< דברים 9 >

שמע ישראל אתה עבר היום את הירדן לבא לרשת גוים גדלים ועצמים ממך--ערים גדלת ובצרת בשמים 1
হে ইস্ৰায়েলীয়াসকল শুনক; যি সকলো জাতি আপোনালোকতকৈ বৃহৎ আৰু শক্তিশালী, আপোনালোকে এতিয়া তেওঁলোকৰ আকাশলঙ্ঘা দেৱালেৰে আবৃত বৃহৎ নগৰবোৰ অধিকাৰ কৰিবৰ কাৰণে যৰ্দ্দন নদী পাৰ হ’বলৈ গৈ আছে।
עם גדול ורם בני ענקים אשר אתה ידעת ואתה שמעת--מי יתיצב לפני בני ענק 2
সেই ঠাইৰ লোকসকল অনাকীয়। তেওঁলোক শক্তিশালী আৰু ওখ। আপোনালোকে অনাকীয়াসকলৰ বিষয়ে জানে। তেওঁলোকৰ বিষয়ে এইবুলি কোৱা আপোনালোকে শুনিছিল যে, “অনাকীয় সন্তান সকলৰ আগত থিয় হ’ব পৰা কোন লোক আছে?”
וידעת היום כי יהוה אלהיך הוא העבר לפניך אש אכלה--הוא ישמידם והוא יכניעם לפניך והורשתם והאבדתם מהר כאשר דבר יהוה לך 3
কিন্তু আজি আপোনালোকে এই কথা জানি ৰাখক যে, আপোনালোকৰ ঈশ্বৰ যিহোৱা গ্ৰাসকাৰী অগ্নিৰ নিচিনাকৈ আপোনালোকৰ আগে আগে যাওঁতা; তেওঁ তেওঁলোকক ধ্বংস কৰি দিব; তেঁৱেই আপোনালোকৰ সন্মুখত তেওঁলোকক তল কৰিব। আপোনালোকৰ ওচৰত যিহোৱাই যি আশ্বাস দিছিল সেই অনুসাৰে আপোনালোকে তেওঁলোকক খেদি পঠিয়াব আৰু মূহূর্ততে তেওঁলোকক বিনষ্ট কৰিব।
אל תאמר בלבבך בהדף יהוה אלהיך אתם מלפניך לאמר בצדקתי הביאני יהוה לרשת את הארץ הזאת וברשעת הגוים האלה יהוה מורישם מפניך 4
আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাই পঠোৱাৰ পাছত আপোনালোকৰ কোনেও যেন মনতে এনে কথা নকয়, মোৰ ধাৰ্মিকতাৰ কাৰণেই যিহোৱাই মোক এই দেশ অধিকাৰ কৰিবলৈ লৈ আনিছে।’ আচলতে এইসকলো জাতিৰ লোকসকলৰ দুষ্টতাৰ কাৰণেই যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাই পঠাব।
לא בצדקתך ובישר לבבך אתה בא לרשת את ארצם כי ברשעת הגוים האלה יהוה אלהיך מורישם מפניך ולמען הקים את הדבר אשר נשבע יהוה לאבתיך לאברהם ליצחק וליעקב 5
আপোনালোকৰ ধাৰ্মিকতা বা অন্তৰৰ সততাৰ কাৰণেই যে আপোনালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিবলৈ গৈছে, সেয়ে নহয়, বৰং এই জাতিবোৰৰ দুষ্টতাৰ কাৰণেহে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাব যাতে আপোনালোকৰ তেওঁ আপোনালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ওচৰত যি প্রতিজ্ঞা কৰিছিল, তাক পূর্ণ কৰিব পাৰে।
וידעת כי לא בצדקתך יהוה אלהיך נתן לך את הארץ הטובה הזאת--לרשתה כי עם קשה ערף אתה 6
