< שמות 9 >
ויאמר יהוה אל משה בא אל פרעה ודברת אליו כה אמר יהוה אלהי העברים שלח את עמי ויעבדני | 1 |
১তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ গৈ তেওঁক কোৱা, ইব্ৰীয়া লোকসকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়ক।
כי אם מאן אתה לשלח ועודך מחזיק בם | 2 |
২কিন্তু এতিয়াও যদি তেওঁলোকক যাব দিয়াত অমান্তি হৈ তেওঁলোকক ধৰি ৰাখিব বিচাৰে,
הנה יד יהוה הויה במקנך אשר בשדה בסוסים בחמרים בגמלים בבקר ובצאן--דבר כבד מאד | 3 |
৩তেনেহ’লে আপোনাৰ পথাৰত থকা পশুবোৰ, যেনে ঘোঁৰা, গাধ, উট, গৰু, মেৰ-ছাগ, আৰু ছাগলী জাকবোৰৰ ওপৰত যিহোৱাই হাত দিব; আৰু ইয়াৰ দ্বাৰাই ভয়ানক মহামাৰী হ’ব।
והפלה יהוה--בין מקנה ישראל ובין מקנה מצרים ולא ימות מכל לבני ישראל דבר | 4 |
৪কিন্তু যিহোৱাই ইস্ৰায়েলী লোকসকলৰ পশুবোৰ আৰু মিচৰীয়া লোকসকলৰ পশুবোৰৰ মাজত প্ৰভেদ কৰিব; তেতিয়া যিবোৰ পশু ইস্ৰায়েলী লোকসকলৰ নহয় সেইবোৰ মৰিব’।”
וישם יהוה מועד לאמר מחר יעשה יהוה הדבר הזה--בארץ | 5 |
৫যিহোৱাই সময় নিৰূপণ কৰি ক’লে, “কাইলৈ দেশত মই এই কাৰ্য কৰিম।”
ויעש יהוה את הדבר הזה ממחרת וימת כל מקנה מצרים וממקנה בני ישראל לא מת אחד | 6 |
৬পাছদিনা যিহোৱাই সেই কাৰ্য কৰিলে। মিচৰৰ আটাইবোৰ পশু মৰিল; কিন্তু ইস্ৰায়েলী লোকসকলৰ পশুবোৰৰ এটাও নমৰিল।
וישלח פרעה--והנה לא מת ממקנה ישראל עד אחד ויכבד לב פרעה ולא שלח את העם | 7 |
৭তেতিয়া ফৰৌণে বিচাৰ কৰি দেখিলে যে, ইস্ৰায়েলী লোকসকলৰ এটাও পশু মৰা নাই। তথাপিও ফৰৌণৰ মন কঠিন হল, আৰু তেওঁ লোক সকলক যাবলৈ এৰি নিদিলে।
ויאמר יהוה אל משה ואל אהרן קחו לכם מלא חפניכם פיח כבשן וזרקו משה השמימה לעיני פרעה | 8 |
৮তাৰ পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “তোমালোকে মুঠি ভৰাই অগ্নিকুণ্ডৰ পৰা ছাঁই লোৱা, কিন্তু মোচি, তুমি ফৰৌণে চাই থকা সময়ত সেই ছাঁই ওপৰ ফাললৈ ছটিয়াই দিবা।
והיה לאבק על כל ארץ מצרים והיה על האדם ועל הבהמה לשחין פרח אבעבעת--בכל ארץ מצרים | 9 |
৯তাতে, সেই ছাঁই গোটেই মিচৰ দেশখনতে মিহি ধূলি হৈ পৰিব। এই ধূলিৰ কাৰণে গোটেই মিচৰ দেশৰ মানুহ আৰু পশুবোৰৰ শৰীৰত অনেক ঘা আৰু ফোহাঁ উঠিব।”
