< בראשית 37 >
וישב יעקב בארץ מגורי אביו--בארץ כנען | 1 |
১যাকোব কনান দেশত বাস কৰিবলৈ ধৰিলে। তেওঁৰ পিতৃয়েও কনান দেশত বাস কৰিছিল।
אלה תלדות יעקב יוסף בן שבע עשרה שנה היה רעה את אחיו בצאן והוא נער את בני בלהה ואת בני זלפה נשי אביו ויבא יוסף את דבתם רעה אל אביהם | 2 |
২যাকোবৰ বংশৰ বৃত্তান্ত এইধৰণৰ। যোচেফ যেতিয়া সোঁতৰ বছৰ বয়সৰ এজন যুবক, তেতিয়া তেওঁ ককায়েকসকলৰ সৈতে পশুৰ জাকবোৰ চৰাইছিল। তেওঁ মাহী মাক বিলহা আৰু জিল্পাৰ পুতেকসকলৰ লগত আছিল আৰু বাপেকৰ আগত তেওঁলোকৰ বেয়া কার্যবোৰৰ বিষয়ে সংবাদ দিছিল।
וישראל אהב את יוסף מכל בניו--כי בן זקנים הוא לו ועשה לו כתנת פסים | 3 |
৩বৃদ্ধ বয়সত হোৱা পুত্র দেখি ইস্ৰায়েলে যোচেফক আন সকলো পুতেকতকৈ তেওঁক অধিক স্নেহ কৰিছিল। তেওঁ তেওঁক এটা ধুনীয়া দীঘল চোলা তৈয়াৰ কৰি দিছিল।
ויראו אחיו כי אתו אהב אביהם מכל אחיו--וישנאו אתו ולא יכלו דברו לשלם | 4 |
৪ককায়েকসকলে যেতিয়া বুজিলে যে পিতৃয়ে তেওঁলোকতকৈ যোচেফক অধিক স্নেহ কৰে, তেতিয়া তেওঁলোকে যোচেফক ঘৃণা কৰিবলৈ ধৰিলে আৰু সেয়ে, তেওঁলোকে তেওঁক মৰমেৰে কথা কবলৈও নিবিচাৰিলে।
ויחלם יוסף חלום ויגד לאחיו ויוספו עוד שנא אתו | 5 |
৫এদিন যোচেফে এটা সপোন দেখিলে আৰু তেওঁ সেই সপোনৰ বিষয়ে ককায়েকসকলক কোৱাত তেওঁলোকে তেওঁক অধিক বেছিকৈ ঘৃণা কৰিবলৈ ধৰিলে।
ויאמר אליהם שמעו נא החלום הזה אשר חלמתי | 6 |
৬যোচেফে তেওঁলোকক ক’লে, “শুনা, মই এটা সপোন দেখিলোঁ।
והנה אנחנו מאלמים אלמים בתוך השדה והנה קמה אלמתי וגם נצבה והנה תסבינה אלמתיכם ותשתחוין לאלמתי | 7 |
৭মই দেখিলোঁ যে আমি পথাৰত কাটি থোৱা শস্যৰ মুঠি বান্ধিছিলোঁ; তাতে মোৰ মুঠিটো পোন হৈ উঠি থিয় হ’ল; তাৰ পাছত তোমালোকৰ মুঠিবোৰে মোৰ মুঠিৰ চাৰিওফালে থিয় হৈ প্ৰণিপাত কৰিলে।”
ויאמרו לו אחיו המלך תמלך עלינו אם משול תמשל בנו ויוספו עוד שנא אתו על חלמתיו ועל דבריו | 8 |
৮তাতে তেওঁৰ ককায়েকসকলে তেওঁক ক’লে, “তেনেহ’লে তই সচাঁকৈয়ে আমাৰ ওপৰত ৰজা হবি নেকি? আমাৰ ওপৰত সঁচাই তই অধিকাৰ চলাবি নেকি?” এইদৰে তেওঁৰ সপোন, আৰু তেওঁৰ কথাৰ কাৰণে ককায়েকসকলে আৰু অধিককৈ তেওঁক ঘিণ কৰিলে।
ויחלם עוד חלום אחר ויספר אתו לאחיו ויאמר הנה חלמתי חלום עוד והנה השמש והירח ואחד עשר כוכבים משתחוים לי | 9 |
৯পাছত যোচেফে আন এটা সপোন দেখিলে আৰু তেওঁৰ ককায়েকসকলক তাক ক’লে। তেওঁ ক’লে, “শুনা, মই আন এটা সপোন দেখিলোঁ; মই দেখিলোঁ যে সূৰ্য, চন্দ্ৰ আৰু এঘাৰটা তৰাই মোৰ আগত প্ৰণিপাত কৰিলে।”
ויספר אל אביו ואל אחיו ויגער בו אביו ויאמר לו מה החלום הזה אשר חלמת הבוא נבוא אני ואמך ואחיך להשתחות לך ארצה | 10 |
১০তেওঁ এই সপোনৰ কথা ককায়েকসকলক কোৱাৰ দৰে বাপেককো কোৱাত বাপেকে তেওঁক ধমকি দি ক’লে, “তই এইটো কি সপোন দেখিলি? তোৰ মাৰ, মই আৰু ককায়েৰহঁতে তোৰ আগত মাটিত পৰি প্ৰণিপাত কৰিবলৈ আহিম নে?”
