< ירמיה 50 >
הדבר אשר דבר יהוה אל בבל--אל ארץ כשדים ביד ירמיהו הנביא | 1 |
১যিৰিমিয়া ভাববাদীৰ দ্বাৰাই বাবিলৰ বিষয়ে আৰু বাবিলৰ লোকসকলৰ বিষয়ে যিহোৱাই কোৱা বাক্য।
הגידו בגוים והשמיעו ושאו נס השמיעו אל תכחדו אמרו נלכדה בבל הביש בל חת מרדך הבישו עצביה חתו גלוליה | 2 |
২তোমালোকে জাতিবিলাকৰ মাজত প্ৰচাৰ কৰা, ঘোষণা কৰা আৰু ধ্বজা তোলা; গুপুতে নাৰাখিবা; কোৱা, “বাবিল হাত কৰি লোৱা হ’ল, বেলে লাজ পালে, মৰোদক ব্যাকুল হ’ল; তাৰ মুৰ্ত্তিবোৰে লাজ পালে, তাৰ প্ৰতিমাবোৰ ব্যাকুল হ’ল”।
כי עלה עליה גוי מצפון הוא ישית את ארצה לשמה ולא יהיה יושב בה מאדם ועד בהמה נדו הלכו | 3 |
৩কিয়নো তাৰ বিৰুদ্ধে উত্তৰৰ পৰা এক জাতি আহিছে; সেই জাতিয়ে তাৰ দেশ ধ্বংস কৰিব তাত কোনেও বাস নকৰিব; সিহঁত পলাল মানুহ আৰু পশু সকলো গ’ল।
בימים ההמה ובעת ההיא נאם יהוה יבאו בני ישראל המה ובני יהודה יחדו הלוך ובכו ילכו ואת יהוה אלהיהם יבקשו | 4 |
৪যিহোৱাই কৈছে, সেই দিনত আৰু সেই কালত ইস্ৰায়েলৰ সন্তানসকল আৰু যিহূদাৰ সন্তানসকল একে লগ হৈ আহিব আৰু ক্ৰন্দন কৰি কৰি গমন কৰি তেওঁবিলাকৰ ঈশ্বৰ যিহোৱাৰ বিচাৰ কৰিব।
ציון ישאלו דרך הנה פניהם באו ונלוו אל יהוה ברית עולם לא תשכח | 5 |
৫তেওঁবিলাকে এই ফাললৈ মুখ কৰি চিয়োনৰ বিষয়ে সুধিব আৰু ক’ব যে আহা, আমি পাহৰিব নোৱাৰা চিৰকলীয়া এটি নিয়মেৰে যিহোৱাত আসক্ত হওঁ।
צאן אבדות היה (היו) עמי--רעיהם התעום הרים שובבים (שובבום) מהר אל גבעה הלכו שכחו רבצם | 6 |
৬মোৰ প্ৰজাবিলাক হেৰোৱা মেৰ-ছাগ স্বৰূপ হ’ল; তেওঁবিলাকৰ ৰখীয়াবিলাকে তেওঁবিলাকক বিপথগামী কৰিলে, পৰ্ব্বতবোৰত তেওঁবিলাকৰ বাট হেৰুৱালে; তেওঁবিলাক এক পৰ্ব্বতৰ পৰা আন পৰ্ব্বতলৈ গ’ল, তেওঁবিলাকে নিজৰ শোৱা ঠাই পাহৰিলে।
כל מוצאיהם אכלום וצריהם אמרו לא נאשם תחת אשר חטאו ליהוה נוה צדק ומקוה אבותיהם יהוה | 7 |
৭তেওঁবিলাকক পোৱা সকলোৱে তেওঁবিলাকক গ্ৰাস কৰিলে, আৰু তেওঁবিলাকৰ শত্ৰুবোৰে ক’লে, আমি দোষ কৰা নাই, কাৰণ সিহঁতে ধৰ্মনিবাস যিহোৱাৰ, সিহঁতৰ পূৰ্বপুৰুষসকলৰ বিশ্বাস ভূমি যিহোৱাৰেই বিৰুদ্ধে পাপ কৰিলে।
נדו מתוך בבל ומארץ כשדים יצאו (צאו) והיו כעתודים לפני צאן | 8 |
