰ অনুযোগ-বাক্যলৈ কাণ পাতা।
הלאל תדברו עולה ולו תדברו רמיה | 7 |
৭তোমালোকে ঈশ্বৰৰ পক্ষ হৈ অন্যায়ৰ কথা ক’বা নে? আৰু তেওঁৰ পক্ষ হৈ প্ৰবঞ্চনা-বাক্য বুলিবা নে?
הפניו תשאון אם-לאל תריבון | 8 |
৮তোমালোকে তেওঁৰেই পক্ষপাত কৰিবা নে? তোমালোকে ঈশ্বৰৰেই পক্ষ হৈ প্ৰতিবাদ কৰিবা নে?
הטוב כי-יחקר אתכם אם-כהתל באנוש תהתלו בו | 9 |
৯তেওঁ বিচাৰি বিচাৰি তোমালোকৰ তত্ত্ব উলিয়ালে তোমালোকৰ মঙ্গল হ’ব নে? বা মানুহক ফাঁকি দিয়াৰ দৰে জানো তোমালোকে তেওঁক ফাঁকি দিব পাৰিবা?
הוכח יוכיח אתכם-- אם-בסתר פנים תשאון | 10 |
১০তোমালোকে যদি গুপুতে পক্ষপাতিত্ব কৰা, তেন্তে তেওঁ অৱশ্যে তোমালোকক দণ্ড দিব।
הלא שאתו תבעת אתכם ופחדו יפל עליכם | 11 |
১১তেওঁৰ প্ৰতাপে তোমালোকক ত্ৰাসযুক্ত নকৰিব নে? তেওঁৰ ভয়ানকতাত জানো তোমালোকে ভয় নকৰিবা?
זכרניכם משלי-אפר לגבי-חמר גביכם | 12 |
১২তোমালোকৰ সোঁৱৰণীয় বাক্য ভস্মস্বৰূপ দৃষ্টান্ত মাথোন, তোমালোকৰ প্রতিৰোধ ধুলিৰ গড়স্বৰূপ।
החרישו ממני ואדברה-אני ויעבר עלי מה | 13 |
১৩তোমালোকে মনে মনে থাকা, মোকেই কথা ক’বলৈ এৰি দিয়া; মোলৈ যি ঘটে, ঘটক।
על-מה אשא בשרי בשני ונפשי אשים בכפי | 14 |
১৪মই কিয় মোৰ মাংস দাঁতত লৈ থাকিম? মোৰ প্ৰাণ মোৰ হাততেই ৰাখিম।
הן יקטלני לא (לו) איחל אך-דרכי אל-פניו אוכיח | 15 |
১৫চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম; তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দ্দোষীতা প্ৰমাণ কৰিম।
גם-הוא-לי לישועה כי-לא לפניו חנף יבוא | 16 |
১৬এয়ে মোৰ মুক্তিৰ কাৰণ হ’ব, মই এজন অধাৰ্মিক লোকৰ দৰে তেওঁৰ আগত থিয় হ’ব নোৱাৰিম।
שמעו שמוע מלתי ואחותי באזניכם | 17 |
১৭মনোযোগ কৰি মোৰ কথা শুনা; মোৰ বাক্য তোমালোকৰ কাণত সোমাওক।
הנה-נא ערכתי משפט ידעתי כי-אני אצדק | 18 |
১৮চোৱা, মোৰ গোচৰ মই ঠিকঠাক কৰি থৈছোঁ; মই যে নিৰ্দ্দোষী হওঁ, তাক মই জানো।
מי-הוא יריב עמדי כי-עתה אחריש ואגוע | 19 |
১৯মোৰ লগত প্ৰতিবাদ কৰিব পৰা কোন আছে? যদি আছে, তেন্তে মই নিমাত হৈ প্ৰাণত্যাগ কৰিম।
אך-שתים אל-תעש עמדי אז מפניך לא אסתר | 20 |
২০হে ঈশ্বৰ, তুমি কেৱল দুটা কাৰ্য মোলৈ কৰিবা; তাতে মই তোমাৰ সম্মুখৰ পৰা নিজকে নুলুকুৱাম।
כפך מעלי הרחק ואמתך אל-תבעתני | 21 |
২১মোৰ ওপৰৰ পৰা তোমাৰ অত্যাচাৰী হাত আঁতৰাই নিবা, আৰু তোমাৰ ভয়ানকতাৰে মোক ভয় নুখুৱাবা।
וקרא ואנכי אענה או-אדבר והשיבני | 22 |
২২তেতিয়া তুমি মোক মাতিবা, মই উত্তৰ দিম, বা মই কম, তুমি উত্তৰ দিবা।
כמה לי עונות וחטאות-- פשעי וחטאתי הדיעני | 23 |
২৩মোৰ অপৰাধ আৰু পাপ কিমান? মোৰ অধৰ্ম আৰু পাপ মোক জনোৱা।
למה-פניך תסתיר ותחשבני לאויב לך | 24 |
২৪কিয় তোমাৰ মুখ মোৰ পৰা লুকুৱাইছা, আৰু মোক তোমাৰ শত্ৰু যেন জ্ঞান কৰিছা?
העלה נדף תערוץ ואת-קש יבש תרדף | 25 |
২৫উৰুৱাই নিয়া পাতক তুমি জানো তাড়ণা কৰিবা? আৰু শুকান ঘুলাক জানো খেদি যাবা?
כי-תכתב עלי מררות ותורישני עונות נעורי | 26 |
২৬কিয়নো তুমি মোৰ বিৰুদ্ধে তিতা লগা কথা লিখি থৈছা, আৰু মোক যৌবন-কালৰ অপৰাধৰ উত্তৰাধিকৰী কৰিছা।
ותשם בסד רגלי-- ותשמור כל-ארחתי על-שרשי רגלי תתחקה | 27 |
২৭তুমি মোৰ ভৰি কুন্দত বান্ধি ৰাখিছা, মোৰ সকলো পথৰ চিন ৰাখিছা, আৰু মোৰ ভৰিৰ চাৰিওফালে সীমাৰ আঁক টানিছা,
והוא כרקב יבלה כבגד אכלו עש | 28 |
২৮সেয়ে মই ক্ষয়নীয় পচা বস্তুৰ নিচিনা, আৰু পোকে খোৱা বস্ত্ৰৰ সদৃশ হলোঁ।