ויקנאו בו אחיו ואביו שמר את הדבר | 11 |
১১তাতে তেওঁৰ ককায়েকসকলে তেওঁক হিংসা কৰিলে; কিন্তু বাপেকে হ’লে সেই কথা মনত ৰাখিলে।
וילכו אחיו לרעות את צאן אביהם בשכם | 12 |
১২পাছত যোচেফৰ ককায়েকসকলে তেওঁলোকৰ বাপেকৰ পশুৰ জাকবোৰ চৰাবলৈ চিখিমলৈ গৈছিল।
ויאמר ישראל אל יוסף הלוא אחיך רעים בשכם--לכה ואשלחך אליהם ויאמר לו הנני | 13 |
১৩ইস্ৰায়েলে যোচেফক ক’লে, “তোমাৰ ককায়েৰাসকলে চিখিমত পশুৰ জাকবোৰ জানো চৰাই থকা নাই? আহাঁ, মই তোমাক সিহঁতৰ ওচৰলৈ পঠাম।” তাতে যোচেফে তেওঁক ক’লে “ঠিক আছে, মই যাবলৈ প্রস্তুত আছোঁ।”
ויאמר לו לך נא ראה את שלום אחיך ואת שלום הצאן והשבני דבר וישלחהו מעמק חברון ויבא שכמה | 14 |
১৪তেতিয়া বাপেকে তেওঁক ক’লে, “তুমি গৈ তোমাৰ ককায়েৰাহঁত আৰু পশুৰ জাকবোৰ কুশলে আছে নে নাই, সেই সংবাদ লৈ আহি মোক দিবা।” ইয়াকে কৈ যাকোবে যোচেফক হিব্ৰোণ উপত্যকাৰ পৰা পঠালে আৰু যোচেফও চিখিমলৈ গ’ল।
וימצאהו איש והנה תעה בשדה וישאלהו האיש לאמר מה תבקש | 15 |
১৫কোনো এজন মানুহে যোচেফক পথাৰৰ মাজত ঘূৰি ফুৰা দেখি সুধিলে, “তুমি কি বিচাৰি ফুৰিছা?”
ויאמר את אחי אנכי מבקש הגידה נא לי איפה הם רעים | 16 |
১৬যোচেফে ক’লে, “মই মোৰ ককাইহঁতক বিচাৰি আছোঁ; দয়া কৰি আপুনি মোক কবনে তেওঁলোকে ক’ত পশুৰ জাকক চৰাই আছে?”
