< בראשית 27 >

ויהי כי זקן יצחק ותכהין עיניו מראת ויקרא את עשו בנו הגדל ויאמר אליו בני ויאמר אליו הנני 1
ইচহাক ক্রমে বৃদ্ধ হ’ল; তাতে চকুৰ দৃষ্টিশক্তি দুৰ্ব্বল হোৱাত তেওঁ চকুৰে মনিব নোৱাৰা হ’ল; এদিন তেওঁ বৰ পুতেক এচৌক মাতি ক’লে, “বোপা।” এচৌৱে উত্তৰ দিলে, “মই ইয়াতে আছোঁ।”
ויאמר הנה נא זקנתי לא ידעתי יום מותי 2
তেতিয়া ইচহাকে ক’লে, “চোৱা, মই বৃদ্ধ হৈছোঁ আৰু কোন দিনা যে মৰিম, তাকো নাজানো।
ועתה שא נא כליך תליך וקשתך וצא השדה וצודה לי צידה (ציד) 3
সেয়ে, তোমাৰ অস্ত্ৰ-শস্ত্ৰ, তীৰ-ধনু লৈ চিকাৰলৈ যোৱা আৰু মোৰ বাবে পহু মাৰি আনাগৈ।
ועשה לי מטעמים כאשר אהבתי והביאה לי--ואכלה בעבור תברכך נפשי בטרם אמות 4
মৃত্যুৰ আগতে মই তোমাক আশীৰ্ব্বাদ কৰি যাবৰ কাৰণে মই ভাল পোৱা সু-স্বাদু আহাৰ মোলৈ যুগুত কৰি আনা।”
ורבקה שמעת--בדבר יצחק אל עשו בנו וילך עשו השדה לצוד ציד להביא 5
তাৰ পাছত এচৌৱে পহু মাৰি আনিবৰ বাবে চিকাৰলৈ গ’ল। ইচহাকে যেতিয়া এইবোৰ কথা তেওঁৰ পুত্ৰ এচৌক কৈছিল, তেতিয়া ৰিবেকাই শুনি আছিল।
ורבקה אמרה אל יעקב בנה לאמר הנה שמעתי את אביך מדבר אל עשו אחיך לאמר 6
ৰিবেকাই তেওঁৰ প্রিয়পুত্ৰ যাকোবক ক’লে, “চোৱা, তোমাৰ পিতৃয়ে তোমাৰ ককায়েৰা এচৌক এইবুলি কোৱা মই শুনা পালোঁ;
הביאה לי ציד ועשה לי מטעמים ואכלה ואברככה לפני יהוה לפני מותי 7
‘মোৰ মৃত্যুৰ আগতে, তোমাক যিহোৱাৰ উপস্থিতিত আশীৰ্ব্বাদ কৰি যাবৰ কাৰণে তুমি পহু মাৰি আনি মোৰ বাবে সু-স্বাদু আহাৰ যুগুত কৰা।’
ועתה בני שמע בקלי--לאשר אני מצוה אתך 8
সেয়ে বোপা, এতিয়া মই যি কথা কওঁ, তাক মানি তুমি সেইদৰে কৰা।
לך נא אל הצאן וקח לי משם שני גדיי עזים טבים ואעשה אתם מטעמים לאביך כאשר אהב 9
তুমি পশুৰ জাকলৈ গৈ, তাৰ পৰা দুটা উত্তম ছাগলী পোৱালি মোৰ ওচৰলৈ লৈ আনা; তাৰে মই তোমাৰ পিতৃয়ে যেনেকৈ ভাল পায়, তেনেদৰেই সু-স্বাদু আহাৰ তেওঁৰ কাৰণে ৰান্ধি দিম।
והבאת לאביך ואכל בעבר אשר יברכך לפני מותו 10
১০মৃত্যুৰ পূর্বেই তোমাক আশীৰ্ব্বাদ কৰিবৰ কাৰণে, সেই আহাৰ তুমি পিতৃক খোৱাবলৈ তেওঁৰ কাষলৈ লৈ যাবা।”
ויאמר יעקב אל רבקה אמו הן עשו אחי איש שער ואנכי איש חלק 11
