< הושע 7 >

כרפאי לישראל ונגלה עון אפרים ורעות שמרון--כי פעלו שקר וגנב יבוא פשט גדוד בחוץ 1
যেতিয়া মই ইস্ৰায়েলক সুস্থ কৰিব বিচাৰো, তেতিয়া ইফ্ৰয়িমৰ পাপৰ লগতে চমৰিয়াৰ দুষ্টতাৰ কার্যবোৰ প্ৰকাশ পায়; তেওঁলোকে ছলনা কৰে, ঘৰৰ ভিতৰত চোৰ সোমায় আৰু বাহিৰত ডকাইতবোৰে লুট-পাট কৰে।
ובל יאמרו ללבבם כל רעתם זכרתי עתה סבבום מעלליהם נגד פני היו 2
কিন্তু তেওঁলোকে নিজৰ মনত বিবেচনা কৰি নাচায় যে, তেওঁলোকৰ সকলো দুষ্টতা মই মনত ৰাখোঁ। এতিয়া তেওঁলোকৰ পাপ কার্যবোৰে তেওঁলোকক সম্পূর্ণকৈ আগুৰি ৰাখিছে; মোৰ চকুৰ সন্মুখত সেইবোৰ সকলো সময়তে আছে।
ברעתם ישמחו מלך ובכחשיהם שרים 3
তেওঁলোকে দুষ্টতাৰে সৈতে তেওঁলোকৰ ৰজাক আৰু মিছা কথাৰে সৈতে প্ৰধান লোকসকলক আনন্দিত কৰে।
כלם מנאפים--כמו תנור בערה מאפה ישבות מעיר מלוש בצק עד חמצתו 4
তেওঁলোক সকলোৱেই ব্যভিচাৰী; তেওঁলোক পিঠা প্রস্তুত কৰোঁতাৰ তপত তন্দুৰৰ নিচিনা; পিঠা প্রস্তুত কৰোঁতাজনে আটাগুড়ি খচাৰ পৰা আৰম্ভ কৰি পিঠা ফুলি উঠালৈকে তন্দুৰৰ জুই লৰচৰ কৰাৰ প্রয়োজন নহয়।
יום מלכנו החלו שרים חמת מיין משך ידו את לצצים 5
আমাৰ ৰজাৰ উৎসৱৰ দিনা প্রধান লোকসকল দ্ৰাক্ষাৰসৰ ৰাগীত অসুস্থ হৈছিল; নিন্দকসকলৰ সৈতে তেওঁ নিজৰ হাত আগবঢ়াইছিল।
כי קרבו כתנור לבם בארבם כל הלילה ישן אפהם--בקר הוא בער כאש להבה 6
কিয়নো এক তন্দুৰৰ দৰে প্রজ্বলিত হৃদয়েৰে সৈতে, তেওঁলোকে নিজৰ ভিতৰতে ছলনাৰ পৰিকল্পনা কৰে; ওৰে ৰাতি তেওঁলোকৰ খং ধূমায়িত হৈ থাকে; ৰাতিপুৱা সেই খং এক জ্বলন্ত অগ্নিশিখাৰ দৰে প্রখৰতাৰে জ্বলি উঠে।
כלם יחמו כתנור ואכלו את שפטיהם כל מלכיהם נפלו אין קרא בהם אלי 7
তেওঁলোক সকলোৱেই এটা তন্দুৰৰ দৰেই তপত; তেওঁলোকৰ শাসনকৰ্ত্তাসকলক তেওঁলোকে গ্ৰাস কৰে; তেওঁলোকৰ সকলো ৰজা পতিত হ’ল; তেওঁলোকৰ কোনেও সহায়ৰ বাবে মোক নামাতে।
אפרים בעמים הוא יתבולל אפרים היה עגה בלי הפוכה 8
ইফ্ৰয়িম অন্যান্য জাতিবোৰৰ লগত মিলি গৈছে; ইফ্ৰয়িম এফালে পুৰি যোৱা এনে এক পিঠা যাক লুটিয়াই দিয়া হোৱা নাই।
אכלו זרים כחו והוא לא ידע גם שיבה זרקה בו והוא לא ידע 9
বিদেশীসকলে তেওঁৰ শক্তি দুর্বল কৰিলে, কিন্তু তেওঁ তাক বুজি পোৱা নাই; তেওঁৰ মূৰৰ চুলিবোৰ ঠায়ে ঠায়ে পকিছে, কিন্তু তেওঁ তাক লক্ষ্য কৰা নাই।