ויאמר האיש נסעו מזה--כי שמעתי אמרים נלכה דתינה וילך יוסף אחר אחיו וימצאם בדתן | 17 |
১৭মানুহজনে ক’লে, “এই ঠাই এৰি তেওঁলোক গুছি গ’ল; মই তেওঁলোকে এইবুলি কোৱা শুনিছিলো, ‘ব’লা, আমি দোথানলৈ যাওঁ’।” তাতে যোচেফে তেওঁৰ ককায়েকসকলৰ পাছত গৈ দোথানত তেওঁলোকক বিচাৰি পালে।
ויראו אתו מרחק ובטרם יקרב אליהם ויתנכלו אתו להמיתו | 18 |
১৮যোচেফক ককায়েকসকলে দূৰৰ পৰাই দেখা পালে আৰু তেওঁলোকৰ ওচৰলৈ আহি পোৱাৰ আগেয়েই, তেওঁক বধ কৰাৰ ষড়যন্ত্র কৰিলে।
ויאמרו איש אל אחיו הנה בעל החלמות הלזה--בא | 19 |
১৯তেওঁলোকে ইজনে সিজনক ক’লে, “সৌটো চা, সপোন দেখাটো আহিছে।
ועתה לכו ונהרגהו ונשלכהו באחד הברות ואמרנו חיה רעה אכלתהו ונראה מה יהיו חלמתיו | 20 |
২০ব’লা এতিয়াই আমি তাক বধ কৰি, কোনো এটা গাতত পেলাই দিওঁ আৰু পাছত আমি ক’ম, কোনো হিংস্র জন্তুৱে তাক খালে। তেতিয়া তাৰ সপোনবোৰ কি হয়, আমি চাম।”
וישמע ראובן ויצלהו מידם ויאמר לא נכנו נפש | 21 |
২১কিন্তু ৰূবেণে সেই কথা শুনি তেওঁলোকৰ হাতৰ পৰা তেওঁক ৰক্ষা কৰি ক’লে, “নহয়, আমি তাৰ প্রাণ নলওঁ।”
ויאמר אלהם ראובן אל תשפכו דם--השליכו אתו אל הבור הזה אשר במדבר ויד אל תשלחו בו למען הציל אתו מידם להשיבו אל אביו | 22 |
২২ৰূবেণে তেওঁলোকক ক’লে, “ৰক্তপাত নকৰোঁ। তেওঁৰ শৰীৰত হাত নুতুলাকৈয়ে বৰং তেওঁক এই মৰুপ্রান্তৰৰ এটা গাতত পেলাই দিয়া”- পাছত যোচেফক তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ কৰি যেন পিতৃৰ ওচৰলৈ আনি ঘূৰাই দিব এই মনেৰে তেওঁ এই কথা ক’লে।
ויהי כאשר בא יוסף אל אחיו ויפשיטו את יוסף את כתנתו את כתנת הפסים אשר עליו | 23 |
২৩যোচেফ তেওঁৰ ককায়েকসকলৰ ওচৰ পালত তেওঁলোকে তেওঁৰ গাৰ পৰা পিন্ধি থকা দীঘল চোলাটো জোৰেৰে সোলোকাই ল’লে।
ויקחהו--וישלכו אתו הברה והבור רק אין בו מים | 24 |
২৪তাৰ পাছত তেওঁলোকে তেওঁক ধৰি গাতৰ ভিতৰত পেলাই দিলে; সেই গাতটো পানী নথকা এটা শুকান গাত আছিল।
וישבו לאכל לחם וישאו עיניהם ויראו והנה ארחת ישמעאלים באה מגלעד וגמליהם נשאים נכאת וצרי ולט--הולכים להוריד מצרימה | 25 |
২৫তাৰ পাছত তেওঁলোকে ভোজন কৰিবলৈ বহিল; তেনেতে তেওঁলোকে চকু তুলি চাই দেখিলে যে, গিলিয়দৰ পৰা ইশ্মায়েলীয়া এক ব্যৱসায়ী দল আহি আছে। উটৰ পিঠিত তেওঁলোকে মা-মচলা, বিষ নিৰাময়ৰ সুগন্ধি মলম আৰু গন্ধৰস লৈ মিচৰ দেশলৈ নামি যাবলৈ আহি আছিল।
ויאמר יהודה אל אחיו מה בצע כי נהרג את אחינו וכסינו את דמו | 26 |
২৬তেতিয়া যিহূদাই তেওঁৰ ককায়েকসকলক ক’লে, “আমি ভাইক বধ কৰি তাৰ তেজ লুকুৱাই ৰাখিলে আমাৰ কি লাভ হ’ব?