ויקחו את פיח הכבשן ויעמדו לפני פרעה ויזרק אתו משה השמימה ויהי שחין אבעבעת פרח באדם ובבהמה | 10 |
১০সেয়ে তেওঁলোকে অগ্নিকুণ্ডৰ পৰা ছাঁই লৈ, ফৰৌণৰ আগত থিয় হ’ল। মোচিয়ে সেই ছাঁই ওপৰলৈ ছটিয়াই পঠিয়ালে, আৰু সেই ছাঁইৰ কাৰণে মানুহ আৰু পশুবোৰৰ শৰীৰত অনেক ঘা আৰু ফোঁহা উঠিল।
ולא יכלו החרטמים לעמד לפני משה--מפני השחין כי היה השחין בחרטמם ובכל מצרים | 11 |
১১শাস্ত্ৰজ্ঞ সকলে সেই বিষম খহুৰ কাৰণে মোচিক বাধা দিব নোৱাৰিলে। কাৰণ সকলো শাস্ত্ৰজ্ঞ আৰু মিচৰীয়া লোকসকলৰ শৰীৰত সেই বিষম খহু ওলাইছিল।
ויחזק יהוה את לב פרעה ולא שמע אלהם כאשר דבר יהוה אל משה | 12 |
১২তথাপি যিহোৱাই মোচিক কোৱাৰ দৰে, তেওঁ ফৰৌণৰ মন কঠিন কৰিলে, সেয়ে ফৰৌণে মোচি আৰু হাৰোণৰ কথা নুশুনিলে।
ויאמר יהוה אל משה השכם בבקר והתיצב לפני פרעה ואמרת אליו כה אמר יהוה אלהי העברים שלח את עמי ויעבדני | 13 |
১৩তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ৰাতিপুৱাতে উঠি, ফৰৌণৰ আগত থিয় হৈ, তেওঁক কবা, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, “মোৰ সেৱা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়ক।
כי בפעם הזאת אני שלח את כל מגפתי אל לבך ובעבדיך ובעמך--בעבור תדע כי אין כמני בכל הארץ | 14 |
১৪কিয়নো গোটেই পৃথিৱীত মোৰ তুল্য যে কোনো নাই, ইয়াক আপুনি জানিবৰ বাবে, মই এইবাৰ তোমাৰ, তোমাৰ দাস আৰু তোমাৰ লোকসকলৰ ওপৰলৈ মোৰ সকলো মহামাৰী পঠিয়াম।”
כי עתה שלחתי את ידי ואך אותך ואת עמך בדבר ותכחד מן הארץ | 15 |
১৫মই এতিয়ালৈকে তোমাৰ ওপৰত হাত দি, তোমাক আৰু তোমাৰ লোকসকলক মহামাৰীৰে প্ৰহাৰ কৰা হ’লে, তোমালোকে পৃথিৱীৰ পৰা উচ্ছন্ন হ’লাহেঁতেন।
ואולם בעבור זאת העמדתיך בעבור הראתך את כחי ולמען ספר שמי בכל הארץ | 16 |
১৬অৱশ্যে তোমাক মোৰ শক্তি দেখুৱাবলৈ আৰু গোটেই পৃথিৱীত মোৰ নাম যেন খ্যাতিমন্ত হয়, সেই কাৰণে মই তোমাক জীয়াই থাকিব দিছোঁ।
עודך מסתולל בעמי לבלתי שלחם | 17 |
১৭এতিয়ালৈকে তুমি গৰ্ব কৰি, মোৰ লোকসকলক এৰি দিবলৈ সন্মত হোৱা নাই।
הנני ממטיר כעת מחר ברד כבד מאד אשר לא היה כמהו במצרים למן היום הוסדה ועד עתה | 18 |
