< ירמיה 34 >
הדבר אשר היה אל ירמיהו מאת יהוה ונבוכדראצר מלך בבל וכל חילו וכל ממלכות ארץ ממשלת ידו וכל העמים נלחמים על ירושלם ועל כל עריה--לאמר | 1 |
১বাবিলৰ ৰজা নবূখদনেচৰ, তেওঁৰ সৈন্য-সামন্ত আৰু তেওঁৰ অধীনে থকা পৃথিৱীৰ সকলো ৰাজ্যবোৰ, আৰু সকলো জাতি সমূহে যিৰূচালেম আৰু তাৰ সকলো নগৰৰ বিৰুদ্ধে যুদ্ধ কৰা সময়ত, যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ পৰা এই বাক্য আহিল, বোলে,
כה אמר יהוה אלהי ישראל הלך ואמרת אל צדקיהו מלך יהודה ואמרת אליו כה אמר יהוה הנני נתן את העיר הזאת ביד מלך בבל ושרפה באש | 2 |
২“ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘তুমি যোৱা, আৰু যিহূদাৰ ৰজা চিদিকিয়াৰ লগত কথা হৈ তেওঁক কোৱা, “যিহোৱাই এইদৰে কৈছে: চোৱা, মই বাবিলৰ ৰজাৰ হাতত এই নগৰখন সমৰ্পণ কৰিম, আৰু তেওঁ এই নগৰখন জুইৰে দগ্ধ কৰিব;
ואתה לא תמלט מידו--כי תפש תתפש ובידו תנתן ועיניך את עיני מלך בבל תראינה ופיהו את פיך ידבר--ובבל תבוא | 3 |
৩আৰু তুমি তেওঁৰ হাতৰ পৰা ৰক্ষা নাপাবা, কিন্তু নিশ্চয়ে ধৰা পৰি তেওঁৰ হাতত সমৰ্পিত হ’বা; তুমি যেতিয়া বাবিললৈ যাবা তেতিয়া তোমাৰ চকুৱে বাবিলৰ ৰজাৰ চকুৱে চকুৱে দেখিব, আৰু তেওঁ সম্মুখা-সম্মুখী হৈ তোমাৰ লগত কথা হ’ব।’
אך שמע דבר יהוה צדקיהו מלך יהודה כה אמר יהוה עליך לא תמות בחרב | 4 |
৪হে যিহূদাৰ ৰজা চিদিকিয়া, তুমি যিহোৱাৰ বাক্য শুনা! যিহোৱাই তোমাৰ বিষয়ে এইদৰে কৈছে: ‘তুমি তৰোৱালৰ দ্বাৰাই নমৰিবা;
בשלום תמות וכמשרפות אבותיך המלכים הראשנים אשר היו לפניך כן ישרפו לך והוי אדון יספדו לך כי דבר אני דברתי נאם יהוה | 5 |
৫তুমি শান্তিৰে মৰিবা। তোমাৰ আগেয়ে হোৱা তোমাৰ পূৰ্বপুৰুষ ৰজাসকলৰ কাৰণে লোকসকলে যেনেকৈ সুগন্ধি দ্ৰব্য জ্বলাইছিল, তেনেকৈ তোমাৰ বাবেও জ্বলাব, আৰু তেওঁলোকে “হায় প্ৰভু” এই বুলি কৈ তোমাৰ কাৰণে বিলাপ কৰিব; কিয়নো এতিয়া মই এই কথা কলোঁ। এয়ে যিহোৱাৰ ঘোষণা’।”
וידבר ירמיהו הנביא אל צדקיהו מלך יהודה את כל הדברים האלה בירושלם | 6 |
৬তেতিয়া যিৰিমিয়া ভাববাদীয়ে যিৰূচালেমত যিহূদাৰ ৰজা চিদিকিয়াক সেই সকলো কথাবোৰ ক’লে।
וחיל מלך בבל נלחמים על ירושלם ועל כל ערי יהודה הנותרות אל לכיש ואל עזקה כי הנה נשארו בערי יהודה ערי מבצר | 7 |
৭সেই কালত বাবিলৰ ৰজাৰ সৈন্যসামন্তই যিৰূচালেম আৰু যিহূদাৰ অৱশিষ্ট আটাই নগৰৰ বিৰুদ্ধে, লাখীচ আৰু অজেকাৰ অহিতে যুদ্ধ কৰিছিল; কিয়নো যিহূদাৰ নগৰবোৰৰ মাজত কেৱল এই দুখনহে গড়েৰে আবৃত নগৰ অৱশিষ্ট আছিল।
הדבר אשר היה אל ירמיהו מאת יהוה--אחרי כרת המלך צדקיהו ברית את כל העם אשר בירושלם לקרא להם דרור | 8 |
