< איוב 11 >
১তাতে নামাথীয়া চোফৰে উত্তৰ দিলে আৰু ক’লে,
הרב דברים לא יענה ואם-איש שפתים יצדק | 2 |
২ইমান অধিক কথাৰ নো উত্তৰ দিয়া নাযায় নে? বহু কথা কোৱা মানুহক জানো নিৰ্দ্দোষী কৰা হ’ব?
בדיך מתים יחרישו ותלעג ואין מכלם | 3 |
৩তোমাৰ বলকনিয়ে জানো মানুহক নিমাত কৰিব? তুমি নিন্দা কৰিলে, কোনেও তোমাক লাজ নিদিব নে?
ותאמר זך לקחי ובר הייתי בעיניך | 4 |
৪কিয়নো তুমি কৈছা, “মোৰ মত ঠিক, আৰু মই তোমাৰ দৃষ্টিতে শুচি।”
ואולם--מי יתן אלוה דבר ויפתח שפתיו עמך | 5 |
৫কিন্তু অস, ঈশ্বৰে অনুগ্ৰহ কৰি কথা কোৱা হলে, আৰু তোমাৰ বিৰুদ্ধে নিজ মুখ মেলিলে;
ויגד-לך תעלמות חכמה-- כי-כפלים לתושיה ודע-- כי-ישה לך אלוה מעונך | 6 |
৬জ্ঞানৰ নিগূঢ় বিষয় প্ৰকাশ কৰিলে, ঈশ্বৰৰ বুদ্ধি-কৌশল যে অনেক প্ৰকাৰ, সেই বিষয়ে তেওঁ তোমাক জনোৱা হলে, কেনে ভাল আছিল! এই হেতুকে তুমি জানিবা যে, ঈশ্বৰে তোমাৰ অপৰাধৰ অধিক ভাগ এৰি পেলাইছে।
החקר אלוה תמצא אם עד-תכלית שדי תמצא | 7 |
৭তুমি অনুসন্ধান কৰি ঈশ্বৰৰ তত্ত্ব পাব পাৰা নে? তুমি সৰ্ব্বশক্তিমান জনাৰ সম্পূৰ্ণ তত্ত্ব লাভ কৰিব পাৰা নে?
גבהי שמים מה-תפעל עמקה משאול מה-תדע (Sheol ) | 8 |
৮সেয়ে আকশ-মণ্ডলৰ নিচিনা ওখ; তুমি কি কৰিব পাৰা? সেয়ে চিয়োলতকৈ অগাধ; তুমি কি জানিব পাৰা? (Sheol )
ארכה מארץ מדה ורחבה מני-ים | 9 |
৯তাৰ পৰিমাণ পৃথিবীতকৈয়ো দীঘল, আৰু সমুদ্ৰতকৈয়ো বহল।
אם-יחלף ויסגיר ויקהיל ומי ישיבנו | 10 |
১০তেওঁ যদি পোনে পোনে আহে আৰু কোনোবা এজনক যদি আটক কৰি থয়, আৰু বিচাৰ-সভা পাতে, তেন্তে কোনে তেওঁক নিবাৰণ কৰিব পাৰে?
כי-הוא ידע מתי-שוא וירא-און ולא יתבונן | 11 |
১১কিয়নো তেওঁ দুষ্ট লোকক জানে, আৰু মনযোগ নিদিলেও তেওঁ অধৰ্ম দেখে।
ואיש נבוב ילבב ועיר פרא אדם יולד | 12 |
১২কিন্তু অসাৰ মানুহ জ্ঞনশূন্য, এনে কি, মনুষ্য জন্মৰে পৰা বনৰীয়া গাধৰ পোৱালিস্বৰূপ।
אם-אתה הכינות לבך ופרשת אליו כפיך | 13 |
১৩তুমি যদি নিজৰ মন শুদ্ধ কৰা, আৰু তেওঁৰ ফাললৈ হাত মেলা,
אם-און בידך הרחיקהו ואל-תשכן באהליך עולה | 14 |
১৪কিন্তু হাতত অধৰ্ম থাকিলে, তাক দূৰ কৰা, আৰু দুষ্টতাক নিজ তম্বুত থাকিব নিদিবা;
כי-אז תשא פניך ממום והיית מצק ולא תירא | 15 |
১৫তেন্তে তুমি অৱশ্যে নিষ্কলঙ্ক মুখ তুলিব পাৰিবা; এনে কি, সুস্থিৰে থাকিবা, ভয় নাপাবা,
כי-אתה עמל תשכח כמים עברו תזכר | 16 |
১৬কিয়নো তোমাৰ দুখ তুমি পাহৰি যাবা, ইয়াক বৈ গৈ নাইকিয়া হোৱা পানীৰ নিচিনা মনতে লাগিব।
ומצהרים יקום חלד תעפה כבקר תהיה | 17 |
১৭তোমাৰ জীৱন দুপৰীয়াতকৈ নিৰ্ম্মল হ’ব, আৰু আন্ধাৰ হলেও, সেয়ে প্ৰভাতৰ নিচিনা হ’ব।
ובטחת כי-יש תקוה וחפרת לבטח תשכב | 18 |
১৮আশা থকা কাৰণে তুমি সাহিয়াল হবা; আৰু চাৰিওফালে বুজ-বিচাৰ লৈ নিশ্চিন্তমনে বিশ্ৰাম কৰিবা।
ורבצת ואין מחריד וחלו פניך רבים | 19 |
১৯তুমি শোওঁতে কোনেও তোমাক ভয় নেদেখুৱাব; বৰং অনেকে তোমাৰ আগত নিবেদন কৰিব।
ועיני רשעים תכלינה ומנוס אבד מנהם ותקותם מפח-נפש | 20 |
২০কিন্তু দুষ্টবোৰৰ চকু নিস্তেজ হ’ব, সিহঁতৰ আশ্ৰয় নষ্ট হব, আৰু প্ৰাণত্যাগেই সিহঁতৰ আশা হ’ব।