< הושע 6 >
לכו ונשובה אל יהוה כי הוא טרף וירפאנו יך ויחבשנו | 1 |
১“আহাঁ, আমি যিহোৱাৰ ওচৰলৈ ঘূৰি যাওঁ; তেঁৱেই আমাক চিন্ন-ভিন্ন কৰিলে আৰু তেওঁ আমাক সুস্থও কৰিব; তেঁৱেই আমাক আঘাত কৰিলে আৰু তেওঁ আমাৰ ঘা পটিৰে বান্ধিও দিব।
יחינו מימים ביום השלישי יקמנו ונחיה לפניו | 2 |
২দুদিনৰ পাছত তেঁৱেই পুনৰায় আমাক জীৱন দিব; তৃতীয় দিনা তেওঁ আমাক তুলিব, যাতে আমি তেওঁৰ সন্মুখত জীয়াই থাকিব পাৰোঁ।
ונדעה נרדפה לדעת את יהוה כשחר נכון מצאו ויבוא כגשם לנו כמלקוש יורה ארץ | 3 |
৩আহাঁ, আমি যিহোৱাক জানোহঁক, তেওঁক জানিবলৈ ওচৰ চাপি যাওহঁক; পুৱাৰ সূৰ্যোদয়ৰ দৰে তেওঁ নিশ্চয় প্রকাশিত হ’ব; বৰষুণৰ দৰে তেওঁ আহিব, বসন্তকালৰ ভূমি ভিজাই তোলা বৰষুণৰ দৰেই তেওঁ আহিব।”
מה אעשה לך אפרים מה אעשה לך יהודה וחסדכם כענן בקר וכטל משכים הלך | 4 |
৪হে ইফ্ৰয়িম, মই তোমাক লৈ কি কৰিম? হে যিহূদা, তোমাক লৈয়ে বা কি কৰিম? কিয়নো তোমালোকৰ বিশ্বস্ততা ৰাতিপুৱাৰ কুঁৱলীৰ নিচিনা; অতি শীঘ্রেই অদৃশ্য হৈ যোৱা ৰাতিপুৱাৰ নিয়ৰৰ নিচিনা।
על כן חצבתי בנביאים--הרגתים באמרי פי ומשפטיך אור יצא | 5 |
৫সেই কাৰণেই মই ভাববাদীৰ দ্বাৰাই তেওঁলোকক খণ্ড-খণ্ডকৈ কাটিলোঁ, মোৰ মুখৰ বাক্যৰ দ্বাৰাই তেওঁলোকক বধ কৰিলোঁ; মোৰ বিচাৰৰ ৰায় তোমালোকৰ ওপৰত বিজুলীৰ নিচিনাকৈ চমকি উঠিছে।
כי חסד חפצתי ולא זבח ודעת אלהים מעלות | 6 |
৬কিয়নো মই বলিদান নিবিচাৰোঁ, বিশ্বাসপূর্ণ প্রেমহে বিচাৰো; মই বিচাৰো মানুহে যেন হোম-বলিতকৈ ঈশ্বৰ-বিষয়ক জ্ঞান অধিককৈ লাভ কৰে।
והמה כאדם עברו ברית שם בגדו בי | 7 |
৭তেওঁলোকে আদমৰ দৰে মই স্থাপন কৰা নিয়ম অমান্য কৰিলে; তেওঁলোকে মোৰ প্রতি বিশ্বাস-ঘাতকতা কৰিলে।
גלעד קרית פעלי און--עקבה מדם | 8 |
৮গিলিয়দ হৈছে দুষ্ট লোকসকলৰ নগৰ, য’ত তেজময় পদচিহ্ন ভৰি আছে।
וכחכי איש גדודים חבר כהנים דרך ירצחו שכמה כי זמה עשו | 9 |
৯ডকাইতবোৰে যেনেকৈ মানুহৰ অপেক্ষাত খাপ দি থাকে, তেনেকৈ পুৰোহিতসকলেও খাপ দি থাকে; তেওঁলোকে চিখিমলৈ যোৱা বাটত মানুহক বধ কৰে, এনে কি ভয়ঙ্কৰ অপৰাধমূলক কাৰ্য কৰে।
בבית ישראל ראיתי שעריריה (שערוריה) שם זנות לאפרים נטמא ישראל | 10 |
১০ইস্ৰায়েলীয়া সকলৰ মাজত মই এক ভয়ানক বিষয় দেখিলোঁ; তাত ইফ্ৰয়িমে ব্যভিচাৰ কৰিছে আৰু ইস্ৰায়েল অশুচি হ’ল।
גם יהודה שת קציר לך בשובי שבות עמי | 11 |
১১হে যিহূদা, তোমাৰ কাৰণেও ফচল কাটিবৰ সময় স্থিৰ কৰা হৈছে। সেই সময়ত মই মোৰ লোকসকলক বন্দী অৱস্থাৰ পৰা ঘূৰাই আনি পুনৰায় স্থাপন কৰিম।