১১তেতিয়া যাকোবে তেওঁৰ মাক ৰিবেকাক ক’লে, “মোৰ ককাই এচৌ এজন নোমাল মানুহ; কিন্তু মই হ’লে এজন মসৃণ ছালৰ মানুহ।
אולי ימשני אבי והייתי בעיניו כמתעתע והבאתי עלי קללה ולא ברכה 12
১২কিজানি মোৰ পিতৃয়ে মোক চুই চাব আৰু তেওঁৰ আগত মই এজন প্ৰবঞ্চক হ’ম; তাতে মই নিজলৈ আশীৰ্ব্বাদ নানি এক অভিশাপহে আনিম।”
ותאמר לו אמו עלי קללתך בני אך שמע בקלי ולך קח לי 13
১৩তাতে মাকে তেওঁক ক’লে, “মোৰ বোপা, সেই শাও মোৰ ওপৰতে পৰক; তুমি কেৱল মোৰ কথা মানি ছাগলী আনাগৈ।”
וילך ויקח ויבא לאמו ותעש אמו מטעמים כאשר אהב אביו 14
১৪তেতিয়া যাকোবে গৈ ছাগলী পোৱালিবোৰ আনি মাকক দিলেহি আৰু মাকে তেওঁৰ পিতৃয়ে ভাল পোৱাকৈ সু-স্বাদু আহাৰ যুগুত কৰিলে।
ותקח רבקה את בגדי עשו בנה הגדל החמדת אשר אתה בבית ותלבש את יעקב בנה הקטן 15
১৫তাৰ পাছত ৰিবেকাই তেওঁৰ ওচৰত ঘৰতে থকা বৰ পুতেক এচৌৰ আটাইতকৈ উত্তম বস্ত্ৰ লৈ সৰু পুতেক যাকোবক পিন্ধালে।
ואת ערת גדיי העזים הלבישה על ידיו--ועל חלקת צואריו 16
১৬যাকোবৰ হাত আৰু ডিঙিৰ মসৃণ অংশত সেই ছাগলী পোৱালি দুটাৰ ছালবোৰ লগাই দিলে
ותתן את המטעמים ואת הלחם אשר עשתה ביד יעקב בנה 17
১৭সেই সু-স্বাদু আহাৰ আৰু পিঠা নিজে যুগুত কৰা তেওঁৰ পুত্ৰ যাকোবৰ হাতত দিলে।
ויבא אל אביו ויאמר אבי ויאמר הנני מי אתה בני 18
১৮যাকোবে পিতৃৰ ওচৰলৈ গৈ মাত দিলে, “হে মোৰ পিতৃ।” ইচহাকে ক’লে, “মই ইয়াতে আছোঁ; বোপা, তুমিনো কোন?”
ויאמר יעקב אל אביו אנכי עשו בכרך--עשיתי כאשר דברת אלי קום נא שבה ואכלה מצידי--בעבור תברכני נפשך 19
১৯যাকোবে পিতৃক ক’লে, “মই আপোনাৰ বৰ পুত্র এচৌ; আপুনি মোক কোৱাৰ দৰে মই কৰিলোঁ; এতিয়া উঠি বহক আৰু মাংস ভোজন কৰক যাতে আপুনি মোক আশীৰ্ব্বাদ কৰিব পাৰে।”
ויאמר יצחק אל בנו מה זה מהרת למצא בני ויאמר כי הקרה יהוה אלהיך לפני 20
২০তেতিয়া ইচহাকে নিজ পুত্ৰক সুধিলে, “বোপা, তুমি কেনেকৈ তাক ইমান সোনকালে পালা?” তেওঁ ক’লে, “কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱায়েই তাক মোলৈ আনিলে।”
ויאמר יצחק אל יעקב גשה נא ואמשך בני האתה זה בני עשו אם לא 21
২১ইচহাকে যাকোবক পুনৰ ক’লে, “মোৰ ওচৰলৈ চাপি আহাঁ বোপা; তুমি সঁচায়েই মোৰ পুত্ৰ এচৌ হোৱানে নোহোৱা, তাক জানিবলৈ মই তোমাক যেন চুই চাব পাৰোঁ।”