১৮শুনা, মিচৰ দেশ স্থাপন হোৱা দিনেৰে পৰা আজিলৈকে যি ধৰণে শিলাবৃষ্টি হোৱা নাই, মই কাইলৈ এনে সময়তে প্রচণ্ড শিলাবৃষ্টি বৰষাম।
ועתה שלח העז את מקנך ואת כל אשר לך בשדה כל האדם והבהמה אשר ימצא בשדה ולא יאסף הביתה--וירד עלהם הברד ומתו | 19 |
১৯সেয়ে তুমি এতিয়া মানুহ পঠিয়াই পথাৰত থকা তোমাৰ পশু আৰু যি সকলো আছে, সেই সকলো গোটাই নিৰাপদ স্থানত ৰাখা। যিবোৰ মানুহ আৰু পশু ঘৰলৈ ননাকৈ পথাৰত থাকিব, সেইবোৰৰ ওপৰত শিলাবৃষ্টি হোৱাত, সেইবিলাক মৰিব’।”
הירא את דבר יהוה מעבדי פרעה--הניס את עבדיו ואת מקנהו אל הבתים | 20 |
২০তেতিয়া ফৰৌণৰ যি সকল দাসে যিহোৱাৰ বাক্য বিশ্বাস কৰিছিল, তেওঁলোকে নিজৰ বন্দী আৰু পশুবোৰক বেগাই ঘৰলৈ আনিলে।
ואשר לא שם לבו אל דבר יהוה--ויעזב את עבדיו ואת מקנהו בשדה | 21 |
২১কিন্তু যি সকল লোকে যিহোৱাৰ বাক্য গুৰুত্বৰ ভাবে লোৱা নাছিল, তেওঁলোকে নিজৰ বন্দী আৰু পশুবোৰক পথাৰতে থাকিব দিলে।
ויאמר יהוה אל משה נטה את ידך על השמים ויהי ברד בכל ארץ מצרים על האדם ועל הבהמה ועל כל עשב השדה--בארץ מצרים | 22 |
২২তাৰ পাছত যিহোৱাই মোচিক ক’লে, “গোটেই মিচৰ দেশৰ মানুহ, পশু, আৰু পথাৰত থকা সকলো গছ-গছনিৰ ওপৰত শিলাবৃষ্টি হবলৈ তুমি আকাশৰ ফাললৈ চাই তোমাৰ হাত মেলা।”
ויט משה את מטהו על השמים ויהוה נתן קלת וברד ותהלך אש ארצה וימטר יהוה ברד על ארץ מצרים | 23 |
২৩মোচিয়ে আকাশলৈ চাই নিজৰ লাখুটি দাঙিলে। তেতিয়া যিহোৱাই গোটেই মিচৰ দেশত মেঘ-গৰ্জ্জন কৰি বিজুলী আৰু শিলাবৃষ্টি বৰষালে।
ויהי ברד--ואש מתלקחת בתוך הברד כבד מאד--אשר לא היה כמהו בכל ארץ מצרים מאז היתה לגוי | 24 |
২৪এইদৰে শিলাবৃষ্টি আৰু বিজুলী মিহলি হৈ ভয়ঙ্কৰ ৰূপ ল’লে। এনে শিলাবৃষ্টি মিচৰ দেশ স্থাপন হোৱা দিনৰে পৰা কেতিয়াও হোৱা নাছিল।
ויך הברד בכל ארץ מצרים את כל אשר בשדה מאדם ועד בהמה ואת כל עשב השדה הכה הברד ואת כל עץ השדה שבר | 25 |
২৫গোটেই মিচৰ দেশৰ পথাৰত থকা মানুহ আৰু পশু সকলোকে শিলাবৃষ্টিয়ে বিনষ্ট কৰিলে। শিলাবৃষ্টিয়ে পথাৰৰ সকলো গছ-গছনি আৰু দেশৰ সকলো গছ ভাঙিলে।
רק בארץ גשן אשר שם בני ישראל--לא היה ברד | 26 |
২৬কেৱল ইস্ৰায়েলী লোকসকল বাস কৰা গোচন দেশতহে শিলাবৃষ্টি হোৱা নাছিল।
