< קֹהֶלֶת 9 >

כי את כל זה נתתי אל לבי ולבור את כל זה אשר הצדיקים והחכמים ועבדיהם ביד האלהים גם אהבה גם שנאה אין יודע האדם--הכל לפניהם 1
সেয়ে মই এই সকলো বিষয়ে চিন্তা কৰিলোঁ আৰু দেখিলোঁ যে, ধাৰ্মিক আৰু জ্ঞানী লোকসকল তথা তেওঁলোকৰ সকলো কার্য ঈশ্বৰৰ হাতত। কোনেও নাজানে তেওঁক প্ৰেম কৰা হ’ব নে ঘৃণা কৰা হ’ব।
הכל כאשר לכל מקרה אחד לצדיק ולרשע לטוב ולטהור ולטמא ולזבח ולאשר איננו זבח כטוב כחטא--הנשבע כאשר שבועה ירא 2
সকলোৰে ক্ষেত্রত শেষ পৰিণতি একেই। ভৱিষ্যতে একেই ঘটে। ধাৰ্মিক হওঁক বা দুষ্ট হওঁক, সৎ আৰু বেয়া, শুচি আৰু অশুচি, বলি উৎসর্গ কৰক বা নকৰক সকলোলৈকে একে ঘটে; যেনেদৰে সৎ লোকৰ মৃত্যু হয়, তেনেদৰে পাপীৰো হয়; ঈশ্বৰৰ ওচৰত প্রতিশ্রুতি দিয়াজনৰ যেনেদৰে মৃত্যু হয়, তেনেকৈ প্রতিশ্রুতি দিবলৈ ভয় কৰা জনৰো হয়।
זה רע בכל אשר נעשה תחת השמש--כי מקרה אחד לכל וגם לב בני האדם מלא רע והוללות בלבבם בחייהם ואחריו אל המתים 3
সূৰ্যৰ তলত যি সকলো কাৰ্য কৰা হয়, তাৰ ভিতৰত অতি দুখৰ বিষয় এয়ে যে, একে দশা সকলোলৈকে ঘটে; মানুহৰ হৃদয়বোৰ দুষ্টতাৰে পৰিপূর্ণ আৰু জীয়াই থাকে মানে তেওঁলোকৰ হৃদয়ত উন্মত্ততা থাকে। তাৰ পাছত তেওঁৰ মৃত্যু হয়।
כי מי אשר יבחר (יחבר) אל כל החיים יש בטחון כי לכלב חי הוא טוב מן האריה המת 4
সকলো জীৱিত লোকৰ কাৰণে আশা আছে। এই প্রবাদ আছে যে, ‘মৃত সিংহতকৈ জীৱিত কুকুৰেই শ্রেয়’।
כי החיים יודעים שימתו והמתים אינם יודעים מאומה ואין עוד להם שכר--כי נשכח זכרם 5
কিয়নো জীৱিত লোকসকলে জানে যে তেওঁলোকৰ মৃত্যু হ’ব। কিন্তু মৃতলোকসকলে একোকেই নাজানে; মৃত লোকে পাবৰ কাৰণে একো পুৰস্কাৰ নাই, কাৰণ তেওঁলোকৰ কথা মানুহে পাহৰি যায়।
גם אהבתם גם שנאתם גם קנאתם כבר אבדה וחלק אין להם עוד לעולם בכל אשר נעשה תחת השמש 6
তেওঁলোকৰ প্ৰেম, ঘৃণা আৰু হিংসা সকলো বিলুপ্ত হৈ যায়। সূৰ্যৰ তলত কৰা যিকোনো কাৰ্যত তেওঁলোকৰ পুনৰ কোনো ভাগ নাথাকিব।
לך אכל בשמחה לחמך ושתה בלב טוב יינך כי כבר רצה האלהים את מעשיך 7
সেয়ে তুমি গৈ আনন্দেৰে নিজৰ আহাৰ ভোজন কৰা আৰু হৰ্ষিত হৃদয়েৰে নিজৰ দ্ৰাক্ষাৰস পান কৰাগৈ; কিয়নো তোমাৰ সকলো কৰ্ম ঈশ্বৰে পূর্বৰে পৰা গ্ৰহণ কৰিলে।
בכל עת יהיו בגדיך לבנים ושמן על ראשך אל יחסר 8
সকলো সময়তে বস্ত্ৰ বগা বস্ত্র পিন্ধি আৰু মূৰত তেল দি আনন্দ প্রকাশ কৰিবা।
ראה חיים עם אשה אשר אהבת כל ימי חיי הבלך אשר נתן לך תחת השמש כל ימי הבלך כי הוא חלקך בחיים ובעמלך אשר אתה עמל תחת השמש 9