ויגש יעקב אל יצחק אביו וימשהו ויאמר הקל קול יעקב והידים ידי עשו 22
২২তাতে যাকোবে তেওঁৰ পিতৃ ইচহাকৰ ওচৰলৈ চাপি গ’ল; তেতিয়া ইচহাকে তেওঁক চুই চাই ক’লে, “মাত-কথা যাকোবৰ, কিন্তু হাত হ’লে এচৌৰ।”
ולא הכירו--כי היו ידיו כידי עשו אחיו שערת ויברכהו 23
২৩ইচহাকে যাকোবক চিনি নাপালে, কাৰণ তেওঁৰ হাত দুখন ককায়েক এচৌৰ হাতৰ দৰে নোমাল আছিল। সেয়ে ইচহাকে যাকোবক আশীৰ্ব্বাদ কৰিলে।
ויאמר אתה זה בני עשו ויאמר אני 24
২৪তেওঁ ক’লে, “তুমি সচাঁকৈয়ে মোৰ পুত্ৰ এচৌ হোৱানে?” যাকোবে ক’লে, “হয়, মইয়ে হওঁ।”
ויאמר הגשה לי ואכלה מציד בני--למען תברכך נפשי ויגש לו ויאכל ויבא לו יין וישת 25
২৫তেতিয়া ইচহাকে ক’লে, “মোৰ ওচৰলৈ আহাৰখিনি আনা; তুমি চিকাৰ কৰি অনা মাংস খাই মই তোমাক আশীৰ্ব্বাদ কৰোঁ।” তাতে যাকোবে আহাৰখিনি আনি দিলে আৰু ইচহাকে তাক ভোজন কৰিলে। তাৰ পাছত যাকোবে দ্ৰাক্ষাৰসো আনি দিয়াত, তেওঁ তাকো পান কৰিলে।
ויאמר אליו יצחק אביו גשה נא ושקה לי בני 26
২৬তাৰ পাছত তেওঁৰ পিতৃ ইচহাকে তেওঁক ক’লে, “বোপা, ওচৰলৈ আহি তুমি মোক চুমা খোৱাহি।”
ויגש וישק לו וירח את ריח בגדיו ויברכהו ויאמר ראה ריח בני כריח שדה אשר ברכו יהוה 27
২৭যাকোবে ওচৰলৈ গৈ ইচহাকক চুমা খালে আৰু ইচহাকে তেওঁৰ গাৰ কাপোৰৰ গোন্ধ পাই তেওঁক আশীৰ্ব্বাদ কৰি ক’লে, “চোৱা, মোৰ পুত্ৰৰ গোন্ধ যিহোৱাই আশীৰ্ব্বাদ কৰা এক ক্ষেত্ৰৰ দৰে এই গোন্ধ।
ויתן לך האלהים מטל השמים ומשמני הארץ--ורב דגן ותירש 28
২৮ঈশ্বৰে যেন তোমাক আকাশৰ নিয়ৰৰ এক অংশ দিয়ে, পৃথিৱীৰ উৰ্ব্বৰতাৰ এক অংশ দিয়ে, আৰু প্রচুৰ শস্য আৰু নতুন দ্ৰাক্ষাৰস দিয়ে।
יעבדוך עמים וישתחו (וישתחוו) לך לאמים--הוה גביר לאחיך וישתחוו לך בני אמך ארריך ארור ומברכיך ברוך 29
২৯লোক সকলে তোমাৰ সেৱা কৰক আৰু জাতিবোৰে তোমাৰ আগত প্ৰণিপাত কৰক। তোমাৰ ভাইসকলৰ ওপৰত তুমি প্ৰভুত্ব কৰা, আৰু তোমাৰ মাতৃৰ সন্তান সকলে তোমাক প্ৰণিপাত কৰক। যিসকলে তোমাক শাও দিব, তেওঁলোক অভিশপ্ত হওঁক; যিসকলে তোমাক আশীৰ্ব্বাদ কৰিব, তেওঁলোক আশীৰ্ব্বাদ প্ৰাপ্ত হওঁক।”
ויהי כאשר כלה יצחק לברך את יעקב ויהי אך יצא יצא יעקב מאת פני יצחק אביו ועשו אחיו בא מצידו 30