৮তোমালোক বাবিলৰ মাজৰ পৰা পলোৱা, কলদীয়াহঁতৰ দেশৰ পৰা ওলাই যোৱা, আৰু জাকৰ আগে আগে যাওঁতা মতা ছাগবোৰৰ নিচিনা হোৱা।
כי הנה אנכי מעיר ומעלה על בבל קהל גוים גדלים מארץ צפון וערכו לה משם תלכד חציו כגבור משכיל לא ישוב ריקם | 9 |
৯কিয়নো চোৱা, মই উত্তৰ দেশৰ পৰা বাবিলৰ অহিতে মহা জাতিবোৰৰ এক লোক সমূহক উচটাই আনিম, আৰু সিহঁতে তাৰ বিৰুদ্ধে বেহু পাতিব, তাতে তাক হাত কৰি লোৱা যাব; সিহঁতৰ কাঁড়বোৰ, বিফলে উলটি নহা নিপুন বীৰৰ কাঁড়বোৰৰ নিচিনা হ’ব।
והיתה כשדים לשלל כל שלליה ישבעו נאם יהוה | 10 |
১০কলদীয়া দেশ লুট দ্ৰব্য হ’ব, যিহোৱাই কৈছে, তাৰ লুটকাৰী আটাইবোৰ পৰিতৃপ্ত হ’ব।
כי תשמחי (תשמחו) כי תעלזי (תעלזו) שסי נחלתי כי תפושי (תפושו) כעגלה דשה ותצהלי (ותצהלו) כאברים | 11 |
১১হে মোৰ লোকসকলৰ আধিপত্য অপহৰণ কৰোঁতাবিলাক, তহঁতে আনন্দ কৰিছ, উল্লাস কৰিছ, শস্য মাৰোঁতা এজনী চেঁউৰী গৰুৰ নিচিনাকৈ দেও দিছ, আৰু বলী ঘোঁৰাৰ নিচিনাকৈ ঢেকঢেকাইছ।
בושה אמכם מאד חפרה יולדתכם הנה אחרית גוים מדבר ציה וערבה | 12 |
১২এতেকে, তহঁতৰ মাৰে অত্যন্ত লাজ পাব। তহঁতৰ জননী ব্যাকুল হ’ব, দেখ, তাই জাতিবিলাকৰ মাজত সকলোতকৈ পাছ হ’ব, অৰণ্য শুকান ভূমি আৰু মৰুভূমি হ’ব।
מקצף יהוה לא תשב והיתה שממה כלה כל עבר על בבל ישם וישרק על כל מכותיה | 13 |
১৩যিহোৱাৰ ক্ৰোধৰ কাৰণে এই দেশ বসতিস্থান নহ’ব, কিন্তু সম্পূৰ্ণ উচ্ছন্ন ঠাই হ’ব; বাবিলৰ ওচৰেদি যোৱা প্ৰতিজনে আচৰিত হৈ তালৈ ঘটাৰ আটাই উৎপাত দেখি ইচ ইচ কৰিব।
ערכו על בבל סביב כל דרכי קשת ידו אליה אל תחמלו אל חץ כי ליהוה חטאה | 14 |
১৪ধনু ভিৰাওঁতা তোমালোক আটায়ে বাবিলৰ অহিতে চাৰিওফালে বেহুঁ পাতা; তোমালোকে তালৈ কাঁড় মাৰা, এটি কাঁড়ো বাকী নাৰাখিবা; কিয়নো সি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলে।
הריעו עליה סביב נתנה ידה נפלו אשויתיה (אשיותיה) נהרסו חומותיה כי נקמת יהוה היא הנקמו בה כאשר עשתה עשו לה | 15 |
১৫চাৰিওফালে তাৰ বিৰুদ্ধে জয়-ধ্বনি কৰা; সি হাত যোৰ কৰিছে, তাৰ কোঁঠবোৰ পৰি গ’ল, তাৰ গড়বোৰ ভাঙি পেলোৱা হ’ল; কিয়নো এয়ে যিহোৱাই সধা প্ৰতিকাৰ; তোমালোকে তাৰ প্ৰতিকাৰ সধা, সি কৰা নিচিনাকৈ তাক কৰা।