এই হেতুকে আপোনালোকে জানিব যে, আপোনালোকৰ ধাৰ্মিকতাৰ বাবেই যে ঈশ্বৰ যিহোৱাই এই উত্তম দেশ আপোনালোকৰ অধিকাৰৰ অৰ্থে দিছে, সেয়ে নহয়; কিয়নো আপোনালোক এক ঠৰডিঙীয়া জাতি।
זכר אל תשכח את אשר הקצפת את יהוה אלהיך במדבר למן היום אשר יצאת מארץ מצרים עד באכם עד המקום הזה ממרים הייתם עם יהוה 7
আপোনালোকে মৰুভূমিত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ কেনেদৰে ক্রোধ জগাই তুলিছিল, তাক মনত ৰাখক, কেতিয়াও পাহৰি নাযাব। মিচৰ দেশ এৰি অহা দিনৰে পৰা আৰম্ভ কৰি এই ঠাই পোৱালৈকে আপোনালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰি আহিছে।
ובחרב הקצפתם את יהוה ויתאנף יהוה בכם להשמיד אתכם 8
হোৰেবতো আপোনালোকে যিহোৱাৰ ক্ৰোধ জন্মাইছিল; তাতে যিহোৱাই আপোনালোকৰ ওপৰত ক্ৰোধিত হৈ আপোনালোকক ধ্বংস কৰিব খুজিছিল।
בעלתי ההרה לקחת לוחת האבנים לוחת הברית אשר כרת יהוה עמכם ואשב בהר ארבעים יום וארבעים לילה--לחם לא אכלתי ומים לא שתיתי 9
যি সময়ত যিহোৱাই আপোনালোকৰ সৈতে স্থাপন কৰা নিয়ম লিখা শিলৰ ফলি দুখন গ্রহণ কৰিবলৈ মই পর্বতলৈ উঠি গৈ চল্লিশ দিন আৰু চল্লিশ ৰাতি সেই ঠাইতে আছিলোঁ। তেতিয়া মই আহাৰ কি পানী নোখোৱাকৈয়ে আছিলোঁ।
ויתן יהוה אלי את שני לוחת האבנים--כתבים באצבע אלהים ועליהם ככל הדברים אשר דבר יהוה עמכם בהר מתוך האש--ביום הקהל 10
১০যিহোৱাই নিজৰ আঙুলিৰে লিখা এনে দুখন শিলৰ ফলি মোক দিলে; যিদিনা আপোনালোক সকলোৱে যিহোৱাৰ সন্মুখত গোট খাইছিল, সেইদিনা তেওঁ পাহাৰৰ ওপৰত জুইৰ মাজৰ পৰা আপোনালোকক যি যি আজ্ঞা ঘোষণা কৰিছিল, সেইবোৰ সেই ফলি দুখনত লিখা আছিল।
ויהי מקץ ארבעים יום וארבעים לילה נתן יהוה אלי את שני לחת האבנים--לחות הברית 11
১১সেই চল্লিশ দিন আৰু চল্লিশ ৰাতিৰ শেষত যিহোৱাই মোক এই শিলৰ ফলি দুখন দিছিল।
ויאמר יהוה אלי קום רד מהר מזה--כי שחת עמך אשר הוצאת ממצרים סרו מהר מן הדרך אשר צויתם--עשו להם מסכה 12
১২যিহোৱাই মোক কৈছিল, “উঠা, তুমি শীঘ্রেই এই ঠাইৰ পৰা তললৈ নামি যোৱা; কিয়নো তুমি তোমাৰ যি লোকসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলা, তেওঁলোক ভ্ৰষ্ট হৈছে। মই আজ্ঞা কৰা পথ এৰি তেওঁলোকে নিজৰ কাৰণে সাঁচত ঢলা এটা মূৰ্ত্তি নিৰ্ম্মাণ কৰি লৈছে।”
ויאמר יהוה אלי לאמר ראיתי את העם הזה והנה עם קשה ערף הוא 13
১৩যিহোৱাই মোক পুনৰ কৈছিল, “মই এই লোকসকললৈ চাই দেখিলোঁ, তেওঁলোক এক ঠৰডিঙীয়া জাতি।