৮বন্দী-বেটীৰ আগত মুক্তি ঘোষণা কৰিবলৈ, চিদিকিয়া ৰজাই যিৰূচালেমত থকা আটাই প্ৰজাৰে সৈতে এটি নিয়ম স্থাপন কৰাৰ পাছত, যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল -
לשלח איש את עבדו ואיש את שפחתו העברי והעבריה--חפשים לבלתי עבד בם ביהודי אחיהו איש | 9 |
৯সেই নিয়মটি এই, যে, প্ৰত্যেক মানুহে নিজ ইব্ৰী বন্দী বা বেটিক মুকলি কৰি দিব, অৰ্থাৎ কোনো এজন যিহুদী লগৰীয়াক আৰু কেতিয়াও বন্দী-কাম নকৰাব।
וישמעו כל השרים וכל העם אשר באו בברית לשלח איש את עבדו ואיש את שפחתו חפשים לבלתי עבד בם עוד וישמעו וישלחו | 10 |
১০তেতিয়া সকলো প্ৰধান লোক আৰু আটাই প্ৰজা এই নিয়মটিত মান্তি হ’ল। প্ৰত্যেকে নিজৰ বন্দীক আৰু নিজৰ বেটীক মুকলি কৰি দিব আৰু কোনেও যেন তেওঁলোকক আৰু কেতিয়াও বন্দী-কাম নকৰাব। লোকসকলে এই নিয়মটিত মান্তি হৈ তেওঁলোকক এৰি দিলে।
וישובו אחרי כן וישבו את העבדים ואת השפחות אשר שלחו חפשים ויכבישום (ויכבשום) לעבדים ולשפחות | 11 |
১১কিন্তু পাছত তেওঁলোকে মন ঘূৰালে, আৰু তেওঁলোকে মুকলি কৰি দিয়া বন্দী-বেটীসকলক ঘূৰাই আনিলে আৰু নিজৰ বন্দী-বেটী কৰিবলৈ তেওঁলোকক বশীভুত কৰিলে।
ויהי דבר יהוה אל ירמיהו מאת יהוה לאמר | 12 |
১২এই কাৰণে যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ এই বাক্য আহিল বোলে,
כה אמר יהוה אלהי ישראל אנכי כרתי ברית את אבותיכם ביום הוצאי אותם מארץ מצרים מבית עבדים לאמר | 13 |
১৩“ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: বন্দীঘৰস্বৰূপ মিচৰ দেশৰ পৰা তোমালোকৰ পূৰ্বপুৰুষসকলক উলিয়াই অনা দিনা ময়েই তেওঁলোকৰ লগত নিয়ম এটি স্থিৰ কৰিছিলোঁ। তেতিয়া মই কৈছিলোঁ যে,
מקץ שבע שנים תשלחו איש את אחיו העברי אשר ימכר לך ועבדך שש שנים ושלחתו חפשי מעמך ולא שמעו אבותיכם אלי ולא הטו את אזנם | 14 |
১৪‘তোমালোক প্ৰতিজনে নিজ নিজ ইব্ৰী ভাইক সপ্তম বছৰৰ মূৰত এৰি দিবা, যি জন তোমাৰ হাতত বেচা হ’ল, আৰু তোমাৰ অধীনত ছবছৰ সেৱা কৰিলে, তুমি তাক মুকলি কৰি তোমাৰ ওচৰৰ পৰা বিদাই দিবা।’ কিন্তু তোমালোকৰ পূৰ্বপুৰুষসকলে মোৰ কথা নামানিলে, আৰু কাণো নাপাতিলে।
ותשבו אתם היום ותעשו את הישר בעיני לקרא דרור איש לרעהו ותכרתו ברית לפני בבית אשר נקרא שמי עליו | 15 |
১৫সম্প্ৰতি তোমালোকে মন ঘূৰাই প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত মুক্তি ঘোষণা কৰি, মোৰ দৃষ্টিত যি ন্যায়, তাকে কৰিছিলা, আৰু মোৰ নামেৰে প্ৰখ্যাত গৃহত মোৰ আগত এটি নিয়ম স্থাপন কৰিছিলা।
ותשבו ותחללו את שמי ותשבו איש את עבדו ואיש את שפחתו אשר שלחתם חפשים לנפשם ותכבשו אתם--להיות לכם לעבדים ולשפחות | 16 |