לכו ונמכרנו לישמעאלים וידנו אל תהי בו כי אחינו בשרנו הוא וישמעו אחיו | 27 |
২৭কাৰণ সি আমাৰ নিজৰে ভাই আৰু আমাৰ মঙহো। সেয়ে তাৰ শৰীৰত হাত নিদি বৰং আহাঁ, আমি তাক এই ইশ্মায়েলীয়াসকলৰ ওচৰত বিক্রী কৰোঁ।” ককায়েকসকল তেওঁৰ এই কথাত মান্তি হ’ল।
ויעברו אנשים מדינים סחרים וימשכו ויעלו את יוסף מן הבור וימכרו את יוסף לישמעאלים בעשרים כסף ויביאו את יוסף מצרימה | 28 |
২৮সেই মিদিয়নীয়া ব্যৱসায়ীসকল ওচৰেদি পাৰ হোৱাত, তেওঁলোকে যোচেফক গাতৰ পৰা টানি ওপৰলৈ উঠালে আৰু বিশ চেকল ৰূপৰ বিনিময়ত যোচেফক ইশ্মায়েলীয়াসকলৰ ওচৰত বিক্রী কৰিলে। তাতে সেই ব্যৱসায়ীসকলে যোচেফক মিচৰ দেশলৈ লৈ গ’ল।
וישב ראובן אל הבור והנה אין יוסף בבור ויקרע את בגדיו | 29 |
২৯পাছত ৰূবেণে গাতৰ ওচৰলৈ গৈ যোচেফক গাতত নেদেখি দুখতে নিজৰ কাপোৰ ফালিলে।
וישב אל אחיו ויאמר הילד איננו ואני אנה אני בא | 30 |
৩০তেওঁ ভায়েকসকলৰ ওচৰলৈ গৈ ক’লে, “যোচেফ ক’লৈ গ’ল - তাতটো নাই; এতিয়া মই কলৈ যাম?”
ויקחו את כתנת יוסף וישחטו שעיר עזים ויטבלו את הכתנת בדם | 31 |
৩১তেতিয়া তেওঁলোকে এটা ছাগলী মাৰি তাৰ তেজত যোচেফৰ সেই চোলাটো জুবুৰিয়ালে।
וישלחו את כתנת הפסים ויביאו אל אביהם ויאמרו זאת מצאנו הכר נא הכתנת בנך הוא--אם לא | 32 |
৩২পাছত তেওঁলোকে চোলাটো বাপেকৰ ওচৰলৈ আনি ক’লে, “এইটো আমি পালোঁ; চাওকচোন, এইটো আপোনাৰ পুত্রৰ চোলা হয় নে নহয়।”
ויכירה ויאמר כתנת בני חיה רעה אכלתהו טרף טרף יוסף | 33 |
৩৩যাকোবে চোলাটো চিনি পায় ক’লে, “এইটো মোৰ পুত্ৰৰেই চোলা হয়; কোনো হিংস্র জন্তুৱে তাক খালে; নিশ্চয়ে জন্তুটোৱে যোচেফক ডোখৰ ডোখৰ কৰি ফালি পেলালে।”
ויקרע יעקב שמלתיו וישם שק במתניו ויתאבל על בנו ימים רבים | 34 |
৩৪তেতিয়া যাকোবে নিজৰ কাপোৰ ফালি কঁকালত চট পিন্ধি বহুদিনলৈকে পুতেকৰ কাৰণে শোক কৰিলে।
ויקמו כל בניו וכל בנתיו לנחמו וימאן להתנחם ויאמר כי ארד אל בני אבל שאלה ויבך אתו אביו (Sheol ) | 35 |
৩৫তেওঁৰ পুতেক জীয়েক আটাইবোৰে আহি তেওঁক শান্তনা দিবলৈ ধৰিলে; কিন্তু তেওঁ কোনো শান্তনাই নুশুনিলে। তেওঁ ক’লে, “শোক কৰিয়েই মই চিয়োললৈ মোৰ পুত্ৰৰ ওচৰলৈ যাম।” এইবুলি কৈয়ে যোচেফৰ কাৰণে যাকোবে ক্ৰন্দন কৰিবলৈ ধৰিলে। (Sheol )
והמדנים--מכרו אתו אל מצרים לפוטיפר סריס פרעה שר הטבחים | 36 |
৩৬আনফালে, সেই মিদিয়নীয়াসকলে যোচেফক মিচৰ দেশলৈ লৈ গৈ পোটিফৰৰ ওচৰত বিক্রি কৰিলে। পোটিফৰ আছিল ফৰৌণ ৰজাৰ এজন বিষয়া, ৰক্ষকৰ প্রধান সেনাপতি।