৩০ইচহাকে যাকোবক আশীৰ্ব্বাদ দি শেষ কৰিলে আৰু যাকোবে তেওঁৰ পিতৃ ইচহাকৰ ওচৰৰ পৰা বাহিৰ হৈ যোৱা মাত্ৰকেই, তেওঁৰ ককায়েক এচৌ চিকাৰৰ পৰা ঘূৰি আহি পালেহি।
ויעש גם הוא מטעמים ויבא לאביו ויאמר לאביו יקם אבי ויאכל מציד בנו--בעבר תברכני נפשך 31
৩১তেৱোঁ সুস্বাদু আহাৰ ৰান্ধি বাপেকৰ ওচৰলৈ আনি ক’লে, “হে পিতৃ, উঠক আৰু আপোনাৰ পুত্রই চিকাৰ কৰি অনা মাংস ভোজন কৰি মোক আশীৰ্ব্বাদ কৰক।”
ויאמר לו יצחק אביו מי אתה ויאמר אני בנך בכרך עשו 32
৩২তেতিয়া তেওঁৰ পিতৃ ইচহাকে তেওঁক সুধিলে, “তুমি কোন?” এচৌৱে ক’লে, “মই আপোনাৰ বৰপুত্ৰ এচৌ।”
ויחרד יצחק חרדה גדלה עד מאד ויאמר מי אפוא הוא הצד ציד ויבא לי ואכל מכל בטרם תבוא ואברכהו גם ברוך יהיה 33
৩৩এই কথা শুনি ইচহাকৰ শৰীৰত কঁপনি উঠিল। তেওঁ সুধিলে, “তেন্তে যিটোৱে মোৰ ওচৰলৈ চিকাৰৰ মঙহ আনিছিল, সি কোন? তুমি অহাৰ আগেয়েই মই সেই সকলোকে খালোঁ আৰু তাক আশীৰ্ব্বাদো কৰিলোঁ; সেই আশীর্বাদৰ ফলও অৱশ্যেই সিয়ে পাব।”
כשמע עשו את דברי אביו ויצעק צעקה גדלה ומרה עד מאד ויאמר לאביו ברכני גם אני אבי 34
৩৪বাপেকৰ এই কথা শুনি এচৌ শোকত ভাগি পৰিল আৰু হুৰাওৰাৱে কান্দি কান্দি বাপেকক ক’লে, “পিতৃ, মোক, মোকো আশীৰ্ব্বাদ কৰক।”
ויאמר בא אחיך במרמה ויקח ברכתך 35
৩৫তেওঁ ক’লে, “তোমাৰ ভায়েৰাই আহি ছল কৰি তুমি পাবলগীয়া আশীৰ্ব্বাদ লৈ গ’ল।”
ויאמר הכי קרא שמו יעקב ויעקבני זה פעמים--את בכרתי לקח והנה עתה לקח ברכתי ויאמר הלא אצלת לי ברכה 36
৩৬তেতিয়া এচৌৱে ক’লে, “তাক দিয়া যাকোব নামটো স্বৰূপেই সঠিক হোৱা নাই নে? কিয়নো এইবাৰকে লৈ দুবাৰ সি মোৰ অধিকাৰ ছল কৰি ললে; ডাঙৰ ল’ৰা হিচাবে মোৰ যি জ্যেষ্ঠ অধিকাৰ, তাক সি ল’লে আৰু চাওঁক, এতিয়া মোৰ আশীৰ্ব্বাদো লৈ গ’ল।” এচৌৱে আকৌ ক’লে, “মোৰ কাৰণে আপুনি একো আশীৰ্ব্বাদ ৰখা নাই নে?”
ויען יצחק ויאמר לעשו הן גביר שמתיו לך ואת כל אחיו נתתי לו לעבדים ודגן ותירש סמכתיו ולכה אפוא מה אעשה בני 37
৩৭তেতিয়া ইচহাকে এচৌক উত্তৰ দি ক’লে, “চোৱা, মই তাক তোমাৰ ওপৰত প্ৰভু পাতিলোঁ আৰু তাৰ জ্ঞাতি-ভাইসকলক তাৰেই দাস কৰিলোঁ; মই তাক শস্য আৰু নতুন দ্ৰাক্ষাৰস দিলোঁ; ইয়াৰ পিছত বোপা, মইনো তোমাৰ অৰ্থে আৰু কি কৰিব পাৰোঁ?”