כרתו זורע מבבל ותפש מגל בעת קציר--מפני חרב היונה איש אל עמו יפנו ואיש לארצו ינסו | 16 |
১৬বাবিলৰ পৰা কঠীয়া সিচোঁতাক আৰু শস্যৰ সময়ত কাঁচি ধৰোঁতাক উচ্ছন্ন কৰা; সংহাৰক তৰোৱালৰ ভয়ত সিহঁত প্ৰতিজনে নিজ নিজ জাতিলৈ মুখ কৰিব, আৰু প্ৰতিজনে নিজ নিজ দেশলৈ পলাই যাব।
שה פזורה ישראל אריות הדיחו הראשון אכלו מלך אשור וזה האחרון עצמו נבוכדראצר מלך בבל | 17 |
১৭ইস্ৰায়েল ছিন্ন-ভিন্ন মেৰস্বৰূপ; সিংহবোৰে তাক খেদি দিলে; প্ৰথমে অচূৰৰ ৰজাই তাক গ্ৰাস কৰিলে আৰু শেষত বাবিলৰ ৰজা এই নবূখদনেচৰে তাৰ হাড়বোৰ ভাঙিলে।
לכן כה אמר יהוה צבאות אלהי ישראל הנני פקד אל מלך בבל ואל ארצו--כאשר פקדתי אל מלך אשור | 18 |
১৮এই হেতুকে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, চোৱা, মই অচূৰৰ ৰজাক দণ্ড দিয়াৰ নিচিনাকৈ বাবিলৰ ৰজাক আৰু তেওঁৰ দেশকো দণ্ড দিম।
ושבבתי את ישראל אל נוהו ורעה הכרמל והבשן ובהר אפרים והגלעד תשבע נפשו | 19 |
১৯আৰু মই ইস্ৰায়েলক মোৰ চৰণীয়া ঠাইলৈ ওলোটাই আনিম; তাতে সি কৰ্মিল আৰু বাচানত চৰিব, ইফ্ৰয়িম পৰ্ব্বতত আৰু গিলিয়দত তাৰ প্ৰাণ তৃপ্ত হ’ব।
בימים ההם ובעת ההיא נאם יהוה יבקש את עון ישראל ואיננו ואת חטאת יהודה ולא תמצאינה כי אסלח לאשר אשאיר | 20 |
২০যিহোৱাই কৈছে, সেই দিনত আৰু সেই কালত ইস্ৰায়েলৰ অপৰাধ বিচাৰ কৰা যাব, কিন্তু একো পোৱা নাযাব, আৰু যিহূদাৰ পাপবোৰ বিচাৰ কৰা হ’ব, কিন্তু সেইবোৰ পোৱা নাযাব; কিয়নো মই অৱশিষ্ট ৰখাবোৰক ক্ষমা কৰিম।
על הארץ מרתים עלה עליה ואל יושבי פקוד חרב והחרם אחריהם נאם יהוה ועשה ככל אשר צויתיך | 21 |
২১তুমি মৰাথয়িম দেশৰ বিৰুদ্ধে আৰু পকোদ নিবাসীবিলাকৰ অহিতে যাত্ৰা কৰা; যিহোৱাই কৈছে, তুমি সিহঁতৰ পাছে পাছে গৈ সিহঁতক বধ কৰি নিঃশেষে বিনষ্ট কৰা, আৰু মই তোমাক দিয়া সকলো আদেশ অনুসাৰে কাৰ্য কৰা।
קול מלחמה בארץ--ושבר גדול | 22 |
২২দেশত ৰণৰ আৰু মহাসংহাৰৰ শব্দ শুনা গৈছে।
איך נגדע וישבר פטיש כל הארץ איך היתה לשמה בבל בגוים | 23 |
২৩গোটেই পৃথিৱীৰ হাতুৰীতোঁ কগগেনে চিন্ন আৰু ভগ্ন হ’ল। জাতিবিলাকৰ মাজত বাবিল কেনে ধ্বংসস্থান হ’ল।
יקשתי לך וגם נלכדת בבל ואת לא ידעת נמצאת וגם נתפשת--כי ביהוה התגרית | 24 |