וענה גאון ישראל בפניו ולא שבו אל יהוה אלהיהם ולא בקשהו בכל זאת 10
১০ইস্ৰায়েলৰ অহঙ্কাৰেই তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিছে; এই সকলোবোৰৰ উপৰিও, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰলৈ তেওঁলোক উলটি নাহিল বা তেওঁক নিবিচাৰিলেও।
ויהי אפרים כיונה פותה אין לב מצרים קראו אשור הלכו 11
১১ইফ্ৰয়িম যেন এটা অজলা কপৌ হ’ল, একেবাৰে বুদ্ধিহীন; তেওঁলোকে এবাৰ মিচৰক মাতে, পুনৰ অচুৰীয়াৰ ওচৰলৈ যায়।
כאשר ילכו אפרוש עליהם רשתי--כעוף השמים אורידם איסירם כשמע לעדתם 12
১২কিন্তু তেওঁলোক যেতিয়া যাব, মই তেতিয়া তেওঁলোকৰ ওপৰত মোৰ জাল পেলাম; আকাশৰ চৰাইবোৰৰ নিচিনাকৈ মই তেওঁলোকক তললৈ নমাই আনিম; তেওঁলোকৰ মণ্ডলীৰ ওচৰত যেনেকৈ কোৱা হৈছিল, সেইদৰেই মই তেওঁলোকক শাস্তি দিম।
אוי להם כי נדדו ממני שד להם כי פשעו בי ואנכי אפדם--והמה דברו עלי כזבים 13
১৩তেওঁলোকৰ সন্তাপ হ’ব! কাৰণ তেওঁলোক মোৰ ওচৰৰ পৰা বিপথে গ’ল! তেওঁলোকৰ বিনাশ হ’ব! তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্রোহ কৰিলে; মই তেওঁলোকক মুক্ত কৰিবলৈ বিচাৰিলো, কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে মিছা কথা ক’লে।
ולא זעקו אלי בלבם כי יילילו על משכבותם על דגן ותירוש יתגוררו יסורו בי 14
১৪তেওঁলোকে নিজৰ বিচনাৰ ওপৰত বিলাপ কৰিলে, কিন্তু অন্তৰৰ পৰা মোৰ ওচৰত তেওঁলোকে কাতৰোক্তি নকৰিলে। শস্য আৰু নতুন দ্ৰাক্ষাৰস পাবৰ কাৰণে তেওঁলোক একগোট হয় আৰু মোৰ অহিতে বিদ্ৰোহ কৰে।
ואני יסרתי חזקתי זרועתם ואלי יחשבו רע 15
১৫যদিও মই তেওঁলোকক শিক্ষা দিলোঁ আৰু তেওঁলোকৰ বাহু শক্তিশালী কৰিলোঁ, কিন্তু তেওঁলোকে এতিয়া মোৰেই বিৰুদ্ধে কুকল্পনা কৰিছে।
ישובו לא על היו כקשת רמיה--יפלו בחרב שריהם מזעם לשונם זו לעגם בארץ מצרים 16
১৬তেওঁলোকে ঘূৰিছে, কিন্তু সৰ্ব্বোপৰি ঈশ্বৰ মোলৈ ঘূৰা নাই; তেওঁলোক এক ত্রুটিপূর্ণ ধনুৰ নিচিনা হ’ল; তেওঁলোকৰ নেতাসকল নিজৰ জিভাৰ দাম্ভিকপূর্ণ কথাৰ কাৰণে তৰোৱালৰ দ্বাৰাই পতিত হ’ব। এইদৰে ইস্রায়েলীয়াসকল মিচৰ দেশত হাঁহিয়াতৰ পাত্র হ’ব।

< הושע 7 >