ויאמר עשו אל אביו הברכה אחת הוא לך אבי--ברכני גם אני אבי וישא עשו קלו ויבך 38
৩৮তেতিয়া এচৌৱে আকৌ বাপেকক কাকুতি-মিনতি কৰি ক’লে, “হে পিতৃ, মোৰ কাৰণে আপোনাৰ ওচৰত এটাও আশীর্বাদ নাইনে? হে মোৰ পিতৃ, আপুনি মোক, মোকো আশীৰ্ব্বাদ কৰক।” এইদৰে কৈ এচৌৱে বৰকৈ কান্দিব ধৰিলে।
ויען יצחק אביו ויאמר אליו הנה משמני הארץ יהיה מושבך ומטל השמים מעל 39
৩৯পাছে তেওঁৰ বাপেক ইচহাকে উত্তৰ দি ক’লে, “চোৱা, যি ঠাইত তুমি বাস কৰিবা সেই ভূমি উর্বৰ নহ’ব; তাত আকাশৰ পৰা নিয়ৰ নপৰিব।
ועל חרבך תחיה ואת אחיך תעבד והיה כאשר תריד ופרקת עלו מעל צוארך 40
৪০তুমি নিজৰ তৰোৱালৰ দ্বাৰাই জীবা, তুমি তোমাৰ ভাইৰ সেৱা কৰিবা; কিন্তু যেতিয়া তুমি বিদ্রোহী হৈ উঠিবা, তেতিয়া তুমি তোমাৰ ডিঙিৰ পৰা তাৰ যুৱলি জোকাৰি পেলাবা।”
וישטם עשו את יעקב על הברכה אשר ברכו אביו ויאמר עשו בלבו יקרבו ימי אבל אבי ואהרגה את יעקב אחי 41
৪১পাছত যাকোবে তেওঁৰ পিতৃৰ পৰা আশীৰ্ব্বাদ লাভ কৰাৰ কাৰণে এচৌৱে তেওঁক ঘিণ কৰিবলৈ ধৰিলে। তেওঁ নিজ মনতে ক’লে, “মোৰ পিতৃৰ বাবে শোকৰ দিন ওচৰ চাপি আহিছে; তাৰ পাছতে মই মোৰ ভাই যাকোবক বধ কৰিম।”
ויגד לרבקה את דברי עשו בנה הגדל ותשלח ותקרא ליעקב בנה הקטן ותאמר אליו הנה עשו אחיך מתנחם לך להרגך 42
৪২বৰপুতেক এচৌৰ এই সকলো কথা ৰিবেকাই জানিব পাৰিলে আৰু সেয়ে তেওঁ মানুহ পঠাই সৰু পুতেক যাকোবক মতাই আনি ক’লে, “শুনা, তোমাৰ ককায়েৰা এচৌৱে তোমাক বধ কৰাৰ মন্ত্রণাৰে নিজকে নিজে শান্ত্বনা দিছে।
ועתה בני שמע בקלי וקום ברח לך אל לבן אחי חרנה 43
৪৩সেইবাবে বোপা, তুমি মোৰ কথা শুনা। এতিয়া তুমি হাৰণত থকা মোৰ ককাই লাবনৰ ওচৰলৈকে পলাই যোৱা।
וישבת עמו ימים אחדים--עד אשר תשוב חמת אחיך 44
৪৪তোমাৰ ককাইৰ খং মাৰ নেযায় মানে তুমি তেওঁৰ লগতে কিছুদিন থাকাগৈ।
עד שוב אף אחיך ממך ושכח את אשר עשית לו ושלחתי ולקחתיך משם למה אשכל גם שניכם יום אחד 45
৪৫তোমাৰ প্রতি তোমাৰ ককায়েৰাৰ খং মাৰ নোযোৱা পর্যন্ত আৰু তুমি তেওঁলৈ যি কৰিলা তাক তেওঁ পাহৰি নোযোৱালৈকে তুমি তেওঁৰ লগত কিছুদিন থাকা; পাছত মানুহ পঠাই মই তোমাক তাৰ পৰা ঘূৰাই আনিম; কিয় মই একেদিনাই তোমালোক দুয়োকো হেৰুৱাম?”
ותאמר רבקה אל יצחק קצתי בחיי מפני בנות חת אם לקח יעקב אשה מבנות חת כאלה מבנות הארץ--למה לי חיים 46
৪৬পাছত ৰিবেকাই ইচহাকক ক’লে, “এই হিত্তীয়া ছোৱালীবোৰৰ কাৰণে মোৰ আৰু জীয়াই থাকিবলৈ ইচ্ছা নোহোৱা হৈছে। তাৰ উপৰি যাকোবেও যদি এই দেশৰে কোনো হিত্তীয়া ছোৱালী বিয়া কৰে, তেন্তে মই জীয়াই থকাৰ কি লাভ?”

< בראשית 27 >