২৪হে বাবিল মই তোমাৰ নিমিত্তে ফান্দ পাতিলোঁ, তুমি নজনাকৈ তাত লাগিলা; তুমি যিহোৱাৰ বিৰুদ্ধে বিবাদ কৰাৰ কাৰণে তোমাক পোৱা গ’ল, আৰু ধৰাও পৰিলা।
פתח יהוה את אוצרו ויוצא את כלי זעמו כי מלאכה היא לאדני יהוה צבאות--בארץ כשדים | 25 |
২৫যিহোৱাই নিজ অস্ত্ৰৰ ভঁড়াল মেলি নিজৰ ক্ৰোধৰ অস্ত্ৰবোৰ উলিয়াই আনিলে; কিয়নো কলদীয়াবিলাকৰ দেশত প্ৰভুৰ বাহিনীসকলৰ যিহোৱৰ কৰিবলৈ এটা কাৰ্য আছে।
באו לה מקץ פתחו מאבסיה סלוה כמו ערמים והחרימוה אל תהי לה שארית | 26 |
২৬তোমালোকে শেষ সীমাৰ পৰা তাৰ বিৰুদ্ধে আহা, তাৰ শস্যৰ ভঁড়ালবোৰ মেলা; শস্যৰাশিৰ নিচিনাকৈ তাক দ’ম কৰা, আৰু তাক নিঃশেষে বিনষ্ট কৰা, তাৰ একোকে থাকিব নিদিবা।
חרבו כל פריה ירדו לטבח הוי עליהם כי בא יומם עת פקדתם | 27 |
২৭তাৰ সকলো ভতৰাক বধ কৰা; সিহঁত বধ কৰা ঠাইলৈ নামি যাওক; হায় হায়! সিহঁতৰ দিন, সিহঁতৰ দণ্ডৰ সময় আহিল।
קול נסים ופלטים מארץ בבל להגיד בציון את נקמת יהוה אלהינו--נקמת היכלו | 28 |
২৮শুনা, সেইয়া বাবিল দেশৰ পৰা পলোৱা আৰু ৰক্ষা পোৱাবিলাকৰ মাত; আমাৰ ঈশ্বৰ যিহোৱাই সধা প্ৰতিকাৰ, তেওঁৰ মন্দিৰৰ অৰ্থে সধা প্ৰতিকাৰ সিবিলাকে চিয়োনত প্ৰকাশ কৰিছে।
השמיעו אל בבל רבים כל דרכי קשת חנו עליה סביב אל יהי (לה) פליטה שלמו לה כפעלה ככל אשר עשתה עשו לה כי אל יהוה זדה אל קדוש ישראל | 29 |
২৯তোমালোকে বাবিলৰ বিৰুদ্ধে ধনুৰ্দ্ধৰ বিলাকক, ধনু ভিৰাওঁতা আটাইকে মাতা, চাৰিওফালে তাৰ বিৰুদ্ধে ছাউনি পাতা, সিহঁতৰ কাকো সাৰি যাব নিদিবা, তাৰ কাৰ্য অনুসাৰে তাক প্ৰতিফল দিয়া, সি কৰা সকলো কাৰ্য অনুসাৰে তালৈ কৰা; কিয়নো সি যিহোৱাৰ বিৰুদ্ধে, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ বিৰুদ্ধে গৰ্ব্ব কৰিলে।
לכן יפלו בחוריה ברחבתיה וכל אנשי מלחמתה ידמו ביום ההוא נאם יהוה | 30 |
৩০এই নিমিত্তে, যিহোৱাই কৈছে তাৰ ডেকাবিলাক তাৰ চকবোৰত পতিত হ’ব, আৰু তাৰ আটাই যুদ্ধাৰুবিলাকক সেই দিনা নিস্তব্ধ কৰা হ’ব।
הנני אליך זדון נאם אדני יהוה צבאות כי בא יומך עת פקדתיך | 31 |
৩১বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, হে গৰ্ব্বী, দেখ, মই তোৰ বিপক্ষ; কিয়নো তোৰ দিন, মই তোক দণ্ড দিয়াৰ সময় আহিল।