הרף ממני ואשמידם ואמחה את שמם מתחת השמים ואעשה אותך לגוי עצום ורב ממנו 14
১৪তুমি মোক বাধা নিদিবা; মই তেওঁলোকক বিনষ্ট কৰিম আৰু আকাশৰ তলৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিম; তাৰ পাছত তোমাৰ পৰাই মই এক শক্তিশালী আৰু মহান জাতি সৃষ্টি কৰিম।”
ואפן וארד מן ההר וההר בער באש ושני לוחת הברית על שתי ידי 15
১৫সেয়ে মই পৰ্বতৰ পৰা উলটি তললৈ নামি আহিলোঁ; তেতিয়াও পৰ্বতত জুই জ্বলি আছিল আৰু মোৰ দুখন হাতত নিয়ম লিখা দুখন ফলি আছিল।
וארא והנה חטאתם ליהוה אלהיכם--עשיתם לכם עגל מסכה סרתם מהר--מן הדרך אשר צוה יהוה אתכם 16
১৬তাৰ পাছত মই দেখিলোঁ, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰি পূজাৰ অর্থে আপোনালোকে সাঁচত ঢলা এটা দামুৰি নিৰ্ম্মাণ কৰিলে; যিহোৱাই আপোনালোকক যি পথত চলিবলৈ আজ্ঞা দিছিল, মুহূর্ততে আপোনালোকে সেই পথৰ পৰা আঁতৰি গৈছিল।
ואתפש בשני הלחת ואשלכם מעל שתי ידי ואשברם לעיניכם 17
১৭তাতে মই সেই ফলি দুখন মোৰ হাতৰ পৰা দলিয়াই পেলাই দিছিলোঁ; আপোনালোকৰ চকুৰ আগতে সেই দুখন ভাঙি পেলাইছিলোঁ।
ואתנפל לפני יהוה כראשנה ארבעים יום וארבעים לילה--לחם לא אכלתי ומים לא שתיתי על כל חטאתכם אשר חטאתם לעשות הרע בעיני יהוה להכעיסו 18
১৮যিহোৱাৰ দৃষ্টিত যি বেয়া, এনে সকলো পাপ কৰি আপোনালোকে তেওঁৰ ক্রোধ জগাই তুলিছিল বাবে মই পুনৰ যিহোৱাৰ সন্মুখত পূর্বৰদৰে চল্লিশ দিন চল্লিশ ৰাতি উবুৰি হৈ পৰিছিলোঁ; আহাৰ-পানী একো নোখোৱাকৈ আছিলোঁ।
כי יגרתי מפני האף והחמה אשר קצף יהוה עליכם להשמיד אתכם וישמע יהוה אלי גם בפעם ההוא 19
১৯যিহোৱাৰ প্রচণ্ড ক্রোধত মই ভয় খাইছিলো; কিয়নো, আপোনালোকক বিনষ্ট কৰিবলৈ তেওঁ আপোনালোকৰ বিৰুদ্ধে ক্রোধিত হৈ পৰিছিল। কিন্তু সেই সময়তো যিহোৱাই মোৰ নিবেদন শুনিছিল।
ובאהרן התאנף יהוה מאד--להשמידו ואתפלל גם בעד אהרן בעת ההוא 20
২০ধ্বংস কৰি পেলাব পৰাকৈ যিহোৱা হাৰুণৰ ওপৰতো অতিশয় ক্রুদ্ধ হৈছিল; মই তেতিয়া হাৰোণৰ নিমিত্তেও প্ৰাৰ্থনা কৰিছিলোঁ।
ואת חטאתכם אשר עשיתם את העגל לקחתי ואשרף אתו באש ואכת אתו טחון היטב עד אשר דק לעפר ואשלך את עפרו אל הנחל הירד מן ההר 21
২১মই আপোনালোকৰ পাপ, অৰ্থাৎ আপোনালোকে নিৰ্ম্মাণ কৰা দামুৰিটো জুইত পুৰি দিছিলোঁ। তাৰ পাছত মই তাক ধুলিৰ নিচিনাকৈ গুড়ি কৰি পৰ্বতৰ পৰা বৈ অহা নদীৰ সোঁতত ধুলিবোৰ পেলাই দিছিলোঁ।