১৬কিন্তু তোমালোকে আকৌ মন ঘূৰাই মোৰ নাম অপবিত্ৰ কৰিলা, আৰু যি বন্দী-বেটীসকলক নিজ ইচ্ছামতে যাবলৈ এৰি দিছিলা, তোমালোক প্ৰতিজনে নিজ নিজ সেই বন্দী-বেটীক ওলোটাই আনি তেওঁলোকক আকৌ বন্দী-বেটী কৰিবলৈ বশীভুত কৰিলা।”
לכן כה אמר יהוה אתם לא שמעתם אלי לקרא דרור איש לאחיו ואיש לרעהו הנני קרא לכם דרור נאם יהוה אל החרב אל הדבר ואל הרעב ונתתי אתכם לזועה (לזעוה) לכל ממלכות הארץ | 17 |
১৭এই কাৰণে যিহোৱাই এই কথা কৈছে: “তোমালোক প্ৰতিজনে নিজ নিজ ভাইৰ আগত, প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত মুক্তি ঘোষণা কৰিবলৈ মোলৈ কাণ নিদিলা; গতিকে চোৱা, মই এতিয়া তোমালোকৰ মুক্তি ঘোষণা কৰিম” - যিহোৱাৰ ঘোষণা এই, মইও তৰোৱাল, মহামাৰী, আৰু আকাললৈ তোমালোকৰ আগত মুক্তি ঘোষণা কৰিছোঁ, আৰু পৃথিৱীৰ সকলো ৰাজ্যৰ মাজত তোমালোকক ত্ৰাসৰ বিষয় কৰিম।
ונתתי את האנשים העברים את ברתי אשר לא הקימו את דברי הברית אשר כרתו לפני--העגל אשר כרתו לשנים ויעברו בין בתריו | 18 |
১৮তাৰ পাছত যি লোকসকলে মোৰ নিয়মটি ভাঙিলে আৰু মোৰ আগত বন্ধা নিয়মটিৰ বাক্য পালন নকৰিলে, তেওঁলোকক মই তেওঁলোকে যিদৰে দামুৰিটোক দুডোখৰ কৰি তাৰ অংশৰ মাজেদি গমন কৰিছিল, তেওঁলোককো মই তেনে কৰিম।
שרי יהודה ושרי ירושלם הסרסים והכהנים וכל עם הארץ--העברים בין בתרי העגל | 19 |
১৯তেতিয়া দামুৰিৰ অংশৰ মাজেদি যিহূদা আৰু যিৰূচালেমৰ প্ৰধান লোক, নপুংসক, পুৰোহিতসকল আৰু দেশৰ সকলো প্ৰজাই গমন কৰিলে।
ונתתי אותם ביד איביהם וביד מבקשי נפשם והיתה נבלתם למאכל לעוף השמים ולבהמת הארץ | 20 |
২০মই তেওঁলোকক তেওঁলোকৰ শত্ৰূবোৰ আৰু তেওঁলোকৰ প্ৰাণ ল’বলৈ বিচাৰি ফুৰাবোৰৰ হাতত সমৰ্পণ কৰিম। তেওঁলোকৰ মৰা শৱ আকাশৰ চৰাইবোৰৰ আৰু পৃথিৱীৰ জন্তুবোৰৰ আহাৰ হ’ব।
ואת צדקיהו מלך יהודה ואת שריו אתן ביד איביהם וביד מבקשי נפשם וביד חיל מלך בבל העלים מעליכם | 21 |
২১সেই কাৰণে মই যিহূদাৰ ৰজা চিদিকিয়াক আৰু তেওঁৰ প্ৰধান লোকসকলক তেওঁলোকৰ শত্ৰূবোৰৰ হাতত, আৰু তেওঁলোকৰ প্ৰাণ ল’বলৈ বিচাৰি ফুৰাবোৰৰ হাতত, আৰু তোমালোকৰ বিৰুদ্ধে উঠি যোৱা বাবিলৰ ৰজাৰ সৈন্যসামন্তৰ হাতত সমৰ্পণ কৰিম।
הנני מצוה נאם יהוה והשבתים אל העיר הזאת ונלחמו עליה ולכדוה ושרפה באש ואת ערי יהודה אתן שממה מאין ישב | 22 |
২২চোৱা, মই তোমালোকক এটা আজ্ঞা কৰিম” - এয়ে যিহোৱাৰ ঘোষণা - মই তেওঁলোকক পুনৰায় এই নগৰৰ অহিতে যুদ্ধ কৰি, ইয়াক হাত কৰি লৈ, জুই দি পুৰিবলৈ, তেওঁলোকক এই নগৰলৈ ঘূৰাই আনিম। কিয়নো মই যিহূদাৰ নগৰবোৰ নিবাসী-শূন্য ধ্বংসস্থান কৰিম।