וכשל זדון ונפל ואין לו מקים והצתי אש בעריו ואכלה כל סביבתיו | 32 |
৩২আৰু গৰ্ব্বী জন উজুটি খাই পতিত হ’ব, কোনেও তাক নুতুলিব; আৰু মই তাৰ নগৰবোৰত জুই লগাম, আৰু সেয়ে তাৰ চাৰিওফালে থকা সকলোকে গ্ৰাস কৰিব।
כה אמר יהוה צבאות עשוקים בני ישראל ובני יהודה יחדו וכל שביהם החזיקו בם מאנו שלחם | 33 |
৩৩বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ইস্ৰায়েল আৰু যিহূদাৰ সন্তান-বিলাকে একেলগে উপদ্ৰৱ পাইছে আৰু তেওঁবিলাকক বন্দী কৰি লোৱা সকলোৱে তেওঁবিলাকক দৃঢ়কৈ ধৰিছে, এৰি দিবলৈ অসন্মত।
גאלם חזק יהוה צבאות שמו--ריב יריב את ריבם למען הרגיע את הארץ והרגיז לישבי בבל | 34 |
৩৪তেওঁবিলাকৰ মুক্তিদাতা বলৱান, তেওঁৰ নাম বাহিনীসকলৰ যিহোৱা; তেওঁ পৃথিৱীক বিশ্ৰাম দিবৰ নিমিত্তে আৰু বাবিল নিবাসীবিলাকক অস্থিৰ কৰিবৰ নিমিত্তে তেওঁবিলাকৰ অভিযোগ সম্পূৰ্ণকৈ প্ৰতিবাদ কৰিব।
חרב על כשדים נאם יהוה ואל ישבי בבל ואל שריה ואל חכמיה | 35 |
৩৫যিহোৱাই কৈছে, কলদীয়াবিলাকৰ আৰু বাবিল-নিবাসীবিলাকৰ ওপৰত আৰু তাৰ প্ৰধান জ্ঞানী লোকবিলাকৰ ওপৰত তৰোৱাল আছে।
חרב אל הבדים ונאלו חרב אל גבוריה וחתו | 36 |
৩৬বৰ বৰ কথা কওঁতাবোৰৰ ওপৰত তৰোৱাল আছে আৰু সিহঁত হতবুদ্ধি হ’ব; তাৰ বীৰ বিলাকৰ ওপৰত তৰোৱাল আছে আৰু সিবিলাক ব্যাকুল হ’ব।
חרב אל סוסיו ואל רכבו ואל כל הערב אשר בתוכה--והיו לנשים חרב אל אוצרתיה ובזזו | 37 |
৩৭সিহঁতৰ ঘোঁৰা ৰথ, আৰু তাৰ মাজত থকা আটাই মিহলি লোকৰ ওপৰত তৰোৱাল আছে আৰু সিহঁত তিৰোতাৰ নিচিনা হ’ব; তাৰ বহুমূল্য বস্তুবোৰৰ ওপৰত তৰোৱাল আছে, আৰু সেইবোৰক লুট কৰা হ’ব।
חרב אל מימיה ויבשו כי ארץ פסלים היא ובאימים יתהללו | 38 |
৩৮তাৰ জল সমূহৰ ওপৰত খৰ আছে আৰু সেইবোৰ শুকাব; কিয়নো সেয়ে কটা-প্ৰতিমাৰ দেশ আৰু তাৰ লোকবিলাক মুৰ্ত্তিত বলীয়া।
לכן ישבו ציים את איים וישבו בה בנות יענה ולא תשב עוד לנצח ולא תשכון עד דור ודר | 39 |
৩৯এই নিমিত্তে অৰণ্যৰ বনৰীয়া জন্তুবোৰে ৰাংকুকুৰবোৰে সৈতে তাত বাস কৰিব আৰু উট পক্ষীবোৰে তাত বাস কৰিব আৰু সেয়ে চিৰকালৰ নিমিত্তে আৰু বাসস্থান নহ’ব বা পুৰুষানুক্ৰমে কোনেও তাত বাস নকৰিব।