ובתבערה ובמסה ובקברת התאוה--מקצפים הייתם את יהוה 22
২২ইয়াৰ পাছত, তবিয়েৰাত, মচ্ছাত আৰু কিব্ৰোৎ-হত্তাবাত আপোনালোকে যিহোৱাক ক্ৰোধ জগাই তুলিছিল।
ובשלח יהוה אתכם מקדש ברנע לאמר עלו ורשו את הארץ אשר נתתי לכם ותמרו את פי יהוה אלהיכם ולא האמנתם לו ולא שמעתם בקלו 23
২৩তাৰ পাছত, যিহোৱাই কাদেচ-বৰ্ণেয়াৰ পৰা আপোনালোকক পঠোৱাৰ সময়ত ক’লে, “তোমালোক উঠি যোৱা, মই তোমালোকক যি দেশ দিছো তোমালোকে তাক অধিকাৰ কৰা।” কিন্তু সেই সময়ত আপোনালোকে নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্রোহ কৰিলে। আপোনালোকে তেওঁক বিশ্বাসো নকৰিলে আৰু তেওঁৰ কথালৈ কাণষাৰ নিদিলে।
ממרים הייתם עם יהוה מיום דעתי אתכם 24
২৪মই যেতিয়াৰে পৰা আপোনালোকক জানিছোঁ, তেতিয়াৰে পৰা আপোনালোক সকলো সময়তে যিহোৱাৰ অবাধ্য হৈছে।
ואתנפל לפני יהוה את ארבעים היום ואת ארבעים הלילה--אשר התנפלתי כי אמר יהוה להשמיד אתכם 25
২৫যিহোৱাই আপোনালোকক ধ্বংস কৰিম বুলি কোৱাৰ কাৰণে মই যিহোৱাৰ আগত চল্লিশ দিন আৰু ৰাতি উবুৰি হৈ পৰি আছিলোঁ।
ואתפלל אל יהוה ואמר אדני יהוה אל תשחת עמך ונחלתך אשר פדית בגדלך--אשר הוצאת ממצרים ביד חזקה 26
২৬মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি কৈছিলোঁ, “হে মোৰ প্ৰভু যিহোৱা, তুমি তোমাৰ লোকসকলক ধ্বংস কৰি নেপেলাবা। তেওঁলোক তোমাৰেই; নিজ মহিমাৰে মুক্ত কৰি, তোমাৰ ক্ষমতাশালী হাতেৰে মিচৰৰ পৰা উলিয়াই অনা তোমাৰ উত্তৰাধিকাৰী লোকসকলক ধ্বংস নকৰিবা।
זכר לעבדיך--לאברהם ליצחק וליעקב אל תפן אל קשי העם הזה ואל רשעו ואל חטאתו 27
২৭তোমাৰ দাস অব্ৰাহাম, ইচহাক, আৰু যাকোবক সোঁৱৰণ কৰা; এই লোকসকলৰ ঠৰডিঙীয়া স্বভাৱ, দুষ্টতা আৰু পাপলৈ দৃষ্টি নকৰিবা;
פן יאמרו הארץ אשר הוצאתנו משם מבלי יכלת יהוה להביאם אל הארץ אשר דבר להם ומשנאתו אותם הוציאם להמתם במדבר 28
২৮কৰিলে, তুমি আমাক যি দেশৰ পৰা উলিয়াই আনিলা, সেই দেশৰ লোকসকলে ক’ব, ‘যিহোৱাই তেওঁলোকক যি দেশ দিম বুলি প্ৰতিজ্ঞা কৰিছিল, সেই দেশলৈ নিবলৈ অসমর্থ হোৱাৰ কাৰণে আৰু তেওঁলোকক ঘিণ কৰাৰ কাৰণে তেওঁ মৰুপ্রান্তৰত তেওঁলোকক বধ কৰিবলৈ উলিয়াই আনিলে।’
והם עמך ונחלתך אשר הוצאת בכחך הגדל ובזרעך הנטויה 29
২৯কিন্তু তথাপিও তেওঁলোক তোমাৰেই লোক আৰু আধিপত্য, যাক তুমি তোমাৰ পৰাক্রমী শক্তিৰ দ্বাৰা আৰু তোমাৰ ক্ষমতাৰ প্রর্দশনেৰে উলিয়াই আনিছিলা।”

< דברים 9 >