וישלח פרעה ויקרא למשה ולאהרן ויאמר אלהם חטאתי הפעם יהוה הצדיק ואני ועמי הרשעים | 27 |
২৭তেতিয়া ফৰৌণে মানুহ পঠিয়াই মোচি আৰু হাৰোণক মাতি অনালে। ফৰৌণে তেওঁলোকক ক’লে, “মই এইবাৰ পাপ কৰিলোঁ। যিহোৱা ন্যায়পৰায়ণ, কিন্তু মই আৰু মোৰ লোক সকল হ’লে দুৰ্নীতিপৰায়ণ।
העתירו אל יהוה ורב מהית קלת אלהים וברד ואשלחה אתכם ולא תספון לעמד | 28 |
২৮মহা-গৰ্জ্জন আৰু শিলাবৃষ্টি সহিব নোৱাৰাকৈ অধিক হৈছে, সেয়ে তোমালোকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা। মই তোমালোকক যাবলৈ দিম; তোমালোক আৰু ইয়াত থাকিব নালাগে।”
ויאמר אליו משה כצאתי את העיר אפרש את כפי אל יהוה הקלות יחדלון והברד לא יהיה עוד למען תדע כי ליהוה הארץ | 29 |
২৯মোচিয়ে তেওঁক ক’লে, “নগৰ ত্যাগ কৰাৰ পাছতেই মই যিহোৱালৈ হাত মেলি প্রাৰ্থনা কৰিম। তেতিয়া পৃথিৱী যে যিহোৱাৰহে হয়, এই কথা আপুনি জানিবলৈ মেঘ-গৰ্জ্জন বন্ধ হ’ব, আৰু শিলাবৃষ্টিও নহ’ব।
ואתה ועבדיך ידעתי--כי טרם תיראון מפני יהוה אלהים | 30 |
৩০কিন্তু আপুনি আৰু আপোনাৰ দাসসকলে যে এতিয়াও ঈশ্বৰ যিহোৱাক প্রকৃততে সন্মান কৰা নাই, সেই কথা মই জানো।”
והפשתה והשערה נכתה כי השערה אביב והפשתה גבעל | 31 |
৩১সেই সময়ত শণ সূতাৰ ফুলবোৰ আৰু যৱ ধান নষ্ট হৈছিল; কাৰণ যৱ ধানৰ থোক পুৰঠ হৈছিল, আৰু শণ সূতাৰ ফুলবোৰ ফুলিছিল।
והחטה והכסמת לא נכו כי אפילת הנה | 32 |
৩২কিন্তু ঘেঁহু আৰু সৰিয়হ নষ্ট নহ’ল কাৰণ সেইবোৰ ইয়াৰ পাছত হোৱা শস্য।
ויצא משה מעם פרעה את העיר ויפרש כפיו אל יהוה ויחדלו הקלות והברד ומטר לא נתך ארצה | 33 |
৩৩মোচিয়ে যেতিয়া ফৰৌণ আৰু তেওঁৰ নগৰ ত্যাগ কৰি যোৱাৰ পাছত যিহোৱালৈ হাত মেলি প্রাৰ্থনা কৰিলে, তেতিয়া মেঘ-গৰ্জ্জন আৰু শিলাবৃষ্টি হ’বলৈ বন্ধ হ’ল।
וירא פרעה כי חדל המטר והברד והקלת--ויסף לחטא ויכבד לבו הוא ועבדיו | 34 |
৩৪ফৰৌণে যেতিয়া বৰষুণ, শিলাবৃষ্টি, আৰু মেঘ-গৰ্জ্জন বন্ধ হোৱা দেখিলে, তেতিয়া তেওঁ আৰু তেওঁৰ দাসসকলে নিজৰ মন পুনৰ কঠিন কৰি পাপ কৰিলে।
ויחזק לב פרעה ולא שלח את בני ישראל כאשר דבר יהוה ביד משה | 35 |
৩৫এইদৰে যিহোৱাই মোচিক কোৱাৰ দৰে, ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ ইস্ৰায়েলী লোকসকলক যাবলৈ এৰি নিদিলে।