সূৰ্যৰ তলত ঈশ্বৰে তোমাক এই যি সকলো অস্থায়ী আয়ুসৰ কাল দিছে, তোমাৰ জীৱনৰ সেই সকলো অসাৰ দিনত তোমাৰ ভার্যা, যাক তুমি ভালপোৱা, তেওঁৰে সৈতে আনন্দেৰে জীৱন কটোৱা। কিয়নো সূর্যৰ তলত তোমাৰ জীৱনকালত আৰু তোমাৰ পৰিশ্রমত এয়ে তোমাৰ পাবলগা ভাগ।
כל אשר תמצא ידך לעשות בכחך--עשה כי אין מעשה וחשבון ודעת וחכמה בשאול אשר אתה הלך שמה (Sheol h7585) 10
১০তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই। (Sheol h7585)
שבתי וראה תחת השמש כי לא לקלים המרוץ ולא לגבורים המלחמה וגם לא לחכמים לחם וגם לא לנבנים עשר וגם לא לידעים חן כי עת ופגע יקרה את כלם 11
১১সূর্যৰ তলত মই পুনৰ কিছুমান আমোদজনক বিষয় দেখিলোঁ: যিসকলে বেগেৰে লৰ মাৰে, তেওঁলোকেই যে সকলো সময়তে জয়ী হয়, এনে নহয়; বীৰসকলেই যে সকলো সময়তে ৰণত জয়ী হয়, এনে নহয়; জ্ঞানীসকলেই যে সকলো সময়তে পেট ভৰাই খাবলৈ পায়, এনে নহয়; বুদ্ধিমান লোকেই যে সকলো সময়তে ধনী হয়, এনে নহয়; বিদ্বান লোকেই যে সকলো সময়তে সুযোগ পায়, এনে নহয়; পৰিবর্তে, সময় আৰু সুযোগৰ দ্বাৰা তেওঁলোক সকলো প্রভাৱান্বিত হয়।
כי גם לא ידע האדם את עתו כדגים שנאחזים במצודה רעה וכצפרים האחזות בפח כהם יוקשים בני האדם לעת רעה כשתפול עליהם פתאם 12
১২কোনেও নাজানে তেওঁৰ মৃত্যুৰ সময় কেতিয়া আহিব। যেনেকৈ মাছ নিষ্ঠুৰ জালত পৰে আৰু চৰাইবোৰ ফান্দত ধৰা পৰে, তেনেকৈ বিপদ হঠাতে মানুহৰ ওপৰলৈ আহে আৰু তেওঁক ফান্দত পেলায়।
גם זה ראיתי חכמה תחת השמש וגדולה היא אלי 13
১৩মই সূৰ্যৰ তলত প্রজ্ঞা সম্বন্ধে আন এক বিষয় দেখিলোঁ আৰু সেয়ে মোলৈ অতি গুৰুতৰ বোধ হ’ল।
עיר קטנה ואנשים בה מעט ובא אליה מלך גדול וסבב אתה ובנה עליה מצודים גדלים 14
১৪এখন সৰু নগৰত অতি তাকৰ মানুহ আছিল; এজন শক্তিশালী ৰজাই নগৰখনৰ বিৰুদ্ধে আহি তাক অৱৰোধ আক্রমণ কৰিবলৈ বৰ বৰ কোঁঠ সাজিলে।
ומצא בה איש מסכן חכם ומלט הוא את העיר בחכמתו ואדם לא זכר את האיש המסכן ההוא 15
১৫সেই নগৰত এজন জ্ঞানৱান দৰিদ্ৰ মানুহক পোৱা গ’ল; তেওঁ নিজৰ প্ৰজ্ঞাৰ দ্বাৰাই নগৰখন ৰক্ষা কৰিলে; কিন্তু কোনেও সেই দৰিদ্ৰ মানুহজনক সোঁৱৰণ নকৰিলে।
ואמרתי אני טובה חכמה מגבורה וחכמת המסכן בזויה ודבריו אינם נשמעים 16
১৬সেয়ে মই ক’লোঁ, “শক্তিতকৈ প্রজ্ঞা উত্তম; কিন্তু দৰিদ্র লোকৰ প্ৰজ্ঞাক হেয়জ্ঞান কৰা হয় আৰু তেওঁৰ কথা কোনেও নুশুনে।”
דברי חכמים בנחת נשמעים--מזעקת מושל בכסילים 17
১৭অজ্ঞানীসকলৰ মাজত কৰা এজন শাসনকর্তাৰ গর্জনতকৈ বৰং জ্ঞানৱানৰ শান্ত-সৌম্য কথা শুনা ভাল।
טובה חכמה מכלי קרב וחוטא אחד יאבד טובה הרבה 18
১৮যুদ্ধৰ অস্ত্ৰ-শস্ত্রতকৈ প্রজ্ঞা উত্তম; কিন্তু এজন পাপীয়ে অনেক ভাল কার্য নষ্ট কৰে।

< קֹהֶלֶת 9 >