כמהפכת אלהים את סדם ואת עמרה ואת שכניה--נאם יהוה לא ישב שם איש ולא יגור בה בן אדם | 40 |
৪০যিহোৱাই কৈছে, ঈশ্বৰে চদোম, ঘমোৰা, আৰু তাৰ ওচৰত থকা নগৰবোৰ ধ্বংস কৰা সময়ৰ নিচিনাকৈ কোনো মানুহে সেই ঠাইত বাস নকৰিব আৰু কোনো মনুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।
הנה עם בא מצפון וגוי גדול ומלכים רבים יערו מירכתי ארץ | 41 |
৪১চোৱা, উত্তৰৰ পৰা এক জাতি আহিছে, পৃথিৱীৰ অন্তভাগৰ পৰা এক মহাজাতি আৰু অনেক ৰজা উত্তেজিত হৈছে।
קשת וכידן יחזיקו אכזרי המה ולא ירחמו--קולם כים יהמה ועל סוסים ירכבו ערוך כאיש למלחמה עליך בת בבל | 42 |
৪২সিহঁতে ধনু আৰু বৰছা ধৰে, সিহঁত নিষ্ঠুৰ আৰু দয়াহীন; সিহঁতৰ শব্দ সমুদ্ৰৰ গৰ্জ্জনৰ নিচিনা আৰু সিহঁত ঘোঁৰাত উঠে; হে বাবিল-জীয়াৰী, তোমাৰ বিৰুদ্ধে সিহঁত প্ৰতিজনে যুদ্ধাৰুৰ নিচিনাকৈ সাজু হৈ আছে।
שמע מלך בבל את שמעם ורפו ידיו צרה החזיקתהו--חיל כיולדה | 43 |
৪৩বাবিলৰ ৰজাই সিহঁতৰ যশস্যা শুনিছে, তাতে তেওঁৰ হাত দুৰ্ব্বল হ’ল; যাতনাই, প্ৰসৱকাৰিণীৰ বেদনাৰ নিচিনা বেদনাই তেওঁক ধৰিছে।
הנה כאריה יעלה מגאון הירדן אל נוה איתן--כי ארגעה ארוצם (אריצם) מעליה ומי בחור אליה אפקד כי מי כמוני ומי יועדני ומי זה רעה אשר יעמד לפני | 44 |
৪৪চোৱা, যৰ্দ্দনৰ শোভাস্থানৰ পৰা সিংহ উঠি অহাৰ নিচিনাকৈ তেওঁ চিৰস্থায়ী চৰণীয়া ঠাইৰ বিৰুদ্ধে আহিব; কিন্তু, মই চকুৰ প্ৰচাৰতে সিহঁতক তাৰ পৰা লৰুৱাম, আৰু মই তাৰ ওপৰত মোৰ মনোনীত জনক নিযুক্তি কৰিম; কাৰণ মোৰ নিচিনা কোন আছে? আৰু মোৰ নিমিত্তে কোনে সময় নিৰূপণ কৰিব? আৰু মোৰ আগত তিষ্ঠিব পৰা কোন ৰখীয়া আছে?
לכן שמעו עצת יהוה אשר יעץ אל בבל ומחשבותיו אשר חשב אל ארץ כשדים אם לא יסחבום צעירי הצאן אם לא ישים עליהם נוה | 45 |
৪৫এই হেতুকে, যিহোৱাই বাবিলৰ বিৰুদ্ধে কৰা মন্ত্ৰণা, আৰু কলদীয়া দেশৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা; অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব, অৱশ্যে সিহঁতৰ চৰণীয়া ঠাই সিহঁতৰ বিষয়ে বিস্ময় মানিব।
מקול נתפשה בבל נרעשה הארץ וזעקה בגוים נשמע | 46 |
৪৬বাবিলক হাত কৰি লোৱাৰ শব্দত পৃথিৱী কঁপিছে, আৰু জাতিবিলাকৰ মাজত চিঞৰৰ শব্দ শুনি গৈছে।